অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদিক ঔষধ প্ৰস্তুতিত নেনো টেকনোলজি

আয়ুৰ্বেদিক ঔষধ প্ৰস্তুতিত নেনো টেকনোলজি



নেনো মানে কি ? অণু আৰু পৰমাণুৰ বিষয়ে সকলোৱে জানে। এটা অণুৰ একলাখ ভাগৰ এভাগক নেনো বোলা হয়। গতিকে চিন্তা কৰি চাওক। নেনো কিমান সুক্ষ্মাতিতম সুক্ষ্ম কণিকা। নেনোৰ বিষয়ে অধ্যয়ন, প্ৰয়োগ আদিক কোৱা হয় নেনো টেকনোলজি। এই নেনো টেকনোলজি ভাৰত বৰ্ষত আবিষ্কাৰ হয় কেবা হেজাৰৰো আগতে‌। ৫০০০ বছৰৰো অধিক কাল আয়ুৰ্বেদিক ঔষধ ভষ্ম প্ৰস্তুত কৰোঁতে এই নেনো টেকনোলজি প্ৰয়োগ কৰি অহা হৈছে‌ । উল্লেখযোগ্য যে ইয়াৰ বাবে প্ৰাচীন কালত প্ৰত্যেকজন আয়ুৰ্বেদিক চিকিৎসকে পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিছিল। আয়ুৰ্বেদিক পদাৰ্থ বিজ্ঞানৰ কিতাপত সুস্পষ্টকৈ অণুৰ উল্লেখ কৰিছে। দুটা অণুক দ্ব্যাণুক , তিনিটা অণুক ত্ৰ্যাণুক আৰু ছটা অণুক ষটৰেণূক বোলা হয়। আয়ুৰ্বেদিক চিকিৎসাৰ এক প্ৰধান বিভাগ ৰসশাস্ত্ৰত এই নেনো টেকনোলজি উল্লেখ আছে। আয়ুৰ্বেদিক ঔষধত বহুত প্ৰকাৰ ধাতু ব্যৱহাৰ কৰা হয়।
কেবা হেজাৰ বছৰৰ পৰা সোণ , ৰূপ,হীৰা, তাম ,লোহা, সীহ ,পাৰা ,দস্তা,কাঁহ, মূক্তা, প্ৰৱাল , পাথৰ ইত্যাদি বিভিন্ন ধাতুৰ ভষ্ম আয়ুৰ্বেদিক ঔষধ হিছাপে ব্যৱহাৰ কৰি অহা হৈছে। এই ভষ্মই হৈছে নেনো কণিকা । ভালধণৰ ভষ্ম হৈছে নে নাই হোৱা তাক ৰেখাপূৰণ পৰীক্ষাৰ দ্বাৰা জানিব পাৰি। বিভিন্ন শাস্ত্ৰীয় পদ্ধতিৰে শোধন , জাৰণ , মৰ্দন, মাৰণ , ভাৱনা , পাক দি প্ৰস্তুত কৰা এই নেনো কণিকা ভষ্মই কিডনী, লিভাৰ ইত্যাদিত কোনো ধৰণৰ ক্ষতি নকৰে। ধাতু সমূহ ভষ্ম বনোৱাৰ আগতে কেবাটাও পৰ্যায়ত শোধন কৰি লোৱা হয়। শোধন কৰিলে সকলো প্ৰকাৰৰ বিষাক্ত গুণ নোহোৱা হয় আৰু ব্যৱহাৰ কৰিলে কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া হব নোৱাৰে। উদাহৰণস্বৰূপে পাৰা বা মাৰ্কাৰী অতি বিষাক্ত আৰু গুৰু ( heavy metal) বুলি সকলোৱে জানে। কিন্তু পাৰাক ব্যৱহাৰ কৰাৰ আগতে ৮-১৮ পৰ্যায়ত শোধন কৰি লোৱা হয়। পাৰাক ৮ পৰ্যায়ত শোধন কৰাৰ পিছত ১% বিষাক্ত গুণ থাকিব নোৱাৰে। প্ৰত্যেকবিধ ধাতু ভষ্ম কৰোঁতে পাৰা লাগিব। পাৰা নহলে ৰস ঔষধ আৰু ভষ্ম বনোৱা সম্ভৱ নহয় । আয়ুৰ্বেদিক ঔষধৰ শেষত ৰস থকা যেনে:- আৰোগ্য বৰ্ধনী ৰস , প্ৰতাপ লঙ্কেশ্বৰ ৰস , হৃদয়াৰ্ণৱ ৰস ইত্যাদি হেজাৰৰো অধিক ঔষধত পাৰা , গন্ধক বা ছালফাৰ আৰু ধাতু আছে যাৰনেকি কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া আজি পৰ্যন্ত হোৱা নায়। পাৰা আৰু ধাতুৰে প্ৰস্তুত কৰা ঔষধে সোনকালে বেমাৰ আৰোগ্য কৰে। আধুনিক ছালফাৰ ঔষধৰ পাৰ্শ্বক্ৰিয়া অনেক পোৱা যায়। কিন্তু গন্ধক বা ছালফাৰ শোধন কৰি ঔষধ হিচাবে ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া নহয়। উল্লেখযোগ্য যে গন্ধক বা ছালফাৰ পোন প্ৰথম ব্যৱহাৰ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিতহে কৰা হৈছিল।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate