অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এন'ৰেক্সিয়া নাৰ্ভছা : সৌন্দর্য চেতনাৰ ৰোগ

এন'ৰেক্সিয়া নাৰ্ভছা : সৌন্দর্য চেতনাৰ ৰোগ

 

বর্তমান যুগত সকলো যুৱতীৰ সপোন হৈছে কমকৈ খাই, নিজকে ক্ষীণাংগী কৰি ৰখাটো। এই সপোন বা বাসনা তেওঁলোকৰ মনত ইমান গভীৰ হৈ পৰে যে তেওঁলোকৰ বহুতে দিনটো একো নোখোৱাকৈও পাৰ কৰে। সামান্য ব্রেড, বিস্কুট এখনেই হৈ পৰে তেওঁলোকৰ দিনটোৰ খাদ্য। তাৰ বাহিৰে খোৱা বস্তু দেখিলেই তেওঁলোকে জাপ মাৰি উঠে। কেনেকৈ নোখোৱাকৈ জীয়াই থাকিব পাৰি। তেওঁলোকৰ সেইটোহে চিন্তা। সেইবাবে এওঁলোকক লৈ পিতৃ-মাতৃৰ চিন্তাৰ অন্ত নাই। কিন্তু ডাঙৰ কথা হৈছে, এই মনোভাবৰ বাবে যুৱতীসকলে এসময়ত নানা ধৰণৰ শাৰীৰিক ৰোগত ভুগিবলগীয়া হয়। বর্তমান যুগৰ বিজ্ঞানীসকলে এই ৰোগৰ নাম দিছে 'এন'ৰেক্সিয়া নাৰ্ভছা'।

'এন'ৰেক্সিয়া নাৰ্ভছা' ৰোগ হ’লে ৰোগী অত্যন্ত দুর্বল হৈ পৰে। দৃষ্টিশক্তিৰ বাধা আহিব পাৰে। পেটৰ নানা ৰোগে দেখা দিয়ে। বুকু ধপধপাবলৈ ধৰে। চুলি খুব বেছিকৈ সৰিবলৈ ধৰে। ছাল অত্যন্ত শুকান হৈ পৰে। ধৈর্য, মানসিক শান্তি হ্রাস হৈ ৰোগী খুব বেছি খিংখিঙীয়া হ’বলৈ ধৰে। পাছলৈ অলপ কাম কৰিলেই অৱসাদ ভাব আহে আৰু খুব সোনকালে অতিমাত্রা হতাশাত ভুগিবলৈ আৰম্ভ কৰে, যি একপ্ৰকাৰ মানসিক ৰোগলৈ গতি কৰা বুলি ক’ব পাৰি। এই ৰোগৰ পূর্বাভাস কেনেকৈ সেই বিষয়ে অলপ জানি লওঁ আহক দেখিব- প্রথমতে, আপোনাৰ সন্তানে শৰীৰ ক্ষীণ কৰি ৰখাৰ উদ্দেশ্য খোৱা পৰিত্যাগ কৰিছে। দ্বিতীয়তে, তেওঁৰ অতিপাত কৰ্মৰ প্রতি ধাউতি বাঢ়িছে। শৰীৰ-মন তজবজীয়া কৰি ৰাখিবৰ বাবে অনবৰত ক’লৈ যাওঁ, কি কৰো ভাবত অস্থিৰ হৈ থাকে। ব্যায়াম কৰাৰ প্ৰতি প্রবল ধাউতি বাঢ়ে। সন্তানৰ মনৰ এনে অৱস্থা লক্ষ্য কৰিলেই এইবোৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। বহুতো যুৱতীয়ে আনকি খোৱাৰ পাছত বমি কৰি উলিয়াই দিয়া, ভোক নলগা ঔষধ খোৱা আদি কামবোৰ কৰাও দেখা যায়।

সম্প্রতি কেৱল যুৱতীসকলেই এই ৰোগৰ চিকাৰ হৈ থকা নাই। ২০ৰ পৰা ২৫ বছৰ বয়সৰ ভিতৰৰ যুৱকসকলেও এই ৰোগত ভুগিবলৈ লৈছে। ডাঙৰ চহৰবোৰৰ বহুতো যুৱকে ক্ষীণ হৈ থকা, মুখৰ গঢ় সুন্দৰ কৰি ৰখাৰ বাসনাৰে খোৱা-বোৱা পৰিত্যাগ কৰি এই ৰোগ মাতি অনা ৰোগীৰ চিকিৎসা ইতিমধ্যে বহুতো চিকিৎসকে কৰিব লগা হৈছে বুলি জানিব পৰা গৈছে। এই ৰোগত ভোগা ৰোগীক হাস্পতালত ভর্তি কৰাব লগা হয়। তেতিয়া তেওঁলোকক চাব লাগে যাতে তেওঁলোকে খোৱাৰ পাছত বমি নকৰে আৰু শৰীৰৰ বাবে প্রয়োজনীয় সকলো প্ৰ’টিন, ভিটামিন আদি লাভ কৰে। এনে ৰোগীক কেতিয়াবা মনোবিজ্ঞানীৰ ওচৰলৈকো নিবলগীয়া হয়। তদুপৰি এনে ৰোগত পৰিলে যুৱতীসকলে খুব সোনকালে "মাহেকীয়া” সম্পৰ্কীয় বিভিন্ন ৰোগতো ভোগা দেখা যায়। এই ৰোগ আৰম্ভ হওঁতে প্রথমতে আওকাণ কৰা হয় আৰু সময়ত নিজে নিজে ভাল হৈ যাব বুলি ধৰা হয়। তেনেকৈ ভাবি থাকোতে পাছলৈ ৰোগে শৰীৰ আৰু মনত প্ৰবল ৰূপ ধাৰণ কৰি জীৱনৰ বহু ক্ষতি সাধন কৰি পেলায়। অভিভাৱক হিচাপে আমি অতি সচেতন হ’ব লাগিব যাতে আমাৰ ল’ৰা-ছোৱালীয়ে হোৱাই নোহোৱাই হিন্দী ছবিৰ ক্ষীণ অভিনেত্রী বা মডেলসকলক অনুসৰণ কৰি তেনে দেহৰ গৰাকী হ’বলৈ ভুলতো চেষ্টা নকৰে। কাৰণ তেনে

অভিনেত্রী, মডেল, ছুপাৰ মডেলৰ থাকে ব্যক্তিগত ডায়েটিচিয়ান, ফিজিচিয়ান, শৰীৰ বিশেষজ্ঞ, সৌন্দর্য বিশেষজ্ঞ ইত্যাদি। তেওঁলোকে শৰীৰটোৰ বাবে লাখ লাখ টকা খৰচ কৰে, ঘটেও সেইদৰে কোটি কোটি টকা। কিন্তু তেওঁলোকক অনুসৰণ কৰিবলৈ গৈ মিছাকৈয়ে আমাৰ ল’ৰা-ছোৱালীৰ স্বাস্থ্যটোকেই হেৰায়। তাতকৈ আমাৰ সমাজৰ ল’ৰা-ছোৱালীয়ে সুস্বাস্থ্য অটুট ৰাখি, পঢ়া-শুনা বজাই ৰাখি বৌদ্ধিক দিশৰ পৰিচয় দিয়াটোৱেই প্রকৃত শুদ্ধ কথা। তাৰ বাবে শৰীৰৰ বাবে প্রয়োজনীয় শাক-পাচলিৰ পৰা সকলো ভিটামিন, মিনাৰেল, প্ৰ'টিন আদি যুক্ত খাদ্য খাই

নিজকে সুস্থ, স্বাস্থ্যৱান কৰি ৰাখিবলৈ যত্ন কৰা উচিত। উপযুক্ত ব্যায়াম, গান শুনা, ভাল কিতাপ পঢ়া, পঢ়া-শুনাৰ উপৰি ঘৰুৱা প্রয়োজনীয় কামেৰে নিজৰ মন আৰু স্বাস্থ্য ভালে ৰাখিব পাৰি। খোৱা-বোৱা ঠিকে ৰাখি, নিয়মিত শৰীৰ চৰ্চা কৰিলে এনেয়েও সুন্দৰ হৈ উঠিব পাৰি। তাৰ বাবে নাখাই-নকৈ 'এন'ৰেক্সিয়া নাৰ্ভছা’ ৰোগক আমন্ত্রণ জনোৱাৰ আৱশ্যকতা নাই।

লেখিকা: অশুংমা শইকীয়া, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate