ত্ৰিকোণৰ অৰ্থ তিনিটা কোণ। এই আসনৰ পুৰ্ণ অৱস্থাত তিনি কোণৰ দৰে দেখা যায় বাবে এই আসনটোক ত্ৰিকোণাসন নামেৰে জনা যায়। থিয় হৈ কৰা আসনৰ স্থিতি অৱস্থাত থাকি বাওঁ ভৰিখন একে ঠাইতে ৰাখি সোঁভৰিখন শৰীৰৰ উচ্চতা অনুসৰি ডেৰ ফুটৰ পৰা তিনি ফুটলৈকে ঠেলি লৈ হাত দুখন শৰীৰৰ দুই কাষেদি মেলি মজিয়াৰ ওপৰত সমান্তৰাল হ’ব লাগে। শ্বাস দীঘলকৈ টানি তাৰ পিচত লাহে লাহে নিশ্বাস ত্যাগ কৰি হাত দুখন সৰলৰেখাৰ দৰেই মেলা ভাগেই ৰাখি শৰীৰটো সোঁফাললৈ যিমান পাৰে সিমান ভিৰাই নিব লাগে। আসনটো কৰোতে মন কৰিব লাগে কঁকাল আৰু টিকা আগফাললৈ বা পিচফাললৈ নাযায়, মেৰুদণ্ড অকণো পাক নাখাই পোনে পোনে কাষলৈ ভাঁজ লয় আৰু হাত দুখন মজিয়াৰ ওপৰত লম্বমান হৈ থাকে। সোঁ হাতৰ তলুৱা সোঁ ভৰিত লগাই ৰাখিব লাগে। বাওঁ হাতৰ তলুৱা সন্মুখৰ ফাললৈ কৰি আৰু মুৰটো ওপৰৰ ফাললৈ ঘুৰাই চকুৰ বাওঁ হাতৰ আঙুলিলৈ লক্ষ্য কৰিব লাগে। আসনটোৰ এয়া চুড়ান্ত অৱস্থা। এই অৱস্থাত শ্বাস-প্ৰশ্বাস স্বাভাৱিকভাৱে লৈ ১০-১৫ স্থিৰেৰে অৱস্থান কৰিব লাগে। ইয়াৰ পিচত লাহে লাহে শ্বাস গ্ৰহণ কৰি আসনৰ আৰম্ভণিৰ অৱস্থালৈ পুনৰ ঘুৰি আহিব লাগে। পুনৰ একেদৰে বাওঁফালে শৰীৰটো হলাই একেদৰেই আসনটো কৰিব লাগে। এইদৰে সোঁৱে-বাৱেঁ দুয়োফালে এবাৰকৈ কৰিলে আসনটো এবাৰ কৰা হয়। আসনটোত যিফাললৈ হাউলি যোৱা হয়, সেইফালৰ ভৰিখন পতাৰ সৈতে ৯০° মান বাহিৰ ফাললৈ আৰু আনখন ভৰি ৪৫° মান ভিতৰ ফাললৈ ঘুৰাই ল’লে আসনটোত হাওলি যোৱাত সহজ হয়।
ত্ৰিকোণাসনত মেৰুদণ্ডডাল কাষলৈ ভাঁজ দিয়া হয়। মেৰুদণ্ডৰ সম্পুৰ্ণ নমনীয়তা আৰু সবলতাৰ কাৰণে ইয়াক আগফালে-পিচফালে ভাঁজ দিয়া আৰু পকোৱাৰ উপৰি দুই কাষলৈ ভাঁজ দিয়াৰ অত্যন্ত প্ৰয়োজন। এই কাম ত্ৰিকোণাসনে সম্পুৰ্ণ কৰে। মেৰুদণ্ডৰ স্থানচ্যুত চক্ৰ যথাস্থানলৈ ঘুৰি আহোতে এই আসনে সহায় কৰে। এই আসনে মেৰুদণ্ডৰ উপৰি ভৰিৰ কলাফুল আৰু কৰঙনৰ মাংসপেশীৰো উন্নতি সাধন কৰে। মেৰুদণ্ডত সংশ্লিষ্ট স্নায়ুবোৰত প্ৰভুত ৰক্ত চলাচল হৈ ইয়াৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে। মেৰুদণ্ডৰ লগত জড়িত বিকাৰ বা দোষ-ক্ৰুটি নিৰ্মুল হয়। সৰ্বশৰীৰ নমনীয় আৰু কমনীয় হয়। এই আসনৰ দ্বাৰা দেহৰ গঠন সুশ্ৰী কৰে। জঠৰাগ্নি বৰ্ধিত কৰে। কঁকালৰ বিষ দুৰ কৰে। দুই ভৰিৰ দোষ-ক্ৰুটি মুক্ত কৰাত এই আসনে সহায় কৰে।
ত্ৰিকোণাসন ৰাজহাড়ৰ সমস্যা, পেটৰ অস্ত্ৰোপচাৰ আৰু ছায়েটিকা ৰোগীয়ে কৰিব নালাগে। শৰীৰৰ কাৰ্যক্ষমতা তথা সীমাৰ বাহিৰত কষ্ট দি কাষলৈ হালিব নালাগে। যদি হাতেৰে ভৰিৰ পতা স্পৰ্শ কৰিব নোৱাৰে তেন্তে আঁঠু ধৰিবৰ বাবে প্ৰয়াস কৰিব লাগে।
পৱন মুক্তাসন কৰিবৰ বাবে প্ৰথমতে মজিয়াত চিত হৈ শুই পৰা আসনৰ স্থিতি অৱস্থাত শুই ল’ব লাগে। প্ৰথমে বাওঁ ভৰিটো মজিয়াত নপৰাকৈ ৰাখি সোঁ ভৰিটো লাহে লাহে উশাহ লৈ লগে লগে ওপৰলৈ তুলি মজিয়াৰ ওপৰত লম্বমান কৰিব লাগে। তাৰ পিচত লাহে লাহে নিশ্বাস এৰি লগতে আঁঠু বুকুৰ ফাললৈ আৰু গোৰোহা টিকাৰ ফাললৈ যিমান পাৰে সিমান কোঁচাই নিব লাগে। বেছি চপাব নোৱৰা হ’লে হাত দুখন ওপৰলৈ আনি হাতেৰে ভৰিখন গবা মাৰি ধৰি আৰু শ্বাস গ্ৰহণ কৰি পেটৰ ফাললৈ চেপি আনি পেটে-উৰুৱে লগ লগাই দিব লাগে। এই অৱস্থাত কেইছেকেণ্ডমান থাকি নিশ্বাস এৰাৰ লগে লগে মুৰটো ওপৰলৈ তুলি আঁঠুৰফাললৈ আনি প্ৰথমতে নাক আৰু তাৰ পিচত থুঁতৰি আঁঠুত লগাব লাগে। এনে অৱস্থাত কিছু সময় থাকি আসনৰ আৰম্ভণি অৱস্থালৈ বিপৰীত ক্ৰমত ঘুৰি আহিব লাগে। এয়া হ’ল একপদ পৱন মুক্তাসন। একেদৰেই সোঁ ভৰিটো মজিয়াত ৰাখি আৰু বাওঁ ভৰিটো ওপৰলৈ তুলি কৰিব লাগে। তাৰ পিচত দুয়োটা ভৰিৰে কৰিলে আসনটো এবাৰ সম্পুৰ্ণভাৱে কৰা হয়। আসনটো কৰোতে মজিয়াত লাগি থকা ভৰিটো আঁঠু ভাঁজ খাবলৈ নিদি মজিয়াৰল লগত লিপিট খুৱাই ৰখাটো প্ৰয়োজনীয়।
পৱন মুক্তাসনৰ ফলত পেটৰ মাংসপেশী আৰু উদৰ গহ্বৰত থকা যকৃত, প্লীহা, অগ্ন্যাশয়, ক্ষুদ্ৰান্ত্ৰ বৃহদান্ত্ৰ আদি অভ্যন্তৰ অংগসমুহ সংকোচন, সম্প্ৰসাৰণ হয় আৰু সেইসমুহলৈ তেজৰ সৰবৰাহ বৃদ্ধি পায়। ফলত সেইসমুহ সুস্থ-সবল হৈ নিজ নিজ কাৰ্য সুচাৰুৰপে কৰিব লাগে। পেটৰ সবল মাংসপেশীয়ে খাদ্য হজম কৰাত অভ্যন্তৰংগসমুহক সহায় কৰাৰ উপৰি মল নিষ্কাশন কাৰ্যত অভ্যস্তৰুপে সহায় কৰে। সেইবাবে গেছ বহিষ্কৰণৰ বাহিৰেও অজীৰ্ণ, কোষ্ঠবদ্ধতা আদি ৰোগৰ বাবে এই আসন উপযোগী।
পেটৰ আঘাত, হাৰ্নিয়া, কঁকালৰ বিষ আৰু গৰ্ভাৱস্থাত এই আসন কৰিব নালাগে।
লেখক: অঞ্জন কৌশিক শৰ্মা (দেওবৰীয়া সম্ভাৰ)
শেহতীয়া উন্নীতকৰণ: : 2/15/2024