পৃথিৱীৰ মানুহবিলাকৰ মাজত ভিন্নতা দেখি আপুনি জানো আচৰিত নহয় নে? কিছুমান মানুহ অতিকৈ উতনুৱা বা তজবজীয়া হয় আৰু আন কিছুমান অলপতে ভাগৰি পৰে আৰু সৰু সৰু কামতে অনুগ্ৰহ বিচাৰে। কিছুমান মানুহৰ যিমান খালেও ভোক নপলায় আৰু কিছুমানে সাধাৰন খাদ্য অকমান খালেই পেট ভৰি যায়। কিছুমান মানুহ জন্মগত ভাবে খুব ফুৰ্তিবাজ হয় আন কিছুমানে আকৌ গোটেই পৃথিৱীৰ বোজা তেওঁলোকৰ কান্ধত লৈ ঘূৰি ফুৰে। আধুনিক জেনেটিক বিজ্ঞানে এইবিলাকৰ ওপৰত কিছু ব্যাখ্যা আগবঢ়াইছে যদিও মানুহৰ চাৰিত্ৰিক আৰু মানসিক গঠন যিয়ে এজন মানুহক অন্য এজনৰ পৰা অদ্বিতীয় বনাই ইয়াৰ ওপৰত বাখ্যা আগবঢ়োৱাত এতিয়ালৈকেও সম্পূৰ্ণভাৱে সফল হোৱা নাই। এই সকলোবিলাকৰ উত্তৰ আয়ুৰ্বেদত পোৱা যায় বাত, পিত্ত আৰু কফ এই তিনিটা দোষৰ সহায়ত। এই দোষ বিলাক হ'ল একো একোটা জৈৱিক শক্তি যাক প্ৰত্যেক মানুহৰ শৰীৰ আৰু মনত পোৱা যায়। এই শক্তিবিলাকে আমাৰ শৰীৰৰ সকলোধৰণৰ শাৰীৰিক আৰু মানসিক প্ৰক্ৰিয়া চালনা কৰে আৰু প্ৰত্যেক মানুহৰ স্বাস্থ্য আৰু মানসিক স্থিতিৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰে। এইদোষবিলাক উৎপন্ন হয় পঞ্চমহাভূত আৰু ইয়াৰ লগত সম্পৰ্কীয় গুণবিলাকৰ পৰা। বাত দোষ উৎপত্তি হয় আকাশ আৰু বায়ু মহাভূতৰ পৰা, পিত্ত হয় অগ্নি আৰু জলৰ পৰা আৰু কফ হয় পৃথিৱী আৰু জল মহাভূতৰ পৰা। যিবিলাক মানুহ সাধাৰণতে বাত প্ৰকৃতিৰ হয় সেই মানুহবিলাক শাৰীৰিক আৰু মানসিক ভাবে আকাশ আৰু বায়ু গুনযুক্ত হয়। সেইকাৰনে বাত প্ৰকৃতিৰ মানুহবিলাক চিন্তাশীল, ক্ষীণ আৰু দ্ৰুত গতি সম্পন্ন হয়। পিত্ত প্ৰকৃতি যিহেতু অগ্নি আৰু জল মহাভূতৰ দ্বাৰা গঠিত সেই কাৰণে এই প্ৰকৃতিৰ মানুহবিলাক খুব খঙাল আৰু ছালখন তৈল গূণযুক্ত হয়। কফ প্ৰকৃতিৰ মানুহবিলাক তজবজীয়া শৰীৰযুক্ত, শান্ত হয় যিহেতু কফ প্ৰকৃতি পৃথিৱী আৰু জল মহাভূতেৰে গঠিত। প্ৰধানতঃ বেছিভাগ মানুহৰ গাত এটা প্ৰকৃতিৰ প্ৰাধান্য পোৱা যায় যদিও লগতে অন্য এটা প্ৰকৃতিৰো সাধাৰণতে প্ৰভাৱ দেখা যায়। এনেকুৱা ধৰণৰ প্ৰকৃতিক দ্বৈত দোষমুক্ত বা দ্বৈত প্ৰকৃতিৰ বুলি কোৱা হয়। বাত, পিত্ত, কফ এই দোষ বিলাক হ'ল আমাৰ চালিকা শক্তি আৰু ইহতে ধাৰাবাহিক ভাৱে আমাৰ কৰ্ম, চিন্তা, আবেগ, খাদ্যাভাস, যিকোনো সংবেদনশীলতা যিয়ে আমাৰ শৰীৰ আৰু মনক প্ৰভাৱিত কৰে আৰু এইবিলাক পৰিস্থিতি সাপেক্ষে সলনি হৈ থাকে। যেতিয়া শৰীৰত সদা বিদ্যমান বাত, পিত্ত আৰু কফ তিনিওটা উচিত আহাৰ বিহাৰৰ পৰিনাম স্বৰূপে শৰীৰত আৱশ্যক অনুপাতে থাকে আৰু শৰীৰৰ পৰিচালনা, সংৰক্ষণ আৰু সংবৰ্দ্ধন কৰে তথা ইয়াৰদ্বাৰা শাৰীৰিক আৰু মানসিক ক্ৰিয়া স্বাভাৱিক আৰু নিয়মিত ৰূপে হয় তেতিয়া যিকোনো ব্যক্তি স্বাস্থ্যবান আৰু দীৰ্ঘায়ু হয় আৰু তেনে অৱস্থাকে শৰীৰৰ আৰোগ্যৰ স্থিতি বুলি কোৱা হয়। ইয়াৰ বিপৰীতে স্বাস্থ্যৰ নিয়মৰ পালন নকৰিলে, অনুচিত আৰু বিৰুদ্ধ আহাৰ বিহাৰত লিপ্ত হ'লে, ঋতুচৰ্য্যা আৰু দিনচৰ্য্যা, ব্যায়াম ইত্যাদিৰ ওপৰত ধ্যান নিদিলে তথা বিভিন্ন প্ৰকাৰৰ ভোগ বিলাস আৰু আধুনিক সুখ সুবিধাৰ ওপৰত নিজৰ মন আৰু ইন্দ্ৰিয় আসক্ত কৰিলে পৰিনামস্বৰূপে এই বাত, পিত্ত আৰু কফ প্ৰকূপিত হৈ বিকৃত অৱস্থাৰ সৃষ্টি হয় আৰু শৰীৰ অস্বাস্থ্যবান হৈ পৰে। যদিও এই দোষ বিলাকৰ বিকৃতিয়ে আমাৰ শাৰীৰিক প্ৰক্ৰিয়া বিলাকত ব্যাঘাত জন্মায় কিন্ত মানুহজনৰ প্ৰকৃতি গোটেই জীৱন একে থাকে আৰু আমাৰ শৰীৰ আৰু মনৰ প্ৰত্যেকটো ক্ৰিয়াত ই প্ৰভাৱ পেলায়। যেনে - আমাৰ শাৰীৰিক ক্ৰিয়া, শাৰীৰিক অবয়ব, আমাৰ ভাল বেয়া লগা, আমাৰ অভ্যাস আৰু প্ৰবৃত্তি, মানসিক আৰু আবেগিক অৱস্থা, লগতে আমাৰ কি বেমাৰৰ প্ৰতি বেছি প্ৰবনতা আছে ইত্যাদি।
বাতে আমাৰ শৰীৰৰ সকলো ধৰণৰ গতি, যেনে - শ্বাস প্ৰশ্বাস, নাড়ীৰ গতি, মাংসপেশীৰ সংকোচন - প্ৰসাৰণ, অংগ প্ৰত্যংগৰ বিচৰণ, মন, স্নায়ুতন্ত্ৰ, মহিলাৰ মাহেকীয়াৰ গতি, মলমূত্ৰ ত্যাগৰ গতি ইত্যাদি সকলো নিয়ন্ত্ৰণ কৰে। যদিও প্ৰত্যেকটো দোষেই শৰীৰৰ সকলো ঠাইতে কম বেছি পৰিমাণে থাকে তথাপিও দোষসমূহৰ কিছুমান মূখ্য স্থান থাকে। বাত দোষৰ মূখ্য স্থান সমূহ হ'ল বৃহদান্ত্ৰ, জংঘা, গাঠি, কান, চৰ্ম, মগজু আৰু স্নায়ুকলা। বাত প্ৰকৃতিৰ মানুহবিলাক সাধাৰণতে বহু ওখ(কেতিয়াবা বহুত চুটি), বহুত ক্ষীণ আৰু কম ওজনযুক্ত, চকু বিলাক সৰু, ছালবিলাক ধূসৰ বৰণৰ শুকান, ৰুক্ষ, কম চুলিযুক্ত, নমনীয়, নিস্তেজ হয়। মানসিক ভাবে এনেকুৱা মানুহ উৎসাহী, জীৱন্ত, কথাবিলাক সোনকালে বোধগম্য হোৱা কিন্তু কম স্মৃতিশক্তিযুক্ত, ৰচনাত্মক, প্ৰৌঢ়, ধাৰ্মিক আৰু অনুশাসন গূণযুক্ত, শব্দৰ প্ৰতি সংবেদনশীল আৰু মানসিক ভাবে অস্থিৰ হয়।বাত প্ৰকৃতিৰ মানুহবিলাকৰ পাচন শক্তি অনিয়মীয়া ধৰণৰ হয়, বায়ু যুক্ত খাদ্য হজম কৰিব নোৱাৰে আৰু সঘনাই কোষ্ঠকাঠিন্যৰ দ্বাৰা আক্ৰান্ত হয়, খুব কম টোপনি যুক্ত হয়।
যেতিয়া বাত দোষৰ বৃদ্ধি হয় বা বাত প্ৰকূপিত হয় মানুহ মানসিক ভাৱে চিন্তিত, ভয়াতুৰ, অস্থিৰ, অনিদ্ৰাযুক্ত, পাগলো হব পাৰে। অত্যধিক বাত দোষৰ ফলত শৰীৰৰ কলাবিলাক শুকাই যায়। যেনে - মুখ, ছাল, গাঠি, বৃহদান্ত্ৰ ইত্যাদি, যাৰ ফলত ছাল শুকান আৰু ৰুক্ষ হয়, মূৰত উফি হয়, গাঠিবিলাকত প্ৰদাহ হয়, পেটত গেছ হয়, পেট ফুলি যায়, কোষ্ঠকাঠিন্য হয়। বিকৃত বাতৰ ফলত শৰীৰত ঠাণ্ডা অনুভৱ হয়, তেজ চলাচলত বাধাগ্ৰস্ততা আহে, শৰীৰত জঠৰতা, হাত ভৰিত জিনজিননি, অত্যধিক শাৰীৰিক বিষ ইত্যাদি হয়।
পিত্তই দেহৰ পাচন শক্তি, চয়, অপচয় ইত্যাদি নিয়ন্ত্ৰণ কৰে। যেনে - জৈৱিক এচিদ, হৰ্মন, এনজাইম আৰু পিত(bile)। পিত্তৰ মূখ্য স্থান সমূহ হ'ল - ক্ষূদ্ৰান্ত্ৰ, পাকস্থলী, যকৃত, প্লীহা, অগ্নাশয়, ৰক্ত, চকু আৰু ঘাম। পিত্ত আমাৰ মনৰ আনন্দ, বুদ্ধিমত্তা, খং, ইচ্ছা শক্তি, মানসিক ধাৰণা, পাচন শক্তি ইত্যাদিৰ লগত জড়িত। ই আমাৰ শৰীৰৰ পুষ্টি, বিপাক, উষ্ণতা আৰু বোধগম্যতা নিয়ন্ত্ৰণ কৰে। পিত্ত প্ৰকৃতিৰ মানুহবিলাক সুঠাম, এথলিটৰ নিচিনা শৰীৰযুক্ত, মধ্যমীয়া উচ্চতাৰ, চকু পাতল মূগা বৰণৰ, পোহৰ আৰু উষ্ণতাৰ প্ৰতি সংবেদনশীল, চৰ্ম সাধাৰণতে হালধীয়া বা ৰঙচুৱা বৰণৰ, এলাৰ্জী প্ৰবণ আৰু সূৰ্য্যৰ তাপ সহ্য কৰিব নোৱাৰা হয়। চুলি থৰঙা, ৰঙচুৱা বৰণৰ, অকালপক্কতা আৰু টপামূৰীয়া হব পাৰে। পিত্ত প্ৰকৃতিৰ মানুহৰ মন প্ৰতিযোগি প্ৰবণ, সাহসিক,উচ্চাকাংক্ষী, দৃঢ়, শক্তিশালী, আলোচনাত্মক আৰু গৰম মেজাজৰ হয়। এনে প্ৰকৃতিৰ মানুহ সাধাৰণতে খাদ্য প্ৰিয় হয় আৰু একেলগে বহুত খাদ্য খাব পাৰে। সাধাৰণতে গৰম, মছলাযুক্ত খাদ্য, মাদক দ্ৰব্য, কল্ড ড্ৰিংক প্ৰবণ হয় আৰু সপোনপ্ৰিয় হয়। # পিত্ত বৃদ্ধিৰ লক্ষণ :- পিত্ত দোষৰ বৃদ্ধি বা বিকৃতিৰ ফলত মানুহৰ অত্যধিক পিয়াহ লাগে, শৰীৰত অতি গৰম অনুভৱ কৰে, বুকুত জ্বলা পোৰা হয়, এচিড যুক্ত বদহজম হয়, গেষ্ট্ৰিক আলচাৰ, ডায়েৰিয়া, ওজন হ্ৰাস, এলাৰ্জী, চকুৰ বিকাৰ, প্ৰদাহ, জণ্ডিচ, ৰক্তপাত যুক্ত বিকাৰ হয়। এনে মানুহ মানসিক ভাবে অতি বিৰক্ত, খঙাল, দাম্ভিক, অসন্তুষ্ট হব পাৰে।
কফ হ'ল দেহ নিৰ্মাণ আৰু শৰীৰক স্নেহন শক্তি প্ৰদানকাৰী শক্তি। ই আমাৰ শৰীৰৰ গঠন, আকৃতি আৰু শৰীৰৰ অংগবিলাকক মসৃন গতিত কাম কৰাৰ শক্তি প্ৰদান কৰে। কফৰ মূখ্য স্থান সমূহ হ'ল বুকু, ডিঙি, হাওঁফাওঁ, মূৰ, স্নেহ কলা, সংযোজক কলা, লিগামেন্ট, তেণ্ডন আদি।কফ প্ৰকৃতিৰ মানুহ শাৰীৰিকভাৱে শক্তিশালী, আটিল আৰু শকত, ডাঙৰ উৰু, কঁকাল, বুকুযুক্ত আৰু অধিক ওজনযুক্ত হয়। কফ প্ৰকৃতিৰ মানুহ বিশেষভাৱে ডাঙৰ আকৰ্ষণীয় চকুযুক্ত, উজ্জ্বল চালযুক্ত, ডাঠ, ঘন আৰু সুন্দৰ চুলিযুক্ত হয়। কফ প্ৰকৃতিৰ মানুহৰ অধিক শ্লেষ্মা উৎপন্ন হয় আৰু মাত কথা কোমল হয়। কেতিয়াবা অধিক শ্লেষ্মাৰদ্বাৰা মাত বহি যায়। মানসিক ভাৱে কফ প্ৰকৃতিৰ মানুহ আত্মসন্তুষ্ট, শান্ত, মৰমীয়াল, উদাসীন, সমভাবাত্মক, বিশ্বাসী, নাচ গান, কবিতাৰ প্ৰসংশক, সহায়কাৰী, সাংসাৰিক, বস্তুবাদী, এলেহুৱা হয়। কফ প্ৰকৃতিৰ মানুহে খাই ভাল পায় বিশেষকৈ গৰিষ্ঠ আহাৰ, মিঠা বস্তু। এনে মানুহৰ সোনকালে ওজন বাঢ়ে। কফ প্ৰকৃতিৰ মানুহে শুই ভাল পায়।
কফ আধিক্যৰ ফলত মানুহ আসক্তি গ্ৰস্ত, জেদী, লোভী, তন্দ্ৰাযুক্ত, বিষন্ন আৰু উদাসীন হয়। কফ বিকৃতিৰ ফলত মানুহ অধিক ভোজন প্ৰিয়, অধিক শয়ন প্ৰিয়, খাদ্য খাবৰ ইচ্ছা নোহোৱা, বিপাক ক্ৰিয়াত ব্যাঘাত, গধুৰতা, ওজন বৃদ্ধি, শক্তি আৰু ক্ষমতা হ্ৰাস, ৰক্তনলিকাত চৰ্বী জমা হোৱা ইত্যাদি লক্ষণ বিলাক দেখা যায়। বয়স, দিন, ৰাতি আৰু খাদ্য হজম হোৱা সময় অনুপাতে দোষৰ আধিক্য:- বয়স, দিন, ৰাতি আৰু খাদ্য হজমৰ অন্ত, মধ্য আৰু আৰম্ভণি ক্ৰমে বাত, পিত্ত আৰু কফৰ আধিক্য দেখা যায়।
অৰ্থাৎ বাতৰ আধিক্য দেখা যায় –
*মানুহৰ জীৱনৰ অন্তিম অৱস্থা অৰ্থাৎ বুঢ়া বয়সত।
*দিনৰ শেষ ভাগত অৰ্থাৎ গধূলি সময়ত।
*ৰাতিৰ শেষ ভাগত।
*হজম প্ৰক্ৰিয়াৰ অন্তিম অৱস্থাত।
পিত্তৰ আধিক্য দেখা যায় –
*মানুহৰ জীৱনৰ মধ্য ভাগত। *দিনটোৰ মধ্য ভাগত অৰ্থাৎ দুপৰীয়া সময়ত।
*মধ্য ৰাতি।
*খাদ্যৰ পাচন প্ৰক্ৰিয়া চলি থকা সময়ত।
তেনেদৰে কফৰ আধিক্য দেখা যায় –
*মানুহৰ জীৱনৰ আদিভাগ অৰ্থাৎ শিশু অৱস্থাত। *দিনৰ আৰম্ভণিত অৰ্থাৎ ৰাতিপুৱা। *ৰাতিৰ আৰম্ভনিতে।
*খাদ্য পাচনৰ আৰম্ভনিতে। যিহেতু শিশুকালত মানুহৰ কফ দোষৰ প্ৰভাৱ বেছিকৈ থাকে সেয়েহে শিশু অৱস্থাত কফ জনিত ৰোগ বেছিকৈ হোৱা দেখা যায়। ডেকাকালত পিত্ত দোষৰ প্ৰধানতাৰ বাবে পিত্ত জনিত ৰোগ বেছিকৈ হোৱা দেখা যায় আৰু বৃদ্ধ কালত বাত দোষৰ প্ৰধানতাৰ বাবে বাত দোষৰ দ্বাৰা হোৱা ৰোগ বেছিকৈ হোৱা দেখা যায়। গতিকে এই বাত, পিত্ত আৰু কফ আয়ুৰ্বেদিক চিকিৎসাৰ মেৰুদণ্ড স্বৰূপ। এই চিকিৎসা পদ্ধতিত মানুহ বা ৰোগীবিলাকক এই তিনি দোষৰ ওপৰত ভিত্তি কৰি চিকিৎসা সূত্ৰ আগবঢ়োৱা হয়।
লেখক: ডা: মুকুল শৰ্মা
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 7/13/2020
ঘৃতকুমাৰী বা এলভেৰাৰ মহত্বৰ বিষয়ে লিখা হৈছে ।
আয়ুৰ্বেদিক ঔষধ মানেই পাৰ্শ্বক্ৰিয়াহীন নহয়, সেই বিষ...
আর্য়ুবেদ