অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্মঘাতী ৰোগৰ স্বঅসংক্ৰাম্যতা :

আত্মঘাতী ৰোগৰ স্বঅসংক্ৰাম্যতা :

 

‘আৰ ছাই মনেছ’নামৰ ল’ৰাজন এতিয়া সাত বছৰীয়া।৩ বছৰ বয়সতে তেওঁ এবিধ বিৰল ৰোগ-হিম’ফেগ’চাইটিক লিম্ফ’হিষ্টিঅ’চাইট’ছিছৰ দ্বাৰা আক্ৰান্ত হৈছিল।এই ৰোগত দেহৰ অসংক্ৰাম্যতন্ত্ৰই নিজকে স্বাস্থ্যৱান কলাক আক্ৰমণ কৰে।সেই সময়ত তেওঁ অনবৰতে অসুস্থ হৈ আছিল।ঢিলা পাইখানা,বমি,জ্বৰ।জ্বৰ ইমান বেছি হৈছিল যে ১০৮ ডিগ্ৰী ফাৰেনহাইট হৈ হাস্পতালত এমাহমান থাকিব লগা হৈছিল।মাদ্ৰাজৰ এখন ব্যক্তিগত হাস্পতালত কৰা ‘অস্থি প্ৰতিস্থাপন’ চিকিৎসাৰ পাছত এতিয়া মনেছে আৰোগ্য লাভ কৰিছে’।

বাহিৰৰ পৰা আমাৰ দেহ আক্ৰমণ কৰা ৰোগকাৰক বা পেথজেনবোৰৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে শৰীৰতে এটা বিশেষ ব্যৱস্থা আছে-অসংক্ৰাম্যতা।অসংক্ৰাম্যতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য হ’ল ইয়াৰ সৈন্যসমুহে,অৰ্থাৎ এণ্টিবডীবোৰে নিজৰ দেহৰ কোষসমুহ আৰু বাহিৰৰ ৰোগকাৰকসমুহ চিনাক্ত কৰিব পাৰে।কিন্তু কেতিয়াবা ইয়াৰ ব্যতিক্ৰমো হয়।অসংক্ৰাম্যতন্ত্ৰৰ এণ্টিবডীবোৰে কেতিয়াবা নিজৰ দেহৰ কোষবোৰ চিনি নোপোৱা হয়।আৰু সেইবোৰৰ বিৰুদ্ধে ক্ৰিয়া কৰি সেইবোৰৰ অৱক্ষয় ঘটায়।এই আত্মঘাতী প্ৰক্ৰিয়াক স্ব-অসংক্ৰাম্যতা বা স্বস্ংক্ৰমতা বোলা হয়।যাৰ ফলত বিভিন্ন ৰোগৰ সৃষ্টি হয়,এইবোৰেই স্বসংক্ৰাম্য ৰোগ (auto immune disease)কেতিয়াবা নিজৰ দেহৰ লোহিত ৰক্ত কণিকা ধ্বংস কৰি তীব্ৰ ৰক্তহীনতা ,কেতিয়াবা নিজৰ দেহৰ পেশীবোৰ ধ্বংস কৰি পেশী ক্ষয় ৰোগ-মায়েচথেনিয়া গ্ৰেভিছ (Myasthenia gravis)ৰ সৃষ্টি কৰে।

অসংক্ৰাম্যতন্ত্ৰই ভুল কৰি নিজ দেহৰ সুস্থ কলা আক্ৰমণ কৰি ক্ষয় কৰা অৱস্থা হৈছে স্বসংক্ৰাম্যতা বিসংগতি।এনে বিসংগতি প্ৰায় ৮০ প্ৰকাৰমান আছে।মাল্টিপুল স্ক্লেৰ’ছিছ,মায়েচথেনিয়া গ্ৰেভিছ,ৰিউমেটইড আৰ্থ্ৰাইটিছ,টাইপ-১ ডায়েবেটিছ,(Multiple sclerosis,Myasthenia gravis,Rhaumatoid arthritis,type-1 diabetes)।এইবোৰ স্বস্ংক্ৰাম্যতা বিস্ংগতিৰে উদাহৰণ।তেজত থকা লিম্ফ’ছাইট (দানাহীন)সমুহ দুই প্ৰকাৰৰ-T আৰু B।লিম্ফ’ছাইট হৈছে একপ্ৰকাৰৰ শ্বেতৰক্ত কণিকা।বিভিন্ন প্ৰকাৰৰ T  আৰু B লিম্ফ’ছাইটে বিভিন্ন প্ৰকাৰৰ ৰোগকাৰক (এণ্টিজেন)ৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া দেখুৱায়।যেতিয়া এটা বিশেষ ৰোগকাৰকে আমাৰ দেহ আক্ৰমণ কৰে,মাত্ৰ এই T  আৰু B কোষবোৰে তাক চিনাক্ত কৰে আৰু উত্তেজিত হৈ উঠে।নিৰ্দিষ্ট কোষবোৰ খৰকৈ বিভাজিত হৈ এদল একোধৰ্মী সৈন্যৰ সৃষ্টি কৰে সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ।বিশেষ বিশেষ প্ৰকাৰৰ T  আৰু B কোষে বিশেষ বিশেষ সংক্ৰমণকাৰীক মনত ৰাখে (স্মৃতিত ৰাখি থয়)আৰু দ্বিতীয়বাৰ একপ্ৰকাৰৰ সংক্ৰমণৰ পৰা আমাক প্ৰতিৰক্ষা দিয়ে।সেয়েহে এবাৰ যদি কাৰোবাৰ ‘সৰু আই’ওলাইছে,ভৱিষ্যতে আৰু তেওঁৰ সৰু আই নোলায়,শৰীৰত প্ৰতিৰোধী সৈন্য যে আছে।

T লিম্ফ’ছাইটবোৰ অসংক্ৰাম্যতন্ত্ৰত গুৰুত্বপুৰ্ণ দায়িত্ব পালন কৰা একপ্ৰকাৰৰ শ্বেতৰক্ত কণিকা। T লিম্ফ’ছাইটৰ বিভিন্ন প্ৰকাৰ আছে।এই লিম্ফ’ছাইটবোৰে ৰোগকাৰকৰ পৰা দেহক ৰক্ষা কৰে আৰু ভিন্ন প্ৰকাৰৰ ৰোগকাৰকৰ লগত ভিন্ন প্ৰকাৰৰ T  লিম্ফ’ছাইট ক্ৰিয়া কৰে।অৰ্থাৎ T লিম্ফ’ছাইটবোৰৰ এণ্টিজেন সুনিৰ্দিষ্ট।উদাহৰণ স্বৰুপে TH 17 প্ৰকাৰৰ লিম্ফ’ছাইটে বেক্টেৰিয়া আৰু ভেঁকুৰৰ বিৰুদ্ধে ক্ৰিয়া কৰে।কিন্তু দেখা গৈছে TH 17 লিম্ফ’ছাইটৰ কিছুমানে বিভিন্ন ধৰণৰ স্বসংক্ৰাম্য ৰোগো সৃষ্টি কৰে।কেনেকৈ এই অপৈণত সহায়কাৰী লিম্ফ’ছাইটবোৰ অনিষ্টকাৰী কোষলৈ ৰুপান্তৰিত হৈ নিজ দেহৰ কোষসমুহকে আক্ৰমণ কৰে,গৱেষকসকলে ইয়াৰ কাৰণ উদ্ভাৱন কৰিবলৈ গৱেষণা চলাইছিল।

এখন প্ৰকাশিত গৱেষণা-পত্ৰত য়েল স্কুল অৱ মেডিচিনৰ (Yale School of Medicine)অসংক্ৰাম্যবিদ ড: ডেভিড হাফটাৰ (Dr.David Hafter)আৰু তেওঁৰ সহকৰ্মীসকলে দেখুৱাইছিল যে যিসকল লোকে যথেষ্ট পৰিমাণৰ ‘ফাষ্টফুড’খায়,তেওঁলোকৰ দেহত TH 17  প্ৰকাৰৰ কোষ অধিক পৰিমাণে সৃষ্টি হয়।সাধাৰণতে ফাষ্টফুড লৱণ (Salt)অধিক মাত্ৰাত থাকে।লিম্ফ’ছাইটৰ সংখ্যা বৃদ্ধিত লৱণৰ প্ৰভাৱ আছে নেকি সেইটো প্ৰমাণ কৰিবলৈ হাফটাৰ আৰু সংগীসকলে সাধাৰণ লিম্ফ’ছাইটৰ কৰ্ষণ মাধ্যমত ছডিয়াম ক্ল’ৰাইড (Nacl2-So-dium Cloride)বা লৱণ সংযোগ কৰিছিল।তেওঁলোকে লক্ষ্য কৰিলে যে কৰ্ষণ মাধ্যমত লৱণৰ গাঢ়তা বঢ়াই দিয়াত TH 17  লিম্ফ’ছাইটৰ সংখ্যা-গুণ বাঢ়ি গ’ল।আৰু এই লিম্ফ’ছাইটবোৰে দহন উদ্ৰেককাৰী অণু সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে।অৰ্থাৎ প্ৰতিৰোধকাৰী লিম্ফ’ছাইট কোষবোৰ অনিষ্টকাৰী কোষলৈ ৰুপান্তৰিত হ’ল।২০১৩ চনতে Nature  আলোচনীত প্ৰকাশ পোৱা তিনিখন গৱেষণা-পত্ৰত বিজ্ঞানীসকলে স্বস্ংক্ৰাম্যতাৰ আণৱিক চক্ৰ অধ্যয়ন কৰি লৱণক এই ৰোগ সংঘটনৰ এটা কাৰক বুলি চিনাক্ত কৰিছিল।

প্ৰাণীৰ ক্ষেত্ৰতো একে প্ৰভাৱ দেখা যায় নেকি চাবলৈ তেওঁলোকে দ্বিতীয় পৰ্যায়ৰ গৱেষণা আৰম্ভ কৰিছিল।এইবোৰ তেওঁলোকে পৰীক্ষা চলাইছিল কিছুমান জিনীয়ভ্যাৱে সৃষ্টি এন্দুৰৰ ওপৰত।তাৰে কিছুমানক ফাষ্টফুডত থকাৰ সমান লৱণযুক্ত আহাৰ পৰিৱেশন কৰা হৈছিল।দেখা গ’ল লহাদ্যত লৱণৰ পৰিমাণ বেছি থকা এন্দুৰবোৰৰ লৱণৰ পৰিমাণ কম থকা এন্দুৰবোৰৰ তুলনাত আগতীয়াকৈ আৰু তীব্ৰতাৰে এনচিফাল’মায়েলিটিছ (encephalomylitis)ৰোগ সংঘটিত হ’ল।লৱণৰ মাত্ৰাধিক্যই মানুহ বা কৰ্ষিত এন্দুৰ দুয়ো ক্ষেত্ৰতে স্বসংক্ৰাম্য ৰোগৰ প্ৰৱণতা বৃদ্ধি কৰে।

আন এদল গৱেষকৰ গৱেষণাত ধৰা পৰিল লৱণৰ মাত্ৰাধিক্যই SGK1   এনজাইমৰ মাধ্যমেৰে TH17 লিম্ফ’ছাইট কোষবোৰক অনিষ্টকাৰী কোষলৈ ৰুপান্তৰ কৰে।গৱেষক আছিল মাছাচুছেটছ কেম্ব্ৰিজৰ ব্ৰ্ড ইন্সটিটিউটৰ জীৱবিজ্ঞানী আভিভ ৰেগেভ (Aviv Regev),বষ্টনৰ হাৰ্ভাৰ্ড স্কুল অৱ মেডিচিনৰ অসংক্ৰাম্যবিদ বিজয় খুচৰু (Vijay Kuchroo)আৰু তেওঁলোকৰ সংযোগীসকল। SGK1 এইজাইমে খাদ্যনলীৰ লৱণ গ্ৰহণ অৰু বৃক্কৰ দ্বাৰা লৱণ শোষণৰ মধ্যস্থতা কৰাটো সাব্যস্ত হোৱাৰ পাছত,বিজ্ঞানীসকলে কোষত অধিক লৱণ যোগান ধৰিলে কেনে ফলাফল পোৱা যায় সেইটো পৰীক্ষা কৰিছিল।তেওঁলোকে লক্ষ্য কৰিছিল এন্দুৰৰ T  কোষবোৰ TH17 লৈ ৰুপান্তৰিত হোৱাৰ লগতে অধিক ৰোগ সংঘটন প্ৰৱণো হৈ উঠে।

যদিওTH 17 কোষবোৰে অনিষ্টকাৰী বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা আমাক প্ৰতিৰক্ষা দিয়ে,এইবোৰে পেটৰ দহন,মাল্টিপুল স্ক্লেৰ’ছিছ আৰু ছৰিয়াছিছ (Psoriasis)আদি ৰোগো সংঘটিত কৰে।শেহতীয়া অধ্যয়নে এইটো সাব্যস্ত কৰিছে যে লৱণৰ মাত্ৰাধিক্যই অসংক্ৰাম্য কোষবোৰক অনিষ্টকাৰী কোষলৈ ৰুপান্তৰিত হোৱাত অৰিহণা যোগায়।আৰু স্বস্ংক্ৰাম্য ৰোগ সংঘটনৰ কাৰণে লৱণ এটা গুৰুত্বপুৰ্ণ কাৰক।

লেখিকা: ডা: অমিয়া ৰাজবংশী (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate