শিশু এটি জন্মৰ কিছুদিন পিছত যেতিয়া নিজে হাঁহিব খেলিব পৰা হয় তেতিয়া কিছুমানৰ মুখেৰে সকলো সময়ত লালটি বাগৰি পৰি থকা দেখা যায় । এই লালটিক লৈ পৰিয়ালৰ সদস্যসকলোৰ মাজত নানান ধৰণৰ সমস্যাই দেখা দিয়ে । লালটিক লৈয়ে কিছুমান পিতৃ মাতৃক চিন্তাত ভাঙি পৰা দেখা যায় । কাৰণ পিতৃ মাতৃৰ মনত সন্দেহৰ উদ্ভৱ হয় , নিশ্চয় শিশুটিৰ মুখত ঘাঁ হৈছে , নহলে সঘনাই মূখৰ পৰা লালটি সৰিব কিয় ? পিতৃ মাতৃৰ মনত সন্দেহ জগাটো স্বাভাৱিক । কাৰণ সন্তানৰ ভাল পিতৃ মাতৃত কৈ ইহঁ জগতত কোনেও বেছি নিবিচাৰে ।
পিতৃ মাতৃহঁত সন্তানৰ লালটিক লৈ চিন্তিত হৈ থকাতকৈ সদায় সন্তানৰ সুভবিষ্যতক লৈ চিন্তাত ব্যস্ত থকা উত্তম । কিয়নো সকলো সময়ত পিতৃ মাতৃহঁতে লক্ষ্য কৰিব লাগে শিশুটিয়ে উঠওঁতে বহওঁতে মুখৰ যাতনাত কান্দা কাটি কৰিছে নেকি ? যদি কোনো ধৰণৰ কান্দা কাটি নকৰে , তেনেহলে ভাৱি লবা শিশুটিৰ মুখত একো হোৱা নাই , স্বাভাৱিকতে শিশুটিয়ে এনেয়ে মূখৰ পৰা লালটি এৰিছে ।
শিশুৰ মূখৰ পৰা লালটি কিয় সৰি পৰে সেয়া বিশেষ কিছুমান কাৰণ পিতৃ মাতৃ সকলে জানি থাকিলে ভবিষ্যতত কেতিয়াও অহেতুক লালটিক লৈ আতংকত আতংকিত হৈ থাকিব নালাগে । সাধাৰণতে কথাবোৰ জানি থকা বিশেষ ভাৱে ভাল যে কিছুমান শিশুৱে ৭—৮ বছৰ বয়সলৈকে লালটি এৰি থাকে , কিন্তু কোনোবা এটা নিদিষ্ট সময়ত দেখিবা অৱশেষত শিশুটিয়ে আপনা আপুনি লালটি সৰা বন্ধ কৰি দিছে । সেয়া শিশুটিৰ কোনো বেমাৰ নহয় । অভ্যাস হে মাথোন , যেতিয়া শিশুয়ে মধুৰ টোপনিত নিজকে সাৱটি শুই পৰে তেতিয়া টোপনিৰ মাজতে গাল বাগৰি লালটিৰ সোঁত বৈ আহিছে । পিতৃ মাতৃ সকলে তাকে লৈ চিন্তাত ব্যস্ত হৈ থকাটো মুঠেই গ্ৰহনযোগ্য নহয় । কাৰণ সেয়া কোনো শিশুৰ বেমাৰ নহয় ।
শিশুৱে যেতিয়া কিবা এটা কঠিন বস্তু মুখত দি চোৱাই থাকে তেতিয়া শিশুৰ মুখৰ পৰা লালটি সৰা দেখা যায় , সেয়াওঁ কিন্তু কোনো শিশুৰ বেমাৰ নহয় ।আকৌ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় কিছুমান শিশুৱে নিজৰ অজ্ঞাতে চূণ নাইবা চাৱোন খাই মুখত ঘাঁ কৰে ফলত মুখৰ পৰা লালটি সৰি থাকে ।যিকি নহওঁক শিশুৰ লালটিক লৈ যিহঁত পিতৃ মাতৃয়ে সদায় দুৰচিন্তাত ব্যস্ত হৈ থকা দেখা যায় সিহঁতে ডিপথেৰিয়াৰ কথা মনত পেলাবা , ডিপথেৰিয়া হলে শিশুৰ মুখৰ পৰা লালটি সৰে যদিও পৰিমাণত সদায় কম । ডিফথেৰিয়া আক্ৰান্ত শিশুক লক্ষ্য কৰিলে বুজিব পাৰিবা দিনক দিনে শিশুটিৰ শৰীৰ শুকাই খীনাই আহিছে , লগতে সকলো সময়তে গাত লাগি থাকিব জ্বৰ , ডিঙিত বিষ অনুভৱ কৰিব খোৱৰ সময়ত । শিশুৱে ভয়তে খাৱ নিবিচাৰিব । মাজে মাজে খক খক কৰি কাঁহি থাকিব । শিশুটিৰ মুখ খন মেলাই চালে চাবলৈ পাবা টনচিলত ঘাঁ হৈছে । তেতিয়া ঘৰত হাত গোটাই বহি নাথাকি অতি শীঘ্ৰে শিশু বিশেষজ্ঞৰ ওচৰত যাওঁক আৰু শিশু বিশেষজ্ঞৰ পৰামৰ্শ লওক । নহলে সমস্যাৰ সন্মুখীন হব লাগিব । আৰু যদি তেনে কোনো অসুবিধা নাই তেনেহলে ভাৱি লবা শিশুৰ একো হোৱা নাই , সময়ত সেয়া নিজে নিজে এৰি যাব । বেমাৰ বিহীন লালটিয়ে শিশুৰ একো খতি নকৰে ।
সৰ্বশেষত কথা এটি কওঁ মন কৰিবা সময়ৰ টিকাকৰণ সময়ত কৰওঁতে অৱহেলা নকৰিবা । এই টিকাকৰণৰ পৰা শিশুক বিৰত ৰখা মানে পিতৃ মাতৃয়ে শিশুক ভবিষ্যতত ধ্বংস দিশত চপাই দিয়া একে কথা ।
লেখক :-আমিনুৰ ৰহমান
উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 3/6/2020