অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগাসন অনুশীলন কৰাৰ আগতে জানি লওক

যোগাসন অনুশীলন কৰাৰ আগতে জানি লওক

প্ৰত্যেকজন নাৰী আৰু পুৰুষৰ বাবেই যোগ এক প্ৰকাৰৰ সুলভ স্বাস্থ্য ৰক্ষাৰ বিধি স্বৰূপ। যোগ সম্পৰ্কে পঢ়ি-শুনি বা দেখি আপোনাৰো নি:সন্দেহে এই বিষয়টোৰ প্ৰতি কৌতূহল বাঢ়িব। হয়, এই কৌতূহল প্ৰশমনৰ অৰ্থে আপোনাৰো যোগ অভ্যাস কৰিবলৈ মন যাব পাৰে। মন যোৱাটো স্বাভাৱিক। যি বয়সেৰে লোক নহওক কিয়, আপুনি নি:সংকোচে যোগ অভ্যাস কৰিব পাৰে। আপোনাৰ স্বাস্থ্য অটুত ৰখাৰ বাবে আৰু মানসিক উদ্বেগ আঁতৰাই ৰাখিবৰ বাবে যোগ ক্ৰিয়াৰ অভ্যাস কৰাই অতি উত্তম উপায়। কিন্তু সেই বুলি আপুনি কোনো আগ-পিছ নুগুণি যোগ অভ্যাসৰ ভাল বেয়া দিশৰ বিষয়ে জানি নোলোৱাকৈ হঠাতে যোগ অভ্যাস আৰম্ভ কৰি নিদিব। যোগ আৰম্ভ কৰাৰ আগতে আপুনি কেইটামান অতি প্ৰয়োজনীয় কথা জানি লোৱা উচিত। যোগৰ কোনকেইটা আসন আপুনি কৰা উচিত নহয়, সেই বিষয়ে ভালদৰে জানি লওক। বৃদ্ধ বা পৌঢ় ব্যক্তি, মধ্যবয়সীয়া ব্যক্তি, ককাঁল বা আঁঠু আদিত বিষ থকা ব্যক্তি, উচ্চ ৰক্তচাপ বা হৃদৰোগী, গৰ্ভৱতী মহিলা আদি লোকসকলে কৰিব নোৱাৰা বা কৰিব নলগীয়া ভালেমান আসন আছে। এইবিলাক কথা আপুনি যোগাসন আৰম্ভ কৰাৰ আগতে ভালদৰে জানি লোৱা ভাল। এইখিনি কথা জানি লৈ যোগাসন আৰম্ভ কৰিলে আপুনি যোগ অভ্যাসৰ দ্বাৰা নিশ্চয় উপকৃত হ’ব আৰু যোগ অভ্যাসৰ প্ৰতি থকা আপোনাৰ পূৰ্বৰ ধাৰণাও বহুখিবি সলনি হ’ব। তলত এনেধৰণৰ কেইটিমান জানিবলগীয়া কথা উল্লেখ কৰা হ’ল-
  • আপুনি পুৱা বা সন্ধিয়া যিকোনো সময়তে যোগাসন কৰিব পাৰে। যোগাসন কৰিবৰ বাবে এই দূয়োটা সময়েই ভাল। যদি আপোনাৰ হাতত পৰ্য্যাপ্ত সময় থাকে, তেনেহ’লে আপুনি দিনটোৰ পুৱা আৰু সন্ধিয়া দুয়োটা সময়তে যোগাসনৰ অভ্যাস কৰিব পাৰে।
  • পুৱা পৰাপক্ষত স্নান আদি নিত্যকৰ্ম কৰি উঠি যোগাসন কৰা ভাল। কিন্তু শীতকালত বৃদ্ধ, সৰু ল’ৰা-ছোৱালী আৰু পানী লগা, কাহ আদিত ভুগি থকা লোকে পুৱা স্নান কৰাৰ আগতেই যোগাসন কৰিব পাৰে।
  • যদি আপুনি অত্যন্ত ব্যস্ততাৰ বাবে পুৱা বা গধূলি কোনো এটা সময়তে যোগাসন কৰিবলৈ সময় উলিয়াব নোৱাৰে, তেনেহ’লে দিনটোৰ যিকোনো এটা সময়তে আসনসমূহৰ অভ্যাস কৰিব পাৰে। কিন্তু প্ৰতিদিনে এই সময় একেটাই হোৱাটো উচিত।
  • পুৱা যোগাসনবিলাক খালী পেটেৰেই কৰিব। যোগাসন অভ্যাসৰ বাবে এইটোৱেই উত্তম সময়। আপুনি আসন অভ্যাস কৰাৰ আগতে দুই-তিনি গিলাচ সামান্য গৰম পানী বা গৰমৰ দিনত সাধাৰণভাৱে ঠাণ্ডা পানী খাই লব পাৰে। পানী খাই ল’লে আপোনাৰ পাচন তন্ত্ৰৰ কাম-কাজ স্বাভাৱিক হ’ব আৰু পেট খোলোচা হোৱাত সহায়ক হ’ব।
  • দিন বা ৰাতিৰ মূল আহাৰ যিকোনো সময়ত পেট ভৰাই খাই উঠি অতি কমেও চাৰি ঘন্টামানলৈ যোগাসন নকৰিব। তেনেদৰে পাতল আহাৰ বা জলপান আদি খাই কমেও দুঘন্টামানলৈ যোগাভ্যাস নকৰিব। যদি পুৱাৰ আহাৰ বা আবেলিৰ জলপান গধুৰ হয়, তেনেহ’লে পুনৰ চাৰি ঘন্টামানলৈকে আসন নকৰিব।
  • নেতি, ধৌতি আদি যৌগিক ক্ৰিয়াৰ যোগেদি শৰীৰ শোধন কৰা হয়। এইবিলাক ক্ৰিয়া সম্পূৰ্ণৰূপে খালী পেটত ৰাতিপুৱাই কৰিব লাগে। কিবা কিবি খাই লৈ এইবিলাক ক্ৰিয়াৰ অভ্যাস একেবাৰে নকৰিব।
  • আসন অভ্যাস কৰাৰ লগে লগে আপুনি ফল-মূল, ফলৰ ৰস আৰু চালাড আদি সহজপ্ৰাচ্য খাদ্য খোৱাৰ অভ্যাস কৰক। এনে অভ্যাসে যোগাসনৰ পৰা সুফল লাভ কৰাত প্ৰভূত সহায় কৰিব। সম্পূৰ্ণ পেট ভৰাই আহাৰ নেখাব। ভোক লাগিলেও আহাৰ সামান্য কমকৈ খাওক। আহাৰৰ লগত তেনেই কম পৰিমাণে পানী খাওক বা পৰাপক্ষত পানী নেখাব।
  • যোগাসন কৰি উঠিয়েই পানী নেখাব।
  • যোগাসন কৰি উঠাৰ ২০-৩০ মিনিট পিছতহে পাতল আহাৰ কৰিব। যদি আপুনি মেদবহুলতা কমাব বিচাৰিছে তেনেহ’লে যোগাসন কৰাৰ পিছত অতি কমেও এঘন্টাৰ পিছলৈকে একো নাখাব। বেছি শকত হ’লে যোগাসন কৰাৰ এঘন্টাৰ পিছত সামান্য গৰম পানী এগিলাচ খাব পাৰে।
  • যোগাসন শীতকালত বেছি সময়লৈ আৰু গ্ৰীষ্মকালত কম সময় কৰা উচিত।
  • সাধাৰণভাৱে যোগাসন ২০ মিনিটৰ পৰা এঘন্টা পৰ্যন্ত কৰা উচিত। সময় সীমা আপোনাৰ প্ৰয়োজন অনুসৰি আৰু শাৰিৰীক শক্তি সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কম-বেছি কৰি ল’ব পাৰে।
  • যিসকল লোকৰ ককাঁলৰ বিষ আছে, উচ্চ ৰক্তচাপ আছে, হৃদৰোগ আছে, হাৰ্ণিয়া আছে তেওঁলোকে আগলৈ হাউলি কৰিবলগীয়া আসনবোৰ নকৰিব। কপাল ভাতি আৰু ভ্ৰাষ্ট্ৰিকা প্ৰাণায়ামো এনেবোৰ ৰোগত ভোগা লোকে কৰিব নেলাগে। লগতে ধৌতি ক্ৰিয়াও অভ্যাস কৰা উচিত নহয়।
  • যদি আপুনি কোনো ৰোগত ভুগি আছে তেনেহ’লে যোগাসন আৰম্ভ কৰাৰ আগতে যোগাসন ভালদৰে জনা, অভিজ্ঞ যোগাচাৰ্য অৰ্থাৎ যোগ প্ৰশিক্ষক বা যোগ চিকিৎসকৰ পৰামৰ্শ লওক।
  • গৰ্ভৱতী মহিলাসকলৰ কাৰণে যোগাসন অতি উপকাৰী। নিয়মীয়াকৈ যোগাসন কৰিলে প্ৰসৱ প্ৰক্ৰিয়া সহজ হয়। কিন্তু গৰ্ভাৱস্থাত যোগাসন কৰিবলৈ লোৱাৰ আগতে যোগ-চিকিৎসক বা অভিজ্ঞ যোগ প্ৰশিক্ষকৰ পৰামৰ্শ লব বা তেনে লোকৰ উপস্থিতিহে যোগাসন কৰিব। গৰ্ভাৱস্থাত পাতল আৰু সৰল আসনবিলাকহে কৰা উচিত। যোগাসনৰ লগতে সৰল প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাসে গৰ্ভস্থ শিশুৰ মানসিক আৰু শাৰিৰীক বিকাশ স্বাভাৱিক কৰাত সহায় কৰে।
  • যোগাসন আৰম্ভ কৰাৰ আগতে শৰীৰ গৰম কৰিবৰ কাৰণে পাতল যৌগিক শাৰিৰীক ব্যায়ামৰ অভ্যাস কৰি লব লাগে। পিছতহে যোগাসনৰ অভ্যাস কৰিব। তাৰ পিছত প্ৰাণায়ামৰ অভ্যাস কৰিব আৰু তাৰো পিছতহে ধ্যান কৰিব। এই অনুক্ৰমে কৰিলে স্থূলৰ পৰা সূক্ষ্মলৈ গতি কৰিব পাৰি।
  • যোগাসনবিলাক পূৱৰ ফালে মুখ কৰি কৰাটো অতি উত্তম। বিশেষকৈ সূৰ্য নমস্কাৰ পুৱা সূৰ্য্যৰ ফালে মুখ কৰিহে কৰিব লাগে। প্ৰত্যেকজন স্বাস্থ্যবান লোকেই ১২ বিধ আসন আৰু প্ৰাণায়ামৰ সমাহাৰ সূৰ্য্য নমস্কাৰ পুৱাতে অভ্যাস কৰা উচিত।
  • গৰমৰ দিনত মজিয়াত ডাঠ দলিচা আৰু ঠাণ্ডাৰ দিনত কম্বল পাৰি কৰিব লাগে। যোগাসন কৰিবৰ বাবে প্লাষ্টিক মেট কেতিয়াও ব্যৱহাৰ নকৰিব। যদি প্লাষ্টিকৰ মেট ব্যৱহাৰ কৰিবলগীয়া হয়, তেনেহ’লে তাৰ ওপৰত কপাহী চাদৰ পাৰি ল’ব।
  • যোগাসনবিলাক নিয়মীয়াকৈ কৰিব লাগে। এদিন কৰি পিছত দুদিন নকৰাকৈ থাকি পুনৰ এদিন বা দুদিন অভ্যাস কৰা যোগাসনৰ দ্বাৰা কোনো সুফল পাব নোৱাৰি। শাৰিৰীক আৰু মানসিক স্বাস্থ্য অটুত ৰাখিবৰ কাৰণে বা কোনো ধৰণৰ ৰোগৰ পাৰ মুক্তি পাবৰ কাৰণে অতি কমেও ৪৫ দিনলৈ নিয়মীয়াকৈ যোগাসন অভ্যাস কৰা দৰকাৰ। ৰোগ নিৰাময় হোৱাৰ পিছতো ইয়াৰ অভ্যাস অব্যাহত ৰাখিব।
  • যোগাসন অনুশীলন কৰাৰ সময়ত মনটো আপুনি সম্পূৰ্ণৰূপে যোগাত্মক চিন্তাৰে ভৰাই ৰাখিব। প্ৰতিটো কামেই হ’ব বা হৈ আছে-এনে ধৰণৰ চিন্তাৰে মনটো পূৰ্ণ কৰি ৰাখিলেহে যোগাসনৰ প্ৰকৃত লাভ উপলব্ধি কৰিব পাৰিব। আপোনাৰ দেহ আৰু মনত প্ৰকৃতিয়ে অক্ষয় শক্তি প্ৰদান কৰিছে আৰু এই শক্তিৰ বলতে আপুনিও প্ৰচুৰ কৰ্মশক্তি লাভ কৰিছে-এনে ধৰণৰ চিন্তাৰে আপোনাৰ মনটো ভৰাই তোলক। প্ৰতিটো শ্বাস-প্ৰশ্বাসৰ তালে তালে প্ৰকৃতিৰ এই অনন্ত শক্তিৰ মহিমা আপুনি অনুভৱ কৰিবলৈ চেষ্টা কৰক।
  • যোগাসনৰ অনুশীলন কালত আপুনি শ্বাস দীঘলকৈ গভীৰভাৱে সম্পূৰ্ণ বুকু ভৰাই লাহে ধীৰে লৈ থাকক। কোনো এটা আসনেই জোৰ প্ৰয়োগ কৰি নকৰিব। যোগ প্ৰশিক্ষক বা যোগ চিকিৎসকজনে যিমানখিনি আপোনাক কৰি দেখুৱাব, আপুনি সিমানখিনিলৈকে নিখুতভাৱে কৰিব নোৱাৰিব পাৰে। সেইবাবে আপুনি অশান্তিত ভুগিব নালাগে। যিমানখিনিলৈকে জোৰ প্ৰয়োগ নকৰাকৈ সহজভাৱে কৰিব পাৰে সিমানখিনিলৈকে কৰাৰ অভ্যাস কৰক। প্ৰতিদিনে অভ্যাস কৰিলে এদিন হয়তো আপুনিও তেওঁৰ দৰে নিখুতভাৱে আসনবোৰ কৰিব পৰা হবগৈ। আসনসমূহৰ লগত শ্বাস-প্ৰশ্বাসৰ লগত সম্পৰ্ক ৰাখি যোগাসনৰ অনুশীলন নকৰিলে সেইবিলাক যৌগিক আসন নহয়। যোগ অভ্যাসত শৰীৰ, মন আৰু শ্বাস-প্ৰশ্বাস তিনিওৰে নিবিড় সমাবেশ ঘটিব লাগে।
  • নিজৰ শাৰিৰীক ক্ষমতা অতিক্ৰম কৰি কোনো ধৰণৰ যোগাসনৰ অভ্যাস নকৰিব। যোগাসন অভ্যাসৰ সময় লাহে লাহে নিজেই বঢ়াই লব।
  • সাধাৰণতে যোগাসন কৰোতে আগলৈ হাউলিলে শ্বাস এৰিব লাগে আৰু পিছলৈ হাউলিব লগা হ’লে শ্বাস লব লাগে। আসনৰ চূড়ান্ত অৱস্থাত দীঘলীয়া গভীৰ আৰু শান্তভাৱে শ্বাস লব আৰু এৰিব। যোগাভ্যাসকালত মুখত এক সন্তুষ্টিৰ হাঁহি বা সমাহিত অভিব্যক্তি প্ৰকাশ পাব লাগে। মনত অসন্তুষ্টি লৈ, গোমোঠা মুখেৰে, খং, অভিমান বা অভিযোগ ভৰা মন লৈ যোগাভ্যাস নকৰিব। মনত ৰাখিব আপোনাৰ মুখত প্ৰকাশ পোৱা ভাবৰ প্ৰভাৱ আপোনাৰ মন আৰু শৰীৰৰ সম্পূৰ্ণ সিৰা-উপশিৰাত পৰে। যোগাসনৰ বৈজ্ঞানিক বিশ্লেষণত ধৰা পৰিছে যে, মুখত হাঁহিৰ আভা প্ৰকাশ কৰি যোগাভ্যাস কৰিলে শৰীৰত এক প্ৰকাৰৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে আৰু এই পৰিৱৰ্তনে আপোনাক মানসিক আৰু শাৰিৰীক উদ্বেগ তথা চাপৰ পৰা বচাই ৰাখে। ফলত শৰীৰ আৰু মনত এক প্ৰকাৰৰ আনন্দ প্ৰদান কৰে।
  • যিকোনো অসুখত ভুগি থকা অৱস্থাত বা ৰোগৰ পৰা আৰোগ্য লাভ কৰি উঠিয়েই অথবা বেছি ভাগৰুৱা অৱস্থাত যোগাসন নকৰিব।
  • মহিলাসকলে মাহেকীয়াৰ সময়ছোৱাত, গৰ্ভাৱস্থাত আৰু উচ্চ ৰক্তচাপত ভুগি থকা অৱস্থাত যোগাসন নকৰিব। গৰ্ভাৱস্থাত কৰিবলগীয়া যোগাসনৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছে।
  • ওখ-চাপৰ, এঢলীয়া মজিয়া বা বেছি কোমল আসনত বহি যোগাসন নকৰিব।
  • খোলা পাৰ্ক, ঘৰৰ ছাদ, খোলা বাৰাণ্ডা, নদীৰ পাৰ, জলাশয়ৰ পাৰ বা শান্ত নিৰ্মল পৰিৱেশতহে যোগাসন কৰিব। এনে ধৰণৰ ঠাই নেপালে দুৱাৰ-খিৰিকি খোলা, বতাহ চলাচল কৰিব পৰা মুকলি কোঠাত বহিও আসন কৰিব পাৰে। কিন্তু কোনো অৱস্থাতে বন্ধ কোঠাৰ ভিতৰত যোগাসন নকৰিব।
  • যোগাসন কৰোতে ঢিলা, আহল-বহল পোছাক পিন্ধিব যাতে শৰীৰৰ অংগবিলাক সহজতে ঘূৰাব বা ভাঁজ কৰিব পাৰে। পৰাপক্ষত কপাহী কাপোৰ ব্যৱহাৰ কৰা ভাল। শীতকালত পাতল চুৱেটাৰ পিন্ধি আসন কৰিব পাৰে।
  • যোগাসন কৰাৰ ক্ষেত্ৰত বয়সৰ কোনো সীমাবদ্ধতা নাই। আজীৱন আপুনি যোগাসন কৰিব পাৰে। সম্পূৰ্ণ উৎসাহ আৰু আগ্ৰহেৰে আসন অনুশীলন কৰিব।
  • প্ৰথমে ১০ মিনিট অভ্যাস কৰি লাহে লাহে ইয়াৰ সময় বঢ়াই এঘন্টা কৰিব। প্ৰতিদিনে নিয়মীয়াকৈ একে সময়তে আসন কৰিব যদিও সপ্তাহত এদিন জিৰণি ল’ব পাৰে।
  • যোগাসন অভ্যাস কৰাৰ এঘন্টাৰ পিছতহে পাতল কিন্তু পুষ্টিকৰ খাদ্য খাব। গাখীৰ, কল, শুকান আঙুৰ বা খেজুৰ, গজালি ওলোৱা বুট বা মগু এবাতি বা দালিয়া এবাতি খাব।
  • আসন-প্ৰাণায়াম কৰি উঠি আধাঘন্টা সময় শান্তিৰে বহি জিৰণি লৈহে দৈনন্দিন কাম আৰম্ভ কৰিব।

যোগাসন আৰম্ভ কৰাৰ আগতে এই কথাখিনি ভালদৰে হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিব। এই কথাখিনি মানি চলি যোগাসন কৰিলে আপুনি নি:সন্দেহে আশা কৰা মতে ইয়াৰ সুফল লাভ কৰিব আৰু সুস্বাস্থ্য বজাই ৰাখি দীৰ্ঘজীৱন লাভ কৰিবলৈ সক্ষম হ’ব।

লিখক: যোগাচাৰ্য্য, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate