অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডেংগু আৰু হোমিঅ’পেথীঃ

আপোনাৰ শত্ৰুৱে ঘৰৰ চৌহদত বাহ ল’ব, যাৰ ফলত ডেংগু আক্ৰান্ত হ’ব পাৰে। তাৰ প্ৰতিকাৰ হোমিঅ’পেথী পদ্ধতিত পাব।

ডেংগুৰ লক্ষণঃ

  • ডেংগুৰ জ্বৰ অতি ভয়ানক। জ্বৰৰ সৈতে ভীষণ গা আৰু মূৰৰ বিষো থাকে।
  • DEN-1, DEN-2, DEN-3, DEN-4 এই চাৰি প্ৰকাৰৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।
  • এজন লোক এটাতকৈ বেছি ডেংগু ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।
  • শিশুৰ ক্ষেত্ৰত অতি তীব্ৰতৰ হোৱা দেখা যায়। হাড় আৰু গাঁঠিৰ ভীষণ বিষ হোৱা বাবে ইয়াক হাড়ৰ জ্বৰ বোলে।

কেনেকৈ বিয়পেঃ

  • এবিধ এডিচ-এজিপ্তি নামৰ মহে কামোৰিলে এই ৰোগ হয়।
  • এই মহ সৰু, ক’লা আৰু ইয়াৰ দেহত বগা আঁচ আছে। ই প্ৰায় ৫ মিঃ মিঃ ডাঙৰ।
  • বাৰিষা বা পৰৱৰ্তী সময়ত (জুলাইৰ পৰা অক্টোবৰলৈ) এই মহে কণী পাৰে।
  • ই পানী থকা ফুলদানি, পেলনীয়া টায়াৰত জমা হোৱা পানীত, ভঙা পাত্ৰ বা পানীৰ টেংকিত জন্মিব পাৰে।
  • উল্লিখিত মহে দিনত কামুৰিলে ডেংগু হয়।

কেনেকৈ মানুহৰ গালৈ ডেংগু বিয়পেঃ

  • ডেংগুত আক্ৰান্ত কোনো লোকক কামোৰাৰ পাছত মহ এটাই সুস্থ মানুহক কামুৰিলে ডেংগু সংক্ৰমিত হয়।
  • এই ভাইৰাছবিধ প্ৰত্যক্ষভাৱে মানুহৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু ডেংগুত আক্ৰান্ত লোকক মহে কামোৰাৰ পাছত ৬ দিনলৈ এই ৰোগৰ উৎস হৈ থকাৰ শংকা থাকে।
  • মহে কামোৰাৰ ৩-১৪ দিনৰ ভিতৰত মানুহজন ডেংগুত আক্ৰান্ত হ’ব পাৰে (সাধাৰণতে ৪-৭ দিনৰ ভিতৰতে)।
  • সাধাৰণতে ৫-৭ দিনলৈ ডেংগুৰ জ্বৰ থাকে তাৰ পাছত ৰোগী সুস্থ হয়।

ডেংগুৰ প্ৰকাৰঃ

সাধাৰণ বা ক্লাছিকেল ডেংগু আৰু ডেংগু হেমৰেজিক ফিভাৰ বা ডেংগু শ্বক ছিনড্ৰম।

ক্লাছিকেল ডেংগু জ্বৰৰ লক্ষণঃ

  • হঠাতে কঁপনি উঠি জ্বৰ হোৱা।
  • পেশী আৰু গাঁঠিত অসম্ভৱ বিষ।
  • কপালৰ সন্মুখ ভাগত বিষ।
  • চকুৰ পিছ পিনে বিষ আৰু লৰচৰ কৰিলে বিষৰ তীব্ৰতা বাঢ়ে।
  • অত্যন্ত দুৰ্বল হোৱা আৰু জিভাৰ সোৱাদ নোহোৱাৰ লগতে ভোক নলগা।
  • পেটৰ বিষৰ লগতে বমিৰ ভাব।
  • ৰোগীৰ দুৰ্বল আৰু হতাশা হোৱা যেন অনুভৱ হোৱা।
  • জ্বৰ হোৱাৰ ৩-৪ দিন পাছত মুখমণ্ডলৰ বাহিৰে শৰীৰৰ অন্য ছালত ৰঙচুৱা ঘামচিৰ দৰে ওলোৱা।

ডেংগু হেমৰেজিক জ্বৰঃ

  • ক্লাছিকেল ডেংগুৰ লক্ষণৰ সৈতে যদি নাক, মুখগহ্বৰ আৰু দাঁতৰ আলুৰ পৰা তেজ ওলায়।

ডেংগু শ্বক ছিনড্ৰম (ডি এছ এছ)ঃ

ই অতি ভয়ানক। উপৰিউক্ত লক্ষণসমূহৰ লগতে যদি অত্যধিক চঞ্চলতা।

  • জ্বৰৰ লগতে ছাল শেঁতা পৰি যোৱা।
  • মুখ শুকাই যোৱা আৰু অতিপাত পিয়াহ লগা।
  • ক্ষীণ পাল্ছ বেছি ঘনে ঘনে হোৱা আৰু ৰক্তচাপ কমি যোৱা আৰু চেতনাহীন হোৱা।

সাধাৰণ জ্বৰৰ ক্ষেত্ৰত ব্যৱস্থাপনাঃ

  • জ্বৰ ১০২OF বেছি হ’লে জলপতি বা পানী দি কমাবলৈ চেষ্টা কৰক।
  • যথেষ্ট পৰিমাণে পানী, নেমুৰস গ্ৰহণ কৰক।
  • পৰ্যাপ্ত জিৰণি লওক।
  • সাধাৰণ আহাৰ খাই থাকক।
  • মহৰ কামোৰৰ পৰা নিজকে বচাই ৰাখক। এই ব্যৱস্থাই আপোনাৰ লগতে আনকো সংক্ৰমণৰ পৰা ৰক্ষা কৰিব।

টোকাঃ

ডি এইচ এফ আৰু ডি এছ এছৰ ক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ আৱশ্যক। এনে ৰোগীক তৎক্ষণাত ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ নিব লাগে যাতে যাৱতীয় পৰীক্ষা আৰু চিকিৎসা ল’ব পাৰে।

হেমৰেজিক ডেংগু ৰোগীৰ বাবে কৰণীয়ঃ

  • শৰীৰৰ পৰা ওলাই যোৱা তৰল পদাৰ্থৰ পুনৰ ৰক্ষণ।
  • ৰক্তক্ষৰণ নিয়ন্ত্ৰণৰ বাবে দেহত প্লেটেলেটৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা।

প্ৰতিৰোধঃ

  • এডিচ এজিপ্তি মহৰ বংশ বৃদ্ধি ৰোধ কৰা।
  • এই মহৰ কামোৰৰ পৰা ৰক্ষা কৰা।

এডিচ এজিপ্তি মহৰ বাসস্থানঃ

  • জাবৰ-জোঁথৰ
  • চাফা নকৰা পুখুৰী বা পানী থকা পাত্ৰ।
  • পেলনীয়া টায়াৰ
  • লেতেৰা পানী।

এডিচ মহৰ কামোৰৰ পৰা ৰক্ষা পোৱা ব্যৱস্থাঃ

  • এই মহে যিহেতু দিনত কামোৰে, দিনতো মহৰ পৰা ৰক্ষা পাবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

কি কৰিবঃ

  • কমেও এসপ্তাহৰ মূৰে মূৰে ফুলদানি বা তেনে সৰু পাত্ৰৰ পানী সলনি কৰক। যদি সম্ভৱ হয় কুলাৰৰ পানী পোনে পোনে নলাত পেলাওক। এই পানীত ৩০ মিঃ লিঃ পেট্ৰ’ল ঢালি দিয়ক। প্ৰতি ১০০ লিটাৰ পানীত পেট্ৰ’ল এনেদৰে ঢালিলে মহৰ বংশ বৃদ্ধি নহয়।
  • বৰষুণৰ পানী জমা হ’ব পৰা পুৰণি টায়াৰ, ভঙা বাচন আদি পেলাই দিয়ক।
  • ঘৰত মহ সোমোৱাত বাধা দিয়ক।
  • ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ ৰাখক।
  • স্প্ৰে’ ছটিয়াবলৈ অহা লোকক ভালদৰে ছটিয়াব দিয়ক।
  • আঁঠুৱা, মহ-ধূপ আদি ব্যৱহাৰ কৰক।

কি নকৰিবঃ

  • ঘৰৰ চৌহদ আৰু চৌপাশত পানী জমা হ’বলৈ নিদিব। ঘৰৰ কাষত, মুকলিত জাবৰ নেপেলাব।
  • হাত-ভৰি ওলাই থকা কাপোৰ নিপিন্ধিব।
  • শিশুসকলক হাত চুটি চোলা, হাফ পেণ্ট পিন্ধি মুকলিকৈ থাকিব নিদিব।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate