অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সন্তানৰ সুস্বাস্থ্যৰ বাবে মাতৃ আহাৰৰ গুৰুত্বতা

সন্তানৰ সুস্বাস্থ্যৰ বাবে মাতৃ আহাৰৰ গুৰুত্বতা

 

মানৱ জীৱনত অন্ন, বস্ত্ৰ আৰু বাসস্থান অপৰিহার্য অংগ। সুস্থ -সবল এটি জীৱন গঢ়িবলৈ হ’লে সুষম আহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব। গৰ্ভৱতী মহিলাই হওক বা পোৱাতী মাতৃয়েই হওক, তেওঁলোক উভয়ে অতিৰিক্ত পৰিমাণৰ আহাৰ গ্ৰহণ কৰিব লাগে। কাৰণ, তেওঁলোকে নিজৰ স্বাস্থ্যৰ লগতে গৰ্ভত থকা বা কোলাত থকা সন্তানক আহাৰ অথবা গাখীৰ দিব লাগে। মাকৰ আহাৰৰ ওপৰতে নিৰ্ভৰ কৰে শিশুৰ দৈহিক গঠন। পোৱাতী মাতৃয়ে আহাৰ প্ৰচুৰ পৰিমাণে খালে সন্তানৰ বাবে অধিক গাখীৰ প্ৰস্তুত কৰিব পাৰে। গৰ্ভৱতী মহিলা বা পোৱাতী মাতৃয়ে সাৱধানতা অৱলম্বন কৰি তলত দিয়া ধৰণে আহাৰ গ্ৰহণ কৰিলে সন্তানৰ লগতে মাতৃৰো মংগল

  • গৰ্ভৱতী আৰু পোৱাতী মাতৃয়ে প্ৰচুৰ পৰিমাণে শস্য আৰু মাহজাতীয় খাদ্য খাব লাগে।
  • সুবিধা অনুযায়ী মাছ, মাংস আৰু কণী খাব লাগে।
  • গাখীৰ আৰু দৈও খাব লাগে।
  • তেজ গঠনৰ বাবে লৌহ পদাৰ্থযুক্ত খাদ্য, শাক-পাচলি আদি খাব লাগে। তদুপৰি প্রাথমিক চিকিৎসা কেন্দ্ৰলৈ গৈ আয়ৰণ, ফলিক এছিড টেবলেট আনি খাব লাগে। আজিকালি অৱশ্যে আশাকর্মীৰ জৰিয়তে সেইখিনি সুবিধা লাভ কৰে মাতৃগৰাকীয়ে।
  • হাড় গঠনৰ বাবে বা মজবুত হৈ থাকিবৰ বাবে লৌহ পদাৰ্থযুক্ত খাদ্য, শাক-পাচলি আদি খাব লাগে।
  • ভিটামিন ‘এ’ আৰু ‘চিৰ কাৰণে সেউজীয়া পাতযুক্ত শাক-পাচলি আৰু ফলমূল খাব লাগে, লগতে টেঙা জাতীয় ফলো খাব লাগে।
  • আয়’ডিনযুক্ত নিমখো খোৱাৰ খুবেই প্রয়োজন।
  • কিছু পৰিমাণে তেল, ঘিউ খাব লাগে।
  • পোৱাতী মাতৃয়ে গাখীৰ উৎপন্ন কৰিবৰ বাবে অধিক পৰিমাণে পানী আৰু জুলীয়া বস্তু খাব লাগে।
  • পৰাপক্ষত মিশ্রিত ৰন্ধনো খাব লাগে।

লিখক: পল্লৱ দ্বীজেন।

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate