পাইলচ' বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে বাটে,বাতৰি কাকতত নানাধৰণৰ অনেক বিজ্ঞাপন অনায়াসে চকুত পৰে৷ পশ্চিমৰ উন্নত দেশ যেনে আমেৰিকা আৰু ইংলেণ্ডত পঞ্চাচোৰ্ধৰ বয়সৰ ৫০শতাংশৰো অধিক লোক পাইচৰ ভূক্তভোগী বুলি জনা যায়৷ ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়৷ ইয়াৰ প্ৰমুখ কাৰণ হ'ল লজ্জাবশত: বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ - কবিৰাজ আৰু ভুৱা ডাক্তৰৰ কাষ চাপে৷ গুৰুতৰ নহলে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে৷ পাইলচ অসুখত ৰোগীৰ মৃত্যু নহয়৷ কিন্তু পাইলচৰ বাহিৰে আন অসুখটো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হব পাৰে ৷ বিশেষকৈ ক'লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত৷ সেয়ে লজ্জাত্যাগ কৰি হলেও মলদ্বাৰেদি কম বা বেচি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
পাইলচ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেচি পৰিমাণে ৰক্তক্ষৰণ হয়৷ পাইলচ দুই ধৰণৰ হব পাৰে৷ বাহিৰত দেখা যোৱা External piles আৰু মলাশয়ৰ ওপৰৰ অংশত থকা Internal piles৷ আকৌ ইন্টাৰনেল পাইলচক গুৰুত্ব অনুসৰি চাৰিটা পৰ্য্যায়ত ভগোৱা হয়৷ ৩য় আৰু ৪ৰ্থ পৰ্য্যায়ৰ ইন্টাৰনেল পাইলচত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়৷
(পাইলচ অস্বস্তিকৰ আৰু অসুবিধাদায়ক হলেও জটিলতা সৃষ্টি নোহোৱালৈকে সিমান বিপদজনক নহয়৷)
পাইলচৰ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হব পাৰে৷ এক্সটাৰ্নেল পাইলচৰ ৰক্তপ্ৰবাহ বন্ধহৈ কষ্টদায়ক থ্ৰমবচিচ হ'ব পাৰে৷ পাইলচ অংশৰ বীজানুৰ সংক্ৰমণ হব পাৰে৷ ইন্টাৰনেল পাইলচ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগলে গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হ'ব পাৰে৷
অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে৷ চিকিৎসকে ইয়াৰ বাবে প্ৰক্টস্ক'প,কল'নোস্ক'পৰ সহায় লবলগীয়া হব পাৰে৷কেতিয়াবা বেৰিয়াম এনেমা এক্সৰে কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিব পাৰে৷ইয়াৰ দ্বাৰা ৰক্তক্ষয়ৰ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়৷
দহ শতাংশ ৰোগীৰ অপাৰেচনৰ প্ৰয়োজন হব পাৰে৷ বাকী অধিকাংশ ৰোগীৰে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটে৷ৰোগ সামান্য হলে খোৱা লোৱাত সতৰ্ক হলে নিজে নিজেও ভাল হব পাৰে৷
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
অৰ্শৰোগ আৰু ইয়াৰ হোমিঅ’ চিকিৎসা-বিধানৰ বিষয়ে লিখা ...
পাইলচ’ৰ বিষয়ে লবলগীয়া সতৰ্কতাৰ বিষয়ে লিখা হৈছে । ...
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
‘পাইলচ’ বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে-বাটে,...