অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চৰক্তচাপ নিয়ন্ত্ৰণত যোগাভ্যাস

উচ্চৰক্তচাপ নিয়ন্ত্ৰণত যোগাভ্যাস

হৃদযন্ত্ৰই ঠেলি দিয়া ৰক্তপ্ৰৱাহে ধমনীৰ বেৰত এক চাপৰ সৃষ্টি কৰে। তাকেই ৰক্তচাপ বা Blood Pressure বুলি কোৱা হয়। ৰক্তচাপ অতি বেছি বা অতি কম দুয়োটাই শৰীৰৰ বাবে ক্ষতিকাৰক। ৰক্তচাপৰ দুটা ভহগ আছে—ওপৰ ভাগক Systolic Blood Pressure, যিটোৱে হৃদযন্ত্ৰই ৰক্তপ্ৰৱাহক ঠেলি পঠোৱাৰ কথা সূচায়। দ্বিতীয়বিধ হ’ল Diastolic Pressure, অৰ্থাৎ হৃদযন্ত্ৰটো আগৰ অৱস্থালৈ অহাৰ কথা সূচায়। আজিকালি বেছিভাগ মানুহৰে উচ্চ ৰক্তচাপ ৰোগ হোৱা দেখা যায়। এই উচ্চ ৰক্তচাপক আকৌ নীৰৱ ঘাতক বুলিও কোৱা হয়।

উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ বাবে সমগ্ৰ চিকিৎসা  বিজ্ঞানীসকলে চেষ্টা কৰি আছে। যদি উপযুক্ত চিকিৎাৰ দ্বাৰা উচ্চ ৰক্তচাপ হ্ৰাস কৰি স্বাভাৱিক কৰি ৰখা হয়, তেনেহ’লে হৃদৰোগো প্ৰতিৰোধ কৰাটো সম্ভৱপৰ। তথ্যৰ দ্বাৰাই প্ৰমাণিত হৈছে যে ৰক্তচাপ স্বাভাৱিক অৱস্থাত ৰাখিব পাৰিলে উচ্চ ৰক্তচাপজনিত মৃত্যুৰ হাৰ, হৃদৰোগজনিত মৃত্যুৰ হাৰ, ষ্ট্ৰ’ক আৰু হাৰ্ট ফেইলাৰজনিত মৃত্যুৰ হাৰ নিম্নগামী হয়। প্ৰয়োজনীয় কথা হ’ল এই ৰোগৰ প্ৰতি সচেতন হোৱাটো আৰু প্ৰতিৰোধ কৰাটো। উচ্চ ৰক্তচাপ প্ৰতিৰোধ ব্যৱস্থাৱলীৰ ভিতৰত অন্যতম হ’ল সুস্থ জীৱন যাপন প্ৰণালী গ্ৰহণ কৰা। এই ব্যৱস্থাৱলী ৰোগত আক্ৰান্ত নোহোৱাসকলৰ বাবেও যিদৰে প্ৰয়োজন, ৰোগাক্ৰান্ত লোকসকলৰ বাবেও সমানে প্ৰয়োজন। তদুপৰি উচ্চ ৰক্তচাপত ভুগি থকা বহু লোকৰে জোওৱন যাপন প্ৰণালী বিশৃঙ্খল দেখা যায়। উচ্চ ৰক্তচাপত আক্ৰান্ত লোকেও জীৱনযাপন প্ৰণালীৰ পৰিৱৰ্তন মানি চলা একান্ত প্ৰয়োজনীয় বিষয়। সুস্থ জীৱন-যাপন প্ৰণালীৰ ক্ষেত্ৰত প্ৰথম কথা হ’ল সঠিক খাদ্য গ্ৰহণ কৰা, সঠিক ব্যায়াম কৰা, সঠিক জিৰণি লোৱা,, যোগাত্মক কামত নিয়োজিত হোৱা, মানসিক চাপ, উৎকণ্ঠাৰ পৰা দূৰত থকা, প্ৰতিটো মূহুৰ্ততে শৰীৰৰ প্ৰতি সজাগ হোৱা।

সঠিক ব্যায়াম উচ্চ ৰক্তচাপ ৰোগ প্ৰতিৰোধত ফলপ্ৰসু। ব্যায়াম মানে ইয়াত যোগাভ্যাস, কিছুমান শিথিলকৰণ ব্যায়াম, সুক্ষ্ম ব্যায়াম, জগিং আদিক বুজোৱা হৈছে। এইবিলাক ক্ৰিয়াৰ অভ্যাস যদি নিয়মিতভাৱে কৰা হয়, বিশেষকৈ যোগাভ্যস কৰিলে ৰক্তচাপ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। মানসিক চাপ, উৎকণ্ঠাই স্নায়ুতন্ত্ৰ উত্তেজিত কৰি ৰক্তচাপ বৃদ্ধি কৰে। মানসিক চাপ বৃদ্ধিৰ ৰক্তচাপ বৃদ্ধিৰ লগত সম্পৰ্ক আছে। গতিকে মানসিক চাপ কমোৱাৰ বাবে যোগাভ্যাসেই অতি উত্তম ব্যৱস্থা। ভাৰতবৰ্ষৰ লগতে পশ্চিমীয়া দেশসমূহতো শৰীৰ আৰু মন সুস্থিৰ আৰু প্ৰশান্তিৰ বাবে বিভিন্ন ৰিলাক্সেচন টেকনিক উদ্ভাৱন হৈছে—যিটো যোগাভ্যাসৰ নামান্তৰ মাথোন। প্ৰণালীবদ্ধভাৱে অভ্যাস কৰা যোগেই মন স্ংযত কৰি মানসিক চাপ, উদ্বেগ-উৎকণ্ঠা দূৰ কৰিব পাৰে। যোগ অভ্যাসে তেজৰ চৰ্বিৰ মাত্ৰা হ্ৰাস কৰে, স্নায়ুতন্ত্ৰক সুস্থিৰ কৰে। যোগৰ দ্বাৰা শ্বাস-প্ৰশ্বাস তন্ত্ৰক সুস্থ কৰি হৃদৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। যোগাত্মক কামে জীৱনটো সুস্থিৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়। যোগাত্মক কামত নিজকে আত্মনিয়োগ কৰি উচ্চ ৰক্তচাপ ৰোগ প্ৰতিহত কৰি ৰাখক। ৰাতিপুৱা বিছনা ত্যাগ কৰি মুকলি ঠাইত অলপ খোজ কাঢ়ক(ভ্ৰমণ প্ৰাণায়ামো কৰিব পাৰে)। ভ্ৰমণ প্ৰাণায়ামে সহায় কৰে এই ৰোগ প্ৰতিৰোধত।

সুস্থ জীৱন যাপন  প্ৰণালীৰ ক্ষেত্ৰত সঠিক খাদ্য অভ্যাসৰ গুৰুত্ব আছে। বিশেষকৈ উচ ৰক্তচাপ থকা ৰোগীয়ে খোৱা খাদ্যৰ প্ৰতি সতৰ্ক হ’ব লাগে। এনে ৰোগীৰ আহাৰত ফলমূল, সাক-পাচলিৰ পৰিমাণ আৰু আঁহযুক্ত শস্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। খাদ্যত চৰ্বিযুক্ত পদাৰ্থ বা তেলৰ মাত্ৰা কম কৰা উচিত। উচ্চ ৰক্তচাপ থকা ৰোগীয়ে নিমখযুক্ত আহাৰ কমকৈ খাব লাগে। ভজা নিমখীয়া বস্তু বেছিকৈ খাব নালাগে। খাদ্যত নিমখৰ পৰিমাণ হ্ৰাসকৰণ, দেহৰ ওজন হ্ৰাসকৰণে উচ্চ ৰক্তচাপ স্বাভাৱিক কৰাত সহায় কৰে। থালত বা খোৱা পাত্ৰত ওপৰঞ্চি নিমখ লৈ খোৱাৰ অভ্যাস বন্ধ কৰিব লাগে। মুঠৰ ওপৰত উচ্চ ৰক্তচাপ ৰোগীয়ে আহাৰ নিয়ম অনুযায়ী খোৱা উচিত। তদুপৰি উচ ৰক্তচাপ ৰোগীয়ে ধূমপান, মদ্যপান কৰা অনুচিত। বিভিন্ন তথ্যৰ পৰাই প্ৰমাণিত হৈছে যে ধূমপানে ৰক্তচাপ বৃদ্ধি কৰে। যদি ধূমপান আৰু মদ্যপান বন্ধ কৰা হয়, তেতিয়া উচ্চ ৰক্তচাপৰ উপৰি হৃদৰোগ সম্বন্ধীয় জটিলতা আৰু অন্যান্য জটিলতাও প্ৰতিহত কৰিব পাৰি।

শেষত এটা কথা উল্লেখ কৰোঁ যে আপুনি যদি ৰক্তচাপ ৰোগত আক্ৰান্ত, তেতিয়াও ৰোগটোক প্ৰতিহত কৰাৰ বাবে নিয়মিত ব্যায়াম, আসন, প্ৰাণায়াম অভ্যাস কৰক আৰু ৰোগটোত আক্ৰান্ত নহ’লেও আপুনি সুস্থ জীৱন যাপনৰ বাবে নিয়মিত যোগাভ্যাস কৰক। মনত ৰখা উচিত যে যোগাভ্যাসৰ শেষত ৫/১০ মিনিট শৱাসন অভ্যাস কৰিব। উচ্চ ৰক্তচাপ ৰোগ নিয়ন্ত্ৰণত শৱাসনে যথেষ্ট সহায় কৰে।

লেখক: বসন্ত মজুমদাৰ,

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate