শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি গ’লে ৰক্তহীনতা বেমাৰ হয়। এই অসুখত ভোগা মানুহৰ সহজতে ভাগৰ লাগে, দুৰ্বলতা বাঢ়ে, মাজে মাজে মূৰ ঘূৰায়, ভোক কমি যায়, স্মৃতিশক্তিও হ্ৰাস পায়, মূৰৰ বিষ হয়, কেতিয়াবা বুকু ধপধপায় ইত্যাদি।
ৰক্তহীনতাত ভোগা মানুহৰ বাবে ভিটামিন ‘বি১২’ বৰ দৰকাৰী। ভিটামিন ‘বি১২’ব সাধাৰণতে জন্তুৰ প্ৰ’টিনতপোৱা যায়। বিশেষকৈ জন্তুৰ কিডনী, লিভাৰত প্ৰচুৰ পৰিমাণে এই ভিটামিন পোৱা যায়।
বিট:
ৰক্তহীনতাৰ কাৰণে মহৌষধ। বিটৰ ৰসত প্ৰচুৰ পৰিমাণে পটাছিয়াম, ফছফৰাছ, কেলচিয়াম, ছালফাৰ, আয়োডিন, আইৰন, কপাৰ, কাৰ্বহাইড্ৰেট, চৰ্বী, ভিটামিন ‘বি১’, ‘বি২’, ‘বি৬’ ভিটামিন ‘পি’ থাকে। শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাত এনেবোৰ খাদ্যই বৰ সহায় কৰে।
মেথি শাক:
তেজ বৃদ্ধি কৰাৰ বাবে মেথি শাক অতি উপকাৰী। ঋতুমতী হোৱা ছোৱালীৰ ৰক্তহীনতা হ’লে মেথিশাক সিজাই খুৱালে ৰক্তহীনতাৰ পৰা পৰিত্ৰাণ পাব পাৰি। মেথিগুটিত প্ৰচুৰ পৰিমাণে আইৰন থকা হেতুকে মেথিগুটি প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা উচিত। দিনে ১ চামুচ পৰিমাণে ২০-২২ দিন খালে ৰক্তহীনতাৰ অসুখ ভাল হয়। দিনে এবাৰকৈ খাব লাগে।
পালেং শাক:
উচ্চস্তৰৰ আইৰনৰ যোগান ধৰে পালেং শাকে। মেথি শাকে আমাৰ শৰীৰৰ হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰে আৰু ৰক্তকণিকা গঠন হোৱাত সহায় কৰে।
ছয়াবিন:
ছয়াবিন আইৰন প্ৰসিদ্ধ আৰু প্ৰচুৰ পৰিমাণে প্ৰ’টিন প্ৰসিদ্ধ। ছয়াবিনৰ গাখীৰ ব্যৱহাৰ কৰিলে তেজ বাঢ়ে আৰু হিম’গ্লবিনৰ পৰিমাণ দেহত থাকে।
বাদাম:
যিকোনো বাদামত কপাৰ, ভিটামিন, আইৰন প্ৰচুৰ পৰিমাণে থাকে বাবে বাদাম খাব লাগে। আখৰুট, চীনা বাদামত যথেষ্ট পৰিমাণে আইৰন থাকে।
তিল:
ক’লা তিল আইৰনৰ উৎস। সেয়ে ৰক্তহীনতাৰ সমস্যাৰ বাবে ই উত্তম ঔষধ। ক’লা তিল এচামুচ ৩-৪ ঘন্টামান গৰম পানীত তিয়াই থৈ পাছত থেতেলি লৈ আধাকাপ গাখীৰ মিহলাই অলপ চেনি বা গুড় মিহলাই দিনে দুবাৰকৈ এসপ্তাহ খালে খালে ৰক্তহীনতা গুচে।
মৌ:
শৰীৰত হিম’গ্লবিন বঢ়াবৰ বাবে মৌৰ উপকাৰ অতি বেছি। আইৰন, কপাৰ বা তাম আৰু মেগনেছিয়াম থকাৰ বাবে ৰক্তহীনতাত ভোগা মানুহৰ বাবে মহৌষধস্বৰূপ। ৰক্তহীনতাত ভোগা মানুহে সদায় এটা পকা কল, কেইটামান ক’লা আঙুৰ, বগৰী, জামু, কিচমিচ, পিয়াঁজ, স্কোৱাছ, গাজৰ, মূলা, বিলাহী নিয়মিত খোৱা বৰ দৰকাৰী।
লেখক: উপেন দত্ত(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 2/29/2024