নৱজাতক শিক্ষা কাৰ্য্যসূচী
প্ৰসৱৰ পিছতেই নৱজাতকে কান্দিব নোৱাৰা বা ভালদৰে উশাহ ল’ব নোৱাৰা অৱস্থাটোকে নৱজাতকৰ শ্বাসৰুদ্ধ বুলি কোৱা হয়। সাধাৰণতে নৱজাতক শিশুৱে জন্মৰ পিছতেই কোনো ধৰণৰ সহায় নোহোৱাকৈ ভালদৰে কান্দিব আৰু উশাহ ল’ব পাৰিব লাগে। প্ৰসৱৰ ১ মিনিটৰ পিছৰ পৰাই কেঁচুৱাই কান্দিব আৰু উশাহ ল’ব পৰা হয়। যদিহে জন্মৰ পিছতেই শিশুটিৱে পৰ্য্যাপ্ত আৰু স্থায়ীভাৱে উশাহ ল’বলৈ সক্ষম নহয় তেন্তে শিশুটিৰ নৱজাতকৰ শ্বাসৰুদ্ধ হোৱা বুলি কোৱা হয়। এনে ধৰণৰ কেঁচুৱাবোৰে জন্মৰ পিছত ভালদৰে উশাহ ল’ব নোৱাৰে। নৱজাতকৰ শ্বাসৰুদ্ধ হোৱা কেঁচুৱাটোক যদিহে তৎকালে উদ্ধাৰ কৰা নহয় তেন্তে শিশুটিৰ হাইপ’ক্সিয়া হ’বগৈ পাৰে।
যদি সঠিকভাৱে ব্যৱস্থা লোৱা নহয় তেন্তে নৱজাতকৰ শ্বাসৰুদ্ধতাই নৱজাতকৰ মৃত্যুৰ কাৰণ হ’ব পাৰে।
শৰীৰৰ কোষসমূহত অতি কম পৰিমাণৰ অম্লজান থকাটোকেই হাইপ’ক্সিয়া বোলা হয়। ভ্ৰুণ অৱস্থাত বা নৱজাতক কেঁচুৱাৰ হাইপ’ক্সিয়া হ’ব পাৰে। যদিহে ভ্ৰুণ অৱস্থাত পৰ্য্যাপ্ত অম্লজান নাপায় তেতিয়া হাইপ’ক্সিয়া হয় আৰু অতি কষ্টদায়ক মৃত্যু হ’ব পাৰে। একেদৰেই যদি জন্মৰ পিছতেই ভালদৰে উশাহ ল’ব নোৱাৰে বা শ্বাসৰুদ্ধ হোৱাৰ ফলত নৱজাতকৰ হাইপ’ক্সিয়া হ’ব পাৰে। হাইপ’ক্সিয়াৰ ফলত হৃদস্পন্দন নিম্নগামী হয়, কেন্দ্ৰীয়ভাৱে ছাল আৰু শ্লেমাৰ বৰণৰ পৰিৱৰ্তন হয়, কাৰণ হিম’গ্লবিনত অম্লজানৰ পৰিমাণ কমি যায় আৰু হিম’গ্লবিন অনুৰ সঁজ্জাৰ পৰিৱৰ্তন হয় আৰু ফলস্বৰূপে কেঁচুৱাটো অজ্ঞান হৈ পৰে আৰু সঁহাৰি নিদিয়ে। বেছিভাগ মাৰাত্মক হাইপ’ক্সিয়া প্ৰসৱৰ সময়ত হয়।
এইটো মনত ৰাখিবলগীয়া কথা যে, নৱজাতকৰ শ্বাসৰুদ্ধ হোৱা আৰু হাইপ’ক্সিয়াৰ বাখ্যা একে নহয়। তথাপিও মাৰাত্মক হাইপ’ক্সিয়াৰ ফলত নৱজাতকৰ শ্বাসৰুদ্ধ হ’ব পাৰে আৰু নৱজাতকৰ শ্বাসৰুদ্ধ হোৱাৰ ফলত হাইপ’ক্সিয়া হ’বগৈ পাৰে যদিহে কেঁচুৱাটোক তৎকালে উদ্ধাৰ কৰা নহয়। বহুবোৰ কেঁচুৱা জন্মৰ সময়ত মাৰাত্মক হাইপ’ক্সিয়া থাকিলেও জন্মৰ পিছত কান্দিবলৈ সক্ষম হয় আৰু পিছলৈ জন্মগত শ্বাসৰুদ্ধ অৱস্থা নহয়গৈ।
জন্মৰ পিছতেই শিশুটিৰ চিকিৎসাগত অৱস্থা জোখাৰ এটা পদ্ধতি হ’ল আপগাৰ সংখ্যা। এই আপগাৰ সংখ্যা ৫ টা গুৰুত্বপূৰ্ণ লক্ষণৰ ভিত্তিত হয়।
১) হৃদস্পন্দনৰ হাৰ।
২) শ্বাস-প্ৰশ্বাসৰ চেষ্টা।
৩) কেন্দ্ৰীয় আৰু আংশিক ছালৰ বৰণ সলনি হোৱা বা নোহোৱা।
৪) পেশীৰ গাঢ়তা।
৫) সক্ৰিয়কৰণত সঁহাৰি।
প্ৰতিটো গুৰুত্বপূৰ্ণ লক্ষণৰ বিপৰীতে ০ বা ১ বা ২ সংখ্যা প্ৰদান কৰা হয়। এটা গুৰুত্বপূৰ্ণ লক্ষণত ২ সংখ্যা পালে সেইটো স্বাভাৱিক, ১ পালে মৃদু অস্বাভাৱিক আৰু ০ পালে সাংঘাটিকভাৱে অস্বাভাৱিক বুলি ধৰা হয়। প্ৰতিটো গুৰুত্বপূৰ্ণ লক্ষণৰ মুঠ সংখ্যা যোগ কৰিলে মুঠ আপগাৰ সংখ্যা ১০ হয়। সাম্ভাব্য উত্তম আপগাৰ সংখ্যা ১০ আৰু অতি বেয়া হ’ল ০।
স্বাভাৱিকতে আপগাৰ সংখ্যা ৭-১০ ভিতৰত থাকে। ৪-৬ ভিতৰত আপগাৰ সংখ্যা থকা কেঁচুৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ লক্ষণসমূহ মৃদু হতাশজনক আৰু ০-৩ ভিতৰত থকা শিশুসকলৰ বাবে মাৰাত্মকভাৱে হতাশজনক গুৰুত্বপূৰ্ণ লক্ষণ বুলি ধৰা হয়।
প্ৰসৱৰ সময়ত আংশিক ছালৰ বৰণ সলনি হোৱাৰ বাবে জন্মৰ ১ মিনিটৰ ভিতৰতে স্বাভাৱিক কেঁচুৱা এটাই ১০ সংখ্যা পোৱাটো অস্বাভাৱিক। ৫ মিনিটৰ ভিতৰত অধিকাংশ কেঁচুৱাই ১০ সংখ্যা পোৱাটো দেখা যায়। যদিহে আপগাৰ সংখ্যা সঠিকভাৱে জোখা নহয়, কেৱল অনুমান কৰা হয় তেন্তে সাধাৰণতে অধিক সংখ্যা প্ৰদান কৰা হয়। আপগাৰ সংখ্যা প্ৰদানৰ ক্ষেত্ৰত এইটি এটা স্বাভাৱিক ভুল।
স্বাভাৱিক আপগাৰ সংখ্যা হ’ল ৭ বা তাতোকৈ অধিক।
সকলো শিশুকে প্ৰসৱ সম্পূৰ্ণ হোৱাৰ ১ মিনিট পিছত কেঁচুৱাটোৰ জন্মৰ সময়ৰ চিকিৎসাগত অৱস্থা নথিভুক্ত কৰিব লাগে আৰু কেঁচুৱাটোক শ্বাসৰুদ্ধৰ পৰা জীৱন দান দিব লাগে নেকি সেইটো চাব লাগে। যদিহে ১ মিনিটত লোৱা আপগাৰ সংখ্যা ৭ তকৈ কম হয় তেন্তে জীৱন দানৰ সফল বা বিফলতাৰ ৫ মিনিটত পুনৰ আপগাৰ সংখ্যা জুখিব লাগে। যদিহে ৫ মিনিট পিছতো আপগাৰ সংখ্যা কম থাকে তেন্তে আন জীৱন দান কাৰ্য্য চলাই থকাৰ লগতে আপগাৰ সংখ্যা ৭ তকৈ অধিক নোহোৱালৈকে ৫ মিনিটৰ অন্তৰে- অন্তৰে জুখি থাকিব লাগে। বহুতো চিকিৎসালয়ত ১ মিনিটৰ আপগাৰ সংখ্যা স্বাভাৱিক হ’লেও প্ৰতি ৫ মিনিটৰ অন্তৰে অন্তৰে এই সংখ্যা জুখি থকা হয়। এইটো অপ্ৰয়োজনীয় আৰু ইয়াৰ সলনি কেঁচুৱাটোক মাকৰ ওচৰতহে থ’ব লাগে। কেঁচুৱাটিৰ চিকিৎসাগত অৱস্থা নথিভুক্ত কৰিবলৈ আৰু চিকিৎসালত জীৱন দান কাৰ্য্য আৰু চিকিৎসাগত তথ্যৰ বাবে আপগাৰ সংখ্যা অতি গুৰুত্বপূৰ্ণ।
সকলো কেঁচুৱাকে জন্মৰ ১ মিনিটত আপগাৰ সংখ্যা প্ৰদান কৰিব লাগে।
আপগাৰ সংখ্যা কম হোৱাৰ বহুবোৰ কাৰণ থাকিব পাৰে এইবোৰৰ ভিতৰত:
১) প্ৰসৱৰ পূৰ্বে (বিশেষকৈ প্ৰসৱ বেদনাৰ সময়ত)হাইপ’ক্সিয়াৰ ফলত সাংঘাটিকভাৱে হতাশাবোধ হোৱা।
২) মাতৃগৰাকীক সম্পূৰ্ণ চেতনানাশক প্ৰদান বা সদ্য বিষনাশক প্ৰদান কৰা।
৩) সময়ৰ পূৰ্বে জন্ম হোৱা।
৪) সমস্যাযুক্ত বা বেদনাদায়ক প্ৰসৱ।
৫) প্ৰসৱৰ পিছত অত্যাধিকভাৱে কন্ঠনলী টান খোৱা।
৬) শ্বাসকাৰ্য্যত কষ্ট পোৱা।
নৱজাতকৰ শ্বাসৰুদ্ধ হোৱাটো হাইপ’ক্সিয়াৰ বাবে প্ৰসৱৰ সময়ত মাৰাত্মক অৱস্থাৰ সৃষ্টিৰ বহুবোৰ কাৰণৰ মাথোন এটা কাৰণহে।
১ মিনিটত লোৱা আপগাৰ সংখ্যা কম হোৱাটোৰ কাৰণ বিচাৰি উলিওৱাটো অতি গুৰুত্বপূৰ্ণ। ভাল জীৱন দানৰ চেষ্টা চলোৱাৰ পিছতো ৫ মিনিটত যদি আপগাৰ সংখ্যা কম হয়েই থাকে তেন্তে কেঁচুৱাটিৰ মাৰাত্মক হাইপ’ক্সিয়া হ’বগৈ পাৰে।
ইন্টাপাৰ্টুম হাইপ’ক্সিয়া নৱজাতকৰ শ্বাসৰুদ্ধ হোৱাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ।
নাভি সংযোগী ৰক্তবাহী নলীসমূহৰ ১০ টাতকৈ অধিক নমুনাত তেজ কম থকাটোৱে জন্মৰ পূৰ্বেই কেঁচুৱাটিৰ হাইপ’ক্সিয়া থকাটো নিশ্চিত কৰে। প্ৰসৱৰ পিছত মাৰাত্মক অৱস্থাৰ ৰোগ নিৰ্ণয় কৰাত এই তথ্যই যথেষ্ট সহায় কৰে। যিসকল শিশুক প্ৰসৱৰ পিছত জীৱন দানৰ প্ৰয়োজন হয় সেই ক্ষেত্ৰতো ই যথেষ্ট সহায় কৰে।
হতাশজনক গুৰুত্বপূৰ্ণ লক্ষণসমূহ (কম আপগাৰ সংখ্যা) থকা এটি কেঁচুৱাক স্বাভাৱিক শ্বাস-প্ৰশ্বাস, হৃদস্পন্দন, বৰণ, পেশীৰ গাঢ়তা আৰু লৰচৰ কৰোৱাৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাম-কাজক কেঁচুৱাটোক জীৱন দান কৰা বুলি কোৱা হয়।
জন্মৰ পিছতেই বা কেঁচুৱা কালৰ যিকোনো সময়ত যদি কোনো শিশুৱে ভালদৰে উশাহ ল’ব নোৱাৰা বা ১ মিনিটত আপগাৰ সংখ্যা ৭ তকৈ কম থকা সকলোবোৰ কেঁচুৱাকেই জীৱন দানৰ প্ৰয়োজন হয়। বিশেষকৈ আপগাৰ সংখ্যা যিমানেই কম হ’ব জীৱন দানৰ প্ৰয়োজনীয়তা সিমানেই জৰুৰী হৈ পৰে। যদি কোনো শিশুৱে জন্মৰ পিছত উশাহ লোৱাতো বন্ধ কৰে বা গুৰুত্বপূৰ্ণ লক্ষণসমূহ হতাশাজনক হয় তেন্তে জীৱন দানৰ প্ৰয়োজনীয়তা আহি পৰে। সেইবাবে প্ৰসৱৰ পিছতে সকলো শিশুক আনুষ্ঠানিকভাৱে সঠিককৈ চিকিৎসাগত অৱস্থাসমূহ জুখি চোৱাতো গুৰুত্বপূৰ্ণ কথা।
১ মিনিটত আপগাৰ সংখ্যা ৭ তকৈ কম থকা সকলো কেঁচুৱাকে জীৱন দানৰ প্ৰয়োজন হয়।
ব্যৱহাৰীকভাৱে ১ মিনিটলৈকে নৱজাতকক জীৱন দান কৰাতো আৱশ্যম্ভাবী। সেইবাবেই কিছুমান নীতি নিৰ্দেশনাই পৰামৰ্শ দিয়ে যে জীৱন দায়ী ব্যৱস্থা জন্মৰ ৩০ ছেকেণ্ডৰ ভিতৰতেই প্ৰদান কৰিব লাগে। তথাপিও নৱজাতকক ভালদৰে শুকুওঁৱা, নাভী কঁটা আৰু তৎকাল সাধাৰণ পৰীক্ষা কৰোতে ১ মিনিট সময়ৰ প্ৰয়োজন হয়।
নিশ্চয় পৰা যায়। তলত দিয়া চিকিৎসাগত অৱস্থাবোৰৰ ফলত এটা শিশুৰ জন্মৰ সময়ত উশাহ বন্ধ হোৱা আৰু ১ মিনিটত আপগাৰ সংখ্যা কম হ’ব পাৰে।
মনত ৰাখিবলগীয়া কথা যে, যিকোনো কেঁচুৱাই আগতীয়া সতৰ্কবাণী নেদেখুৱাকৈয়ে উশাহ বন্ধ হোৱা অৱস্থাত জন্ম গ্ৰহণ কৰিব পাৰে। সেইবাবেই নৱজাতক কেঁচুৱাটোক জীৱন দান কৰিবলৈ আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব লাগে। যিয়েই প্ৰসৱ কৰোৱাই তেওঁ জীৱন দানৰ প্ৰক্ৰিয়া কৰিবলৈ যোগ্য হ’ব লাগে।
প্ৰসৱ বেদনাৰ সময়ত কোনো সতৰ্কমূলক লক্ষণ নেদেখুৱাকৈ যিকোনো কেঁচুৱাৰ উশাহ বন্ধ হ’ব পাৰে।
কেঁচুৱাক প্ৰাথমিক জীৱন দান কৰিবলৈ সকলো প্ৰাথমিক আহিলা আপোনাৰ লগত থকাটো অত্যাৱশ্যকীয়। এই সকলোবোৰ সামগ্ৰী কাৰ্য্যক্ষম অৱস্থাত আৰু তৎক্ষণাত পোৱাকৈ থাকিব লাগিব। এই আহিলাসমূহ প্ৰতিদিনে পৰীক্ষা কৰি চাব লাগে।
প্ৰসৱ কোঠাৰ এটা উমাল আৰু পৰিষ্কাৰ চুক জীৱনদায়ী কাৰ্য্যৰ বাবে মুকলিকৈ ৰাখিব লাগে। অভাৰহেড ৰেডিয়েন্ট ৱাৰ্মাৰ ধৰণৰ উত্তাপৰ উৎস থাকিব লাগে যাতে কেঁচুৱাটো উত্তাপ দিব পৰা যায়। বতাহৰ পৰা আতঁৰত ৰাখিব লাগে। ভাল পোহৰ থকা লাইট থাকিব লাগে যাতে জীৱনদায়ী প্ৰক্ৰিয়াৰ সময়ত শিশুটিক ভালদৰে পৰ্য্যবেক্ষণ কৰিব পৰা যায়।
জন্মৰ লগে লগেই কেঁচুৱাটিক শুকান উমাল কাপোৰেৰে শুকুৱাব লাগে আৰু চিকিৎসাগত অৱস্থা নিৰ্ণয় কৰাৰ আগতে ২য় এখন উমাল তাৱেলেৰে মেৰিয়াই ল’ব লাগে। বাষ্পীভূত হৈ দ্ৰুতগতিত উত্তাপ কমি যোৱাতো ই প্ৰতিৰোধ কৰিব। নৱজাতক কেঁচুৱাক শুকান তাৱেলেৰে ধৰা আৰু ঘঁহনিয়ে কেঁচুৱাটিৰ উশাহ লোৱা কাৰ্য্য দ্ৰুততৰ কৰি তোলে। কেঁচুৱাৰ ভৰিৰ তলুৱাত সাৱধানে লাহে লাহে টুকুৰিয়ালেও উশাহ লোৱাৰ ক্ষেত্ৰত সহায়ক হয়। কিছুমান কেঁচুৱাই অকল উদ্দীপনাতেই শ্বাস-প্ৰশ্বাস আৰম্ভ কৰে। যদিহে মুখেৰে অধিক পৰিমাণৰ তৰল ওলাই থাকে তেন্তে কেঁচুৱাটোৰ মুখখন শুকান তাৱেলেৰে মচি থাকিব লাগে। নৱজাতকক উশাহ লোৱাবলৈ হাত-চাপৰি বা শব্দ কৰাৰ প্ৰয়োজনীয়তা নাই। যিবোৰ কেঁচুৱা লৰচৰ কৰি থাকে, গুলপীয়া বৰণৰ আৰু ভালদৰে উশাহ লৈছে তেনেবোৰ শিশুক মাকৰ ওচৰত ৰাখিব লাগে। এই শিশুটিক মাকৰ কাষত কেঙ্গেৰু মাকৰ যত্ন আৰ্হিত ৰাখিব লাগে আৰু মাকৰ স্তন পান কৰিবলৈ দিব লাগে। প্ৰসৱ কাৰ্য্য আৰু জীৱন দান প্ৰক্ৰিয়াত সদায় হাত মোজা ব্যৱহাৰ কৰিব লাগে।
প্ৰসৱৰ পিছতেই কেঁচুৱাক শুকুৱাব লাগে আৰু উদ্দীপনা প্ৰদান কৰিব লাগে।
প্ৰসৱৰ পিছতেই নিয়মীতভাৱে কেঁচুৱাৰ মুখ আৰু নাক শুহি পৰিষ্কাৰ কৰাতো অত্যাৱশ্যকীয় নহয়। আপুনি কেনেকৈ এটি শিশুক জীৱন দান কৰিব?
যদিহে এটি শিশুৱে গাটো মচা আৰু উদ্দীপনাৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নজনায় তেন্তে শিশুটিক অত্যাৱশ্যকীয়ভাৱে জীৱন দান প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। পদবীৰ কথা নাভাবি অধিক অভিজ্ঞতা পুষ্ট ব্যক্তিয়ে এনে শিশুক জীৱন দান কৰাত জড়িত হৈ পৰিব পাৰে। তথাপিও প্ৰসৱৰ লগত জড়িত থকা সকলো কৰ্মচাৰীৰে কেঁচুৱাক জীৱন দান কৰা প্ৰক্ৰিয়াৰ যোগ্যতা থাকিব লাগিব। জীৱন দান প্ৰক্ৰিয়াৰ সময়ত এজন সহায়ক থাকিলে ভাল। নৱজাতক কেঁচুৱাক প্ৰাথমিক জীৱন দানৰ ৪ টা মূল পদক্ষেপ আছে। এইসমূহ ইংৰাজী বৰ্ণমালাৰ প্ৰথম ৪ টা বৰ্ণৰে সহজে মনত ৰাখিব পাৰি। এয়াৰওৱে বায়ুপথ, ব্ৰেথিং-উশাহ, চাৰ্কুলেছন-সঞ্চালন, ড্ৰাগছ-ঔষধ। শিশুক স্বাভাৱিক অৱস্থাত ৰাখি মূৰটো অকমান আগবঢ়ায় দি উশাহৰ পথ মুকলি কৰিব লাগে। ডিঙিটো বেঁকা কৰিব নালাগে বা অধিক আগবঢ়াব নালাগে। কেঁচুৱাটিৰ দৃঢ় সমতলত থ’ব লাগে আৰু মুখখন ওপৰমুৱা হৈ থাকিব লাগে।
অতি সাৱধানেৰে ডিঙি পৰিষ্কাৰ কৰিব লাগে। উশাহ-নিশাহৰ পথ শ্লেমা বা তেজেৰে বন্ধ হৈ থকাৰ বাবেও কেঁচুৱাটোৱে উশাহ ল’ব নোৱাৰিব পাৰে। যদিহে উদ্দীপনা প্ৰদান কৰাৰ পিছতো কেঁচুৱাটোৱে উশাহ ল’ব নোৱাৰে অতি সাৱধানেৰে মুখৰ ভিতৰফালে আৰু কন্ঠনলীত কোমল এফএফ১০ নলীকাৰে শুহি আনিব লাগে। বায়ুপথ মুকলি হোৱাৰ পিছত আৰু কেঁচুৱাটোক উদ্দীপনা প্ৰদানৰ পিছত কেঁচুৱাটোৰ উশাহ-নিশাহ, বৰণ আৰু হৃদস্পন্দন চাব লাগে।
নৱজাতকৰ জীৱন দানৰ ক্ষেত্ৰত ভেন্টিলেছন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু যদিহে শিশুটিৱে ভালদৰে উশাহ লোৱা নাই, হৃদস্পন্দন ১০০ তকৈ কম থকাটো নিৰ্দেশিত কৰে।
ভেন্টিলেছনবিহীনভাৱে কেৱল মুক্ত অম্লজানেৰে কিছু সংখ্যক কেঁচুৱাইহে ভালদৰে উশাহ লোৱা আৰু ভাল হৃদস্পন্দন ল’ব পাৰে। কিন্তু বৰণ কেন্দ্ৰীয়ভাৱে সলনি হয়। এনে কেঁচুৱাক পৰ্য্যাপ্ত ভেন্টিলেছনৰ যোগেৰে উশাহ প্ৰদান কৰিব লাগে।
মাক্স ভেন্টিলেছন: যদিহে এটা শিশুক পৰ্য্যাপ্ত উদ্দীপনা প্ৰদান আৰু বায়ুৰ পথ মুকলি কৰাৰ পিছতো উশাহ ল’ব নোৱাৰে তেন্তে ভেন্টিলেছন(কৃত্ৰিম শ্বাস)প্ৰদান কৰাৰ প্ৰয়োজন হয়। বেছিভাগ কেঁচুৱাকে মোনা আৰু মাক্সেৰে পৰ্য্যাপ্ত ভাৱে ভেন্টিলেছন দিব পৰা যায়। মাক্সটো কেঁচুৱাৰ নাক আৰু মুখৰ ওপৰত টানকৈ ধৰিব লাগে। বায়ুৰ পথ মুকলি থকাৰ লগতে মূৰটো যাতে সঠিক অৱস্থাত থাকে সেইটি নিশ্চিত হৈ ল’ব লাগে।
ইন্টিউবেছন আৰু ভেন্টিলেছন: এন্দ্ৰ’ট্ৰেছেল নলীকাৰে ভেন্টিলেছন প্ৰদান কৰা পদ্ধতিটো অতিশয় কাৰ্য্যকৰী। মাক্স ভেন্টিলেছনত প্ৰতিক্ৰিয়া নেদেখুৱা কেঁচুৱাক নলীকাৰে শ্বাস প্ৰদান কৰাব লাগে। প্ৰতি মিনিটত কেঁচুৱাক ৪০ বাৰকৈ ভেন্টিলেট কৰোৱাব লাগে। কেঁচুৱাটোৰ বুঁকু প্ৰতিবাৰ উশাহ লওঁতে ভালদৰে যাতে লৰচৰ কৰে আৰু বতাহ সুমুৱা আৰু ওলোৱা শব্দ যাতে শুনা পোৱা যায় সেইটো নিশ্চিত কৰিব লাগে। অতিপাত শ্বাসৰুদ্ধত ভোগা নৱজাতকক জীৱন দান কৰিবলৈ পৰ্য্যাপ্ত পৰিমাণৰ ভেন্টিলেছন প্ৰদান কৰাতো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।
অধিকাংশ শিশুকে মোনা আৰু মাক্সেৰে পৰ্য্যাপ্ত পৰিমাণে ভেন্টিলেছন প্ৰদান কৰিব পাৰি।
কেঁচুৱাটোৱে ভালদৰে শ্বাস-প্ৰশ্বাসৰ চেষ্টা কৰিব নোৱাৰালৈকৈ সাধাৰণতে পৰিপূৰক অম্লজানৰ সৈতে ভেন্টিলেছন প্ৰদান কৰা হয়।
আপগাৰ সংখ্যা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ ৩ টা গুৰুত্বপূৰ্ণ মূল লক্ষণ
আপগাৰ সংখ্যা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ ৩ টা গুৰুত্বপূৰ্ণ মূল লক্ষণ হ’ল:
পৰ্য্যাপ্ত ভেন্টিলেছনৰ উত্তম নিৰ্দেশক হ’ল ভাল হৃদস্পন্দনৰ হাৰ।
জীৱন দানৰ পিছত কি যত্ন লোৱাৰ প্ৰয়োজন?
জীৱন দানৰ প্ৰয়োজন হোৱা সকলো কেঁচুৱাকে জন্মৰ পিছৰ কমেও ৪ ঘন্টালৈকে যত্ন সহকাৰে পৰ্য্যবেক্ষণ কৰি থাকিব লাগে। সিহঁতৰ উত্তাপ, নাড়ীস্পন্দন আৰু শ্বাস-প্ৰশ্বাসৰ হাৰ, ৰং আৰু লৰচৰ কৰা আদিসমূহ নথিভুক্ত কৰাৰ লগতে সিহঁতৰ তেজত গ্ল’কজৰ গাঢ়তা পৰীক্ষা কৰিব লাগে। এনে কেঁচুৱাবোৰক উত্তাপত ৰাখিব লাগে আৰু নাড়ী বা মুখেৰে জুলীয়া আহাৰ আৰু শক্তিদায়ক সামগ্ৰী প্ৰদান কৰিব লাগে। সাধাৰণতে এনে কেঁচুৱাসমূহক এটা বন্ধ ইনকুবেটৰত পৰ্য্যবেক্ষণ কৰা হয়। সম্পূৰ্ণকৈ স্বাভাৱিক অৱস্থালৈ নহালৈকে শিশুটিক স্নান কৰোৱাব নালাগে।
জীৱ্ন দানৰ পিছত যদিহে শিশুটিয়ে কোঠাৰ বাতাবৰণৰ মাজত শ্বাস-প্ৰশ্বাস লোৱাত সমস্যা বা কেন্দ্ৰীয়ভাৱে বৰণ সলনি হোৱা দেখা যায় তেন্তে নৱজাতকৰ কোঠালৈ নিয়াৰ সময়ত অম্লজান প্ৰদান কৰাতো অত্যাৱশ্যকীয় হয়। কিছুমান কেঁচুৱাক এনেদৰেই কোঠা সলনি কৰিবৰ সময়তো ভেন্টিলেছনৰ প্ৰয়োজন হ’ব পাৰে।
জন্মৰ সময়ত নৱজাতকৰ অৱস্থা, প্ৰয়োজন হোৱা জীৱন দানৰ ব্যৱস্থাসমূহ আৰু নৱজাতকৰ শ্বাসৰুদ্ধ হোৱাৰ সাম্ভাব্য কাৰণসমূহৰ বিৱৰণসহ যত্ন সহকাৰে টোকা প্ৰস্তুত কৰিব লাগে।
সম্পূৰ্ণ তথ্যৰ বাবে চাওঁক: GFMER Geneva Foundation for Medical Education and Research
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020