অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্বেতী বা বগা দাগ যোগ চিকিৎসাৰে আৰোগ্য কৰিব পাৰি?

শ্বেতী বা বগা দাগ যোগ চিকিৎসাৰে আৰোগ্য কৰিব পাৰি?

শ্বেতী কি আৰু কিয় হয়?

আমাৰ চৰ্মৰ আভ্যন্তৰীণ আৱৰণ (Dermis বা Coriumlayer)ত থকা মেলান’চাইট কোষবিলাকে এবিধ ৰঙীণ পদাৰ্থ নি:সৰণ কৰে আৰু সিয়েই আমাৰ ছালৰ ৰঙৰ কাৰণ। এই ৰঙীণ পদাৰ্থক মেলানিন বোলে। ছালত থকা এই মেলান’চাইট কোষবোৰ কোনো কাৰণত ঠায়ে ঠায়ে মৰি গ’লে সেই মৰা অংশত মেলানিন উৎপন্ন হ’ব নোৱাৰি প্ৰথমতে অলপ ৰঙচুৱা হ’ব, পাছত সি বগা হৈ লাহে লাহে পৰিসৰ বৃদ্ধি পাবলৈ ধৰে। এই ৰোগটো সংক্ৰামক নহয়, তথাপি ছালৰ বিকৃতিৰ বাবে এনে ৰোগীক মানুহে অনাহকতে ভয় আৰু বিতৃষ্ণাৰ চকুৰে চায়। ই এটা ভুল ধাৰণা। এই ৰোগক চিকিৎসা বিজ্ঞানৰ ভাষাত Vitiligo বা Leucoderma বোলে। এই আধুনিক চিকিৎসা বিজ্ঞানত এই ৰোগৰ বিষয়ে বিশেষ কোনো চিকিৎসাৰ বিধান নাই যদিও এই ৰোগৰ কাৰণ নথকা নহয়। ভিন্ন কাৰণৰ বাবে এই ৰোগ হ’ব পাৰে। শ্বেতীৰ আয়ুৰ্বেদীয় নাম শ্বিত্ৰ। এই শ্বিত্ৰ বা ‘ধৱল ৰোগ’ হোৱাৰ কাৰণবোৰ হ’ল–

  • লিভাৰৰ অসুস্থতাৰ ফলত এই ৰোগ হ’ব পাৰে বুলি যোগ আৰু আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে।
  • পুৰণি বা ক্ৰনিক কোষ্ঠবদ্ধতাও এই ৰোগৰ অন্য এক কাৰণ।
  • দেহৰ প্ৰতিৰোধ ব্যৱস্থা (Immune system) দুৰ্বল হ’লেও এই ৰোগ হ’ব পাৰে।
  • দেহৰ ৰক্ত দূষিত হ’লে অৰ্থাৎ ৰক্তত অম্ল গুণৰ পৰিমাণ বৃদ্ধি হৈ খাৰকীয় গুণৰ পৰিমাণ হ্ৰাস পালেও এই ৰোগ হ’ব পাৰে। (আম্লিক গুণৰ খাদ্য সঘনে গ্ৰহণ কৰিলে তেজ আম্লিক গুণসম্পন্ন হয়)।
  • বিভিন্ন কল-কাৰখানা, ৰাসায়নিক উদ্যোগ আদিত কাম কৰা মানুহে অপৰিশোধিত বায়ু বহু বছৰ ধৰি গ্ৰহণৰ ফলত এই ৰোগ হ’ব পাৰে।
  • মানসিক উদ্বেগ-উত্তেজনা, খিংখিঙীয়া স্বভাৱ আদিৰ ফলতো এই ৰোগ হ’ব পাৰে।
  • শিশু, প্ৰৌঢ় বা বৃদ্ধৰ স্নায়ৱিক দুৰ্বলতা এই ৰোগৰ কাৰণ হ’ব পাৰে।
  • সঘনে কৰা বিৰুদ্ধ ভোজন এই ৰোগৰ কাৰণ হ’ব পাৰে।

এই ৰোগে এবাৰ দেহক আক্ৰমণ কৰিলে সহজে আৰোগ্য হ’ব নোখোজে। অতি নিষ্ঠাৰে সৈতে যোগ অভ্যাস কৰিলে আৰু পথ্য নীতি মানি চলিলে এই ৰোগ আৰোগ্য হয়। এই কথা নিশ্চিত যে যোগ চিকিৎসাৰ দ্বাৰা সমগ্ৰ দেহ আৱৰণতে এই ৰোগ বিস্তৃত হোৱাত বাধা দিব পাৰি। ৰোগটো পুৰণি নহ’লে অতি সোনকালে আৰোগ্য হয়। কিন্তু গোটেই দেহ আৱৰণ বগা হৈ গ’লে আৰোগ্য হোৱাৰ কোনো উপায় নাথাকে। শিশুৰ এই ৰোগ হ’লে যোগ চিকিৎসাৰে অতি খৰতকীয়াকৈ আৰোগ্য হয়।

এই ৰোগৰ এটি আদৰ্শ যোগ চিকিৎসা-প্ৰণালী

ৰাতিপুৱা সহজ বস্তিক্ৰিয়া আৰু তাৰ লগত আসন মুদ্ৰা আদি। সহজ প্ৰাণায়াম নং ১,৩,৬,৮। অগ্নিসাৰ ধৌতি নং ১- ১০বাৰ, নং ২- ৪বাৰ, সহজ অগ্নিসাৰ ২৫বাৰ।

সন্ধ্যা– উড্ডীয়ান, সৰ্বাংগাসন, মৎস্যাসন, সৰ্পাসন ১০বাৰ, সহজ প্ৰাণায়াম নং ১,৩,৬,৭, উষ্ট্ৰাসন-শশংগাসন চাৰিবাৰকৈ, ময়ুৰাসন এক মিনিট, যোগ ধ্যান ২০ মিনিট।

নিয়ম আৰু পথ্য

তেলেতীয়া মাছ, মাংস আৰু কণী কমকৈ গ্ৰহণ কৰিব। চাহ কমকৈ খাব। পাণ-তামোল, ধঁপাত প্ৰভৃতি মাদক দ্ৰব্য সম্পূৰ্ণৰূপে ত্যাগ কৰিব। বেছি তেল, ঘিউ আৰু মছলা ব্যৱহাৰ নকৰিব। গাখীৰ, শাক-পাচলি, টেঙা আৰু মিঠা ফল, ক্ষাৰধৰ্মী খাদ্য এই ৰোগত সুপথ্য। যকৃতৰ দোষ, কোষ্ঠবদ্ধতা আৰু অজীৰ্ণ দোষ আদিৰ চিকিৎসা কৰি নিৰাময় কৰাৰ ব্যৱস্থা কৰিব। এই ৰোগ ঔষধে আৰোগ্য কৰিব নোৱাৰে। গতিকে এই ৰোগ নিৰাময় তথা নিয়ন্ত্ৰণৰ অৰ্থে সঠিক পথ্য, আহাৰৰ লগতে নিয়মীয়াকৈ যোগ অনুশীলনৰ অভ্যাস কৰক।

লিখক: সঞ্জয় চলিহা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate