অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগাসন :

 

উত্তান পদাসন -

উত্তান মানে ওপৰলৈ উঠোৱা কাৰ্য আৰু পদ মানে ভৰি। এই আসনত ভৰি দুখন ওপৰলৈ উঠাই দিয়া হয় ওপৰমুৱাকৈ শুই। আসনটো কৰাৰ বাবে চিৎ হৈ শুই কৰা আসনৰ স্থিতি অৱস্থাত আৰামত ওপৰমুৱাকৈ শুই লৈ হাত দুখন গাৰ দুয়োকাষে ৰাখি, ভৰি কোমলকৈ ৰখিব লাগে। ভৰিৰ আঙুলিৰ পৰা কঁকালৈকে শৰীৰৰ তলভাগ টান কৰি দীঘলকৈ মেলি দি উশাহ লৈ লাহে লাহে ভৰি দুখন মজিয়াৰ পৰা ৩০ ডিগ্ৰী ৰ পৰা ৪৫ ডিগ্ৰীৰ ওপৰলৈ তুলিব লাগে। মন কৰিব লাগে যে আঁঠু আৰু সৰু গাঁঠি টান হৈ থাকে। এয়া উত্তান পদাসনৰ চৰম অৱস্থা। চৰম অৱস্থাত ৫ ৰ পৰা ১০ ছেকেণ্ডলৈকে অৱস্থান কৰাৰ পিছত লাহে লাহে নিশ্বাসসহকাৰে ভৰি দুখন তললৈ নমাই আনি মজিয়াত স্থাপন কৰি শৰীৰটো শিথিল কৰি দিব লাগে। এইদৰে দুবাৰমান আসনটো অনুশীলন কৰিব পাৰে। কিছুদিন নিয়মিত অভ্যাস কৰাৰ পিচত আসনটোৰ চৰম অৱস্থাত শ্বাস-প্ৰশ্বাস সাধাৰণভাৱে লৈ আধা মিনিটৰ পৰা এক মিনিটলৈকে অৱস্থান কৰিব পাৰিব।

উপকাৰিতা:

উত্তান পদাসনৰ নিয়মিত অভ্যাসে ভৰিৰ আৰু পেটৰ মাংসপেশী সবল কৰে। পেটৰ চৰ্বি নাইকিয়া কৰে। পেটৰ অভ্যন্তৰংগসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। এই আসনে নাভিচক্ৰৰ সমতা বজাই ৰাখে। পেটৰ বিষ, বায়ু প্ৰদাহ, বদহজম আৰু হাগনি কমাত সহায় কৰে। স্নায়ু সম্বন্ধীয় উদ্বিগ্নতা দূৰীকৰণত সহায় কৰে। এই আসনৰ নিয়মিত অভ্যাসে শ্বসন ক্ৰিয়া আৰু হাওঁফাওঁৰ ক্ষমতা সবল কৰে। মহিলাসকলৰ বাবে অতি প্ৰয়োজন এই আসন। এই আসনে মহিলাসকলৰ মাহেকীয়া নিয়মীয়া কৰে।

সাৱধানতা:

উচ্চ ৰক্তচাপ থকা ব্যক্তিসকলে এখন এখন ভৰি দাঙি কৰিব পাৰিব, কিন্তু কুম্ভকত থাকিব নালাগে।

পদহস্তাসন -

পদ মানে ভৰি আৰু হস্ত মানে হাত। গতিকে পদহস্তাসন মানে হাত দুখন ওপৰৰ পৰা ভৰিৰ ফাললৈ হলাই নিয়া । এই আসনক উত্তমাসন বুলিও কোৱা হয়। পদহস্তাসন কৰোতে থিয় হৈ কৰা আসনৰ স্থিতি অৱস্থাত থাকি শ্বাস গ্ৰহণৰ লগে লগে হাত দুখন পোনকৈ গাৰ দুয়ো কাষেদি মেলি লাহে লাহে ওপৰলৈ নি মজিয়াত সমান্তৰালভাৱে ৰাখিব লাগে। এই অৱস্থাত হাতৰ তলুৱা ওপৰফালে ঘূৰাই লৈ আকৌ হাত দুখন ওপৰলৈ নিব লাগে আৰু বাহু কাণত লগাই হাত মূৰৰ ওপৰত পোনকৈ মেলি দিব লাগে। হাতৰ তলুৱা সন্মুখৰ ফালে ৰাখিব লাগে। হাত ওপৰলৈ নিওঁতে গাৰ কাষেদি নিনি সন্মুখৰ ফালেদিও নিব পাৰি। সন্মুখৰ ফালেদি ওপৰলৈ দাঙিলে হাত দুখনৰ তলুৱা স্থিতি অৱস্থাতেই পিচফাললৈ কৰিব লাগে। হাত-মূৰৰ ওপৰত স্ফীত কৰি ৰখাৰ পিচত লাহে লাহে নিশ্বাস ত্যাগ কৰি মূৰটো হাতৰ মাজেদি ৰাখি আগফাললৈ হালি আহি কঁকালৰ পৰা হাতৰ আগলৈকে গোটেই অংশ ওলোমাই ৰাখি দুয়োটা হাত দুয়ো ভৰিৰ কাষত মাটিত সমান্তৰালকৈ ৰাখিব লাগে। পিঠিৰ মাংশপেশীবোৰ সম্প্ৰসাৰণ কৰি যিমান পাৰে সিমান মূৰটো তললৈ নি, পাৰিলে পেট, বুকু ভৰিৰ লগত লিপিট খুৱাই দি মকুখখন আঁঠুত লগাব লাগে। এয়া পদহস্তাসনৰ চৰম অৱস্থা। এই অৱস্থাত ১০-৩০ ছেকেণ্ডমান স্থিৰেৰে থাকি বিপৰীত ক্ৰমত শ্বাস গ্ৰহণ কৰি পুনৰ আৰম্ভণিৰ অৱস্থালৈ ঘূৰি আহিব লাগে।

উপকাৰিতা:

পদহস্তাসনৰ নিয়মিত অভ্যাসে মেৰুদণ্ড নমনীয় কৰে, হজমশক্তি বঢ়ায়, কোষ্ঠকাঠিন্যত বাধা দিয়ে আৰু মহিলাৰ মাহেকীয়া সমস্যা দূৰ কৰে। এই আসনত ভৰিৰ পৰা ডিঙিলৈকে থকা পিচফালৰ মাংসপেশীবিলাকত টান পৰে আৰু সেইসমূহ সম্প্ৰসাৰণ হয়, ফলত সেইসমূহলৈ তেজৰ চলাচল বৃদ্ধি পায়, মেৰুদণ্ড সবল হয়। মেৰুদণ্ডডাল টান খাই সম্প্ৰসাৰণ হোৱাৰ বাবে এই আসনৰ নিয়মিত অভ্যাসে ল’ৰা-ছোৱালীৰ ওখ হোৱাত সহায় কৰে। উদৰ গহ্বৰ সংকোচন হোৱাৰ ফলত তাত থকা অভ্যন্তৰংগসমূহত যথেষ্ট চাপ পৰে, স্থিতি অৱস্থালৈ অহাৰ পিচত সেইসমূহ আকৌ চাপমুক্ত হয়। এনে কাৰ্যৰ ফলত উদৰ গহ্বৰৰ অভ্যন্তৰংগসমূহৰ ওপৰত মালিচ হয় আৰু সেইসমূহলৈ তেজৰ সৰবৰাহ বৃদ্ধি পায়। ফলত সেই অংগসমূহ সুস্থ-সবল হৈ উঠে। ইয়াৰ ফলস্বৰুপে অজীৰ্ণ, কোষ্ঠবদ্ধতা, অম্লৰোগ, প্ৰস্ৰাৱৰ ৰোগ আদি হ’ব নোৱাৰে। এই আসনত পেটৰ মাংশপেশীৰ সংকোচন, সম্প্ৰচাৰণ হোৱাৰ ফলত সেই পেশীসমূহ সবল হোৱাৰ উপৰি উদৰ অঞ্চলত চৰ্বি জমা হ’ব নোৱাৰে। টিছু চিয়াটিকা আদি ৰোগত ভোগা লোকসকলে পদহস্তাসন কৰিব নালাগে। পেটৰ  বেমাৰ, গৰ্ভাৱস্থা, হাৰ্নিয়া, আদিত এই আসন কৰিব নালাগে।

লেখক: অঞ্জন কৌশিক শৰ্মা

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate