অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অষ্টিঅ’প’ৰ’ছিছ :

অষ্টিঅ’প’ৰ’ছিছ :

 

মানৱ শৰীৰত সৰ্বমুঠ ২০৬ ডাল হাড় আছে । প্ৰাকৃতিক নিয়ম মতে, ৩০ বছৰ পাছৰে পৰা মানৱ শৰীৰৰ হাড়ৰ ঘনত্ব আৰু মজ্জাৰ পৰিমাণ কমি গৈ থকাৰ বাবে হাড় দুৰ্বল হয় । ফলত হাড় অতি সহজেই ভাগি যায় । চিকিৎসা বিজ্ঞানত ইয়াকেই অষ্টিঅ’পোৰ’ছিছ (Osteoporosis) বোলে । অষ্টিঅ’প’ৰ’ছিছ ৰোগীৰ যিকোনো হাড় সামান্য আঘাততেই ভাগি যায় ।

অষ্টিঅ’প’ৰ’ছিছ হোৱাৰ প্ৰৱণতা কাৰ বেছি থাকে:-

১) শতকৰা ৪০ ভাগ ক্ষেত্ৰত হাড়ৰ পৰিমাণ বা ঘনত্ব বংশানুক্ৰমিকভাৱে নিৰ্ধাৰিত হয়।

২) শতকৰা ২০ ভাগ ক্ষেত্ৰত হাড়ৰ পৰিমাণ বা ঘনত্ব নিৰ্ধাৰিত হয় । দৈনন্দিন জীৱন ব্যৱস্থাৰ মাধ্যমত।

৩)পুৰুষৰ তুলনাত মহিলাৰ অষ্টিঅ’প’ৰ’ছিছ বেছি হয় ।

৪) ৬৫ বছৰ ওপৰৰ বয়স্ক ব্যক্তিৰ ।

৫)ঋতুস্ৰাৱ বন্ধ হোৱা বা মেন’পজ হোৱা মহিলাৰ।

৬)ধূমপান আৰু মদ্যপান কৰাসকলৰ।

৭) কেলচিয়ামযুক্ত খাদ্য কম খোৱাসকলৰ ।

৮) শাৰীৰিক পৰিশ্ৰম কম কৰাসকলৰ ।

৯) এণ্ড’ক্ৰাইন (গ্ৰন্থি) সমস্যা, যেনে- পিটুইটাৰি, থাইৰয়েড, এড্ৰ’নেল আদিৰ সমস্যা থকাসকলৰ।

১০) ষ্টেৰ’য়েড আৰু ড্ৰাগ সেৱণকাৰীসকলৰ।

১১) হেপাৰিন থেৰাপি লোৱাসকলৰ ।

১২) ৰিউমেট’য়েডচ আৰ্থ্ৰাইটিছ ৰোগীসকলৰ।

১৩) যক্ষ্মা ৰোগীসকলৰ ।

১৪) খাদ্যনলীৰ অপাৰেশ্যন কৰাসকলৰ ।

১৫) লিভাৰ (যকৃতৰ) সমস্যা থকাসকলৰ ।

হাড় মজবুত ৰখাৰ উপায় :-

১) উপযুক্ত ব্যায়াম:- নিয়মিত খোজ কঢ়া, জগিং, ছিৰেৰে উঠা-নমা আৰু ওজন বহন কৰা । কিশোৰ বয়সত নিয়মিত পৰিশ্ৰম কৰিলে হাড় শকত হয়, ফলত বৃদ্ধ বয়সত হাড় ক্ষয় কম হয় ।

২)কেলচিয়াম গ্ৰহণ:- কেলচিয়ামে হাড়ক শক্তিশালী কৰে । গৱেষণাত দেখা গৈছে যে অষ্টিঅ’প’ৰ’ছিছ প্ৰতিৰোধ কৰাৰ বাবে সুষম খাদ্য কিশোৰ বয়সত ১৩০০ মিলিগ্ৰাম, ৫০ বছৰ বয়সলৈ ১,০০০ মিলিগ্ৰাম আৰু ৫০ বছৰৰ ঊৰ্ধ্বৰ বয়সৰ ব্যক্তিয়ে ১,০০০-১২০০ মিলিগ্ৰাম কেলচিয়াম দৈনিক গ্ৰহণ কৰা উচিত । কিন্তু মেন’পজ বা মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱা মহিলাৰ অষ্টিঅ’প’ৰ’ছিছ হোৱাৰ সম্ভাৱনা বেছি থাকে তেওঁলোকে প্ৰতিদিনে ১২০০-১৫০০ মিলিগ্ৰাম কেলচিয়াম খোৱা উচিত । কেলচিয়ামৰ চাহিদা পূৰণ কৰিবলৈ কেলচিয়াসমৃদ্ধ খাদ্যৰ ভূমিকা বহুত বেছি । এইবাবেই কেলচিয়ামসমৃদ্ধ খাদ্য  যেনে-গাখীৰ, চিজ ব আ পনিৰ, সৰু মাছ, সেউজীয়া শাক-পাচলি, কলিজা আদি খোৱা উচিত । কেলচিয়ামৰ চাহিদা পূৰণ কৰিবলৈ প্ৰতিদিনে ৰাতিপুৱা কমেও ২০ মিনিট সূৰ্যৰ পোহৰৰ উত্তাপ লওক । কেলচিয়াম টেবলেটৰ জৰিয়তেও এই চাহিদা পূৰণ কৰিব পাৰে । এইক্ষেত্ৰত অৱশ্যে চিকিৎসকৰ পৰামৰ্শমতেহে কেলচিয়াম টেবলেট লোৱা উচিত । অত্যধিক কেলচিয়াম টেবলেট খোৱাৰ ফলত কিডনীত পাথৰৰ সৃষ্টি কৰে ।

২) ঔষধৰ পৰা সাৱধান:- বহুতেই সামান্য অসুখতেই চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ ঔষধ গ্ৰহণ কৰে । এনেকৈ ঔষধ খোৱাৰ ফলত নানা ধৰণৰ সমস্যা বিশেষকৈ কিডনীত পাথৰ আৰু অষ্টিঅ’প’ৰ’ছিছ হোৱাত অৰিহণা যোগায় ।

৩) ধূমপান আৰু মদ্যপান ত্যাগ কৰক :- ধূমপান, মদ্যপান আৰু কফি জাতীয় পানীয় হাড়ৰ ক্ষয় কৰাৰ লগে লগে হাড়ক ভংগুৰ কৰি তোলে । এইবোৰ সেৱন কৰাৰ ফলতো অষ্টিঅ’প’ৰ’ছিছ হয় ।

লেখক:  ডা: শ্বাহিদুল প্ৰীতম

উৎস: দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate