অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৈনন্দিন জীৱনত যোগাসনৰ উপকাৰিতা

দৈনিক যোগাসনে কেৱল আপোনাক শাৰীৰিকভাৱে সবল কৰি ৰখাই নহয়, ইয়াক আপোনাৰ জীৱনশৈলীৰ অভিন্ন অংগ হিচাপে যদি ধৰা হয়, তেন্তে ইয়াৰ দ্বাৰা বহুত দীৰ্ঘকালীন লাভালাভ আপুনি লাভ কৰিব । যোগ সাধনা ভাৰতত প্ৰাচীন কালৰ পৰা চলি আহিছে । যোগ মূলত: কিছুমান ভংগিমা আৰু শ্বাস-প্ৰশ্বাসৰ শৃংখল বা পদ্ধতিৰে কৰা হয় ।

যোগাসনৰ দ্বাৰা জীৱনশৈলীত লাভালাভ -

  • সঠিক ভংগিমাৰে কৰা আসনে শৰীৰৰ ৰাজহাড় পোন কৰি ৰাখে । উঠা-বহা কৰিলে সদায় ৰাজহাড় বা মেৰুদণ্ড পোন কৰিহে বহিব লাগে । বেছিকৈ তললৈ হালি বহিব নালাগে । এনে অভ্যাসে ৰাজহাড় শক্তিশালী কৰি ৰখাৰ লগতে শৰীৰৰ ভাগৰ নলগায় ।
  • নিয়মিত যোগাসনৰ অভ্যাসে ওজন নিয়ন্ত্ৰন কৰি ৰখাৰ লগতে হাড় মজবুত কৰি ৰাখে আৰু শৰীৰৰ অৱসাদ দূৰ কৰে ।
  • শৱাসন আসনে মানুহৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন কৰি ৰখাত সহায় কৰে । নিয়মিত যোগাসনে হাৰ্টএটেকৰ সম্ভাৱনীয়তা হ্ৰাস কৰাৰ লগতে মানসিক চাপ দূৰ কৰাত সহায় কৰে । তদুপৰি  যোগাসনে আধুনিক জীৱনশৈলীত সৃষ্টি হোৱা মানসিক চাপ দূৰ কৰি গভীৰ নিদ্ৰা যোৱাত সহায় কৰে ।

যোগাসনৰ প্ৰকাৰ -

যুগ যুগ ধৰি প্ৰাচীন ভাৰতৰ পৰ চলি অহা যোগাসনৰ বহু প্ৰকাৰ আছে যদিও নিৰ্দিষ্ট কেইটামান যোগাসনৰ ভিতৰত হাথা যোগাসন, বিনয়চা যোগা, ইয়েনগাৰ যোগা, অষ্টাংগ যোগা, বিক্ৰম যোগা, হত যোগা, কোনালিনি যোগা অন্যতম । দৈনন্দিন জীৱনত হাথা যোগাসনে শৰীৰক সবল কৰি ৰখাত বিশেষ সহায় কৰে ।

  • সৰ্বাংগাসন যোগাসনে সঠিকভাৱে হজম শক্তি হোৱাত সহায় কৰে আৰু লগতে ৰক্ত সঞ্চালনো আৰু ভেৰিক’জ ভেইন সুৰক্ষিত আৰু আৰোগ্য কৰে ।
  • ত্ৰিকোণাসন আসনে ৰাজহাড়ৰ নমনীয়তা আৰু ডিঙি লৰচৰ কৰিব নোৱাৰিলে ইয়াক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাত সহায় কৰে । তদুপৰি পিঠিৰ মাংসপেশী, বুকু, বাহু, তপিনা আদি শৰীৰৰ বিভিন্ন অংশ নমনীয় কৰি ৰাখে ।
  • ভূজংগাসন আসনে সঠিকভাৱে ৰক্ত সঞ্চালন কৰাৰ লগতে মহিলাৰ মাহেকীয়া নিয়মিত কৰা, এজমা প্ৰতিৰোধ আৰু চৰ্বি বৃদ্ধি নোহোৱাত সহায় কৰে ।

উল্লেখ্য যে দৈনন্দিন জীৱনত অধিক কৰ্মব্যস্ততাই মানুহৰ জীৱনত অধিক মানসিক চাপ, দুশ্চিন্তাই ক্ৰিয়া কৰে । এনেস্থলত মেডিটেচন বা ধ্যান আৰু প্ৰাণায়ামে বিশেষ অৰিহনা যোগায় । এনে প্ৰানায়ামৰ ভিতৰত কপালভাতি, অনুলোম বিলোম, উদগীথ ইত্যাদি প্ৰাণায়ামৰ অভ্যাসে অধিক মানসিক চাপ, খং-দুশ্চিন্তা আদি দূৰ কৰাত সহায় কৰে । বৰ্তমানৰ আধুনিক জীৱনশৈলীত যুৱচামৰ মাজত হতাশা আৰু মানসিক চাপ বিভিন্ন সমস্যাৰ কাৰক হৈ পৰিছে । এনেক্ষেত্ৰত নিয়মিত মেডিটেচন অৰ্থাৎ ধ্যানৰ অভ্যাসে হতাশা আৰু মানসিক চাপ দূৰ কৰাত বিশেষ বৰঙনি আগবঢ়াই আহিছে । ইফালে প্ৰাণায়ামে মানুহৰ ব্যক্তিত্বক শাৰীৰিকভাৱে মানসিক আৰু আধ্যাত্মিকভাৱে উন্নীত কৰি তোলে । যেতিয়া এই অভ্যাসৰ দ্বাৰা আপুনি এটা শান্ত, সন্তুলিত আৰু শান্তিপূৰ্ন জীৱন লাভ কৰিব আৰু সুন্দৰ সবল ব্যক্তিত্বলৈ পৰিবৰ্তিত হ’ব, তেতিয়া প্ৰতিটো দিনত আপুনি সুখী অনুভৱ কৰি থাকিব । ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ দৃষ্টিভংগীয়ে সলনি হ’ব আৰু আপুনি এটা সুন্দৰ, আশাবাদী জীৱনৰ সন্ধান লাভ কৰিব ।

দৈনিক খাদ্য তালিকা -

সুস্বাস্থ্যৰ আঁৰত খাদ্য তালিকাখনৰ যথেষ্ট গুৰুত্ব আছে । খাদ্য তালিকাত প্ৰথমেই আহিব পানী । সুস্থ জীৱনশৈলীত ভাল পুষ্টিকৰ খাদ্যই বিশেষ গুৰুত্ব বহন কৰে । সুস্বাস্থ্যৰ বাবে দৈনিক পৰ্যাপ্ত পানী খোৱাটো অতি ফলদায়ক । শাৰীৰিক গতি-বিধি বা ব্যায়ামৰ সমান্তৰালকৈ প্ৰয়োজনীয় খাদ্য খালেহে শৰীৰৰ সঠিক ওজন নিয়ন্ত্ৰন কৰি ৰখাত সহায় হয় । লগতে পুৰনি বেমাৰ-আজাৰ যেনে- (হৃদৰোগ, কেন্সাৰ) আদি ৰোগসমূহৰ সম্ভাৱনীয়তা হ্ৰাস কৰি ৰখাৰ লগতে সমগ্ৰ শৰীৰটোক সবল আৰু স্বাস্থ্যসন্মত কৰি ৰাখে ।

লেখিকা : স্বৰ্ণা দলে

উৎস : দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 7/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate