অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদ কি জানো আহক

 

আয়ুৰ্বেদৰ বিষয়ে জনাৰ আগতে আমি আয়ু মানে কি জনা উচিত।  " শৰীৰ, ইন্দ্ৰিয়, মন আৰু আত্মাৰ সংযোগকে আয়ু বুলি কোৱা হয় । যেতিয়ালৈকে এই চাৰিটা বস্তু একেলগ হৈ থাকে তেতিয়ালৈকে জীৱনৰ অস্তিত্ব থাকে। ধাৰি, জীবিতম্, নিত্যগ, অনুবন্ধ এইকেইটা আয়ু বা জীৱনৰ সম্যাৰ্থক। ধাৰি মানে- যিয়ে শৰীৰৰ ক্ষয় হোৱাত বাধা দিয়ে। জীবিতম্ মানে- যিয়ে আমাক জীবিত ৰাখে। নিত্যগ মানে- যিয়ে আমাৰ শৰীৰৰ স্থায়ী ভেটি নিৰ্মাণ কৰে। অনুবন্ধ মানে- যি এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ স্থানান্তৰিত হয়।  আয়ুৰ্বেদ কি? আয়ু মানে জীৱন। বেট্টি মানে বিজ্ঞান বা জ্ঞান। গতিকে জীৱন সম্পৰ্কে লিখা বিজ্ঞান বা জ্ঞানকে আয়ুৰ্বেদ বুলি কোৱা হয়।

আয়ুৰ্বেদৰ উদ্দেশ্য -

 

āyu: kāmāyamānena dharmārtha sukhasādhanam | āyurvedopadeśeṣu vidheya: paramādara

দাৰ্শনিক সকলৰ মতে মানুহ হ'ল সকলো জীৱৰে ভিতৰত শ্ৰেষ্ঠ আৰু মানুহৰ জীৱনৰ কিছুমান উদ্দেশ্য থাকে। যেনে - ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ধৰ্ম :- ধৰ্ম মানে জীৱনৰ বাট সঠিক ভাবে নিৰূপন কৰি উচিত, অনুচিতৰ বিচাৰ কৰা আৰু আনৰ কাৰনে হানিকাৰক কাম পৰিহাৰ কৰা। অৰ্থ :- অৰ্থ মানে টকা পইচা। টকা পইচা মানুহৰ জীৱনৰ বাবে সঁচাকৈ আৱশ্যকীয় কিন্তু অকল টকা পইচাই আৱশ্যকীয় নহয়। কাম:- কাম মানে ইচ্ছা। মানুহে নিজৰ বেআইনী ইচ্ছা বা প্ৰবনতা ত্যাগ কৰি সত পথত থাকি মনোদৈহিক ইচ্ছাবিলাক পূৰণ কৰা উচিত। মোক্ষ :- মানুহৰ জীৱনৰ পৰম উদ্দেশ্য হ'ল মোক্ষ লাভ। যিয়ে পুৰণি ভাৰতীয় দৰ্শনবিলাক নিজৰ জীৱনত মানি চলে তেওঁ নিশ্চিতভাৱে মুক্তি লাভ কৰে। মানুহৰ জীৱনৰ এই চাৰিটা উদ্দেশ্য সফল হবলৈ সুস্থ আৰু দীৰ্ঘ জীৱনৰ প্ৰয়োজন। আয়ুৰ্বেদে আমাক সুস্থ, সুখী আৰু দীৰ্ঘ জীৱন কেনেকৈ লাভ কৰিব পাৰি তাকে শিকাই।

আয়ুৰ্বেদৰ উৎপত্তি -

হিন্দু বিশ্বাস মতে চিকিৎসা বিজ্ঞানৰ উৎপত্তি দৈবিক বুলি কোৱা হয়। পৰম্পৰা অনুসৰি এই বিশ্বৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ আয়ুৰ্বেদ নামৰ অমৰ আৰু সনাতন বিজ্ঞানৰ পূৰ্ণ জ্ঞান আছিল। তেওঁ এই জ্ঞান দক্ষ প্ৰজাপতিক আৰু দক্ষ প্ৰজাপতিয়ে এই জ্ঞান চিকিৎসা শাস্ত্ৰৰ বৈদিক ঈশ্বৰ স্বৰূপ অশ্বিনীকুমাৰক দিছিল। অশ্বিনীকুমাৰৰ পৰা এই জ্ঞান লাভ কৰিছিল দেৱাদিদেৱ ইন্দ্ৰই আৰু ইন্দ্ৰৰ পৰা এই জ্ঞান পাইছিল ভৰদ্বাজে। ভৰদ্বাজে এই জ্ঞান প্ৰদান কৰিছিল আত্ৰেয় পুনৰ্বসুক । আত্ৰেয় পুনৰ্বসুৰ পৰা এই জ্ঞান বিভিন্ন ঋষিমুনি সকল যেনে- অগ্নিবেশ, হৰিত, ভেল, জটুকৰ্ণ, পৰাশৰ, ক্ষাৰপানি ইত্যাদিয়ে লাভ কৰি আয়ুৰ্বেদৰ এই জ্ঞানক বেলেগে বেলেগে শাস্ত্ৰৰ আকাৰ দিছিল।

আয়ুৰ্বেদৰ বিভাগ -

kāyabālagrahordhvāṅga śalyadaṃṣṭrā jarāvṛṣān || aṣṭāvaṅgāni tasyāhu: cikitsā yeṣu saṃśritā | ওপৰত উল্লেখিত ঋষি সকলে ৰচনা কৰা শাস্ত্ৰবিলাক খুব বৰ্ণনাত্মক আছিল। পিছলৈ এইবিলাক পৃথকে পৃথকে সংক্ষিপ্ত ৰূপত বৰ্ণনা কৰি আঠটা ভাগত বিভক্ত কৰা হয়। এই আঠটা বিভাগ হ'ল-

১/কায় চিকিৎসা - General Medicine

২/বাল চিকিৎসা - Pediatric (শিশুৰোগ বিভাগ)

৩/গ্ৰহ চিকিৎসা :- Psychiatry (মানসিক ৰোগ)

৪/উৰ্দ্ধাংগ চিকিৎসা :- কান, নাক, ডিঙি, চকু আৰু মূৰৰ চিকিৎসা( ENT and Ophthalmology)

৫/শল্য চিকিৎসা :- Surgery

৬/দম্স্ত্ৰা চিকিৎসা :- Toxicology (অগদতন্ত্ৰ বা বিষৰ চিকিৎসা)

৭/ জড়া চিকিৎসা :- Geriatric (বাৰ্দ্ধক্য জনিত ৰোগৰ চিকিৎসা)

৮/বৃষ্য চিকিৎসা :- Aphrodisiac (ৰসায়ন আৰু বাজীকৰন চিকিৎসা) আমাৰ শৰীৰৰ বিভিন্ন বেমাৰৰ চিকিৎসা এই অষ্টাংগ আয়ুৰ্বেদৰ ওপৰত নিৰ্ভৰ কৰে।

লেখক: ডা: মুকুল শৰ্মা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 5/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate