অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এটা পৰিচিত সমস্যা ‘এলাৰ্জি’

 

আপোনাৰ সঘনাই চর্দি, পানী লগা হৈ থাকে নেকি ?

অকণমান ঠাণ্ডা লাগিলেই নাক বন্ধ হৈ যায় বা নাকৰ পৰা পানী ওলাবলৈ ধৰে নেকি ? ঋতু পৰিৱর্তন বা ঠাণ্ডা-গৰম পৰিৱেশ সলনি হোৱাৰ ফলত বা অকণমান ধূলি-বালিৰ সংস্পৰ্শত শ্বাস-প্রশ্বাস লোৱাত অসুবিধাৰ সৃষ্টি হয় নেকি নে নেৰানেপেৰাকৈ হাঁচিয়াবলৈ ধৰে ? কিবা খাদ্যবস্তুৰ সেৱনৰ ফলত গা বিজবিজাই আৰু খজুৱতি হয় নেকি ?— এই সকলোবিলাক প্রশ্নৰ উত্তৰ যদি ‘হয়’ বুলি কয়, তেন্তে ইয়াৰ মুখ্য কাৰণ হ’ব পাৰে এলার্জি। এলাৰ্জি হ’ল আমাৰ শৰীৰত ঘটা এক ধৰণৰ বিৰূপ প্রতিক্রিয়া। কোনো এলার্জেন (allergen) যেনে— ধূলি, বালি, ঠাণ্ডা, ঋতু পৰিৱর্তন, কোনো খাদ্যবস্তু, ঔষধ ইত্যাদিৰ প্ৰভাৱ শৰীৰে সহ্য কৰিব নোৱাৰিলে কিছুমান বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হয় আৰু শৰীৰে এই এলার্জেনবিলাক শৰীৰৰ পৰা আঁতৰাই পঠাবলৈ বা ধ্বংস কৰিবলৈ কিছুমান সহাঁৰি জনায় যাক এলাৰ্জিজনিত পাৰ্শ্বক্রিয়া (allergic reaction) বুলি কোৱা হয়।

আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাই আমাক নিয়মিতভাৱে এই এলার্জেনবিলাকৰ পৰা সুৰক্ষা দি আছে। শৰীৰত এলাৰ্জিজনিত পাৰ্শ্বক্রিয়া সৃষ্টিকাৰী এই এলার্জেনবিলাকক এণ্টিজেন (antigen) বুলিও কোৱা হয়। আৰু শৰীৰত এনে এণ্টিজেন প্ৰৱেশ কৰাৰ পাছত এই এণ্টিজেনবিলাকক শৰীৰৰ পৰা উলিয়াই পঠাবলৈ বা ধ্বংস কৰিবলৈ তেজৰ শ্বেতৰক্ত কণিকাবিলাকে এণ্টিবডিৰ (antibody) সৃষ্টি কৰে। এই এণ্টিবডিবিলাকৰ কাম হ’ল এণ্টিজেনবিলাক (antigen) চিনাক্ত কৰি তাক ধ্বংস কৰা। এণ্টিবডি উৎপন্ন হয় আমাৰ শৰীৰত থকা এবিধ প্ৰটিনজাতীয় পদার্থ যাক Immunoglobulin E বুলি কোৱা হয়। কিন্তু কেতিয়াবা কিছুমান শৰীৰৰ এলার্জেন হিচাপে গণ্য কৰি এণ্টিবডি উৎপন্ন কৰে। যেনে— প্রটিনজাতীয় কিছুমান খাদ্য, কচু, বেঙেনা ইত্যাদি। ভিন ভিন এণ্টিজেনৰ এণ্টিবডিও ভিন ভিন হয়। অৱশ্যে এটা কথা— যিকোনো পদার্থই এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে বা এলার্জেন হিচাপে ক্রিয়া কৰিব পাৰে। ভিন ভিন মানুহৰ বাবে এলার্জেনো ভিন ভিন হয়। সচৰাচৰ আমি দেখা এলার্জেনবিলাকৰ ভিতৰত ধূলি-মাকতি, ফুলৰ ৰেণু (pollen), কিছুমান গছৰ শুং, ঔষধ (যেনে— ibuprofen, sulfa drug, penicillin),  কীট-পতংগৰ শুং বা কামোৰণি (যেনে— মহৰ কামোৰণি, মৌ বা বৰলৰ শুং), কিছুমান খাদ্য পদাৰ্থ (যেনে— মিছামাছ, বেঙেনা, কণী ইত্যাদি), পোহনীয়া জীৱ-জন্তুৰ নোম ইত্যাদিয়েই প্রধান। এই এলাৰ্জিজনিত পাৰ্শ্বক্রিয়া নিৰ্ভৰ কৰে মানুহজনৰ শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতাৰ ওপৰত আৰু বেছিভাগ ক্ষেত্ৰতে এইটো অনুমান কৰিব পৰা নাযায়। যেতিয়া আমাৰ তেজত থকা এণ্টিবডিয়ে কোনো এটা এণ্টিজেন বা এলার্জেন চিনাক্ত কৰে আৰম্ভ তাক আক্রমণ কৰে সেই এণ্টিবডিবিলাকে কিছুমান ৰাসায়নিক পদার্থ (chemical) ক্ষৰণ কৰে, যাক mediator বুলি কোৱা হয়। সাধাৰণতে এলাৰ্জিজনিত পাৰ্শ্বক্রিয়াৰ সময়ত আমাৰ শৰীৰৰ mast cell বিলাক উত্তেজিত হয় আৰু এই mast cell বিলাকৰ পৰাই এণ্টিবডি নিৰ্গত হয়।

এই mast cell বিলাক সাধাৰণতে ছাল, খাদ্যনলী আৰু শ্বাস-প্রশ্বাস তন্ত্রত বেছিকৈ থাকে। সেয়েহে এলাৰ্জিৰ লক্ষণসমূহ এই অংগসমূহত বেছিকৈ দেখা যায়। এলাৰ্জিজনিত পাৰ্শ্বক্রিয়াৰ সময়ত mast Cell-ত থকা এণ্টিবডিবিলাকে বিভিন্ন ৰাসায়নিক পদার্থ নিৰ্গত কৰে। তাৰ ভিতৰত হিষ্টামিন প্রধান। অত্যধিক হিষ্টামিন নিৰ্গত হোৱাৰ ফলত শৰীৰত এলার্জি উৎপন্ন হয় আৰু কেতিয়াবা অতি বেছি এলাৰ্জি হৈ মানুহৰ শ্বাস-তন্ত্ৰ আৰু হৃদক্রিয়া বন্ধ হৈ মৃত্যু পর্যন্ত হ’ব পাৰে, যাক anaphylaxis বুলি কোৱা হয়। আগতে কোৱা হৈছে যে মানুহ এজনৰ এলাৰ্জিৰ প্ৰভাৱ কম বা বেছি হোৱাটো নিৰ্ভৰ কৰে মানুহজনৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ ওপৰত। আজিকালি অশুদ্ধ খাদ্যাভ্যাস আৰু অশুদ্ধ জীৱনশৈলীৰ প্রভাৱত আমাৰ শৰীৰত পোষকতত্বৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায় আৰু ইয়ে আমাক শাৰীৰিক আৰু মানসিকভাৱে দুর্বল কৰি পেলায়। যাৰ ফলত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায় আৰু আমি বাৰে বাৰে বিভিন্ন এলাৰ্জিৰ দ্বাৰা আক্ৰান্ত হওঁ। উদাহৰণস্বৰূপে যদি মানুহ এজন কোনো বেমাৰৰ ফলত দুৰ্বল হৈ পৰে তেতিয়া মানুহজন খুব খিংখিঙিয়া স্বভাৱৰ হয় আৰু সৰু সৰু কথাতে খং উঠে। তেনেদৰে শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা দুর্বল হ’লে শৰীৰৰ অংগ-প্রত্যংগবিলাক খিংখিঙিয়া হয় আৰু অতি সংবেদনশীল (hypersensitive) হয়। সৰু সৰু কিছুমান কাৰকৰ প্ৰভাৱত যেনে— ধূলি, ধোঁৱা, পাৰফিউম, ঠাণ্ডা বাতাৱৰণ, ঠাণ্ডা পদার্থ, টেঙা পদার্থ সেৱন, গৰিষ্ঠ বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হয় আৰু অতি সংবেদনশীল হৈ পৰে যাক আমি hypersensitivity reaction বা এলাৰ্জিজনিত পার্শ্বক্রিয়া বুলি কওঁ।

এলাৰ্জিৰ লক্ষণসমূহ

এলাৰ্জিজনিত পাৰ্শ্বক্রিয়াৰ ফলত হ’ব পৰা বিভিন্ন লক্ষণসমূহ এনেধৰণৰ

  • ছালত হোৱা লক্ষণ: ছাল বিজবিজোৱা, ৰঙা পৰা, খজুৱতি, ফুলি উঠা, পানী জোলা, ছাল উখহি উঠা ইত্যাদি।
  • মুখমণ্ডলত হোৱা লক্ষণ: মুখমণ্ডল, ডিঙি, চকুৰ পতা, ওঁঠ, জিভা ফুলি বা উখহি উঠা, মাত ভাঙি যোৱা, মূৰৰ বিষ ইত্যাদি।
  • নাকত হোৱা লক্ষণ: নাকৰ ফুটা বন্ধ হৈ যোৱা, নাকৰ পৰা পানী ওলোৱা, হাঁচি, নাক আৰু ডিঙিৰ পৰা ডাঠ বিজলুৱা পদার্থ ওলোৱা ইত্যাদি।
  • চকুত হোৱা লক্ষণ: চকু ৰঙা পৰা, খজুৱতি, চকুৰ পতা ফুলি যোৱা ইত্যাদি।
  • পাকস্থলীত হোৱা লক্ষণ: পেটৰ বিষ, বমি ভাব, বমি, ডায়েৰিয়া, তেজযুক্ত ডায়েৰিয়া ইত্যাদি।
  • হাওফাঁওত হোৱা লক্ষণ: হাঁওফাঁওৰ পৰা সোঁ সোঁ শব্দ হোৱা, দীঘল দীঘলকৈ উশাহ লোৱা, শ্বাস কষ্ট, মৃত্যু ইত্যাদি।
  • অন্য লক্ষণ: ভাগৰুৱা বা অৱশতা, মূৰ আচন্দ্ৰাই কৰা বা ঘূৰোৱা, মূৰ পাতল পাতল লগা, অজ্ঞাত হৈ যোৱা, গোটেই শৰীৰত ৰঙা চকলা চকল দাগৰ লগতে খজুৱতি (urticaria) ইত্যাদি।

এলাৰ্জেনৰ প্ৰকাৰ আৰু মানুহজনৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অনুযায়ী লক্ষণসমূহো ভিন ভিন হয়। ওপৰিউক্ত লক্ষণসমূহৰ যিকোনো লক্ষণে দেখা দিলেই চিকিৎসকৰ ওচৰ চপা উচিত। কাৰণ এলাৰ্জিজনিত পার্শ্বক্রিয়াই খুব কম সময়ৰ ভিতৰতে ভয়ানক ৰূপ ল’ব পাৰে।

এলাৰ্জিৰ ফলত হ’ব পৰা জটিলতা

এলাৰ্জিৰ ফলত শৰীৰৰ বিভিন্ন অংগ বা অংশ আক্রান্ত হ’ব পাৰে।

  • যদি নাকৰ শ্লেষ্মাৱৰণ আক্রান্ত হয় তেন্তে তাৰ পৰা এলাৰ্জিক ৰাইনাইটিচ বা সহজ ভাষাত চর্দি বা পানী লগা (hay fever) উৎপন্ন হয়।
  • তাৰ পৰা অলপ ভিতৰত nasopharynx আক্ৰান্ত হ’লে adenoid প্রভাৱিত হয়।
  • Oropharynx আক্ৰান্ত কৰি টনচিলাইটিচৰ সৃষ্টি কৰে।
  • মুখমণ্ডলৰ চাইনাচক আক্রান্ত কৰি চাইনাচাইটিছৰ সৃষ্টি কৰে।
  • লগতে মূৰৰ ফালে আক্রমণ কৰি মাইগ্রেইনৰ মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে।
  • ই আমাৰ চুলি সৰা বা চুলিৰ অকালপক্কতাৰ কাৰণো হ’ব পাৰে।
  • এই এলাৰ্জি যদি শ্বাসনলীৰ তলৰ অংশত গুচি যায়। তাৰ পৰা ব্ৰংকিয়েল এজমাৰ সৃষ্টি হয়।

যদিও ওপৰত উল্লেখ কৰা বেমাৰবোৰৰ নাম বা লক্ষণ ভিন ভিন হয়৷ ইহঁতৰ কাৰণ একেটাই। সেইটো হৈছে এলার্জি।

পৰীক্ষাগাৰত কৰিব লগীয়া পৰীক্ষা

  • তেজৰ সম্পূর্ণ কোষৰ সংখ্যা নির্ণয় (Complete blood count) এইটো পৰীক্ষাত তেজৰ ইওচিন'ফিল নামৰ কোষৰ সংখ্যা বেছিকৈ ওলাব পাৰে।
  • IgE বা ImmunoglobulinE এণ্টিবডিৰ পৰীক্ষাৰ সহায়ত মানুহজনৰ কি কি পদার্থৰ প্ৰতি এলাৰ্জি আছে তাক পৰীক্ষা কৰা হয়।
  • কিছুমান ইনজেকশ্যন লগোৱাৰ আগতে ছালত পৰীক্ষা কৰিবলৈ দিয়া হয়।

এলাৰ্জিৰ প্ৰতিৰোধ

যি কাৰকৰ পৰা এলাৰ্জিৰ সৃষ্টি হয় সেই কাৰকৰ পৰা আঁতৰি থকাই একমাত্র প্রতিৰোধ। লগতে আমি সুষম আহাৰ, ফলমূল, সেউজীয়া শাক-পাচলি বেছিকৈ সেৱন কৰিব লাগে। ধূলি-বালি বা প্ৰদূষিত বাতাৱৰণৰ পৰা পাৰ্যমানে আঁতৰি থাকিব লাগে।

চিকিৎসা

আধুনিক চিকিৎসা ব্যৱস্থাত ইণ্টিহিষ্টামিনিক, ষ্টেৰইড ইত্যাদি ব্যৱহাৰ কৰা হয় আৰু অতি ভয়াৱহ এলাৰ্জিজনিত পাৰ্শ্বক্রিয়াৰ ক্ষেত্ৰত এপিনেফ্রিন নামৰ ঔষধ (injection) ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি এলাৰ্জিৰ ফলত হোৱা বিভিন্ন লক্ষণ বা জটিলতাৰ বাবে সেই লক্ষণ বা জটিলতা অনুযায়ী চিকিৎসা কৰা হয়।

আয়ুর্বেদিক চিকিৎসা

আয়ুর্বেদত এই সমস্যাটোৰ প্ৰতিৰোধ তথা ইয়াৰ লক্ষণ আৰু জটিলতা অনুযায়ী বিভিন্ন ঔষধিৰ ব্যৱহাৰৰ উল্লেখ আছে। একক ঔষধিৰ ভিতৰত হৰিদ্রা, গুৰুচী, আদা, পিপ্পলী, ক’লা জালুক, দালচেনী, কণ্টকাৰী, বাসা, মূলেথি, তুলসী ইত্যাদিয়েই প্রধান।

শাস্ত্রীয় ঔষধ

লক্ষণ আৰু জটিলতাৰ ভিন্নতা অনুযায়ী তলৰ শাস্ত্ৰীয় ঔষধসমূহ প্ৰয়োগ কৰা হয়। যেনে— হৰিদ্ৰা খণ্ড, ত্ৰিকটু চূৰ্ণ, শীতোপলাদি চূৰ্ণ, মূলেথি চূৰ্ণ, তালিসাদি চূৰ্ণ, গিলোই সত্ব, কৈশোৰ গুগ্গুল, নাৰদীয় লক্ষ্মীবিলাস ৰস, তংকন ভস্ম, স্ফটিকা ভস্ম, কণ্টকাৰী অৱলেহ, বাসা অৱলেহ, চিত্ৰক হৰিতকী অৱলেহ ইত্যাদি।

পেটেন্ট ঔষধী

চেপ্টিলিন, Immusante, লাৰ্জিনা, শীতপিত্তাত্বক বটী ইত্যাদি।

ওপৰত উল্লেখ কৰা ঔষধসমূহ চিকিৎসকৰ পৰামৰ্শ অবিহনে সেৱন কৰা অনুচিত।  কাৰণ ভিন ভিন ৰোগী বা মানুহ অনুসৰি ঔষধো ভিন ভিন হয়।

লিখক: ডা: মুকুল শৰ্মা।

 

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate