অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুন্নত

চুন্নত

ল’ৰাৰ জন্মতে লিংগৰ ওপৰত ছালেৰে ঢাক খাই থাকে। লিংগৰ আগভাগত সৰু ছাল এডোখৰ লাগি থাকে। অপাৰেচনৰ জৰিয়তে এই ছালডোখৰ কাটি দিলে লিংগডাল সম্পূৰ্ণভাৱে শেষভাগলৈ মুকলি হয় পৰে। ইয়াকে চুন্নত কৰা বোলা হয়।

জন্মৰ প্ৰথম ২-৩ সপ্তাহৰ ভিতৰতেই চুন্নত কৰা উচিত। বয়স বেছি হ’লে ই অপাৰেচনত জটিলতা বৃদ্ধি পায়। সাধাৰণতে ১০ দিনৰ ভিতৰত (৪৮ ঘণ্টাৰ ভিতৰত) এই কাৰ্য্য কৰা হয়।

  • সময়ৰ আগতে জন্মা শিশু আৰু যিবোৰ শিশুৰ কিবা জটিলতা থাকে, তেনে শিশুৰ চুন্নত চিকিৎসালয়ৰ পৰা অহাৰ পাছতহে কৰা হয়।
  • যিবোৰ শিশুৰ লিংগত অস্বাভাৱিকতা থাকে-তেনে শিশুৰ চুন্নত কৰা নহয়। কাৰণ অস্বাভাৱিকতা দূৰ কৰিবলৈ অপাৰেচন কৰিব লগা হ’লে এই ছাল পুনৰ গঠনৰ কামত আহে।
  •  

    চুন্নত কৰা লিংগৰ যত্ন

    • প্ৰতিবাৰ গা ধুওঁৱাৰ সময়ত উক্ত স্থান চাবোন আৰু কুহুমীয়া পানীৰে ধুব লাগে।
    • চুন্নতৰ পাছত শিশুটিয়ে অস্বস্থি পাব পাৰে-সেইবাবে সাৱধানে যত্ন ল’ব লাগে।
    • যদি চুন্নতৰ পাছত বেণ্ডেজ বন্ধা হয় তেন্তে প্ৰয়োজন সাপেক্ষে সেইটো সলনি কৰিব লাগে।
    • সাধাৰণতে ৭-১০ দিনৰ ভিতৰত ঘাঁ ডোখৰ শুকাই যায়। তলত উল্লেখ কৰা কিবা লক্ষণে দেখা দিলে চিকিৎসকক দেখুৱাব লাগে-

     

    -   যদি অহৰ্নিশে তেজ ওলাই থাকে।

    -   লিংগৰ ৰঙচুৱা বৰণৰ আগভাগ যদি তিনিদিনৰ পাছত বিকৃত ৰূপ লয়।

    -   জ্বৰ উঠে।

    -   সংক্ৰমণৰ লক্ষণে দেখা দিয়ে, পুজ থকা ঘাঁ বা ফোঁহাৰ সৃষ্টি হয়।

    -   চুন্নত কৰাৰ ৬-৮ ঘণ্টাৰ পাছত যদি স্বাভাৱিকভাৱে প্ৰস্ৰাৱ কৰিব নোৱাৰে।

    উৎস: আইএনডিজি দল।

    শেহতীয়া উন্নীতকৰণ: : 3/16/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate