অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্ক ভালে ৰাখক

শাক-পাচলি, ফল-মূল, আহাৰৰ মাধ্যমেৰে শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰা বিষে বৃক্ক নষ্ট কৰি আনে। পৰীক্ষাগাৰত সোনকালে ধৰা নপৰে। ধৰা পৰে মানে ডায়েলাইছিছ সংৰোপণৰ সময় আহি যায়। বহুতে পানী বা ফলৰ ৰস নাখায়। পানীৰ নামত সুৰা, কলড ড্ৰিংকছ, চাহ, কফি খাই কিডনীৰ সক্ষমতা হ্ৰাস কৰে। অতিমাত্ৰা মাংস, কণী, মছলা অতি সাংঘাতিক।

মানুহ নিজে স্বাস্থ্য সন্দৰ্ভত সচেতন হ’ব লাগে। মোৰ ওচৰলৈ এজন চিকিৎসক আহিছিল পতঞ্জলিৰ বিষয়ে জানিবলৈ। গুৰুদেৱৰ শিক্ষাক সাৰথি কৰি তেওঁৰ হাত খন চুই চালো। এক প্ৰকাৰ নাড়ী পৰীক্ষা। তেওঁক ক’বলৈকো সংকোচ হ’ল। তথাপি ক’লো, আপুনি তেজ আৰু ক্ৰিয়েটিনাইন পৰীক্ষা কৰাওক। থাইৰয়ড, বৃক্ক আৰু তেজৰ সমস্যা আছে বুলি অনুমান কৰিছো। থোৰো গেৰোকৈ ১০ দিনমানৰ পিছত পৰীক্ষা কৰালে। থাইৰয়ড আছে, তেজৰ সমস্যা আছে আৰু ক্ৰিয়েটিনাইন ৮.৬ পালেগৈ। আনৰ দিহা দি ফুৰোঁতে নিজৰ স্বাস্থ্যৰ পিনে পিঠি দিয়াৰ পৰিণাম এয়া।

আচৰিত হ’বলগীয়া কথাটো হ’ল প্ৰাণায়ামত ক্ৰিয়েটিনাইন কমি অহাৰ প্ৰমাণ যথেষ্ট আছে। কিন্তু জটিল ৰোগীয়ে এজন যোগ শিক্ষকৰ তত্ত্বাৱধানত থাকি ভালদৰে শিকি লোৱা ভাল।

প্ৰাণায়ম

ভ্ৰষ্টিকা-পাঁচ মিনিট।

কপালভাটি-পাঁচ মিনিটকৈ আৰম্ভ কৰি ১০-১৫ মিনিট পৰ্যন্ত।

বাহ্য- তিনিবাৰ।

উজ্জায়ি-তিনিবাৰ।

অনুলোম বিলোম- ৩০ মিনিট। পাঁচ মিনিটকৈ আৰম্ভ কৰি বঢ়াই নিব।

ভ্ৰামৰী- ২১ বাৰ।

উদ্‌গ্ৰীথ- ২১ বাৰ।

প্ৰণৱ- ৫-১০ মিনিট।

ভ্ৰামৰী, উদ্‌গ্ৰীয় প্ৰাণায়াম বহুতে নকৰে বা কমকৈ কৰে। ৰোগ জটিল হ’লে ততোধিকবাৰ কৰিলে ভাল ফল পাব। প্ৰণৱ প্ৰাণায়াম সময়ে কুলায় মানে সৰহপৰ কৰিব। জীয়াই থাকিবলৈ বহুত শক্তি এই ধ্যানে দিয়ে। কিছুমানে কপালভাটি প্ৰাণায়াম ৩০ মিনিট বা তাতোকৈ বেছিকৈ কৰে। ক্ৰিয়েটিনাইন তিনিৰ ওপৰ পালেগৈ ১৫-২০ মিনিট সময়হে কপালভাটি প্ৰাণায়াম কৰিব। অত্যন্ত লাহে লাহে কৰিব লাগে। একেবাৰে আৰামত বহি এই প্ৰাণায়াম কৰিব। কিন্তু সাধাৰণ অৱস্থাত ৩০ মিনিট কপালভাটি প্ৰাণায়াম কৰা লোকৰ বৃক্কৰ অসুখ নহয় বুলি কোৱা হয়।

ভ্ৰষ্টিকা অৰ্থাৎ দীঘল উশাহ-নিশাহ পেট ভৰ্তি নথকা অৱস্থাত যেতিয়াই তেতিয়াই কৰিব পাৰে। বৃক্কক সংযোজন কৰা শিৰাবোৰ মৰি যায় বা দুৰ্বল হৈ গ’লে অক্সিজেনৰ সৰবৰাহ বন্ধ হৈ পৰে। বৃক্কলৈ অক্সিজেনৰ যোগান প্ৰতিক্ষণত অপৰিহাৰ্য। দীঘলকৈ লোৱা উশাহে এই কাম সহজে সমাধা কৰে। কপালভাটি প্ৰাণায়ামে মৃত শিৰা পুনৰ্জীৱিত কৰে। অনুলোম বিলোম প্ৰাণায়ামে ইয়াক সতেজ সবল আৰু সক্ৰিয় কৰি ৰাখে।

খাদ্য

তিতা নোখোৱাসকল সাৱধানে থাকিব। অধিকাংশ বৃক্ক ৰোগীয়ে তিতা নাখাইছিল। তিতা বস্তু নিয়মীয়াকৈ খাব। আমিষ ভোজন, ৰাগীয়াল বস্তু বৰ্জনীয়। আঁহত পাত, নিমপাতে ৰোগীক উদ্ধাৰ কৰে। লগত দহখিলা তুলসী পাত অৱশ্যেই খাব। অমৰলতা আৰু ছালকুৱৰীৰ ৰসো ৰোগীক খাবলৈ দিয়া হয়। বেছিভাগ ৰোগীৰ ক্ষেত্ৰতো দেখা যায়-আন ঔষধৰ পাৰ্শ্বক্ৰিয়া, সূৰাপান অত্যাধিক মাংসভোজন, তিতা একেবাৰে নোখোৱাটো মূল কাৰণ। বিবাহৰ পুৰ্বে বৃক্ক দুৰ্বল থাকিলে বিবাহৰ পিছত শক্তি ক্ষয়ৰ বাবেও ৰোগ বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। দুপৰ টেঙাৰ পাত খালে বৃক্কৰ পাথৰ বাহিৰ কৰি দিয়ে।

একুপ্ৰেছাৰ

হাতৰ তলুৱাত বুঢ়া আঙুলিৰ ফালে টিপিব। অলপ বিষ অনুভৱ কৰা ঠাইত কপালভাটি প্ৰাণায়ামৰ সময়ত ৫-১০ মিনিট একুপ্ৰেছাৰ কৰিব। হাত চাপৰি মাৰিব। দুইখন হাতৰ তলুৱাত আৰু ভৰিৰ তলুৱাৰ একে অংশতো একুপ্ৰেছাৰ কৰিব।

প্ৰাকৃতিক চিকিৎসা

পুৱা খালীপেটত আঁহতৰ পাত, নিমপাত এখিলাকৈ পাঁচখিলা তুলসীপাতৰ সৈতে চোবাই খাব। ঘেঁহুৰ ঘাঁহ আৰু অমৰ লতাৰ ৰস ২০ মিলিলিটাৰ ৪০ মিলিলিটাৰ ঘৃতকুমাৰী ৰসৰ সৈতে খাব। গোমূত্ৰ খাব পুৱাতেই। চাহ খোৱা আমাৰ মতে বেয়া। কিন্তু দুকাপ ফিকা চাহে পুৱা বেলাৰ বৃক্ক পৰিষ্কাৰ কৰি দিয়ে।

এগিলাচ কুহুমিয়া পানী, এগিলাচ স্বাভাৱিক পানী লওক। তিনিঢোক কুহুমীয়া পানী, এগিলাচ স্বাভাৱিক পানী খাওক। এইটো প্ৰতিক্ৰিয়া তিনিবাৰ কৰক। তাৰ পিছত কপালভাটি প্ৰাণায়াম কৰক। এইদৰে আকৌ এবাৰ পানী খাই কপালভাটি পাঁচমিনিট কৰক। তিনিবাৰ পুনৰাবৃত্তি কৰিলে এসপ্তাহ পিছত বৃক্কৰ পাথৰ ওলাই যায়। আপেল দিনে এটাকৈ খালেও পাথৰ ওলাই যায়। আপেলে ডায়েলাইছিছৰ দৰে কাম কৰে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate