অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগ নিৰাময় আৰু প্ৰতিৰোধত যোগাসন

হৃদযন্ত্ৰ সবল আৰু সুস্থ কৰি ৰখাত ব্যায়াম আৰু যোগাসনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। দৈনিক নিয়মীয়াকৈ কিছুমান বিশেষধৰণৰ যোগাসন অনুশীলন কৰিলে হৃদৰোগ প্ৰতিৰোধ হয় আৰু দুৰ্বল হৃদযন্ত্ৰও সবল হৈ উঠে। ইয়াত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হৃদযন্ত্ৰৰ সহায়ক কেইটিমান যোগাসনৰ অনুশীলন প্ৰণালী চমুকৈ উল্লেখ কৰা হৈছে।

পদ্মাসন

প্ৰণালী

বাওঁ উৰুৰ ওপৰত সোঁভৰিখন আৰু সোঁ উৰুৰ ওপৰত বাওঁ ভৰিখন উঠাই লওক। তাৰ পাছত ৰাজহাড় পোনকৈ ৰাখি বাওঁ উৰুৰ ওপৰত বাওঁহাতখন আৰু সোঁ উৰুৰ ওপৰত সোঁহাতখন ৰাখি নাকৰ জোঙা অংশটোত দৃষ্টি দি বহি লওক। সাধ্যানুযায়ী কিছুসময় তেনেদৰে থাকক।

উপকাৰিতা

হৃদযন্ত্ৰ সবল কৰাৰ লগতে বাতৰোগ আদি দূৰ কৰি শৰীৰ সুস্থ-সবল কৰাৰ উপৰি মনৰ স্থিৰতা আনে। ছাত্ৰ-ছাত্ৰীৰ বাবে এই আসনটো বিশেষ উপকাৰী। ধ্যান, প্ৰাণায়াম কৰাৰ বাবে এই আসনটো দৰকাৰ।

বজ্ৰাসন

প্ৰণালী

ভৰি দুখন পাছফালে নি দুই গোৰোহাৰ ওপৰত পোন হৈ বহি লওক। হাত দুখন আঁঠুৰ ওপৰত স্বাভাৱিক অৱস্থাত থৈ দিয়ক, ৰাজহাড় পোনকৈ ৰাখিব। এনেদৰে দহ-পোন্ধৰ মিনিটৰ পৰা আধা ঘণ্টা পৰ্যন্ত থাকিব পাৰি। শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰাখিব।

উপকাৰিতা

হৃদযন্ত্ৰ সুস্থ-সবল কৰি ৰখাৰ উপৰিও ভৰিৰ বাতৰোগ দূৰ কৰাত সহায় কৰে। প্ৰধান আহাৰ গ্ৰহণৰ পাছত এই আসনটো অভ্যাস কৰিলে খোৱা খাদ্য সহজে হজম হয়।

যোগমুদ্ৰা

প্ৰণালী

পদ্মাসনত পোন হৈ বহি লওক। হাত দুখন পিছপিনে কঁকালৰ অংশত বাওঁহাতেৰে সোঁহাতখন মুঠি মাৰি টানকৈ ধৰক। এতিয়া শ্বাস এৰি এৰি আগলৈ হালি আহি কপালখন মাটিত লগাবলৈ চেষ্টা কৰক। কপালখন চাৰি-পাঁচ ছেকেণ্ড মাটিত লগাই শ্বাস লৈ ওপৰলৈ লাহে লাহে উঠি আহি পোন হওক। এনেদৰে আঠ-দহবাৰ এই মুদ্ৰাটো অভ্যাস কৰিব পাৰি। তলপেটত বেছি চৰ্বি থকা লোকে প্ৰথম অভ্যাসৰ সময়ত কপাল মাটিত নালাগিব পাৰে। তেতিয়া নিজৰ সাধ্যানুযায়ী আগলৈ হালি যাব। সময়ত চৰ্বিও কমিব, কপালো মাটিত লাগিব।

উপকাৰিতা

তলপেটৰ চৰ্বি কমোৱাত বিশেষভাৱে সহায় কৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি পৰোক্ষভাৱে হৃদৰোগ প্ৰতিৰোধ কৰে, ভৰিৰ বাতৰোগ, পেটৰ ৰোগ প্ৰতিকাৰ কৰে।

পশ্চিমোত্তানাসন

প্ৰণালী

ভৰি দুখন সন্মুখলৈ পোনকৈ মেলি বহি লওক। ভৰিৰ গোৰোহা মাটিত লগাই আঙুলি ওপৰমুৱাকৈ ৰাখক। এতিয়া সোঁহাতেৰে সোঁভৰিৰ বুঢ়া আঙুলি আৰু বাওঁহাতেৰে বাওঁ ভৰিৰ বুঢ়া আঙুলিত ধৰক। তাৰপাছত শ্বাস ত্যাগ কৰি মূৰটো নমাই আঁঠুত কপালখন লগাবলৈ চেষ্টা কৰক। আঁঠু যেন ভাঁজ নালাগে। তাৰপাছত শ্বাস লৈ লৈ পোন হৈ বহি লওক। প্ৰথম অভ্যাসৰ সময়ত কপাল আঁঠুত নালাগিবও পাৰে, তেতিয়া নিজৰ সাধ্যানুযায়ী আসনটো অভ্যাস কৰক। কিছুদিন অভ্যাসৰ ফলত নিজে নিজে কপাল আঁঠুত লাগিব। চাৰি-পাঁচ বাৰ পৰ্যন্ত আসনটো অভ্যাস কৰিব পাৰি।

উপকাৰিতা

তলপেটৰ চৰ্বি কমায়। কোষ্ঠকাঠিন্য দূৰ কৰে। যকৃত, প্লীহা, মূত্ৰাশয় সবল কৰে। চৰ্বি হ্ৰাস কৰাৰ বাবে পৰোক্ষভাৱে হৃদৰোগ প্ৰতিৰোধ কৰে।

মৎস্যাসন

প্ৰণালী

প্ৰথমে পদ্মাসনত বহি লওক। তাৰপাছত পদ্মাসনত থাকি পিঠি পেলাই ওপৰলৈ মুখ কৰি শুই লওক। এতিয়া মুখ, কান্ধ, ডিঙি, বুকু ওপৰলৈ তুলি মূৰৰ পাছফালটো(ব্ৰহ্মতালু) মাটিত লগাই দিয়ক। তেতিয়া ৰাজহাড়ডালো বেঁকা হৈ ওপৰলৈ উঠি আহিব। এতিয়া হাত দুখনেৰে ভৰিৰ বুঢ়া আঙুলিত ধৰি শ্বাস-প্ৰশ্বাস স্বাভাৱিক অৱস্থাত ৰাখক। এক-দুই মিনিটমান থাকি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক।

উপকাৰিতা

টনচিল, ফেৰেঞ্জাইটিজ ৰোগৰ প্ৰতিষেধক। ডিঙিৰ ৰোগ আদি নিৰ্মূল কৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু পৰোক্ষভাবে হৃদৰোগ প্ৰতিৰোধ কৰে।

অৰ্ধ চক্ৰাসন

প্ৰণালী

ওপৰলৈ মুখ কৰি শুই লওক। এতিয়া ভৰি দুখন ভাঁজ লগাই(আঁঠু ভাঁজ লগাই)গোৰোহা তপিনাত লগাওক। আঁঠু দুটা ওপৰলৈ উঠিব। এতিয়া দুখোখন হাত কান্ধৰ দুয়োফালে স্থাপন কৰি হাতৰ তলুৱাৰ ওপৰত ভৰ দি মূৰ, বুকু, পেট ওপৰলৈ উঠাওক। তেতিয়া শৰীৰটো অৰ্ধ চক্ৰাকাৰ ধাৰণ কৰিব। এনেদৰে ৩০-৪০ ছেকেণ্ড থাকি আকৌ স্বাভাৱিক অৱস্থালৈ আহি পুনৰ আসনটো কৰক। দুই-তিনি বাৰ পৰ্যন্ত কৰিব পাৰি। শ্বাস-প্ৰশ্বাস স্বাভাৱিক কৰে।

উপকাৰিতা

মেৰুদণ্ড নমনীয় কৰে। যৌৱন অটুট থাকে। বুকুৰ গঠন ভাল হয়, মেদবহুলতা দূৰ কৰে। মহিলাৰ বাবে এই আসনটো বিশেষ দৰকাৰী।

অৰ্ধ মৎস্যেন্দ্ৰাসন

প্ৰণালী

সন্মুখৰ পিনে দুই ভৰি মেলি দি বহক। এতিয়া সোঁভৰিখন বাওঁ উৰুৰ ওপৰেদি নি গোৰোহাটো বাওঁ উৰুৰ কাষত স্থাপন কৰক। গোৰোহাটো পাৰি দিয়ক, বাওঁভৰিৰ গোৰোহা সোঁভৰিৰ তপিনাত লগাই দিয়ক। এতিয়া বাওঁ হাতখন সোঁ আঁঠুৰ সোঁ কাষেদি সোঁ ভৰিৰ বুঢ়া আঙুলি স্পৰ্শ কৰক। আৰু সোঁ হাতখন পিছপিনে ঘূৰাই দি বাওঁফালৰ তলপেট স্পৰ্শ কৰাৰ লগে লগে মূৰ, ডিঙি, বুকু, পিঠি সোঁফালে সাধ্যমতে ঘূৰাওক। ১০/২০ ছেকেণ্ড এনেদৰে থাকি স্বাভাৱিক অৱস্থালৈ আহক। আকৌ তাৰ বিপৰীতফালে কৰক। অৰ্থাৎ বাওঁভৰি সোঁ উৰুৰ ওপৰেদি নি সোঁ উৰুৰ কাষত গোৰোহা পাৰি দিয়ক। তাৰপাছত সোঁহাতখন বাওঁ আঁঠুৰ বাওঁফালেদি নি বাওঁভৰিৰ বুঢ়া আঙুলিত ধৰক। লগে লগে মূৰ, ডিঙি, বুকু, পিঠি সাধ্যমতে বাওঁফালে ঘূৰাওক। ১০-২০ ছেকেণ্ড এনেদৰে থাকিব। শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰাখিব। এই আসনটো প্ৰথম অৱস্থাত অলপ কষ্ট পাব পাৰে, তেতিয়া নিজৰ সাধ্যানুযায়ী আসনটো অভ্যাস কৰিবলৈ চেষ্টা কৰিব।

উপকাৰিতা

বহুমূত্ৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। মেৰুদণ্ড সবল কৰে, যকৃত, প্লীহা, অগ্নাশয়ৰ দোষ-ত্ৰুটি দূৰ কৰে। হৃদযন্ত্ৰ শক্তিশালী কৰে।

শৱাসন

প্ৰণালী

পিঠি পেলাই ওপৰলৈ মুখ কৰি শুই লওক। দুই ভৰিৰ গোৰোহা লগ লগাই ভৰিৰ পতা মেলি দিয়ক। দুই হাতৰ তলুৱা ওপৰমুৱাকৈ ৰাখি হাত দুখন শৰীৰৰ দুয়োকাষে স্থাপন কৰক। শৰীৰটো অলপ শিথিল কৰি বাওঁ ভৰি আৰু হাত দুখন অলপ মেলি দিয়ক। এতিয়া গোটেই শৰীৰটো সম্পূৰ্ণভাৱে শিথিল কৰি শুদ্ধ মনেৰে শুদ্ধ চিন্তা কৰি দেহৰ প্ৰতিটো অংগকে বিশ্ৰাম ল’অবলৈ দিয়ক। শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰাখি এক প্ৰশান্তি অনুভৱ কৰক। শান্তি-সম্প্ৰীতি ভৰা এখন জগতৰ কথা ভাৱক আৰু স্নায়ুমণ্ডলীসমূহৰ সতেজতা অহাৰ বাবে গোটেই শৰীৰটো শইথিল কৰি এৰি দিয়ক।

উপকাৰিতা

এই আসনটো অভ্যাস কৰাৰ ফলত শৰীৰৰ সকলো ভাগৰ আঁতৰি যায়। যোগ অভ্যাস কৰি থকা অৱস্থাত ভাগৰ লাগিলে প্ৰতিটো আসনৰ পিছতে দুই-তিনি মিনিট শৱাসন কৰিব লাগে। তেতিয়া ভাগৰ আঁতৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে এই আসনটো দৰকাৰী। হৃদযন্ত্ৰ সুস্থ আৰু সবল কৰি ৰখাত এই আসনটো বিশেষভাৱে উপকাৰী বুলি বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে।

লিখক: বসন্ত মজুমদাৰ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate