অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাৰ্ধক্য প্ৰক্ৰিয়া পশ্চাদগামী কৰা সম্ভৱ হ’ব পাৰেঃ

বাৰ্ধক্য প্ৰক্ৰিয়া পশ্চাদগামী কৰা সম্ভৱ হ’ব পাৰেঃ

বাৰ্ধক্য প্ৰক্ৰিয়া পশ্চাদগামী কৰা সম্ভৱ:

বাৰ্ধক্যতো পুনৰ যৌৱন লাভৰ প্ৰচেষ্টা প্ৰাচীন কালৰে পৰা চলি আহিছে। অৱশ্যে তেতিয়াৰ প্ৰচেষ্টা বিজ্ঞানভিত্তিক বুলি ক’ব নোৱাৰি। বিজ্ঞানৰ উন্মেষ তেতিয়া হোৱাই নাছিল। সাম্প্ৰতিক সময়ত বিজ্ঞানীসকলে বিজ্ঞানসন্মত গৱেষণা কৰিছে বাৰ্ধক্যৰ প্ৰক্ৰিয়া ৰোধ কৰি যৌৱন ঘূৰাই পোৱাৰ সন্ধানত।

কেলিফ’ৰ্ণিয়াৰ লা জোলাত অৱস্থিত ছক প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে বাৰ্ধক্য প্ৰক্ৰিয়া পশ্চাদগামী কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁলোকে জিনীয় কাৰ্য পৰিকল্পনা নৱীকৰণ প্ৰক্ৰিয়াৰ নিগনিৰ শৰীৰৰ অংগসমূহ পুনৰুজ্জীৱিত কৰাত সফল হৈছে। এই প্ৰক্ৰিয়াৰে নিগনিৰ জীৱনকাল ৩০ শতাংশ বৃদ্ধি কৰা হৈছে। এই কামৰ বাবে জিনীয় অভিযন্ত্ৰণ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। অৱশ্যে মানৱ শৰীৰত এই প্ৰযুক্তি এইপৰ্যন্ত পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পৰা হোৱা নাই। কিন্তু নিগনিৰ ওপৰত কৰা গৱেষণাই মানৱ শৰীৰত অন্য পদ্ধতি ব্যৱহাৰ কৰিব পৰা যাব বুলি ভবা হৈছে। এই প্ৰক্ৰিয়াৰে মানৱ শৰীৰৰ কোষ, কলা তথা অংগসমূহো পুনৰ উজ্জীৱিত কৰা সম্ভৱ হ’ব পাৰে। বিজ্ঞানীসকলৰ এই গৱেষণা ‘Cell’ জাৰ্ণেলত প্ৰকাশিত হৈছে।

এম আই টিৰ বাৰ্ধক্য সম্পৰ্কীয় অধ্যয়ন কৰা জীৱবিজ্ঞানী লিঅ’নাৰ্ডো গুৱাৰাণ্টেৰ মতে ছ’ক ইনষ্টিটিউটৰ এই সাফল্য গুৰুত্বপূৰ্ণ। তেওঁৰ মতে বাৰ্ধক্য প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে পশ্চাদগামী কৰিব নোৱাৰিলেও মন্থৰ নিশ্চয় কৰিব পৰা যাব।

এই তথ্যৰ ভিত্তি হ’ল প্ৰতিষ্ঠিত  ধাৰণা যে বাৰ্ধক্য পশ্চাদগামী কৰাটো সম্ভৱ নহয় আৰু জন্তুৰ শৰীৰৰ জৈৱ ঘড়ী (বায়’লজিকেল ক্লক) পশ্চাদমুখী কৰি পুনৰ যৌৱনাৱস্থা পাব পৰা যায়। বাৰ্ধক্য প্ৰক্ৰিয়া জৈৱ ঘড়ী সদৃশ, কিয়নো এই প্ৰক্ৰিয়াই জন্তুৰ শৰীৰৰ কোষবোৰত পৰিৱৰ্তন ঘটাই পুনৰুজ্জীৱন কৰিব পাৰে। জৈৱিক ঘড়ীৰ কাঁটা ভ্ৰূণৰ স্থিতিৰ সময়তে শূন্যত স্থাপিত হয়।

দহবছৰ আগেয়ে জাপানৰ জীৱবিজ্ঞানী ছিনীয়া য়ামানাকাই চাৰিটা গুৰুত্বপূৰ্ণ জিন চিনাক্ত কৰি বিশ্বক চমকিত কৰিছিল। এই জিনসমূহে নিষিক্ত ডিম্বকোষত জৈৱঘড়ীৰ কাঁটা শূন্যত স্থাপিত কৰে। য়ামানাকাৰ এই আৱিস্কাৰৰ ভিত্তিত এতিয়া নিয়মিতভাৱে বয়স্ক কোষক ভ্ৰূণীয় কাণ্ডকোষলৈ পৰিৱৰ্তন কৰা হয়।

পিছৰ পদক্ষেপত বিজ্ঞানীসকলে চিন্তা কৰিলে য়ামানাকাৰ চাৰিওটা জিন টেষ্ট-টিউবত ব্যৱহাৰ নকৰি পোনে পোনে জন্তুৰ শৰীৰত ব্যৱহাৰ কৰিব পৰা যায় নেকি ? ফলাফল আছিল সৰ্বনশীয়া। বিজ্ঞানীৰ দুটা দলে এনে পৰীক্ষা কৰি দেখিলে আটাইকেইটা জন্তুৰে মৃত্যু হৈছে। কিছুসংখ্যক জন্তুৰ ক্ষেত্ৰত বয়স্ক কোষে নিজৰ পৰিচিতি হেৰুৱাই পেলালে, বাকী জন্তুৰ ক্ষেত্ৰত কেঞ্চাৰ হয়। অধ্যয়ন দুটা কৰা হৈছিল ২০১৩ আৰু ২০১৪ চনত। ভ্ৰূণীয় কোষৰ বৃদ্ধি তড়িৎ গতিত হয় আৰু এই বৃদ্ধি অনিয়ন্ত্ৰিত হয়। কিন্তু ছ’ক ইনষ্টিটিউটত জুয়ান কাৰ্লোছ ইকপিছুযা বেলমণ্টেই অন্য পদ্ধতি ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিলে। তেওঁ দীৰ্ঘদিন ধৰি কিছুমান জন্তুৰ উপাংগ পুনৰ সৃষ্টি প্ৰক্ৰিয়া নিবিড়ভাৱে অধ্যয়ন কৰে। তেওঁ লক্ষ্য কৰিলে যে জেঠী আৰু মাছৰ উপাংগ ছিঙি গ’লে ক্ষতস্থানত কেতবোৰ নতুন কোষৰ সৃষ্টি হয়। সেই কোষবোৰ সম্পূৰ্ণৰূপে ভ্ৰূণীয় নহয়, কিন্তু ভ্ৰূণীয় কোষসদৃশ। এই কোষবোৰে হেৰোৱা উপাংগ পুনৰ সৃষ্টি কৰে। তেওঁ সিদ্ধান্ত ল’লে য়ামানাকা জিনসমূহ একেকোবে জন্তুৰ শৰীৰত সুমুৱাই দিয়াৰ পৰিৱৰ্তে বিভিন্ন স্তৰত ব্যৱহাৰ কৰা হ’ব আৰু তেনেকৈ শৰীৰৰ কোষবোৰ পুনৰ উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিব। ছ’ক ইনষ্টিটিউটৰ অন্যান্য বিজ্ঞানীৰ সৈতে লগ লাগি ডেলমণ্টে পাঁচ বছৰ ধৰি গৱেষণা কৰি দেখিলে যে য়ামানাকা জিনৰ অবিনাশী পৰিমাণ ব্যৱহাৰ কৰিব পৰা যায়। নিগনিৰ শৰীৰত তেওঁলোকে সেই পদ্ধতিৰে পৰীক্ষা কৰিলে। য়ামানাকা জিন ব্যৱহাৰ কৰাৰ আগেয়ে সপ্তাহত দুদিনকৈ এবিধ ঔষধ খাবলৈ দিলে।

ছ’ক ইনষ্টিটিউটৰ দলটোৱে পৰীক্ষাৰ বাবে কম বয়সতে বৃদ্ধ হোৱা নিগনিৰ প্ৰজাতি ব্যৱহাৰ কৰিছিল। গতিকে ফলাফলো সোনকালেই পোৱা গৈছিল। দেখা গ’ল যে পৰীক্ষাত ব্যৱহৃত নিগনিবোৰৰ বাৰ্ধক্য প্ৰক্ৰিয়া মন্থৰ হৈছে আৰু স্বাস্থ্যৱান কোষৰ সৃষ্টি হৈছে। পৰীক্ষাৰ অন্তত দেখা গ’ল, নিগনিবোৰৰ জীৱনকাল ৩০ শতাংশ বৃদ্ধি হৈছে।

বেলমণ্টেই বিশ্বাস কৰে যে বাৰ্ধক্য প্ৰক্ৰিয়াৰ ঘড়ীৰ কাঁটা পিছুৱাই দি সুফল পোৱা গৈছে। এই ঘড়ীৰ কাঁটা সৃষ্টি কৰা হয় এনে এক প্ৰক্ৰিয়াৰে য’ত কোষবোৰৰ চাৰিওফালে এবিধ প্ৰ’টিনে এখন আৱৰণীৰ সৃষ্টি কৰে। যিয়ে নিৰ্ধাৰণ কৰে কোনবোৰ জিন সক্ৰিয় হ’ব পাৰে আৰু কোনবোৰ অৱদমিত হ’ব। জীৱবিজ্ঞানীসকলে উপলব্ধি কৰিলে যে উক্ত প্ৰক্ৰিয়া বাৰ্ধক্যৰ প্ৰধান কাৰক। যদি এই প্ৰক্ৰিয়া বিনষ্ট হয়, তেতিয়া শৰীৰৰ ভালেমান কোষৰ কাৰ্যকুশলতাৰ অৱনতি ঘটে।

বেলমণ্টে ভাবে যে উক্ত প্ৰক্ৰিয়া এক পাণ্ডুলিপিৰ লেখীয়া, যিখন নিৰন্তৰ সম্পাদিত হৈ থাকে। জীৱনৰ শেষৰ ফালে পাণ্ডুলিপিত ভালেমান কটাকুটা হয় আৰু শৰীৰৰ কোষবোৰে এইবোৰ ঠিকমতে অধ্যয়ন কৰিব নোৱাৰা হয়। য়ামানাকা জিনে পাণ্ডুলিপিৰ অপ্ৰয়োজনীয় কটাকুটাৰ সংখ্যা হ্ৰাস কৰে আৰু কোষবোৰ পুনৰুজ্জীৱিত হয়। ইয়াৰ ফলতেই বাৰ্ধক্য ৰোধ হয়। হয়তো এদিন এই প্ৰক্ৰিয়াই পুনৰ যৌৱন প্ৰাপ্তি সম্ভৱ কৰি তুলিব।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

শেহতীয়া উন্নীতকৰণ: : 5/13/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate