অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এটি জটিল মানসিক ৰোগ- Obsessive-compulsive disorder (OCD) :

 

পৃথিবীখন যিমানেই উন্নতিৰ দিশে ধাবমান হৈছে সিমানেই ন ন স্বাস্থ্যজনিত সমস্যাই দেখা দি সমাজখনক চিন্তাক্লিষ্ট কৰি তুলিছে৷ আজি এবিধ জটিল মানসিক ৰোগ OCDৰ বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছোঁ৷ দুটা দশক আগতে সিমান গুৰুত্ব নোপোৱা এই ৰোগে বৰ্তমান চিকিৎসা বিজ্ঞানী আৰু সমাজ বিজ্ঞানৰ লগত জড়িত লোকসকলক নতুনকৈ গভীৰভাবে ভাবিবলৈ বাধ্য কৰি তুলিছে৷ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপত এই ৰোগৰ প্ৰাদূৰ্ভাৱ ২ৰ পৰা ৩শতাংশ হোৱাৰ বিপৰীতে আমাৰ দেশ ভাৰতবৰ্ষত এক শতাংশকৰো কম ৰোগী আছে বুলি ইণ্ডিয়ান জাৰ্ণেল অৱ চাইক্ৰিয়াটিত প্ৰকাশিত এক নিবন্ধত কোৱা হৈছে৷ বৰ্তমান অষ্ট্ৰেলিয়াত ৫ লাখৰো অধিক এনে ৰোগী চিকিৎসকৰ তত্বাবধানত আছে বুলি জনা যায়৷

১৯১০ চনত ফ্ৰয়েডে(Sigmund Freud) এই ৰোগৰ বৰ্ণনা দিয়াৰ আগলৈকে মানুহে এনে মানসিক ৰোগ সম্বন্ধে ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ আছিল৷ আনকি আজিও আমাৰ দেশত বহু এনে মানসিক ৰোগীক ডাইনী বা ভূত-প্ৰেত লম্ভা বুলি সন্দেহৰ চকুৰে চোৱা হয় বুলিলে অত্যুক্তি কৰা নহব৷
অসমীয়াত এই ৰোগৰ নিৰ্দিষ্ট নামাকৰণ কিবা কৰা হৈছে যদি মোৰ জ্ঞাত নহয়৷ তথাপি ইয়াক আমি 'মনোগ্ৰাসিত বাধ্যতা বিকাৰ' আখ্যা দিব পাৰোঁ৷ এটি সাধাৰণ উদাহৰণেৰে আলোচনাটি আগবঢ়াওঁ- এগৰাকী ৩৫ বছৰীয়া গৃহিণী, ৩টি সন্তানৰ মাতৃ- যি আগতে ওচৰ-চুবুৰীয়াৰ ঘৰলৈ মিলাপ্ৰীতিৰে অহা-যোৱা কৰিছিল৷ এতিয়া যোৱা ৫/৬ বছৰৰ পৰা বেচিকৈয়ে পৰিষ্কাৰ-পৰিচ্ছন্ন থাকিবলৈ যত্নপৰ হোৱা দেখা গ'ল৷ বাৰম্বাৰ একেবোৰ বাচনকে ধুই ধুই থাকে৷ আনকি শীতকালৰ ঠাণ্ডাটো কেথা-কম্বল ধুই ৰ'দত মেলি দিয়াত ব্যস্ত থাকে৷ এওঁ হ'ল এই মানসিক ৰোগৰ চিকাৰ৷

মনোগ্ৰাসিত বাধ্যতা বিকাৰ সকলো বয়সৰ সকলো জাতি-উপজতিৰ পুৰুষ-মহিলা উভয়ৰে হব পাৰে৷ এই ৰোগৰ ভুক্তভোগী দুজন বিখ্যাত লোক হ'ল- ব্ৰিটেইনৰ কবি চেম্যুৱেল জনচন আৰু আমেৰিকান চিত্ৰ নিৰ্মাতা-অভিনেতা হাৱাৰ্ড হিউ'গন৷ ৰোগৰ আৰম্ভণিৰ গড় বয়স ১৯ বছৰ বুলি এক তথ্যত প্ৰকাশ হৈছে৷ একে পৰিয়ালৰে একাধিক লোক ৰোগাক্ৰান্ত হোৱালৈ চাই ৰোগৰ ক্ষেত্ৰত বংশগতিৰ প্ৰভাৱ থাকিব পাৰে বুলি অনুমান কৰা হৈছে৷ ইয়াৰ ওপৰিও পাৰিপাৰ্শ্বিকতা, জীৱন ধাৰণৰ পদ্ধতি, কিছুমান ঘটনা-দূৰ্ঘটনা(যেনে Sexual abuse) আদিৰ প্ৰভাৱটো মনোগ্ৰাসিত বাধ্যতা বিকাৰ উৎপন্ন (Precipate) হব পাৰে৷

ৰোগৰ ক্ষেত্ৰত চেৰটনিনৰ(Serotonin) ভূমিকা -

পাকস্থলীৰ স্নায়ুতন্ত্ৰত ট্ৰিপ্টফেন নামৰ এমাইনো এচিডৰ পৰা উৎপন্ন হোৱা ৰাসায়নিক দ্ৰব্য চেৰটনিনৰ ভূমিকা হ'ল মানুহৰ মুড নিয়ন্ত্ৰণত ৰখা৷ চেৰটনিনৰ অভাৱত যৌন উত্তেজনা বাঢ়ে আৰু চেৰটনিন বাঢ়িলে যৌন ক্ষুধা কমে৷ এই ৰাসায়নিক দ্ৰব্যই নিদ্ৰা নিয়ন্ত্ৰণত ৰাখে৷ নিয়মীয়া পৰিমানৰ চেৰটনিনে মন শান্ত, চিন্তাৰহিত, সুখী আৰু একাগ্ৰচিত্তে ভাবিব পৰা কৰি ৰাখে৷ তেজত চেৰটনিনৰ স্বাভাবিক পৰিমাণ হ'ল- ১০১ৰ পৰা ২৮৩ নেনোগ্ৰাম প্ৰতি মিলিলিটাৰত৷

ৰোগৰ লক্ষণ -

এইবিধ মনোৰোগৰ প্ৰকৃতি হ'ল দীৰ্ঘকাল চলি থকা- যাক ডাক্তৰী ভাষাত ক্ৰনিক ৰোগ বুলে৷ এই অসুখৰ ফলত ৰোগীৰ আত্মীয় স্বজনৰ লগত সম্পৰ্কৰ বিজুতি ঘটাৰ সম্ভাৱনাই দেখা দিয়ে৷ দুশ্চিন্তা হ'ল ৰোগৰ এক প্ৰধান লক্ষণ৷ দুশ্চিন্তাই ক্ৰমে মনলৈ বিষাদ, হতাশা, একাকী ভাৱ আৰু ডিপ্ৰেচন আনিব আৰু ৰোগৰ গভীৰ পৰ্য্যায়ত আত্মহননৰ চিন্তা ৰোগীৰ মনলৈ আহিব পাৰে৷

ৰোগীৰ মনলৈ অহা কিছুমান চিন্তাই এনে ৰূপ লব পাৰে -

*বীজাণুৰ আক্ৰমণৰ ভয়ত বাৰম্বাৰ হাত ধুই থকা,

*নিজৰ শৰীৰৰ দূৰ্গন্ধ আতৰ নোহোৱা বুলি বাৰম্বাৰ গা ধুই থকা,

*কাপোৰ পৰিষ্কাৰ নোহোৱা বুলি ভাবি একেখিনি কাপোৰ বাৰম্বাৰ ধুই থকা,

*ঘৰৰ তলাটো, দুৱাৰখন, লাইটটো, চোলাৰ বুটাম আদি বাৰম্বাৰ পৰীক্ষা থকা।

থোৰতে ৰোগৰ লক্ষণ কিছুমান হ'ল- বাৰে বাৰে একেখিনিকে ধুই বা চাফা কৰি থকা৷ একেটা পৰীক্ষাকে বাৰম্বাৰ কৰি থকা৷ অবাবত অত্যধিক বস্তু জমা কৰা (Hoarding)৷ হিংসুক, কামুক বা ধাৰ্মিক চিন্তাত অনবৰত লিপ্ত থকা৷

চিকিৎসা -

মনোৰোগ বিশেষজ্ঞৰ কাষ চাপি পৰামৰ্শ লোৱাটো একান্ত আৱশ্যক৷ ৰোগীৰ লগত বিতং একান্ত আলোচনা কৰি চিকিৎসকে দিহা-পৰামৰ্শ আগবঢ়াব৷ ৰোগী হয়তো আজীৱন চিকিৎসকৰ তত্বাবধানত আৰু দৰব নিৰ্ভৰশীল হৈ থাকিব লগীয়া হব পাৰে৷

দৰব আৰম্ভ কৰাৰ পৰা ৰোগৰ উপশম ঘটালৈ ১২সপ্তাহ সময় অপেক্ষা কৰিবলগীয়া হব পাৰে৷ কেইবিধমান উপযোগী দৰবৰ নাম হ'ল–

*Fluoxtene,

*Fluvoxamine,

*Clomipramine, Sertraline আদি।

মোখনিত ইমানেই কম যে এনে ৰোগীক সদায় সহানুভূতিৰে চাব আৰু ৰোগীক কেতিয়াও অকলে নেৰিব৷ যোগাসন, ধ্যান, নানাবিধ আসন আদিয়ে কিছুমান ৰোগীক উপকৃত কৰা দেখা যায়৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 0097433738722

 

 

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate