অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখৰ চৰ্বি কমোৱাৰ ব্যায়াম

আমি সকলোৱে জানো যে ব্যায়ামে শৰীৰৰ চৰ্বি আৰু ওজন হ্ৰাস কৰাত সহায় কৰে। কিন্তু এইবোৰে মুখৰ চৰ্বি কমোৱাত বিশেষ সহায় নকৰে। সেয়ে পেটৰ চৰ্বি কমাবলৈ যিদৰে আমি ব্যায়াম কৰিব লাগে, সেইদৰে মুখৰ চৰ্বি কমাবলৈও মুখৰ ব্যায়াম কৰিব লাগে। এই ব্যায়ামবোৰ অতি সহজ। কেৱল কিছু সময় আৰু মনৰ দৃঢ়তাৰ প্ৰয়োজন। এমাহ কৰিলেই নিজে তাৰ ফল ভোগ কৰিব পাৰিব।

গালৰ অনুশীলন- ১

প্ৰথম মুখখন বন্ধ কৰি লৈ দুয়োখন ওঁঠ হেঁচি দিয়ক। এতিয়া অলপ বায়ু মুখৰ ভিতৰত লৈ ওপৰ ওঁঠৰ ওপৰত এই বায়ুৰে হেঁচা দিয়ক। এই স্থিতিতেই ১০ ছেকেণ্ডমান থাকক। এতিয়া বায়ুখিনিৰে বাঁও গালখনত হেঁচা দিয়ক। এইদৰে ১০ ছেকেণ্ড থাকিব। পুনৰ সোঁ গালখনত এই হেঁচা প্ৰয়োগ কৰিব। এই স্থিতিত ১০ ছেকেণ্ড থাকিব।

এই কাৰ্যৰ পুনৰাবৃত্তি ১০-১৫ বাৰমান কৰিব। এই ব্যায়ামে গালৰ শিথিলতা হ্ৰাস কৰাত সহায় কৰে।

গালৰ অনুশীলন- ২

গভীৰভাৱে মুখেৰে উশাহ লওক আৰু মুখখন উশাহেৰে ফুলাই দিয়ক। তাৰ পাছত মুখখন বন্ধ কৰক। এই বায়ুৱেও এখন গালত হেঁচা দি পুনৰ আনখন গালত হেঁচা দিব। এনেদৰে ১৫ বাৰ কৰিব।

এই ব্যায়ামে মুখ আটিল কৰে আৰু মুখৰ চৰ্বি কমোৱাত সহায় কৰে।

মাছৰ দৰে মুখ কৰিব

গাল ভিতৰলৈ শুহি লওক আৰু ওঁঠ কোঁচ খুৱাই লওক। এই স্থিতিতেই থাকি হাঁহিবলৈ চেষ্টা কৰক। ১৫ ছেকেণ্ডমান থাকিব আৰু এইটো ১০ বাৰমান পুনৰাবৃত্তি কৰিব। এই ব্যায়ামে আপোনাৰ মুখৰ পেশীবোৰ আটিল কৰে আৰু মুখৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।

থুঁতৰি ওপৰলৈ তোলা

মূৰটো ওপৰৰ পিনে দাঙি ধৰক আৰু ওপৰৰ পিনে একেথৰে চাই থাকক। এই স্থিতিতেই ১০ ছেকেণ্ড থাকক, তাৰ পিছত বিশ্ৰাম কৰক। এইটো ব্যায়ামৰ পুনৰাবৃত্তি ১০ বাৰমান কৰক। এই ব্যায়াম কৰি থকাৰ সময়ত ওঁঠৰ বাহিৰে বেলেগ একো মুখৰ পেশী ব্যৱহাৰ কৰিব নালাগে। আপোনাক দুখলপীয়া থুঁতৰিৰ পৰা ৰক্ষা পাবলৈ সহায় কৰে।

সিংহৰ দৰে মুখ কৰক

নাকেৰে উশাহ লওক আৰু হাতখন মুঠি মাৰি ধৰি মুখৰ মাংসপেশীবোৰ হেঁচি দিয়ক। এতিয়া উশাহ মুখেৰে এৰিব আৰু উশাহ এৰাৰ সময়ত চকু যিমান পাৰি বেছি ডাঙৰকৈ মেলি দিয়ক আৰু লগতে হাত দুখনো মেলি দিয়ক। এই স্থিতিতেই ১০ ছেকেণ্ডমান থাকক আৰু এবাৰ কৰি সামান্য বিশ্ৰাম লব। এই ব্যায়াম তিনিবাৰ কৰিব।

ওঁঠ টনা কাৰ্য- ১

প্ৰথমে স্বাভাৱিক স্থিতিত থাকক। এতিয়া তলৰ ওঁঠটো ওপৰলৈ উঠাওক আৰু তলৰ আগপিনে আনিব। এনে কৰোতে গালৰ মাংসখিনি টানি ধৰা যেন অনুভৱ কৰিব। এই স্থিতিতেই ১০ ছেকেণ্ড থাকক আৰু তাৰ পাছত বিশ্ৰাম লব। এই ব্যায়াম ১০ বাৰ পুনৰাবৃত্তি কৰিব।এই ব্যায়ামে মাংসপেশীবোৰ আটিল কৰি কম বয়সীয়া কৰি তোলে।

আচৰিত হোৱা অভিনয়

চকু ডাঙৰকৈ মেলি দিয়ক আৰু লক্ষ্য ৰাখিব যাতে আপোনাৰ চেলাউৰি কোঁচ নাখায়। দূৰৰ আকৃতি এটাৰ পিনে একেথৰে চাই থাকক। ১০ ছেকেণ্ডৰ বাবে এই স্থিতিতেই থাকক। এই ব্যায়াম ৪ বাৰ এই কাৰ্যৰ পুনৰাবৃত্তি কৰিব। এই ব্যায়ামে চেলাউৰি মসৃণ কৰি তোলে।

মুখ হনুমুক্ত কৰিব

মুখৰ হনু এনেদৰে লৰচৰ কৰিব, যাতে আপুনি কিবা চোবাইহে আছে। আপোনাৰ মুখ এই কাৰ্যৰ সময়ত বন্ধ থাকিব লাগিব। গভীৰভাৱে উশাহ লওক আৰু উশাহ এৰিবৰ সময়ত ওম শব্দটো উচ্চাৰণ কৰিব। এইবাৰ মুখখন যিমান পাৰে ডাঙৰকৈ মেলক আৰু জিভাৰে তলৰ দাঁতৰ ওপৰত হেঁচা দিয়ক। এই স্থিতিত ৫ ছেকেণ্ডমান থাকক আৰু তাৰ পিছত বিশ্বাস কৰক। এই কাৰ্যৰ ১০ বাৰ পুনৰাবৃত্তি কৰিব। হনু আকৰ্ষণীয় কৰি তোলে।

বায়ু প্ৰবাহিত কৰা

মেৰুদণ্ড পোন আৰু মূৰটো পিছফালে বেঁকা কৰি দি চকুৰ ওপৰৰ পিনে একেথৰে চাই থাকিব। ওঁঠেৰে বায়ু প্ৰবাহিত কৰক। ১০ ছেকেণ্ড কৰি থকাৰ পিছত বিশ্ৰাম লব। এই ব্যায়াম ১০ বাৰমান কৰিব। এই ব্যায়ামে ডিঙি আৰু মুখৰ মাংসপেশীবোৰ আটিল কৰি তোলে আৰু মুখখন আকৰ্ষণীয় কৰি তোলে। এই আসনত থুঁতৰিৰ তলৰ চৰ্বি হ্ৰাস হয়।

শূ্ন্যলৈ চুমা খোৱা অভিনয়

বহি বা থিয় হৈ সন্মুখলৈ চুমা খোৱাৰ অভিনয় কৰিব। এনেদৰে ৪ বাৰ কৰিব। ওঁঠৰ সন্মুখত দুটা আঙুলি ৰাখি সেই দুটাত হেঁচা দি চুমা খাওক। এনেদৰে ৪ বাৰ কৰিব। এনে কৰিলে ওঁঠৰ পেশীবোৰ সবল হৈ ওঁঠযুৰি আকৰ্ষণীয় হৈ থাকে। এই ব্যায়ামবোৰ আজিৰে পৰাই আৰম্ভ কৰি এমাহ ধৈৰ্য সহকাৰে কৰি চাওকচোন, মুখৰ আকৰ্ষণীয়তা কেনেদৰে বৃদ্ধি পাব নিজেই উপলব্ধি কৰিব পাৰিব।

উৎস: জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate