সাধাৰণতে হোৱা শিশুৰ স্বাস্থ্য সমস্যাবোৰ তলত দিয়া হ'ল:
সাধাৰণতে এগৰাকী স্বাস্থ্যৱতী মহিলাৰ শিশুৰ জন্মৰ ওজন ৩.৫ কেজি হ’ব লাগে। কিন্তু ভাৰতত শিশুৰ জন্মৰ সময়ত গঢ় ওজন ২.৭ কেজিৰ পৰা ২.৯ কেজি হোৱা দেখা যায়। শিশু জন্ম হোৱাৰ এঘন্টাৰ ভিতৰতেই শিশুৰ ওজন লোৱাটো প্ৰয়োজনীয়। ইয়াৰ দ্বাৰা শিশুৰ বৃদ্ধি আৰু শিশুটি বাছি থকাৰ সম্ভাৱনা কিমান তাক নিৰ্ণয় কৰিব পৰা যায়। আন্তজাৰ্তিক স্তৰত ২.৫ কেজিৰ কম (২.৪৯৯ কেজিলৈকে) ওজন হ’লেই সেই শিশুক কম ওজনৰ শিশু বুলি গণ্য কৰা হয়। জন্মৰ পাছত যাতে ক্ষতি হ’ব নোৱাৰে, তাৰ বাবে জন্মৰ এঘন্টাৰ ভিতৰতে এই ওজন লোৱা হয়। কম ওজনৰে জন্ম হোৱা শিশুক দুটা ভাগত বিভক্ত কৰা হয়।
আগতীয়া প্ৰসৱ: গৰ্ভধাৰণৰ কাল সম্পূৰ্ণ হোৱাৰ আগতে অৰ্থাৎ ৩৭ সপ্তাহ গৰ্ভধাৰণ কৰাৰ আগতেই জন্ম হোৱা শিশুক এই ভাগত ধৰা হয়। এনে শিশুবোৰ জৰায়ুৰ ভিতৰত স্বাভাৱিক ভাৱেই বৃদ্ধি হয়। জন্মৰ ২-৩ বছৰলৈকে ভালদৰে যত্ন ল’লে শিশুটিৰ বৃদ্ধি, উচ্চতা আৰু ওজন আদি ঠিকে থাকে। উন্নত দেশবোৰত জন্মৰ সময়ত ওজন কম হোৱা প্ৰায়বোৰ শিশুৱেই প্ৰি-টাৰ্ম শিশু। বেছিকৈ গৰ্ভধাৰণ কৰা, ৰোগ সংক্ৰমণ, টক্সেমিয়া, কম বয়সত গৰ্ভধাৰণ, অতিৰিক্ত শাৰিৰীক পৰিশ্ৰম আদিৰ ফলতে সময়তকৈ আগতে প্ৰসৱ হয়।
স্মল ফৰ ডেট বোলা শিশুবোৰ সময়ৰ আগে বা সময়তে জন্ম হয়। গৰ্ভধাৰণৰ সময়ৰ ওজনতকৈ ১০ শতাংশ কম ওজনসহ এইবোৰ শিশুৰ জন্ম হয়। উন্নয়নশীল দেশবোৰৰ বেছিভাগ কম ওজনৰ সদ্যজাত এই ভাগত পৰে। এইবোৰৰ কম ওজন হোৱাৰ কাৰণবোৰ- মাক, ভ্ৰুণ আৰু ফুলৰ লগত জড়িত। মাক সমন্ধীয় কাৰণবোৰৰ ভিতৰত-পুষ্টিহীনতা, ৰক্তহীনতা, কম বয়স, শৰীৰৰ আকাৰ সৰু, একাধিক গৰ্ভধাৰণ, টক্সিমিয়া, মেলেৰিয়া আদি। মহিলাসকলৰ সামাজিক আৰ্থিক দুৰ্বল অৱস্থাৰ বাবেই এনে হবলৈ পায়। ভ্ৰুণৰ সতে জড়িত কাৰণবোৰ-জৰায়ুত হোৱা সংক্ৰমণ, ভ্ৰুণৰ অস্বাভাৱিকতা, ক্ৰমজমৰ বিসংগতি। ফুলৰ লগত জড়িত কাৰণবোৰ-ইয়াৰ বিসংগতি আৰু আকাৰ। কম ওজনৰ সদ্যজাতৰ সমস্যাটো সমগ্ৰ বিশ্বৰে এটা ডাঙৰ সমস্যা। অৱশ্যে উন্নত আৰু উন্নয়নশীল দেশৰ মাজত ইয়াৰ সংখ্যাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। উন্নত দেশত ইয়াৰ সংখ্যা ৪ শতাংশ যদিও উন্নয়নশীল দেশত ৩০ শতাংশ। ভাৰতবৰ্ষৰ অধিকাংশই স্মল ফৰ ডেট শিশুৱে ইয়াৰ মহিলাৰ সামাজিক, আৰ্থিক অনুন্নত অৱস্থাটোৰ প্ৰতিফলিত কৰে। কম ওজনৰ শিশু জন্মাটো ৰোধ কৰিবলৈ তলত উল্লেখ কৰা ব্যৱস্থাবোৰ ল’ব পৰা যায়-
প্ৰতিস্থানিক স্তৰত: যিবোৰ শিশুৰ জন্মৰ ওজন ২ কেজিতকৈ কম তেওঁলোকে চিকিৎসালয়ৰ ইনকিউবেটৰৰ বিশেষ যত্নৰ প্ৰয়োজন হয়। শিশুটিয়ে ঠিক মতে অক্সিজেন, তাপ, খাদ্য, আৰ্দ্ৰতা উপযুক্তভাৱে পাইছেনে নাই, সংক্ৰমণ হৈছে নেকি এইবোৰ পৰ্য্যবেক্ষণ কৰাৰ দৰকাৰ।
ঘৰত: ২ৰ পৰা ২.৫ কেজি ওজনৰ এনে শিশুক ঘৰতে ভালদৰে যত্ন ল’ব পৰা যায়। স্থানীয় স্বাস্থ্যকৰ্মীসকলে ঘৰতে শিশুটিৰ স্বাস্থ্যৰ পৰ্য্যবেক্ষণ আৰু যত্নৰ পৰামৰ্শ দিব। প্ৰয়োজনীয় উত্তাপ, খাদ্য পাইছেনে নাই আৰু সংক্ৰমণৰ ওপৰত বিশেষ লক্ষ্য ৰাখিব লাগে। এনে শিশুৰ উপযুক্ত পুষ্টিৰ বাবে বিশেষ ভাৱে মাকৰ গাখীৰ খুৱাৰ প্ৰয়োজন। এনে শিশুৰ নিয়মীয়াকৈ ওজন লোৱাটো দৰকাৰ। ওজন বৃদ্ধিয়ে শিশুটিৰ সন্তোষজনক বৃদ্ধিৰ কথা সূচায়।
অপুষ্টিৰ ফলত ৰোগ প্ৰতিৰোধৰ ক্ষমতা কমি যায়। অপুষ্টিয়ে শিশুৰ বিকাশ আৰু বৃদ্ধিত বাধা দিয়ে। সেয়ে অপুষ্টি ৰোধ কৰাটো অতি প্ৰয়োজনীয়। অপুষ্টিৰ পৰা হোৱা সমস্যা আৰু ৰোগ নিৰাময়ৰ বাবে যথেষ্ট খৰছি চিকিৎসাৰ প্ৰয়োজন হয়।
১) জন্মৰ পৰা ৬ মাহলৈ শিশুক কেৱল মাকৰ গাখীৰ খুৱাব লাগে।
২) ৫-৬ মাহৰ পাছত মাকৰ গাখীৰৰ লগতে, গৰুৰ গাখীৰ, ফলমূল, পিটিকা ভাত, দাইল আদি পুষ্টিকৰ আহাৰ দিব লাগে।
৩) ভাত দাইল, শাক-পাচলি, ফলমূল, গাখীৰ, গাখীৰৰ পৰা তৈয়াৰী বস্তু আদিৰে সম্পূৰ্ণ আহাৰ দিব লাগে।
৪) কন্যা সন্তানৰ খোৱা-বোৱা সঠিক আৰু উপযুক্ত হ’ব লাগে।
৫) গৰ্ভধাৰণৰ পূৰ্বে যথেষ্ট পৰিমাণৰ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে।
৬) অপুষ্টিগত সমস্যাবোৰ সোনকালে নিৰ্ণয় কৰি উপযুক্ত চিকিৎসা কৰিব লাগে।
শিশুসকলৰ মাজত বহুতো সংক্ৰামক ৰোগ দেখা যায়। এইবোৰৰ বাবেই শিশুৰ মৃত্যুৰ হাৰও বৃদ্ধি পায়। এই ৰোগবোৰৰ ভিতৰত- ডায়েৰিয়া, শ্বাস নলীৰ সংক্ৰমণ, মিজিলছ, হুপিং কাহ, ডিপথেৰিয়া, পলিঅ, টিটেনাছ, যক্ষ্মা আদিয়েই প্ৰধান। ১৯৯৭ বৰ্ষৰ ৫ বছৰৰ তলৰ মৃত্যু হোৱা মুঠ শিশুৰ ১৯ শতাংশ ডায়েৰিয়াত আৰু ১৩ শতাংশ পলিঅ’ৰ বাবে।
দূৰ্ঘটনা আৰু বিষক্ৰিয়া: ঘৰত, বাটত, বিদ্যালয় আদিত দূৰ্ঘটনা আৰু বিষক্ৰিয়াত শিশুসকল আক্ৰান্ত হোৱা দেখা যায়। পথ-দূৰ্ঘটনা, বৈদ্যুতিক চক, বিষক্ৰিয়া, পানীত ডুবা, পৰি আঘাট পোৱা আদি প্ৰায়ে হৈ থকা দেখা যায়।
গৰ্ভধাৰণৰ পৰা আৰম্ভ কৰি শিশু জন্মৰ পাছৰ ৫ বছৰলৈ শিশুৰ যত্ন লোৱাটো শিশুৰ স্বাস্থ্য যত্নৰ ভিতৰত পৰে। ৫ বছৰৰ পাছত শিশুৰ স্বাস্থ্যৰ যত্ন বিদ্যালয় স্বাস্থ্য অনুষ্ঠান গোটৰ হাতত ন্যস্ত হয়। MCH ৰ সৈতে জড়িত স্বাস্থ্যকৰ্মীসকলে বিদ্যালয় স্বাস্থ্য দলৰ সতে সেৱা আগবঢ়াবও পাৰে, নবঢ়াবও পাৰে। শিশু স্বাস্থ্যৰ যত্ন জন্মৰ পিছৰ পৰাই ল’ব লাগে। কন্যা শিশুক বিশেষভাৱে যত্ন লোৱা দৰকাৰ, কিয়নো এৱেই এদিন মাতৃ হৈ এটি সুস্থ শিশুৰ যাতে জন্ম দিব পাৰে। প্ৰসৱৰ সময়ত ভ্ৰুণৰ যত্নৰ পৰা আৰম্ভ কৰি ২৮ দিনলৈ নৱজাতকৰ যত্ন, এমাহৰ পৰা এবছৰলৈ কেঁচুৱাৰ যত্ন, এবছৰৰ পৰা দুবছৰলৈ খোজ কাঢ়িবলৈ শিঁকা শিশুৰ যত্ন আৰু দুবছৰৰ পৰা প্ৰাক-বিদ্যালয় অৱস্থালৈ শিশুৰ যত্নৰ প্ৰয়োজন। শিশুৰ স্বাস্থ্যৰ যত্নৰ ক্ষেত্ৰত তলত উল্লেখ কৰা বিষয়বোৰ গুৰুত্ব দিব লাগে:
শিশুৰ বিভিন্ন অৱস্থাত ল’ব লগা যত্নৰ বিষয়ে ইয়াত আলোচনা কৰা হ’ল।
গৰ্ভাৱস্থাত যত্ন লোৱাৰ মূল উদ্দেশ্যে হ’ল “পূৰ্ণাংগ, সুস্থ কেঁচুৱা জন্ম হোৱা”। সেইবাবেই এই যত্নই কেৱল মাতৃগৰাকীৰ যত্ন লোৱাটোকে নুবুজায়। জন্মৰ সময়ত কম ওজন হোৱা ৰোধ কৰা, অসুস্থতা, জন্মগত বিসংগতি আদি বিষয়বোৰো সাঁমৰি লোৱা হয়।
এমাইন’চেণ্ট’ছিছ, ক্লৰিণ বায়পচি, অল্ট্ৰা চন’গ্ৰাফী আদি উন্নত চিকিৎসা পদ্ধতিৰ বাবে আজিকালি সঠিকভাৱে যত্ন ল’ব পাৰি। ফিটোক্সপিৰ দ্বাৰা ভ্ৰুণৰ যত্ন লোৱাও সম্ভৱ হৈছে। ভ্ৰুণৰ কিবা সমস্যা থাকিলে সেয়াও সময়মতে নিৰ্ণয় আৰু চিকিৎসা কৰিব পৰা যায়। জন্মৰ সময়ত কম ওজন, কিছুমান অস্বাভাৱিকতা ৰোধ কৰিব পৰা যায়; প্ৰসৱপূৰ্বকালীন অৱস্থাত উপযুক্ত যত্ন আৰু পুষ্টি আদিৰে। পৰিয়াল পৰিকল্পনাও এই যত্নৰ এটা অংশ।
নৱজাতকৰ ছাল আৰু চকুৰ বগা অংশ হালধীয়া হোৱাটোৱেই নৱজাতকৰ জণ্ডিছ। নৱজাতকৰ কম মাত্ৰাৰ জণ্ডিছ হোৱাতো স্বাভাৱিক। তেজত থকা লোহিত ৰক্ত কণিকা ভাঙি যোৱা আৰু শিশুৰ যকৃতৰ অপৈনত অৱস্থাৰ বাবে বিলিৰুবিনক বিপাক কৰি প্ৰস্ৰাৱৰ লগত বাহিৰলৈ ওলিয়াই দিব নোৱাৰাৰ বাবে এই জণ্ডিছ হয়। সাধাৰণতে জন্মৰ ২ৰ পৰা ৫ দিনৰ ভিতৰত জণ্ডিছ হয় আৰু নিজে সময়ত ঠিক হৈ যায়।
এই জণ্ডিছক হাইপাৰবিলিৰুবিনেমিয়া আৰু ফিজিঅলজিক জণ্ডিছ বুলিও কোৱা হয়। নৱজাতকৰ জণ্ডিছ সাধাৰণতে জন্মৰ দুদিনৰ পিছত হয় আৰু ই শিশুৰ বাবে ক্ষতিকাৰক নহয়। স্বাভাৱিক সময়ত জন্ম হ’লে এই জণ্ডিছ ৮ দিনলৈ থাকে আৰু আগতে জন্ম হ’লে ১৪ দিনলৈ থাকে।
নৱজাতকৰ যকৃতে বিলিৰুবিন বিপাক কৰিবলৈ ক্ষীপ্ৰতাৰে কাম কৰিব নোৱাৰাৰ বাবে জণ্ডিছ হয়। বিলিৰুবিন হালধীয়া ৰঙৰ লোহিত কণিকা ভাঙি সৃষ্টি হোৱা বস্তু। ই লিভাৰ আৰু কিডনীৰ মাজেৰে পৰিশ্ৰুত হৈ মুত্ৰৰ যোগেৰে বাহিৰ হৈ যায়। যকৃত অপৈনত অৱস্থাত থাকিলে এই কাম কৰিব নোৱাৰে। ফলত শৰীৰতে এইবোৰ জমা হৈ থাকে। ইয়াৰ বাবেই ছাল, চকু আদি হালধীয়া পৰে। জন্মৰ দুদিনৰ পাছত ছাল আৰু চকু হালধীয়া হোৱা দেখিলে ভয় খোৱাৰ কাৰণ নাই।
যদি জণ্ডিছ কম মাত্ৰাত হয়, তেন্তে ১০ দিনৰ ভিতৰত নিজে নিজে ঠিকে হৈ যায়। যি কি নহওঁক জণ্ডিছৰ তীব্ৰতা কমাবলৈ তলত উল্লেখ কৰা চিকিৎসা আৱশ্যকীয় ভাৱে কৰিবই লাগে।
টোকাঃ যদি জণ্ডিছ দুসপ্তাহতকৈ বেছি দিন থাকে তেন্তে গালাক্ট’ছোমিয়া আৰু হাইপথাইৰ’ডিজিমৰ বাবে মেটাবলিক স্কীন পৰীক্ষা কৰিব লাগে। কেঁচুৱাৰ ওজনৰ তালিকা, পৰিয়ালৰ স্বাস্থ্যৰ ইতিহাসৰ লগত ৰিজাই চাব লাগে। শিশুৰ শৌচৰ ৰঙৰো পৰীক্ষা কৰা প্ৰয়োজন।
জন্মৰ পৰা ২৮ দিনলৈ নৱজাতকৰ যত্নৰ সময়। এই যত্নৰ ফলত পূৰ্ব প্ৰসৱকালীন আৰু প্ৰসৱকালীন শিশুৰ মৃত্যুৰ হাৰ কমাব পৰা যায়। এই সময়ৰ চিকিৎসা গোটত শিশু বিশেষজ্ঞৰ লগতে কিছুসংখ্যক স্বাস্থ্যকৰ্মীও জড়িত হৈ থাকে। জন্মৰ প্ৰথম সপ্তাহ বিশেষকৈ প্ৰথম ২৮-৪৮ ঘণ্টা খুবেই গুৰুত্বপূৰ্ণ। এই সময়ত অকণমান কিবা যত্নৰ ক্ৰটিৰ ফলত মাৰাত্মক অৱস্থাৰ সৃষ্টি হব পাৰে। এই সময়ত সঠিক যত্ন কৰিলে, সকলো শিশু মৃত্যুৰ হাৰৰ ৫০-৬০ শতাংশ কমাব পৰা যায়। আগতে উল্লেখ কৰাৰ দৰেই এই শিশুসকলৰ যত্ন ল’ব লাগে।
এই সকলো শিশুক ৫ বছৰৰ তলৰ শিশুৰ স্তৰত ধৰা হয়। ৫ বছৰৰ ভিতৰত শিশুৰ বৃদ্ধি আৰু বিকাশৰ ওপৰত ভিত্তি কৰি এই তিনিটা ভাগ কৰা হৈছে, এই সকলো ভাগৰ শিশুক নিৰৱচিন্নভাৱে যত্ন লৈ থকা দৰকাৰ। এটা স্তৰৰ পৰা আনটো স্তৰলৈ যোৱা শিশুক একে শিশু বিশেষজ্ঞ আৰু স্বাস্থ্যকৰ্মীৰ দলেই যত্ন আৰু পৰ্য্যবেক্ষণ কৰে।
শিশুৰ বৃদ্ধি আৰু বিকাশৰ প্ৰতি লক্ষ্য ৰখা শিশুৰ বৃদ্ধি আৰু বিকাশৰ প্ৰতি চকু ৰখাটো এটা অতি গুৰুত্বপূৰ্ণ কথা। ইয়াৰ পৰা শিশুৰ পুষ্টি আৰু স্বাস্থ্যৰ অৱস্থা বুজিব পৰা যায়। কেৱল এয়াই নহয়, কিবা অস্বাভাৱিকতা দেখিলে তৎক্ষণাত ধৰিব পৰা যায় আৰু ঘৰতে হওঁক বা চিকিৎসা কেন্দ্ৰতেই হওঁক তৎকালীন প্ৰয়োজনীয় ব্যৱস্থা ল’ব পৰা যায়।
বয়সৰ লগত আৰু কিছুমান প্ৰভাৱৰ বাবে শিশুৰ বৃদ্ধিৰ পৰিৱৰ্তন হয়। এই বৃদ্ধি এটা নিয়মত হয়। সাধাৰণতে সুস্থ শিশুৰ বৃদ্ধি প্ৰথম বছৰতে আটাইতকৈ বেছি হয়। তলত এটি শিশুৰ বৃদ্ধিৰ পৰ্য্যবেক্ষণ উল্লেখ কৰা হ’ল:
ওজন: প্ৰায় সকলো কেঁচুৱাৰ ওজন ৩-৪ দিনত জন্মৰ সময়তকৈ কমি যায় আৰু ৭ৰ পৰা ১০ দিনৰ ভিতৰত পুনৰ বাঢ়িবলৈ ধৰে। প্ৰথম তিনিমাহত এটি কেঁচুৱাৰ ওজন প্ৰতিদিনে ২৫-৩০ গ্ৰামকৈ বাঢ়ে। ইয়াৰ পিছত এই বৃদ্ধিৰ হাৰ লাহে লাহে কমি আহে। জন্মৰ সময়ত ওজন কম হোৱা শিশুক বাদ দিলে সাধাৰণতে ৫ মাহত এটি শিশুৰ ওজন জন্মৰ সময়ৰ ওজনতকৈ দুগুণ আৰু এবছৰত তিনিগুণ হয়।
জন্মতে ওজন কম হোৱা শিশুৰ আগতেই দুগুণ ওজন হয় আৰু এবছৰত চাৰিগুণ হয়। এবছৰৰ পাছত বৃদ্ধিৰ হাৰ কমি আহে।
বেছিভাগ শিশুৰে প্ৰথম ৫-৬ মাহৰ ভিতৰত ওজন বৃদ্ধিৰ হাৰ বৃদ্ধি পায় যদিও পাছলৈ এই হাৰ কমিবলৈ ধৰে। ইয়াৰ প্ৰধান কাৰণ হ’ল মাকৰ গাখীৰ। এই সময়ৰ পিছত কেৱল মাকৰ গাখীৰেই শিশুৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। মাকৰ গাখীৰৰ লগতে আন পৰিপূৰক আহাৰো শিশুৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় হৈ পৰে।
শিশুৰ উচ্চতাৰ ওপৰতো ওজন নিৰ্ভৰ কৰে। শিশু স্বাভাৱিক অৱস্থাত আছে নে নাই সেই কথা ভালদৰে লক্ষ্য ৰখা দৰকাৰ। এটি শিশুৰ উচ্চতাৰ ওপৰত ভিত্তি কৰি কম ওজনৰ নে অধিক ওজনৰ তাক নিৰ্ণয় কৰা হয়। উচ্চতাৰ হিচাবে ওজন কম হ’লে সেয়া অপুষ্টিৰ চিন।
উচ্চতা: শিশুৰ বৃদ্ধিৰ আৰু এটা জোখ হ’ল উচ্চতা। নৱজাতকৰ উচ্চতা সাধাৰণতে ৫০ ছেণ্টিমিটাৰ হয়। প্ৰথম বছৰত উচ্চতা প্ৰায় ২৫ ছেণ্টিমিটাৰ বাঢ়ে। দ্বিতীয় বছৰত ১২ ছেণ্টিমিটাৰ, ৩য়, ৪ৰ্থ আৰু ৫ম বছৰত ক্ৰমে ৯,৭ আৰু ৬ চেণ্টিমিটাৰ উচ্চতাৰ বৃদ্ধি হয়। যদি বয়স অনুপাতে উচ্চতা কম হয়, সেয়া বাধাগ্ৰস্থ বৃদ্ধিৰ চিন। উচ্চতাৰ লগত ওজনৰ পাৰ্থক্যই অপুষ্টিৰ কাৰণ নিৰ্দেশ কৰে। কাৰণ উচ্চতা হঠাতে নাবাঢ়ে।
মূৰ আৰু বুকুৰ পৰিধি: জন্মৰ সময়ত সাধাৰণতে মূৰৰ পৰিধি ৩৪ ছেন্টিমিটাৰ মান থাকে। ই বুকুৰ পৰিধিতকৈ ২ ছেন্টিমিটাৰ বেছি। লাহে লাহে বুকুৰ পৰিধি বাঢ়িবলৈ ধৰে আৰু মূৰতকৈ বাঢ়ি যায়। যদি শিশুটি অপুষ্টিত ভোগে- তেন্তে বুকুৰ পৰিধি বাঢ়িবলৈ ৩-৪ বছৰ সময় লাগি যায়। শিশুৰ বৃদ্ধি এই জোখৰ দ্বাৰাও বুজিব পৰা যায়।
বাহুৰ পৰিধি: এই জোখ লোৱাটো অতি সহজ আৰু প্ৰয়োজনীয়। হাত দুখন যেতিয়া দুয়ো কাষে ওলমি থাকে, তেতিয়া মধ্য বাহুৰ পৰিধিৰ জোখ ল’ব লাগে। জন্মৰ পৰা এবছৰৰ ভিতৰত বুকুৰ পৰিধি খুব দ্ৰুত হাৰত বাঢ়ে। প্ৰায় ১১-১২ ছেন্টিমিটাৰ। ইয়াৰ পাছত ৫ বছৰলৈ প্ৰায় একেই থাকে। ভাল স্বাস্থ্যৰ শিশুৰ ১৬-১৭ ছেন্টিমিটাৰ মান হয়। এই সময়ৰ ভিতৰত চৰ্বীৰ ঠাইত মাংসপেশীৰ সৃষ্টি হয়। যদি কোনো শিশুৰ বাহুৰ পৰিধি স্বাভাৱিক অৱস্থাতকৈ ২০ শতাংশ কম হয় বা ১২.৮ ছেন্টিমিটাৰ মান হয়, তেতিয়া হ’লে শিশুটি অপুষ্টিত ভোগা বুলি বুজিব পৰা যায়।
শিশুৰ দক্ষতা, মেধা, আবেগ আৰু মানসিক দিশবোৰৰ বিকাশকেই ক্ৰমবিকাশ বুলিব পাৰি। শিশুৰ মানসিক বিকাশো ইয়াৰ সৈতে জড়িত হৈ থাকে। সেইবাবে শিশুৰ বৃদ্ধিৰ লগতে ক্ৰমবিকাশৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। ইয়াৰ বাবে বিকাশৰ বিশেষ সীমাৰেখাৰ প্ৰয়োজন। এই সীমাৰেখা প্ৰতিটো শিশুৰ ক্ষেত্ৰত পৃথক হ’ব পাৰে। এই সীমাৰেখাৰ সম্পৰ্কত স্বাস্থ্যকৰ্মীসকল সচেতন হোৱা দৰকাৰ। শিশুৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকক এই বিষয়ে সচেতন কৰাৰ দায়িত্বও স্বাস্থ্যকৰ্মীসকলৰ। ইয়াৰ ফলত সকলোৱে শিশুটিক শুদ্ধ পথ আৰু স্বাস্থ্যকৰ আচাৰ-ব্যৱহাৰ গঢ়ি তুলিবলৈ প্ৰেৰণা জগাব পাৰিব।
শিশুৰ বৃদ্ধি আৰু ক্ৰমবিকাশৰ স্তৰ বহুবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ভিতৰত আছে, বংশানুক্ৰমে অহা জিন, বংশগত, লিংগ, মাকৰ পুষ্টি, জন্মৰ পাছত শিশুটিৰ পুষ্টি, বস্তুগত পৰিবেশ যেনে, ভাল ঘৰ, সূৰ্য্যৰ পোহৰ পৰা, বিশুদ্ধ খোৱা পানী, বিভিন্ন সংক্ৰমিত ৰোগৰ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ- যেনে, ডায়েৰিয়া আদি, পৰিয়াল, কল্যাণ-যেনে, পৰিয়ালৰ লোকৰ সংখ্যা, দুটি শিশুৰ মাজত সময়ৰ পাৰ্থক্য, গৰ্ভকালীনৰ যত্ন ইত্যাদি। এই কাৰণবোৰৰ বেছিভাগেই পৰিয়ালটোৰ বিশেষকৈ মহিলা আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। শিশুৰ বৃদ্ধি আৰু ক্ৰমবিকাশৰ বাবে এই কাৰণবোৰ চকু দিব লাগিব।
উৎস: আইএনডিজি দল।শেহতীয়া উন্নীতকৰণ: : 3/16/2020