অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আকৌ ডেংগু:

ডেংগু-

 

ডেংগু- নামটোতেই যেন নিহিত হৈ আছে বিভীষিকা। বিগত বৰ্ষবোৰত গুৱাহাটী মহানগৰীত বিভীষিকাৰ সৃষ্টি কৰি অহা ডেংগুৰ আতংক পুনৰ ঘূৰি আহিছে মহানগৰীখনলৈ। বিশেষকৈ বাৰিষাৰ আগমনৰ লগে লগে গুৱাহাটীত ডেংগুৰ প্ৰাদুৰ্ভাৱ অধিকতৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰাত মহানগৰবাসী সন্ত্ৰস্ত হৈ পৰিছে।

মহানগৰখনত সৃষ্টি হোৱা ডেংগুৰ এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কামৰূপ মহানগৰ জিলা প্ৰশাসনে এইবেলি আগতীয়াকৈ কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে ইতিমধ্যে মহানগৰীৰ স্বাস্থ্য বিভাগ, গুৱাহাটী পৌৰনিগমক এইক্ষেত্ৰত যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিছে। ডেংগু ৰোগৰ এই ভয়াবহতাক লৈয়ে আমাৰ গুৱাহাটীৰ আজিৰ এই বিশেষ প্ৰতিবেদন।

ৰাজ্যৰ গ্ৰামাঞ্চলৰ তুলনাত প্ৰতিবাৰেই নগৰীয়া অঞ্চলবোৰত ডেংগু ৰোগৰ অধিক প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়। কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য মতে, প্ৰতিবাৰেই ডেংগু ৰোগে মহানগৰী গুৱাহাটীত বহু ইসমস্যাৰ সৃষ্টি কৰি আহিছে। এইক্ষেত্ৰত স্বাস্থ্য বিভাগে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা বুলি বিভিন্ন সময়ত দাবী কৰি আহিছে যদিও প্ৰতিবাৰেই স্বাস্থ্য বিভাগ ডেংগু ৰোগ প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে। বিভাগীয় সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি,

কামৰূপ মহানগৰ জিলাত ২০১৩ বৰ্ষৰ পৰা ২০১৬ বৰ্ষলৈ ডেংগু ৰোগত আক্ৰান্ত হোৱা ৰোগী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল এনেধৰণৰ-

 

বৰ্ষ

আক্ৰান্ত ৰোগীৰ সংখ্যা

মৃত্যু হোৱা ৰোগীৰ সংখ্যা

২০১৩

৪১২১

২০১৪

৪১

নাই

২০১৫

৯৩৩

২০১৬

৫৫৮৬

 

এই পৰিসংখ্যাৰ পৰা গম পোৱা যায় ২০১৪ বৰ্ষৰ পিছৰ পৰা কামৰূপ মহানগৰ জিলাত ডেংগুৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কমাৰ সলনি বৃদ্ধিহে হৈছে। চলিত বৰ্ষতো আজিৰ তাৰিখলৈ ২০ গৰাকী লোক ডেংগু ৰোগত আক্ৰান্ত হোৱা বুলি বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ডেংগু ৰোগ বিয়পোৱা মহ নিধনৰ বাবে বিভিন্ন সময়ত ধোঁৱা দিয়া অৰ্থাৎ ফগিঙৰ ব্যৱস্থা কৰা হয় যদিও গুৱাহাটী পৌৰ নিগমৰ সহযোগিতাৰ অভাৱত এই কাম প্ৰতিবাৰেই বিফল হয় বুলিও সূত্ৰটোৱে লগতে কয়।

উল্লেখ্য যে ১৬ মে’ত কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনত ডেংগু ৰোগ প্ৰতিৰোধৰ বাবে এইবেলি গুৱাহাটী পৌৰ নিগম আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ে কেতবোৰ প্ৰতিৰোধী ব্যৱস্থা হাতত লৈছে বুলি জানিবলৈ দিয়া মতে, পৌৰ নিগমে মহানগৰীৰ ডেংগু ৰোগপ্ৰবণ এলেকাসমূহত ধোঁৱা দিয়াৰ লগতে স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ সহযোগিতাত সজাগতামূলক কাৰ্যসূচী হাতত লৈছে। তদুপৰি ডেংগু প্ৰৱণ এলেকাসমূহ বিশেষভাৱে চিহ্নিত কৰি পৌৰ নিগমে বিশেষ দৃষ্টি ৰখাৰ বিপৰীতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ে তেজ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সঁজুলি ইতিমধ্যে যোগান ধৰিছে বুলিও প্ৰশাসনে জানিবলৈ দিছে। স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিয়া মতে, এইবেলি বিভাগে মহানগৰীৰ বিভিন্ন এলেকাত ঘৰে ঘৰে গৈ জৰীপৰ কাম আৰম্ভ কৰিব।

লক্ষণীয়ভাৱে ডেংগু মূলত: বিয়পে ‘এডিছইজিপ্টি’ নামৰ মহবিধে কামোৰাৰ ফলত। স্বাস্থ্য বিভাগে জানিবলৈ দিয়া ক্মতে, এই মহবিধে সাধাৰণতে মানুহক কামোৰে। মহবিধে কামোৰাৰ তিনিৰ পৰা ১৪ দিনৰ ভিতৰত এজন লোকৰ তীব্ৰ জ্বৰ, মূৰৰ বিষ, বমি, পেশী অথবা গাঁথিৰ বিষ আৰম্ভ হয়।

তদুপৰি অন্যান্য মহৰ বিপৰীতে এইবিধ মহে চাফা পানীত কণী পাৰি বংশবৃদ্ধি কৰে। গতিকে পানী জমা হ’ব পৰা টায়াৰ, টেমা, ফুলৰ পাত্ৰ আদিত যাতে পানী কোনো কাৰণতে জমা নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰাখিবলৈ জনসাধাৰণক স্বাস্থ্য বিভাগে আহ্বান জনাইছে। এইক্ষেত্ৰত বিভাগীয়ভাৱে জনসাধাৰণক সজাগ কৰিবলৈ স্বাস্থ্য বিভাগে বিভিন্ন সজাগতামূলক সভা আদিও পৰৱৰ্তী সময়ত মহানগৰীত অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে।

লেখক:দিগন্ত দাস(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate