অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁকালৰ বিষ, ইয়াৰ প্ৰতিকাৰ :

 

দৈনন্দিন জীৱনত কাম-কাজ পৰিচালনা কৰাৰ সময়ত বহুতে কঁকালত বিষ অনুভৱ কৰে । বহুতে এই বিষ লৈয়ে কাম কৰি থাকে । দীৰ্ঘদিন ধৰি এনেদৰে বিষত আক্ৰান্ত হোৱাৰ পিচত যদিহে উপযুক্ত চিকিৎসা নকৰে, পৰৱৰ্তী সময়ত বিষে জটিল ৰুপ ধাৰণ কৰে । সচৰাচৰ দেখা যায় যে বহুতেই কঁকালৰ বিষত আক্ৰান্ত হোৱা বুলি জানিব পাৰিও চিকিৎসা কৰিবলৈ আগ্ৰহী নহয় । বয়সৰ বেমাৰ বুলি ভাবিয়ে চিকিৎসাৰ দ্বাৰা আতৰি থাকে । ফলত কিছুমানৰ কঁকাল হালি যায় । কাম কৰিতে হালি কৰিবলগীয়া হয় ।

কঁকালৰ বিষ যিকোনো বয়সৰ লোকৰে হ’ব পাৰে । প্ৰায়ভাগৰে মনত এটা ভ্ৰান্ত ধাৰণা আছে যে বয়স্ক লোকৰহে কঁকালৰ বিষ হয় । সাধাৰণতে ৩০ বছৰৰ পিচত এই ৰোগ বেছিকৈ হোৱা দেখা যায় ।

সাধাৰণতে যিসকল লোকে বেছিকৈ ঘূৰা-ফুৰা কৰে, তেওঁলোকৰ এই ৰোগ বেছিকৈ হয় । দীৰ্ঘ সময় গাড়ী চলোৱা বা ভ্ৰমণলৈ যোৱা, দীৰ্ঘ দূৰত্ব খোজ কাঢ়ি যোৱা আদি লোকৰ কঁকালৰ বিষ হোৱাৰ শংকা বেছি । তদুপৰি বেছি সময় বহি থাকিলেও এনে সমস্যাই গা কৰি উঠিব পাৰে । পুৰুষ-মহিলা সকলোৱে এই ৰোগত আক্ৰান্ত হয় । অৱশ্যে অভিজ্ঞতাৰ পৰা এইটো ক’ব পাৰি যে পুৰুষ-মহিলাৰ ভিতৰত তুলনামূলকভাৱে পুৰুষসকল বেছিকৈ আক্ৰান্ত হয় ।

কাৰণ -

১) ৮০% লোকৰ কঁকালৰ বিষৰ অন্যতম কাৰণ হিচাপে দেখা যায় লাম্বাৰ স্পণ্ডেল’ছিছ । এংকাইল’চিং স্পণ্ডেলাইটিছৰ বাবে কঁকালৰ বিষ হয় ।

২) হাওলি কাম কৰিলে কঁকালৰ বিষ হয় । কিছুমান কাম অপ্ৰয়োজনীয়ভাৱে হাওলি কৰাৰ ফলত কঁকালত খামোচ মাৰি ধৰাৰ দৰে অনুভৱ হয় ।

৩) বেছি ওজন দাঙিলেও হঠাতে কঁকালৰ বিষ হোৱা দেখা যায় ।

৪) আঘাতৰ বাবেও কঁকালৰ বিষ হোৱা দেখা যায় । বিশেষকৈ দুৰ্ঘটনাত পতিত হ’লে এনেধৰণৰ আঘাত হোৱাৰ ফলত তাৎক্ষণিকভাৱে অথবা পৰৱৰ্তী সময়ত কঁকালৰ বিষ হয় ।

৫) শ্লিপডিস্ক হ’লেও কঁকালৰ বিষ হ’ব পাৰে ।

৬) কঁকালৰ বিষৰ অন্যতম কাৰণ কোষ্ঠকাঠিন্য । অৱশ্যে এই বিষয়ে বহুতেই জ্ঞাত নহয় । কোষ্ঠকাঠিন্য পেটৰ ৰোগ হ’লেও ইয়াৰ পৰোক্ষ প্ৰভাৱ পৰে কঁকালৰ ওপৰত ।

৭) যদিহে মহিলাসকলৰ মাহেকীয়া অনিয়মীয়া হয় , তেতিয়াহ’লে কঁকালৰ বিষ হোৱাৰ শংকা থাকে ।

৮) অষ্টিঅ’পৰোছিছ ৰোগৰ বাবে কঁকালৰ বিষ আৰম্ভ হয় । বিশেষকৈ বয়স্ক লোকৰ ক্ষেত্ৰত এই সমস্যাই ঘাইকৈ গা কৰি উঠে ।

৯) হাড়ৰ সংক্ৰমণৰ বাবে কঁকালৰ বিষ হয় । যেতিয়া হাড়ত সংক্ৰমণৰ উপৰি টি বি আদি হয়, তেতিয়া লাহে লাহে কঁকালৰ বিষ হ’বলৈ ধৰে ।

১০) মেদবহুলতা হ’ব পাৰে কঁকালৰ বিষৰ অন্যতম কাৰণ । আজিকালি শিশুসকলৰ মাজত মেদবহুলতাৰ প্ৰৱণতা বৃদ্ধি পাইছে । অত্যধিক চৰ্বিযুক্ত খাদ্য গ্ৰহণৰ বিপৰীতে কায়িক শ্ৰম কমকৈ কৰা বাবে মেদবহুলতাই গা কৰি উঠে আৰু ফলত কঁকালৰ বিষ আৰম্ভ হ’ব পাৰে ।

১১) হাড়ৰ গঠন অস্বাভাৱিক হ’লে কঁকালৰ বিষ হয় । কিছুমান হাড়ৰ জন্মগতভাৱে ক্ৰটি থাকে । এনে ক্ৰটিৰ ফলত বিষ হোৱা দেখা যায় ।

লক্ষণ -

১) কঁকালৰ  তলৰ অংশত বিষ হোৱাটো এই ৰোগৰ অন্যতম লক্ষণ । অৱশ্যে এই বিষ কেতিয়াবা কঁকালৰ উপৰি ভৰি আদিলৈ সম্প্ৰসাৰিত হ’ব পাৰে । কেতিয়াবা এই বিষ হাতলৈকে সম্প্ৰসাৰিত হোৱা দেখা যায় ।

২)  সন্মুখৰ তল পেটৰ বিষ হোৱাটো কঁকালৰ বিষৰ আন এক লক্ষণ ।

৩) যিকোনো কাম কৰিলে, বিশেষকৈ তলফালে হাওলি কাম কৰিলে বিষাবলৈ আৰম্ভ কৰে ।

৪) নিশা কঁকালৰ বিষ বেছিকৈ হোৱা দেখা যায় ।

৫) কঁকালৰ বিষ হ’লে আঙুলি আদি দুৰ্বল হৈ পৰে । একো বস্তু দাঙিবলৈ মন নাযায় ।

৬) স্পৰ্শহীনতা কঁকালৰ বিষৰ উল্লেখযোগ্য লক্ষণ । কিছুমানে এই ৰোগত আক্ৰান্ত হ’লে কঁকাল স্পৰ্শ কৰিলেও অনুভৱ নকৰে ।

৭) স্নায়ৱিক দুৰ্বলতা এই ৰোগৰ আন এক লক্ষণ বুলি কোৱা হয় ।

৮) শ্লিপডিস্ক হোৱাটো কঁকালৰ বিষৰ আন এক লক্ষণ ।

৯) কঁকালৰ বিষত আক্ৰান্ত হ’লে শৌচ-প্ৰস্ৰাৱৰ নিয়ন্ত্ৰন নাথাকিব পাৰে ।

জানি থোৱা ভাল -

কঁকালৰ বিষ কোনো নতুন সমস্যা নহয় । সমগ্ৰ বিশ্বৰে ৮০% লোক কঁকালৰ বিষত আক্ৰান্ত । সমগ্ৰ বিশ্বতে ১৫% কৰ্মৰত লোকে ছুটী ল’বলগীয়া হয় কঁকালৰ বিষত আক্ৰান্ত হোৱা বাবে । উল্লেখ্য যে এই লোকসকলৰ ভিতৰত অধিকাংশই ৪৫ বছৰৰ ভিতৰত । কঁকালৰ বিষত আক্ৰান্ত এক শতাংশ ৰোগীৰ চায়েটিকা থাকে । তদুপৰি একৰ পৰা তিনি শতাংশ লোক শ্লিপডিস্কৰ সমস্যাত আক্ৰান্ত হয় । সকলো সময়তে কঁকালৰ বিষৰ কাৰণ স্পণ্ডেলাইটিছ নহ’ব পাৰে । কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে কোনো জটিল ৰোগৰ লক্ষণ কঁকালৰ বিষৰ যোগেদি ফুটি উঠে । বিশষকৈ কেন্সাৰ আদি ৰোগ হ’লে এনেবোৰ সমস্যাই গা কৰি উঠিব পাৰে । প্ৰতি পাঁচজন চল্লিশোৰ্ধ্বৰ লোকৰ ভিতৰত্ এজন কঁকালৰ বিষত আক্ৰান্ত হয় । ইয়াৰ মূলতে হ’ল হাড়ৰ পৰিবৰ্তন । বয়স বৃদ্ধিৰ লগে লগে হাড়ৰ ক্ষয় হ’বলৈ আৰম্ভ কৰে । আমাৰ কঁকালত যি হাড় থাকে, তাক কোৱা হয় লেম্ব ছাক্ৰেল স্পাইন । ইয়াৰ ভিতৰত থাকে পাঁচটা সৰু সৰু খণ্ড । এই সৰু সৰু খণ্ডবোৰৰ ভিতৰত ডিস্ক থাকে । এই ডিস্কৰ অৱস্থিতিৰ পৰিবৰ্তন হ’লে শ্লিপডিস্কৰ সমস্যাই গা কৰি উঠে ।

গৰ্ভৱতী মহিলা সাধাৰণতে এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায় । কিয়নো এই সময়ত তুলনামূলকভাৱে শৰীৰৰ ওজন বৃদ্ধি পায় । শৰীৰৰ ওজন বৃদ্ধি পোৱা বাবে বহা, শোৱা আদিৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হয় । ভালদৰে পোন হৈ বহিব নোৱাৰে অথবা পোন হৈ খোজ কঢ়াতো সমস্যাৰ সৃষ্টি হয় । শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে গৰ্ভাৱস্থাত ৫০ ৰ পৰা ৭০ শতাংশ মহিলাৰ কঁকালৰ বিষ হয় ।

কঁকালৰ বিষৰ অস্ত্ৰোপচাৰ -

কঁকালৰ বিষত আক্ৰান্ত হ’লে যে অস্ত্ৰোপচাৰ কৰিবই লাগিব , তেনে কোনো কথা নাই । সাধাৰণতে ঔষধ, ব্যায়াম আদিৰে এই ৰোগৰ চিকিৎসা কৰা হয় । কিন্তু কিছুমানৰ টিউমাৰ আদি হ’লে অথবা আঘাতৰ বাবে কঁকালৰ বিষ হ’লে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় । ৮০% ৰোগীৰ ক্ষেত্ৰতে অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাথাকে । মাত্ৰ ২০% ৰোগীৰহে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় ।

কঁকালৰ বিষৰ চিকিৎসা -

প্ৰথমতে ঔষধেৰে এই ৰোগৰ চিকিৎসা কৰা হয় । কিছুমানৰ ক্ষেত্ৰত আকৌ ব্যায়ামৰ প্ৰয়োজন হয় । নিয়মীয়াকৈ ব্যায়াম কৰিলেই কঁকালৰ বিষৰ পৰা হাত সাৰিব পাৰি । পৰৱৰ্তী সময়ত ফিজিঅ’থেৰাপিৰ প্ৰয়োজন হ’ব পাৰে । যদিহে এইবোৰ কৰাৰ পিচত প্ৰয়োজন হয়, তেতিয়া অস্ত্ৰোপচাৰ কৰিব লাগে । কিছুমানৰ আকৌ বিকল্প চিকিৎসাৰ দ্বাৰাও উপশম লাভ কৰাটো সম্ভৱ হয় ।

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব :-

১) এনে ৰোগত আক্ৰান্ত ৰোগীয়ে গধুৰ বস্তু দাঙিব নালাগে । কিয়নো গধুৰ বস্তু দাঙিলে শৰীৰৰ আন অংশৰ লগতে কঁকালৰ ওপৰত চাপ পৰে ।

২) সন্মুখৰ ফালে হাওলি দীৰ্ঘ সময় কাম কৰিব নালাগে ।

৩) সদায় পোন হৈ বহিব লাগে । থিয় হওঁতেও একে অৱস্থানত থাকিব লাগে ।

৪) চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও পেইন কিলাৰ বা বিষ নিবাৰক ঔষধ খাব নালাগে ।

৫) শোৱাৰ সময়ত গাৰু ব্যৱহাৰ কৰিব নালাগে ।

৬) জোতা-চেণ্ডেল পিন্ধাৰ ক্ষেত্ৰতো সাৱধান হ’ব লাগে । জোতা-চেণ্ডেল ওখ হ’লে ইয়াৰ চাপ কঁকালৰ ওপৰত পৰে ।

৭) সদায় টান বিছনাত শুব লাগে । যিমানে কোমল বিছনাত শোৱে, সিমানে কঁকালৰ বিষ হ’ব পাৰে ।

৮) কিছুমান ৰোগৰ বাবে কঁকালৰ বিষ হয় । এই ৰোগৰ চিকিৎসা কৰিলে আপোনা আপুনি কঁকালৰ বিষৰ উপশম ঘটে । যদিহে কোনো ৰোগৰ বাবে এনে সম য়াই গা কৰি উঠে, তেতিয়াহ’লে কঁকালৰ বিষৰ চিকিৎসা কৰাতকৈ সেই ৰোগৰ চিকিৎসা কৰিলেহে সুফল পোৱা যায় ।

৯) শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰাখিব লাগে । যিমানে মেদবহুল হয়, সিমানে কঁকালৰ বিষত আক্ৰান্ত হোৱাৰ শংকা বৃদ্ধি হয় ।

১০) নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে । অৱশ্যে কঁকালৰ বিষৰ বাবে কিছুমান বিশেষ ধৰণৰ ব্যায়ামৰ প্ৰয়োজন । চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে এনেধৰণৰ ব্যায়াম কৰিব লাগে ।

১১) মালিচ কৰিব নালাগে । মালিচ কৰাৰ পৰিবৰ্তে গৰম পানীৰ সেক ল’ব লাগে ।

১৩) অষ্টিঅ’পৰোছিছ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে সৰুৰে পৰা কেলচিয়ামযুক্ত খাদ্য খাব লাগে ।

লেখক : ডা: বসন্ত কুমাৰ বৈশ্য

উৎস :- দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate