অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পদহস্তাসন

এইবাৰৰ আসন, প্রাণায়ম আৰু মুদ্ৰাত লোৱা হ’ল— পদহস্তাসন, শীতলী প্রাণায়ম আৰু বিপৰীত কৰণি মুদ্রা।

পদহস্তাসন

পদৰ অৰ্থ ভৰি আৰু হস্ত অর্থাৎ হাত। আসনটো সম্পূর্ণ হওঁতে হাতৰ তলুৱা ভৰিৰ কাষত থাকে বাবে ‘পদহস্তাসন’ নাম দিয়া হৈছিল।

পদ্ধতি

পোনকৈ থিয় হৈ, বুকু ফিন্দাই কান্ধক আৰামদায়কভাৱে ৰাখিব। যদি ভৰি দুখন লগ লগাই ৰখাত অসুবিধা অনুভৱ কৰে, অলপ ফাঁক কৰি ল’ব। ৰাজহাড় আৰু ডিঙি পোন হৈ থাকিব। এতিয়া হাত দুখন কাষেৰে উঠাই লৈ যাওঁক, উশাহ লৈ লৈ কান্ধৰ সমান্তৰাল কৰিব। নিশ্বাস এৰি হাতৰ তলুৱা ওপৰমুৱা কৰিব। পুনৰ উশাহ লৈ লৈ বাহু কাণৰ কাষলৈ উঠাই নিব, তলুৱা দুখন সন্মুখৰ ফালে ঘূৰাব আৰু তপিনাৰ অংশ বাহিৰ ফালে কৰি কঁকালৰ অংশ সোমোৱাই দি নবৈ ডিগ্রী কোণ কৰি সন্মুখৰ ফালে হাউলিব। পুনৰ নিশ্বাস এৰি এৰি তললৈ হাওলি যাব। সম্ভৱ হ’লে কপালখন আঁঠুত লগাব। হাতৰ তলুৱা দুখন যিমানখিনি সম্ভৱ ভৰিৰ তলুৱাৰ কাষত ৰাখিব। আসনটো সম্পূৰ্ণ হ’লে সামান্য শ্বাস-প্রশ্বাস লৈ থাকিব। কিছুসময় অনুভৱ কৰিব মস্তিষ্কত কেনেকুৱা লাগিছে। তেজ খুব খৰকৈ মস্তিষ্কলৈ যোৱা অনুভৱ হ’ব। পুনৰ উশাহ লৈ লৈ হাতখন নবৈ ডিগ্ৰীৰ সমান্তৰালকৈ উঠাই আনিব।

পোন হৈ হাত দুখন কাণৰ কাষলৈ আনিব, কাণৰ কাষেৰে কান্ধৰ সমান্তৰালকৈ আনি পুনৰ আগৰ স্থিতিলৈ আহিব।

এই প্ৰক্ৰিয়াটো খালীপেটত পাঁচৰ পৰা দহবাৰলৈ কৰিব পাৰে।

উপকাৰিতা

পেটৰ চর্বি কম কৰে, ৰাজহাড় নমনীয় কৰে, কৰঙনৰ শক্তি বঢ়ায়, পেটৰ ৰোগবোৰ নাইকীয়া কৰে। মহিলাৰ মাহেকীয়া সমস্যা দূৰ কৰাত সহায় কৰে। মধুমেহ আৰু লিভাৰৰ সমস্যা দূৰ কৰে।

নিষেধ

উচ্চ ৰক্তচাপ, হৃদৰোগী, স্পণ্ডেলাই টিছ আৰু কঁকালৰ বিষ থকা ৰোগীসকলে এই আসন নকৰিব।

শীতলী প্রাণায়ম

পদ্ধতি

জিভাখন বাহিৰলৈ উলিয়াই দুয়োফালৰ পৰা এনেকৈয়ে ভাজ খুৱাব যাতে সৰু নলী এটাৰ দৰে হৈ পৰে আৰু দেখিবলৈ মুখখন চৰাই ঠোঁটৰ দৰে হ’ব। ওঁঠেৰে হেঁচা দি ৰাখিব জিভাখন। উশাহ জিভাৰে তৈয়াৰী নলীটোৰে গভীৰভাৱে টানি ল’ব। উশাহ টানোতে অনুভৱ কৰিব কিদৰে পেটৰ ভিতৰলৈ ঠাণ্ডা লাগি গৈছে। উশাহ লৈ হোৱাৰ লগে লগে জিভাখন মুখৰ ভিতৰত সামান্যভাৱে এৰি দি কিছু ছেকেণ্ড পিছত নাকৰ বিন্ধাৰে লাহে লাহে নিশ্বাস এৰি দিব, অনুভৱ কৰিব গৰম বতাহ ভিতৰৰ পৰা ওলাই অহা। এই প্রক্রিয়াটো ন বাৰলৈ কৰিব পাৰে।

উপকাৰিতা

খুব বেছি গৰমত এই প্রাণায়মে আৰাম দিয়ে, দেহ-মন শাঁত পেলায়, খং-অনাহক উত্তেজনা কমায়, শ্বাস-প্রশ্বাসৰ সমস্যা দূৰ কৰে, মুখৰ বেয়া গোন্ধ বা দুৰ্গন্ধ দূৰ কৰে, দাঁতৰ অসুখ নাইকীয়া কৰে।

নিষেধ

ঠাণ্ডা দিনত নকৰিব। যিসকলৰ খুব কাহ, পানীলগা হয় তথা ডিঙিৰ বিভিন্ন অসুখ থকা, এজমা থকা ৰোগীবোৰে নকৰিব।

বিপৰীত কৰণি মুদ্রা

পদ্ধতি

এই মুদ্ৰাত সৰ্বাংগশৰীৰ বিপৰীত মুদ্ৰাত স্থিৰ হৈ শৰীৰ প্ৰক্ষালনৰ কাম কৰে।

মজিয়াত কাপোৰ পাৰি বা যোগামেট ব্যৱহাৰ কৰি চিৎ হৈ শুই দিব। হাত দুখন মূৰৰ ওপৰলৈ নি এনেকৈ ৰাখিব যাতে বাহু দুটা কাণত লাগি থাকে আৰু তলুৱা দুখন ওপৰৰ ফালে থাকে। কিলাকুটি চিধাকৈ ৰাখিব।

আঁঠুত ভাঁজ নপৰাকৈ ভৰি দুখন মজিয়াৰ পৰা উলিয়াই আনি ৪৫০ ডিগ্রী কোণ কৰি ল’ব, তাৰ পৰা উশাহ লৈ ৯০০ ডিগ্রী কোণত উঠাব। হাত দুখন তপিনাৰ কাষলৈ আনি কিলাকুটি আৰু হাতৰ তলুৱাত ভৰ দি শৰীৰ ওপৰলৈ উঠাই লৈ যাব। পিঠিৰ পৰা ৪৫০ ডিগ্রী কোণ কৰিব, ভৰি দুখন ওপৰলৈ থাকিব। এই মুদ্ৰা সম্পূৰ্ণ হ’লে কপালভাটিৰ দৰে জোৰকৈ নিশ্বাস এৰাৰ অভ্যাস কৰি পিছলৈ বঢ়াই যাব পাৰে। লাহে লাহে এই মুদ্ৰাৰ পৰা নামি আহিব আৰু বিশ্রাম ল’ব।

উপকাৰিতা

উদৰ তথা আমাশয় তথা মধুমেহত ভুক্তভোগীসকলৰ বাবে লাভদায়ক।

নিষেধ

কঁকালৰ বিষ, শ্লিপডিস্ক থকা বা ৰাজহাড়ৰ সন্ধিত সমস্যা থকাসকলে এই মুদ্রা নকৰিব।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate