অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এলাৰ্জিৰ সৈতে মোকাবিলা

এলাৰ্জিৰ সৈতে মোকাবিলা

এলাৰ্জি নামৰ শব্দটো প্ৰায়ভাগৰে মুখত শুনা যায়। ই বহুতকে নানা ধৰণে কষ্ট দিয়ে। ঔষধ খাই হয়তো উপশম হয়। কিন্তু পুনৰ ভুগিবলগীয়া হয়। সি যি কি নহওক, এলাৰ্জি সম্পূৰ্নৰূপে ভাল হয় এই কথা ক’বলৈ টান। কিন্তু কমি যায় বা নিয়ন্ত্ৰণত ৰাখিব পাৰি বুলি ক’ব পাৰি। গতিকে কিবা এলাৰ্জি থাকিলে ভাগি পৰাৰ ভাগি পৰাৰ কথা নাই। এলাৰ্জিয়ে দেখা দিলে ঠিক সময়ত চিকিৎসা পদ্ধতি মানি চলিলে আৰু নিয়ম মানি চলিলে নিশ্চয় সুস্থতা অনুভৱ কৰিব পৰা যায়। আজিকালি বহু অসম্ভবো সম্ভব হয়জ। বায়োটেকন’জীৰ দ্ৰুত অগ্ৰগতিৰ ফলত হয়তো ভৱিষ্যতে জেনেটিক ইঞ্জিনীয়াৰিঙৰ সহায়ত বহু দুৰাৰোগ্য ৰোগ চিকিৎসাৰ আয়ত্তলৈ আনিব পৰা যাব। তাৰ গৱেষণা চলিয়ে আছে। গতিকে কোনে জানে হাঁপানিৰ দৰে অসুখো ভাল হৈ পৰিব পাৰে। অৱশ্যে সময়েই দিব সেই উত্তৰ।

বায়ুমণ্ডলত উৰি থকা ধূলি এনে এক বস্তু যাক ইচ্ছা কৰিলেও আপুনি, আমি কোনেও এৰাই চলিব নোৱাৰো। হাঁপানি ৰোগ থকাসকলৰ বাবে ধূলি বোলা বস্তুটোৰ মাজতে আতংক সোমাই থাকে। এলাৰ্জি বুলিলে গাৰ ছালত হোৱা নানা সমস্যা, কাহ-হাঁচি, নাকৰ সোঁতৰ উপৰি ৰোগ থকাসকলক কাহিল কৰি তোলে।

কিন্তু সাৱধানতাখিনি মানি চলিলে হাঁপানি থকাসকলেও এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি। সাধাৰণতে ৰাস্তাৰ ধূলি বা বতাহত উৰি অহা যি ধূলি-বালি আমাৰ শৰীৰত প্ৰৱেশ কৰে সেইবোৰ মূলতঃ অজৈৱ পদাৰ্থ। সেইবোৰৰ পৰা আমাৰ বিৰক্তি উপজিব পাৰে, কিন্তু তেনে কোনো অসুবিধাত নেপেলায়। কিন্তু ঘৰত জমা হৈ থকা ধূলি-বালিয়েহে হাঁপানি ৰোগৰ কষ্ট বঢ়োৱাত সহায় কৰে। গতিকে যিসকলৰ ঘৰৰ কোনোবা হাঁপানি ৰোগত ভুগি থকা লোক আছে সেইখন ঘৰৰ লোক ধূলি-বালি চাফা কৰি ৰখাৰ প্ৰতি অধিক সচেতন হোৱা উচিত। ঘৰৰ চূক-কোণ চাফা থকা উচিত। সাধাৰণতে বাহিৰত থকা কিতাপ-পত্ৰ, পৰ্দা, বিছনা-চাদৰ, লেপ-গাৰু আদিত থকা ধূলি-বালি মচি, জাৰি-জোকাৰি চাফা কৰি ৰাখিব লাগে। ঠাণ্ডা দিনত লেপ-তুলি-গাৰু-ব্লেংকেট আদি নিয়মিত ৰ’দাই ল’ব লাগে। তাৰ উপৰি ৰোগীয়ে গৰম পানী খোৱা, কুলকুলি কৰা এইবোৰ যতনৰ দ্বাৰাও ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰে। হাঁপানি ৰোগীৰ বাবে আন এক গুৰুত্বপূৰ্ণ কথা হৈছে বন্ধ ঘৰৰ বন্ধ পৰিৱেশত সোমাই নাথাকি ঘৰৰ বাহিৰৰ ৰ’দ পৰা মুকলি ঠাইত থিয় হৈ দীঘলকৈ উশাহ-নিশাহ ল’ব লাগে।

গতিকে যাৰ দ্বাৰা এলাৰ্জি আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে, সেইবোৰৰ পৰা নিজক আঁতৰাই ৰাখি এক স্বাভাৱিক জীৱন বাৰ্তাই নিজৰ কৰিবলগীয়া কাম কৰি যাব পাৰি।

লেখিকা: ৰূপা মেধি(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate