অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

Epilepsy বা মৃগীৰোগ :

Epilepsy বা মৃগীৰোগ :

 

Epilepsy বা মৃগীৰোগ এটা chronic বা জীৰ্ণ ৰোগ য'ত মানুহ এজনৰ কোনো প্ৰৰোচনা বিহীন ভাৱে বাৰম্বাৰ দেহৰ পেশীবিলাক প্ৰবল ভাৱে কঁপনি উঠে বা ফন্দিয়াই ধৰে। পেশীবিলাকৰ কঁপনি যাক ইংৰাজীত seizure বুলি কোৱা হয় উৎপন্ন হয় মগজুত হোৱা কিছুমান বৈদ্যুতিক কাৰ্যকলাপৰ ফলত। এই জোকাৰণি দুই ধৰণৰ হয়। এটা সৰ্বশৰীৰত হোৱা জোকাৰণি যিয়ে গোটেই মস্তিষ্কটোতে প্ৰভাৱ পেলায়। কেন্দ্ৰীয় (focal) বা আংশিক জোকাৰণিত মগজুৰ মাত্ৰ এটা অংশতহে প্ৰভাৱ পৰে। কেতিয়াবা মৃগী ৰোগীৰ অতি মৃদু জোকাৰণি হব পাৰে আৰু এই জোকাৰণি চিনাক্ত কৰা কঠিন হয়। ই মাত্ৰ কেই ছেকেণ্ড মানৰ কাৰণে থাকে আৰু ইয়াক কেতিয়াবা অনুভৱ কৰিব পৰা নাযাবও পাৰে। আনহাতে শক্তিশালী জোকাৰণিৰ ফলত মাংসপেশী সিৰামূৰি ধৰিব পাৰে আৰু মাংসপেশী বিলাকত জোকাৰণিও হব পাৰে। এনেধৰণৰ জোকাৰণি সাধাৰণতে কেই ছেকেণ্ড মানৰ পৰা কেবা মিনিটলৈ থাকিব পাৰে। এই শক্তিশালী জোকাৰণিৰ ফলত কিছুমান ৰোগী বিভ্ৰান্ত হব পাৰে কেতিয়াবা অচেতনো হয়। পিছৰ পৰ্য্যায়ত স্মৃতিনাশ হব পাৰে। কোনো মানুহ এজনৰ শৰীৰৰ এনেকুৱা ধৰণৰ জোকাৰণি কেবল যে মৃগী বেমাৰৰ ফলতেই হব তেনেকুৱা নহয়। এনেকুৱা জোকাৰণি বা কঁপনি অন্য কিছুমান কাৰণ যেনে- তীব্ৰ জ্বৰ, মগজুত পোৱা আঘাত, তেজত শৰ্কৰাৰ পৰিমাণ বেছিকৈ কমি গ'লে, মদ সেৱনৰ অভ্যাস পৰিত্যাগ কৰা ইত্যাদি কাৰণতো হব পাৰে। পাৰ্থক্য মাত্ৰ এটায়ে যে মৃগী ৰোগীৰ ক্ষেত্ৰত এই জোকাৰণি বাৰম্বাৰ হোৱা দেখা যায় আৰু অন্য ৰোগত এই জোকাৰণি বাৰম্বাৰ নহয়। মৃগীৰোগ হ'ল পৃথিৱীৰ সকলোৰে মাজত পৰিচিত এটা ৰোগ আৰু পৃথিৱীৰ প্ৰায় ৬৫ মিনিয়ন(নিযুত) লোক ইয়াৰদ্বাৰা আক্ৰান্ত হোৱা বুলি সমীক্ষাত প্ৰকাশিত। মৃগীৰোগ যিকোনো বয়সৰ মানুহৰে হব পাৰে যদিও শিশু আৰু বয়সীয়াল লোকৰ মাজত ইয়াৰ প্ৰাবল্যতা বেছি আৰু মাইকী মানুহতকৈ মতা মানুহৰ আক্ৰান্তৰ হাৰ বেছি। মৃগীৰোগ সম্পূৰ্ণৰূপে আৰোগ্য কৰাৰ কোনো চিকিৎসা নাই যদিও কিছুমান ঔষধৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায়।
মৃগীৰোগৰ লক্ষণ :- শৰীৰৰ জোকাৰণি বা কপনি এই বেমাৰৰ প্ৰধান লক্ষণ। আনহাতে মানুহ অনুসৰি আৰু প্ৰকাৰ অনুযায়ী বেমাৰটোৰ লক্ষণো ভিন ভিন হয়। এই ৰোগৰ প্ৰকাৰ সমূহ হ'ল--
১/কেন্দ্ৰীয় বা আংশিক জোকাৰণি (Focal or partial seizure) :- ই এটা সাধাৰণ ধৰণৰ জোকাৰণি বা কপনি য'ত মানুহজনৰ চেতনা লোপ নাপায়। ইয়াৰ মূল লক্ষণ সমূহ হ'ল-
*জিভাৰ সোৱাদ, নাকৰ গোন্ধ, দৃষ্টিশক্তি, শ্ৰৱণশক্তি, ছালৰ স্পৰ্শ ইত্যাদি গুণৰ পৰিবৰ্তন হোৱা।
*মূৰ আচন্দ্ৰাই কৰা।
*অংগ প্ৰত্যংগৰ জিনজিননি আৰু জিকাৰ খাই উঠা।

জটিলতাৰে  ভৰা আংশিক জোকাৰণি:- এনেধৰণৰ জোকাৰণিত মানুহজনৰ চেতনা লোপ পায় আৰু তলত দিয়া লক্ষণ সমূহ দেখা যায় -
*শূণ্যলৈ ৰ লাগি বা তধা লাগি চাই থকা।
*কোনো উদ্দীপনাৰ প্ৰতি সহাঁৰি নিদিয়া।
*সঘনাই বা পুনৰাবৃত্তি মূলক শৰীৰৰ লৰচৰ।
সৰ্বশৰীৰত হোৱা মৃগীৰোগ (Generalized epilepsy) :- এনেধৰণৰ মৃগীত গোটেই মগজুটো আক্ৰান্ত হয় আৰু ছয় প্ৰকাৰৰ এনে ধৰণৰ জোকাৰণি দেখা যায়।
*জোকাৰণি নথকা মৃগী - ইয়াক Petit mal epilepsy বুলি কোৱা হয়। এনে ধৰণৰ মৃগীত মানুহজনে শূণ্যলৈ তধা লাগি একেথৰে চাই থাকে। এনে ধৰণৰ মৃগীত ৰোগীজনৰ সঘনাই বা পুনৰাবৃত্তিযুক্ত শৰীৰৰ অংগ প্ৰত্যংগৰ লৰচৰ দেখা যায়, যেনে- ওঠৰ জোকাৰণি বা কপনি, কম সময়ৰ বাবে চেতনা লোপ পাব পাৰে।
*টনিক চিজাৰ (tonic seizure) :- ইয়াৰ ফলত মাংসপেশী বিলাক ঠৰঙা বা টান হৈ যায়।
*এটনিক চিজাৰ(Atonic seizure) :- মাংসপেশীৰ সঞ্চালনৰ ওপৰত মানুহজনৰ নিয়ন্ত্ৰণ নোহোৱা হয় আৰু কেতিয়াবা মানুহজন ঢলি পৰিব পাৰে।
*ক্ল'নিক চিজাৰ (Colonic seizure) :- ইয়াৰ লক্ষণবোৰ হ' ল বাৰে বাৰে মুখমণ্ডল, ডিঙি আৰু হাতৰ জোকাৰণি হোৱা।
*মায়'ক্ল'নিক চিজাৰ (Myoclonic seizure) :- এনেকুৱা মৃগী বেমাৰত মানুহজনৰ স্বত:স্ফূৰ্ত ভাবে হাত আৰু ভৰিৰ জোকাৰণি হয়।
*টনিক-ক্ল'নিক চিজাৰ(tonic-clonic seizure) :- ইয়াক Grand mal epilepsy বুলিও কোৱা হয়। ইয়াৰ লক্ষণ সমূহ হ'ল- শৰীৰৰ জঠৰতা, জোকাৰণি, পায়খানা আৰু পেচাবৰ ওপৰত নিয়ন্ত্ৰণ হেৰোৱা, জিভাত কামুৰিব পাৰে, অচেতন হোৱা ইত্যাদি।
মানুহ এজনৰ মৃগীৰোগৰ জোকাৰণি হৈ যোৱাৰ পিছত কিছু সময়ৰ বাবে একো মনত নাথাকিব পাৰে আৰু মানুহজনে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে।

মৃগীৰোগত  প্ৰভাৱ পেলোৱা কাৰক সমূহ:- মৃগীৰোগত প্ৰভাৱ পেলোৱা কাৰক সমূহ চিনাক্ত কৰা কঠিন যদিও কিছুমান মানুহে মৃগীৰোগত উদ্গনি যোগোৱা কাৰণ সমূহ চিনাক্ত কৰিব পাৰে। ইয়াৰ ভিতৰত প্ৰধানতঃ তলত দিয়া কাৰণ সমূহ দেখা যায়-
*টোপনি কম হোৱা
*কোনো গম্ভীৰ বেমাৰ বা তীব্ৰ জ্বৰ
*মানসিক চাপ
*উজ্জ্বল পোহৰ
*কেফেইন, এলকহল, কিছুমান ঔষধৰ পাৰ্শ্চক্ৰিয়া।
*নিৰ্দিষ্ট সময়ত খাদ্য সেৱনৰ পৰা বিৰত থকা, গৰিষ্ঠ ভোজন, কিছুমান খাদ্য ইত্যাদি ।
মৃগী বেমাৰত উদ্গনি যোগোৱা কাৰক সমূহ চিনাক্ত কৰা খুব কঠিন। কোনো কাৰণত এদিন এটা মৃগী বেমাৰৰ নিচিনা ঘটনা ঘটা মানে এইটো নহয় যে সদায় এনে ঘটিব। সাধাৰণতে কিছুমান কাৰক লগ হৈও মৃগীৰোগৰ জোকাৰণিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মৃগীৰোগীয়ে প্ৰত্যেকবাৰ মৃগীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত বহীত কিছুমান কথা টুকি ৰাখিলে তেওঁৰ চিকিৎসা কৰাত সুবিধা হয় আৰু চিকিৎসকৰো প্ৰকৃত চিকিৎসা প্ৰদান কৰাত সহায় হয়। সাধাৰণতে তলৰ কথাখিনি লিখি ৰাখিব পাৰে।
*মৃগীৰ জোকাৰণি অহাৰ তাৰিখ আৰু সময়।
*মৃগীৰ জোকাৰণি অহাৰ সময়ত মানুহজন কি কামত লিপ্ত আছিল।
*ৰোগীজনৰ চাৰিওফালে কি কি ঘটি আছিল বা চাৰিওফালৰ পাৰিপাৰ্শ্বিক অৱস্থা কেনেকুৱা আছিল।
*তেওঁ কোনো অস্বাভাৱিক দৃশ্য, গোন্ধ বা শব্দ অনুভৱ কৰিছিল নেকি?
*তেওঁ কোনো মানসিক চাপত আছিল নেকি?
*তেওঁ কিবা খাদ্য সেৱন কৰি আছিল নেকি আৰু সেই খাদ্য তেওঁ কিমান দিন আগৰ পৰা সেৱন কৰি আছিল?
*তেওঁ শৰীৰত কিবা দুৰ্বলতা বা ভাগৰ অনুভৱ কৰিছিল নেকি আৰু আগদিনা ৰাতি টোপনি কেনেকুৱা হৈছিল?
লগতে কোনো ৰোগীয়ে যদি কিবা ঔষধ সেৱন কৰি আছে সেই ঔষধৰ বিৱৰণো টোকাত সন্নিৱিষ্ট কৰিব পাৰে। মানে ঔষধ গ্ৰহণ কৰাৰ আগতে মানুহজনৰ অনুভৱ আৰু ঔষধ গ্ৰহণ কৰাৰ পাছৰ অনুভৱৰ লগত কিবা পাৰ্থক্য আছে নেকি আৰু ঔষধ সেৱনৰ ফলত কিবা পাৰ্শ্চক্ৰিয়াৰ সৃষ্টি হৈছে নেকি এই সকলোখিনি বস্তু টোকাত সন্নিৱিষ্ট কৰিব পাৰে। এই টোকাখিনি কোনো চিকিৎসকৰ ওচৰলৈ পৰামৰ্শ লবলৈ গ'লে লগত লৈ যোৱা ভাল। কাৰণ এই টোকাখিনি চিকিৎসক জনৰ চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায়ক হব পাৰে।
মৃগীৰোগ বংশগত নেকি?
কেতিয়াবা মৃগীৰোগ বংশগত হব পাৰে কিন্তু বংশগত হোৱাৰ সম্ভাৱনা খুব কম। মাক দেউতাকৰ মৃগীৰোগ থাকিলে সন্তানৰো মৃগীৰোগ হোৱাৰ সম্ভাৱনা ২-৫%।যদি মগজুত পোৱা কোনো আঘাট বা ষ্ট্ৰোক ইত্যাদিৰ ফলত কোনো মানুহৰ মৃগীৰোগ হয় তেন্তে তেনে মানুহৰ সন্তানৰ মৃগীৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। লগতে মৃগীৰোগে মহিলাক গৰ্ভৱতী হোৱাত বাধা প্ৰদান নকৰে। কিন্তু কিছুমান মৃগীৰোগত ব্যৱহাৰ কৰা ঔষধে গৰ্ভস্থ সন্তানৰ ক্ষেত্ৰত পাৰ্শ্চক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।
মৃগীৰোগৰ কাৰণ সমূহ:- দহজন মৃগীৰোগীৰ ভিতৰত ছয়জন ৰোগীৰ মৃগীৰোগৰ কাৰণ সম্পৰ্কে জনা নাযায়। সাধাৰণতে তলত দিয়া কাৰণ সমূহৰ বাবে মৃগীৰোগ হব পাৰে।
*মগজুত হোৱা কোনো আঘাত।
*কোনো আঘাতৰ ফলত মগজুৰ ভিতৰত ৰৈ যোৱা ঘাঁ বা আঘাতৰ ক্ষতচিন্হ।
*কোনো গম্ভীৰ বেমাৰ বা তীব্ৰ জ্বৰ ।
মগজুত হোৱা ষ্ট্ৰোক।
*পৰিবহন তন্ত্ৰৰ অন্য বেমাৰ।
*মগজুত অক্সিজেনৰ পৰিমাণ কমি যোৱা।
*মগজুত হোৱা কোনো টিউমাৰ।
*স্মৃতিভ্ৰংস বা এলজাইমাৰ বেমাৰ।
*মাতৃয়ে সন্তান গৰ্ভত থাকোতে সেৱন কৰা কিছুমান ঔষধ, সন্তানৰ মগজুৰ বিকৃত গঠন, সন্তান জন্মৰ সময়ত পৰ্য্যাপ্ত অক্সিজেনৰ অভাৱ।
*কিছুমান সংক্ৰমিত বেমাৰ যেনে:- মেনিনজাইটিছ, এইডছ, এনকেফেলাইটিছ ইত্যাদি।
*বংশগত স্নায়ুজনিত সমস্যা ।
#মৃগীৰোগৰ চিনাক্তকৰণ :- সাধাৰণতে লক্ষণৰ ওপৰত ভিত্তি কৰি এই বেমাৰ চিনাক্ত কৰা হয়। মৃগীৰোগ চিনাক্ত কৰাৰ আগতে ৰোগীজনৰ অন্য কোনো বেমাৰ বা সমস্যা আছে নেকি জনা উচিত। তাৰ বাবে কিছুমান পৰীক্ষা কৰা উচিত। যেনে - কম্প্লিট ব্লাড কাউণ্ট (complete blood count), লিভাৰ ফাংচন টেষ্ট, তেজৰ শৰ্কৰা পৰীক্ষা ইত্যাদি।
কিন্তু মৃগীৰোগ সুনিশ্চিত হয় তলত দিয়া পৰীক্ষাবোৰৰ পৰাহে -
*ইলেক্ট্ৰ এনচেফালোগ্ৰাম (EEG)
*মগজুৰ চি টি স্কেন
*মগজুৰ এম্ আৰ্ আই
*পলিট্ৰন ইমিচন টোমোগ্ৰাফী (PET)
মৃগীৰোগীয়ে লব লগীয়া সাৱধানতা :-
*ঘৰৰ দৰ্জা খিৰিকী বিলাকত সুৰক্ষিত আইনা বা প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে যাতে মৃগী বেমাৰটো হোৱাৰ সময়ত মানুহজন ঢলি পৰিলেও এই আইনাৰ দ্বাৰা গম্ভীৰ ভাৱে আঘাতপ্ৰাপ্ত নহয়।
*মৃগীৰোগী এজন ঘৰৰ ভিতৰত অকলে থকা অৱস্থাত ঘৰৰ ভিতৰৰ দুৱাৰ সদায় টলা নমৰাকৈ ৰাখিব লাগে যাতে কোনো বিপদ হ'লে অন্যৰ পৰা সহায় পাব পাৰে।
*পুখুৰী, নদী আদিত গা ধুব নালাগে।
*পানীৰ উৎস থকা ঠাইৰ ওচৰত কোনো বৈদ্যুতিক সৰঞ্জাম ব্যৱহাৰ কৰিব নালাগে।
*কোনো গৰম বস্তু ব্যৱহাৰ কৰাৰ সময়ত সাবধানতা অৱলম্বন কৰিব লাগে। উদাহৰণ স্বৰূপে কোনো গৰম খাদ্যবস্তু থকা পাত্ৰ নিজে নকঢ়িয়াই অন্যৰ দ্বাৰা কঢ়িওৱাৰ ব্যৱস্থা কৰিব লাগে।
*কোনো জুইৰ উৎস থকা ঠাইত কাম কৰিবলগীয়া হ'লে আগতে নিজৰ সুৰক্ষাৰ ব্যৱস্থা কৰি লব লাগে।
*মৃগীৰোগ থকা লোকে কেতিয়াও গাঢ়ী চলাব নালাগে।
*কৰ্মক্ষেত্ৰত সহযোগী কৰ্মচাৰীক নিজৰ সমস্যা বা বেমাৰটোৰ বিষয়ে অৱগত কৰি থব লাগে যাতে বিপদৰ সময়ত তেওঁলোকে সহায়ৰ হাত আগবঢ়াব পাৰে।
*কোনো বিপদসংকুল কাম বা মটৰচাইকেলত ভ্ৰমণ কৰাৰ সময়ত সদায় হেলমেট পৰিধান কৰিব লাগে।
মৃগীৰোগৰ চিকিৎসা :- আধুনিক চিকিৎসা বিজ্ঞানত এণ্টি-এপিলেপ্টিক, ভেগাছ নাৰ্ভ ষ্টিমুলেটৰ, মগজুৰ অস্ত্ৰোপচাৰ ইত্যাদিৰ সহায়ত মৃগীৰোগৰ চিকিৎসা আগবঢ়োৱা হয়। আয়ুৰ্বেদত ব্ৰাহ্মী, জতামাংসী, বচা, শংখপুস্পী, অস্বগন্ধা ইত্যাদি একক বনৌষধি আৰু মহা পঞ্চগব্য ঘৃত, ব্ৰাহ্মী ঘৃত ইত্যাদি যৌগিক ঔষধি যুক্ত ঘৃত ব্যৱহাৰ কৰা হয়।
ইয়াৰ উপৰিও ৰাতিপুৱা ধ্যানৰ অভ্যাস কৰিলেও এনে ৰোগীয়ে সুফল লাভ কৰে।

লেখক: মুকুল শৰ্মা, ফোন নং:-৯৫০৮০২৬৮২৫

 

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate