অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অন্য এক চিকিৎসা প্ৰণালী এৰ’মাথেৰাপী

সুগন্ধি দ্ৰব্য বা সুগন্ধি তেলৰ দ্বাৰা এক অভিনৱ ভাৱে বেমাৰৰ চিকিৎসা কৰিব পৰা ব্যৱস্থাৰ নামে হ’ল এৰ’মাথেৰাপী (Amamatherapy)। এয়া উদ্ভিদ বা ফুলৰ পৰা পোৱা এক বিশেষ দ্ৰব্য, যি দ্ৰব্যৰ দ্বাৰা বহু বেমাৰ আৰোগ্য কৰিব পৰা যায়। ইয়াত সম্পূৰ্ণ উদ্ভিদ জোপাৰ ব্যৱহাৰ নকৰি ইয়াৰ পৰা বিশেষ ভাৱে উলিওৱা তেলহে চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এই ধৰণৰ তেল কিছুমান বিশেষ ধৰণৰ উদ্ভিদৰ মূল, কাণ্ড, পাত, ফুল আৰু ফলৰ একেবাৰে ভিতৰ অংশত নিহিত হৈ থাকে। চলনশীল এই দ্ৰব্য বিধ আচলতে উদ্ভিদৰ জীৱনী শক্তি বুলি গণ্য কৰা হয়। এই বোৰ সাধাৰণতে পোৱা উদ্ভিদ জাতীয় তেলৰ দৰে নহয়। এইবোৰ অত্যন্ত সংবেদনশীল আৰু অতি সোনকালে ভাপ হৈ উৰি যায়। এই ধৰণৰ সুগন্ধি বোৰ প্ৰয়োগ শালাত বিশেষ ভাৱে তৈয়াৰ কৰা হয়। বৰ্তমান সময়ত বিভিন্ন দেশত চিকিৎসক সকলে ঔষধি চিকিৎসাৰ ওপৰত গুৰুত্ব নিদি এই ধৰণৰ চিকিৎসাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

এৰ’মাথেৰাপীয়ে কেনেদৰে কাম কৰে

এৰ’মাথেৰাপীৰ যোগেদি সুগন্ধি দ্ৰব্য নাকেদি শুঙিব দিয়া হয় বা স্পৰ্শ কৰিব দিয়া হয়। প্ৰয়োজনীয় ভাপ নাকত প্ৰৱেশ কৰি শৰীৰ আৰু মনক দুটা উপায়ে নিয়ন্ত্ৰণ কৰে। যেনে-

(১) উশাহত আৰু

(২) ব্যৱহাৰ বা স্পৰ্শৰ জৰিয়তে।

উশাহৰ যোগেদি

প্ৰয়োজনীয় সুগন্ধি তেল বা দ্ৰব্যবোৰ যেতিয়া উশাহৰ জৰিয়তে ভিতৰলৈ সোমাই যাবলৈ দিয়া হয়। তেতিয়া নাকৰ ‘অল ফেক্টৰ ছিষ্টেমৰ’ ৰিছেপটৰ ছেপ বিলাক পৰমাণু বিলাকক গ্ৰহণ কৰে। তাত থকা ছিলিয়া বিলাকে এই সংকেত ৰিছেপটৰ কোষৰ পৰা ইলেকট্ৰ কেমিকেল মাধ্যমত মগজুত থকা Control part অৰ্থাৎ যত মেমোৰি, অনুহূতি, আবেগ আদি অনুভৱ হয় তালৈ পঠিয়াই দিয়ে। মগজুৰ এই অংশত যেতিয়া উক্ত সুগন্ধি দ্ৰব্যৰ অনুভূতি উপস্থিত হয় তেতিয়া কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ সংবেদনশীল হয়। এই অৱস্থাত মগজুৰ পৰা ‘নিউৰু কেমিকেল’ অৰ্থাৎ এক ধৰণৰ ৰাসায়নিক পদাৰ্থ বিধে Sedative হিচাপে কাম কৰে আৰু শৰীৰ মনক আৰাম দিয়ে। আন এক সংকেত গৈ শৰীৰৰ বাকী অংশৰ ওপৰত প্ৰভাৱ পেলায়। এই ধৰণৰ সুগন্ধি দ্ৰব্য বিলাকো আঁতৰাই দি উশাহ লোৱাত নাকৰ ভিতৰৰ ভাগ চাফা কৰিও দিয়ে।

স্পৰ্শ বা ব্যৱহাৰ জৰিয়তে

সাধাৰণতে এই ধৰণৰ তেল বিলাক পানী বা উদ্ভিদ তেলৰ লগত মিহলাইহে ব্যৱহাৰ কৰা হয়। যেতিয়া এই ধৰণৰ তেল বিলাক পানীৰ লগত মিহলাই শৰীৰত মালিচ কৰা হয় তেতিয়া তেলৰ মলিকুল (Mole cules) বা পৰমাণু বিলাক ছালত থকা সৰু সৰু বিন্ধাৰ মাজেদি ভিতৰত প্ৰৱেশ কৰে। ভিতৰত সোমাই লিপসেটিক ছিষ্টেমত অৰ্থাৎ পৰিবহন তন্ত্ৰত সোমাই পৰেগৈ।

পৰিবহন তন্ত্ৰত সোমাই শৰীৰৰ বিভিন্ন অংশ লৈ শৰীৰত থকা জুলীয়া পদাৰ্থৰ দ্বাৰা সিঁচৰিত হৈ পৰে। মিউকাছ মেমেব্ৰেন (Muecous membrane) বিলাকেও দৰকাৰী এই বিশেষ ধৰণৰ তেল শোষণ কৰি লয়। পৰিবহন তন্ত্ৰত গোটেই শৰীৰত পৰিবাহিত হওঁতে ইয়ে শৰীৰত এণ্টিছেপটিক্‌ এণ্টিবায়’টিক, এণ্টিভাইৰেল আৰু এণ্টেফাংগেল দ্ৰব্য হিচাপে কাম কৰি শৰীৰত ৰোগ উৎপন্ন অক্ৰিব পৰা বীজাণু বিলাকক ধ্বংস কৰে। ফলস্বৰুপে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই দিয়ে।

এৰ’মাথেৰাপীৰ প্ৰয়োগ

প্ৰয়োজনীয় দ্ৰব্য বিলাকে শৰীৰৰ ক্ৰিয়াৰ বিভিন্ন দিশৰ লগত মিলি যায়। শৰীৰৰ বিভিন্ন ক্ৰিয়াৰ লগত মিলি শাৰীৰিক আৰু মানসিক দিশত ক্ৰিয়া কৰে। এৰ’মাথেৰাপীয়ে টেনচন কমাই দিয়ে। আৰু Sedative হিচাপে কাম কৰে। শৰীৰত এই থেৰাপীক বিভিন্ন দিশত প্ৰয়োগ কৰি বৰ্তমান আধুনিক যুগৰ বিভিন্ন সমস্যা যেনে- আবেগ, ছাল আৰু চুলিৰ সমস্যা, শ্বাসযন্ত্ৰৰ বিভিন্ন সমস্যা, বিষ, আৰ্থাইটিছ ইত্যাদি দূৰ কৰিব পৰা যায়।

ব্যৱহাৰৰ বিভিন্ন দিশবোৰ যেনে-

গা-ধোওঁতে

এৰ’মাথেৰাপী ব্যৱহাৰৰ আটাইতকৈ উপযুক্ত দিশ হ’ল গা ধোৱা সময়ত ব্যৱহাৰ কৰা। এই ক্ষেত্ৰত গা ধোৱা পানীত প্ৰতি বাল্টিক ৩-৪ টোপাল বা ৫-১০ টোপাল পানীৰ নলীত মিহলাব লাগে। এৰ’মেটিক কাম Sedative হিচাপে মানসিক টেনচন দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত বুলি বিবেচিত হৈছে। গা ধোৱাৰ সময়ত ব্যৱহাৰ কৰা এই সুগন্ধি তেলে দুয়োটা উপায়ে উশাহত আৰু শৰীৰত প্ৰয়োগ ক্ৰিয়া কৰে।

মালিচ

মালিচ দ্বাৰা শৰীৰৰ বিভিন্ন স্নায়ুবোৰ উত্তেজিত কৰা হয়। তাৰোপৰি মালিচ কৰাটো নিজেই এটা চিকিৎসা থেৰাপী। বিশেষকৈ এই ধৰণৰ সুগন্ধি দ্ৰব্যৰ দ্বাৰা মালিচ কৰিলে আৰু অধিক উপকাৰ পোৱা যায়। এই ধৰণৰ তেলকে ভেজিটেবল (Vegetable) তেলৰ লগত মিহলাই শৰীৰৰ বিশেষ অংশত মালিচ কৰি থাকিব লাগে। ইয়াৰ ফলত টেনচনৰ পৰা উপশম আৰু লগতে শৰীৰ-মন, শৰীৰৰ সন্ধি বিলাক পূৰ্ণ উদ্যমে আকৌ কাম কৰিবলৈ শক্তি পায়।

কম্প্ৰেছন

কম্প্ৰেছন দিয়াৰ ক্ষেত্ৰত এই ধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰা হয়। গৰম কম্প্ৰেছন দিয়াৰ বাবে ভাপ হৈ থকা কেইটোপালমান পানীত প্ৰয়োজনীয় দ্ৰব্য দিয়া হয় আৰু তাক বিশেষ অংশত প্ৰয়োগ কৰা হয়। এই পদ্ধতিৰ দ্বাৰা মাংসপেশীৰ বিষ, ফোঁহা আদিত ভাল ফল পোৱা যায়। শীতল কম্প্ৰেছন দিয়াৰ কাৰণে বৰফৰ বা বৰফৰ পানী ব্যৱহাৰ কৰা হয় আৰু তাত প্ৰয়োজনীয় দ্ৰব্য ব্যৱহাৰ কৰা হয়। ইয়াক টাৱেলৰ সহায়ত বিশেষ অংশত প্ৰয়োগ কৰা হয়। মূৰৰ বিষ, মাংসপেশীৰ টান ইত্যাদি চিকিৎসাৰ ক্ষেত্ৰত এই পদ্ধতি অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।

উশাহত গ্ৰহণ কৰা

ছাইনাছাইটিছ, ডিঙি আৰু বুকুৰ বিভিন্ন ধৰণৰ সংক্ৰমণৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত ৫ টোপালমান প্ৰয়োজনীয় দ্ৰব্য ভাপ হৈ থকা পানীত মিহলাই লৈ নাকেৰে সেই ভাপ টানি ভিতৰলৈ সোমাব পৰা ব্যৱস্থা কৰিব লাগে। জোৰে ভিতৰলৈ টানি তিনিৰ পৰা ১০ মিনিটমান কৰিব লাগে। ইয়াৰ ফলত মূৰৰ বিষ, ছাইনাছাইটিছ বিষ ইত্যাদিৰ পৰা আৰাম পোৱা যায়।

কোঠালিত ছটিয়াই দি

এই ধৰণৰ তেল জাতীয় পদাৰ্থ খিনি কোঠালিত ছটিয়াই দিব পাৰি। তাৰ ফলত কোঠালিটোত ছটিয়াই দিব পাৰি। চিত্ৰনলা ইত্যাদি দ্ৰব্যবোৰ কোঠালিত ব্যৱহাৰ কৰিব পাৰি।

গাৰ্গ’লিং বা কুল্কুলি কৰা

মুখৰ ভিতৰৰ বিভিন্ন ঘাঁ আদি চিকিৎসা কৰাৰ কাৰণে নাইবা দাঁতৰ আলু, ডিঙি আদিত হোৱা সংক্ৰমণ ৰোধ কৰিবলৈ তিনি টোপালমান এই ধৰণৰ প্ৰয়োজনীয় তেল এগিলাচ গৰম পানীত লৈ কুলকুলি কৰিব লাগে। এনে কৰিলে মুখৰ ভিতৰৰ বিভিন্ন সংক্ৰমণ আদি ৰোধ কৰিব পাৰি।

ডাউছেছ

মূত্ৰনলীৰ  বিভিন্ন সংক্ৰমণ যেনে- ছিষ্টাইটিছ, কেনডিডিয়া আদি ৰোধ কৰিবলৈ এই পদ্ধতি  খুব ফলদায়ক। এটা পাত্ৰত এই তেল জাতীয় পদাৰ্থ লৈ তাক যৌনাংগ আৰু মূত্ৰনলীৰ বিভিন্ন সংক্ৰমণ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

এনে ধৰণে এৰ’মাথেৰাপীৰ জৰিয়তে বিভিন্ন সুগন্ধি তেল জাতীয় পদাৰ্থৰ দ্বাৰা বহুত বেমাৰৰ সু-চিকিৎসা কৰিব পাৰি। বৰ্তমান যুগত এই থেৰাপী খুব ফলপ্ৰসু বুলি প্ৰমাণিত হৈছে।

লেখিকা: শ্বামিমা নছৰিন, স্বাস্থ্য চৰ্চা

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate