কাহ, পানীলগা, ডিঙি চেৰচেৰাই থকা আৰু নাকেৰে পানী বৈ থকাটো শিশুসকলৰ মাজত সচৰাচৰতে দেখা পোৱা অৱস্থা আৰু সাধাৰণতে এইবোৰত বিপদজনক একো নহয়।
তথাপিও কিছুমান ক্ষেত্ৰত কাঁহ আৰু পানীলগা অধিক জতিল ৰোগ যেনে নিউমনিয়া বা যক্ষ্মা ৰোগৰ মাৰাত্মক লক্ষণও হব পাৰে। ২০০০ চনত ৫ বছৰ বয়সতকৈ সৰু প্ৰায় ২ নিযুত শিশু শ্বাসতন্ত্ৰৰ সংক্ৰমণত মৃত্যুৰ মুখত পৰিছিল।
কাঁহ আৰু পানীলগা, অধিক জতিল ৰোগসমূহৰ বিষয়ে কিবোৰ কথা প্ৰতিটো পৰিয়াল আৰু সমাজে জনাৰ অধিকাৰ আছে?
১) কাঁহ আৰু পানীলগা শিশুক উত্তাপৰ মাজত ৰাখিব লাগে আৰু যিমান সম্ভৱ হয় সিমান খাদ্য আৰু পানীয় গ্ৰহণ কৰিবলৈ উৎসাহ দিব লাগে।
২) কেতিয়াবা কিছুমান ডাঙৰ সমস্যাৰ লক্ষণ হিচাপে কাহ আৰু পানীলগা হব পাৰে। যদি শিশু এটিয়ে দ্ৰুতভাৱে উশাহ-নিশাহ লয় বা উশাহ লওঁতে কষ্ট পায় তেন্তে তেওঁৰ নিউমনিয়া হব পাৰে। ই হাওঁফাওঁৰ সংক্ৰমণ হোৱা ৰোগ। ই এবিধ মাৰাত্মক ৰোগ। আৰু এনে হ’লে শিশুক তৎক্ষণাত চিকিৎসালয়ত চিকিৎসা কৰাতো অতি প্ৰয়োজনীয়।
৩) ৬ মাহলৈ কেৱল মাত্ৰ স্তনপান কৰোৱাই আৰু সকলো শিশুৱেই যাতে সম্পূৰ্ণকৈ প্ৰতিষেধন আৰু পুষ্টিকৰ আহাৰ পায় সেইটো নিশ্চিত কৰি প্ৰতিটো পৰিয়ালে নিউমনিয়া ৰোগ প্ৰতিৰোধত সহায় কৰিব পাৰে।
৪) শিশুৰ কৰ্কশ কাঁহ হ’লে শীঘ্ৰে চিকিৎসা সাহাৰ্য্য লব লাগে। শিশুটিৰ হাওঁফাওঁৰ সংক্ৰমণ হোৱা যক্ষ্মা ৰোগো হব পাৰে।
৫) ধূমপানৰ ধোৱা বা ৰান্ধনীশালৰ ধোঁৱা গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে বিপদজনক।
কাঁহ আৰু পানীলগা শিশুক উত্তাপৰ মাজত ৰাখিব লাগে আৰু যিমান সম্ভৱ হয় সিমান খাদ্য আৰু পানীয় গ্ৰহণ কৰিবলৈ উৎসাহ দিব লাগে।
কেঁচুৱা আৰু সৰু লৰা-ছোৱালীয়ে সহজে দেহৰ উত্তাপ হেৰুৱায়। যেতিয়া শিশুৰ কাঁহ, পানীলগা, নাকেৰে পানী বৈ থকা বা ডিঙি বিষোৱা আৰু স্বাভাৱিকভাৱে উশাহ লৈ থকা শিশুক ঘৰতে চিকিৎসা কৰিব পাৰি আৰু ঔষধ অবিহনেই আৰোগ্য হয়। তেওঁলোকক উত্তাপত ৰাখিব লাগে, কিন্তু অত্যাধিক উত্তাপ দিব নালাগে। পৰ্য্যাপ্ত পৰিমাণৰ খাদ্য আৰু পানীয় খাবলৈ দিব লাগে। স্বাস্থ্যকৰ্মীয়ে বিধান দিলেহে ঔষধ খুওঁৱা উচিত।
জ্বৰ থকা শিশুক স্বাভাৱিক ঠাণ্ডা পানীত কাপোৰ তিয়াই গাটো মছি দিব লাগে বা গা ধুৱাই দিব লাগে৷ কিন্তু চেঁচা পানী ব্যৱহাৰ কৰিব নালাগে। মেলেৰীয়া হৈ থকা অঞ্চলসমূহত এনে জ্বৰ বিপদজনক হ’ব পাৰে। শিশুটিক শীঘ্ৰে চিকিৎসাকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে।
কাঁহ আৰু পানী লগাত ভোগা শিশুৰ নাক সঘনাই পৰিষ্কাৰ কৰি থাকিব লাগে, বিশেষকৈ আহাৰ খোৱাৰ আগতে আৰু টোপনী যোৱাৰ আগতে। আৰ্দ্ৰ পৰিৱেশত শ্বাস লোৱাটো সহজ, আৰু সেয়ে ভাপ ওলোৱা কিন্তু উতল নহা কুহুমীয়া পানী শিশুটিৰ ওচৰত থাকিলে উশাহ লোৱাৰ সহায়ক হয়।
স্তনপান কৰা শিশুৰ কাঁহ বা পানীলগা হ’লে স্তনপান কৰোৱাবলৈ অসুবিধা হব পাৰে। কিন্তু স্তনপানে শিশুটিক এনে অসুস্থতাৰে যুঁজ কৰাত সহায় কৰাৰ উপৰিও শিশুৰ বিকাশ আৰু বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেইহে শিশুটিক সঘনাই স্তনপান কৰোৱাব লাগে। যদিহে শিশুটিয়ে চুহিব নোৱাৰে তেন্তে স্তনৰ পৰা গাখীৰ উলিয়াই এটা পৰিষ্কাৰ কাপেৰে শিশুটিক খুৱাব লাগে।
স্তনপান নকৰা শিশুক কম কম পৰিমাণে সঘনাই খাদ্য আৰু পানীয় খাবলৈ উৎসাহিত কৰিব লাগে। আৰোগ্য হোৱাৰ পাছত শিশুটিক কমেও এসপ্তাহৰ বাবে প্ৰতিদিনে এসাঁজ অতিৰিক্ত আহাৰ দিব লাগে। অসুখ ভাল হোৱাৰ পাছত আগৰ ওজন ঘূৰাই নোপোৱালৈকে শিশুটিক সম্পূৰ্ণ আৰোগ্য হোৱা বুলিব পৰা নাযায়।
কাঁহ আৰু পানীলগা সহজে বিয়পে। কাঁহ আৰু পানী লগা লোকে শিশুৰ কাষত কাঁহ মৰা, হাছিওঁৱা, থু-পেলোৱা আদিৰ পৰা বিৰত থাকিব লাগে।
কেতিয়াবা কিছুমান ডাঙৰ সমস্যাৰ লক্ষণ হিচাপে কাহ আৰু পানীলগা হব পাৰে। যদি শিশু এটিয়ে দ্ৰুতভাৱে উশাহ-নিশাহ লয় বা উশাহ লওঁতে কষ্ট পায় তেন্তে তেওঁৰ নিউমনিয়া হব পাৰে। ই হাওঁফাওঁৰ সংক্ৰমণ হোৱা ৰোগ। ই এবিধ মাৰাত্মক ৰোগ। আৰু এনে হ’লে শিশুক তৎক্ষণাত চিকিৎসালয়ত চিকিৎসা কৰিটো অতি প্ৰয়োজনীয়।
বেছিভাগ ক্ষেত্ৰতে কাঁহ, পানীলগা, ডিঙি বিষোৱা, নাকেৰে পানী বৈ থকা আদিবোৰ কোনো চিকিৎসা ব্যৱস্থা নোলোৱাকৈয়ে ভাল হৈ যায়। কিন্তু কেতিয়াবা এনেবোৰ অসুস্থতা নিউমনিয়াৰ লক্ষণ হব পাৰে। এই ক্ষেত্ৰত বিজাণুনাশকৰ প্ৰয়োজন হয়।
যদিহে স্বাস্থ্যকৰ্মীয়ে নিউমনিয়াৰ চিকিৎসাৰ বাবে বিজাণুনাশক প্ৰদান কৰে তেন্তে লগত দিয়া নিৰ্দেশাৱলী মানি চলিব লাগে আৰু যিমান দিনলৈ যেনেদৰে শিশুটিক ঔষধ প্ৰদান কৰিবলৈ কোৱা হয় তাৰ আগতেই শিশুটিক সুস্থ হোৱা যেন দেখা গ’লেও সম্পূৰ্ণকৈ ঔষধ প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ।
নিউমনিয়াত ভোগা বেছি সংখ্যক শিশুৰ ঘৰতে মৃত্যু হয়-কিয়নো শিশুৰ অভিভাৱকে এই ৰোগৰ জতিলতা উপলব্ধি কৰিব নোৱাৰে। এনে ৰোগত তৎকালে চিকিৎসা যত্নৰ প্ৰয়োজন হয়। নিউমনিয়াত মৃত্যু হোৱা লাখ লাখ শিশুক ৰক্ষা কৰিব পৰা যায় যদিহেঃ
তলত উল্লেখ কৰা যিকোনো এটা লক্ষণে দেখা দিলে শিশুটিক স্বাস্থ্যকেন্দ্ৰ বা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ ওচৰলৈ নিব লাগে।
৬ মাহলৈ কেৱল মাত্ৰ স্তনপান কৰোৱাই আৰু সকলো শিশুৱেই যাতে সম্পূৰ্ণকৈ প্ৰতিষেধন আৰু পুষ্টিকৰ আহাৰ পায় সেইটো নিশ্চিত কৰি প্ৰতিটো পৰিয়ালে নিউমনিয়া ৰোগ প্ৰতিৰোধত সহায় কৰিব পাৰে।
স্তনপানে শিশুক নিউমনিয়া আৰু আন অসুস্থতাৰ পৰা সুৰক্ষা প্ৰদানত সহায় কৰে। কেচুৱাৰ জীৱনৰ প্ৰথম ছমাহ কেৱল স্তনপান কৰোৱাটো অতি গুৰুত্বপূৰ্ণ
যিকোনো বয়সৰ শিশুক ভালদৰে স্তনপান কৰোৱালে জতিল অসুস্থতা আৰু মৃত্যুৰ পৰা ৰক্ষা কৰিব পৰা যায়।
খাদ্যপ্ৰান ক য়ে জতিল শ্বাসতন্ত্ৰৰ ৰোগ আৰু আন অসুস্থতাৰ পৰা সুৰক্ষা প্ৰদানত সহায় কৰাৰ লগতে আৰোগ্য দ্ৰুততৰ কৰে। স্তনদুগ্ধ, যকৃত, ৰঙা প্লামৰ তেল, মাছ, গাখীৰৰ সামগ্ৰী, কণী, কিছুমান কমলা আৰু হালধীয়া বৰণৰ ফল আৰু পাছলি আৰু সেউজীয়া পাতৰ পাছলিত খাদ্যপ্ৰান ক পোৱা যায়। স্বাস্থ্যকৰ্মীৰ জৰিয়তে খাদ্যপ্ৰান ক ৰ পৰিপূৰক বড়িও খুৱাব পৰা যায়।
শিশুটিৰ ১ বছৰ বয়স হোৱালৈ প্ৰতিষেধন চিটা সম্পূৰ্ণকৈ প্ৰদান কৰিব লাগে। ফলত শিশুটিক মিজিলছৰ পৰা সুৰক্ষা প্ৰদান কৰা হয়। মিজিলছৰ বাবেই নিউমনিয়া আৰু হুপিং কাঁহ আৰু যক্ষ্মাৰ দৰে শ্বাসতন্ত্ৰৰ ৰোগ হব পাৰে।
শিশুৰ কৰ্কশ কাঁহ হ’লে শীঘ্ৰে চিকিৎসা সাহাৰ্য্য লব লাগে। শিশুটিৰ হাওঁফাওঁৰ সংক্ৰমণ হোৱা যক্ষ্মা ৰোগ হব পাৰে।
যক্ষ্মা এবিধ জতিল ৰোগ। ই শিশুক মৃত্যু ঘটাব পাৰে বা হাওঁফাওঁৰ স্থায়ী ক্ষতি কৰিব পাৰে। পৰিয়ালে শিশুক যক্ষ্মাৰ পৰা সুৰক্ষা প্ৰদানত সহায় কৰিব পাৰে যদিহে তেওঁলোকে নিশ্চিত কৰে যে, শিশুটিকঃ
যদিহে স্বাস্থ্যকৰ্মীয়ে যক্ষ্মাৰ বিশেষ ঔষধ প্ৰদান কৰে তেন্তে নিৰ্দেশ দিয়াৰ দৰে যেনেদৰে যিমান পৰিমাণত যিমান দিনলৈ প্ৰদান কৰিব লাগে, সেয়া শিশুটি ভাল অৱস্থালৈ অহা যেন লাগিলেও সম্পূৰ্ণৰূপে মানি চলিব লাগে- এয়া অতি গুৰুত্বপূৰ্ণ।
ধূমপানৰ ধোঁৱা বা ৰান্ধনীশালৰ ধোঁৱা গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে বিপদজনক।
ধোৱাময় পৰিৱেশত থকা শিশুৰ সহজে নিউমনিয়া আৰু শ্বাসজনিত অসুস্থতা হোৱাৰ সম্ভাৱনা অধিক।
ধোৱাৰ মাজত থাকিব নালাগে।
ধপাতৰ অভ্যাস সাধাৰণতে কৈশোৰত আৰম্ভ হয়। কিশোৰ এটিৰ ওচৰে পাজৰে থকা ধূমপায়ী লোকক দেখিয়েই কিশোৰটিয়ে ধূমপান কৰিবলৈ আৰম্ভ কৰে। আনহাতে ধপাতৰ বিজ্ঞাপন আৰু ধপাতৰ সামগ্ৰীৰ মূলা কম হোৱা আৰু সহজ লভ্যতাও ইয়াৰ এটা কাৰণ। কিশোৰসকলক ধপাত সেৱনৰ পৰা বিৰত থাকিবলৈ আৰু তেওঁৰ বন্ধু বৰ্গকো ইয়াৰ বিপদৰ বিষয়ে সাৱধান কৰি দিবলৈ উৎসাহিত কৰিব লাগে।
সৰু ল’ৰা-ছোৱালীৰ মাজত হোৱা সকলো ৰোগ আৰু মৃত্যুৰ আধা সংখ্যকেই খাদ্য বা পানী বা লেতেৰা হাতেৰে দেহৰ ভিতৰলৈ বিজাণু প্ৰৱেশ কৰাৰ বাবে হয়। ইয়াৰে অধিকাংশ বিজাণু মানুহ আৰু আন পশুৰ শৌচৰ পৰা আহে।
বহুতো ৰোগ, বিশেষকৈ পেটচলা ৰোগ ভাল স্বাস্থ্যবিধিৰ অভ্যাসেৰে প্ৰতিৰোধ কৰিব পৰা যায়। সকলো শৌচ শৌচাগাৰত পেলোৱা; শৌচ কৰাৰ পাছত আৰু খাদ্যবস্তু স্পৰ্শ কৰাৰ আগতে প্ৰতিবাৰ চাবোন, ছাই ঘঁহি পৰিষ্কাৰ পানীৰে হাত ধুৱা, জীৱ-জন্তুৰ শৌচ আদি ঘৰ, ৰাষ্টা, কুঁৱা আৰু শিশুৱে খেলা ঠাইৰ পৰা দূৰৈত পেলোৱাটো নিশ্চিত কৰাটোও ভাল স্বাস্থ্যবিধি অভ্যাসৰ ভিতৰত পৰে।
সমাজৰ সকলো ব্যক্তিয়েই শৌচাগাৰ সজোৱা আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সংগবদ্ধ হব লাগে। পানীৰ উৎসসমূহ সুৰক্ষিত কৰা, বৰ্জিত পানী নিৰাপদে নিষ্কাষণ কৰা, জাঁবৰ-জোথৰ নিৰাপদ ঠাইত পেলোৱা। সকলোৰে বাবে সহজ লভ্য, কম খৰচী পায়খানা আদি চৰকাৰে ৰাইজক প্ৰদান কৰিব লাগে। নগৰ অঞ্চলত কম খৰচী পয়-প্ৰণালী আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা, খোৱাপানী যোগান ব্যৱস্থাৰ উন্নয়ন আৰু বৰ্জিত আৱৰ্জনা সংগ্ৰহ কৰাত চৰকাৰৰ সহযোগ অতি প্ৰয়োজনীয়।
মূল বাৰ্তাসমূহ
১) সকলো শৌচ নিৰাপদে বৰ্জন কৰিব লাগে। শৌচাগাৰ ব্যৱহাৰেই উত্তম উপায়।
২) শিশুসহ সকলো পৰিয়ালৰ সদস্যই শৌচ স্পৰ্শ কৰাৰ পাছত আৰু খাদ্য স্পৰ্শ কৰাৰ আগত; শিশুক খাদ্য খুওঁৱাৰ আগতে চাবোন বা ছাই ঘঁহি পৰিষ্কাৰ পানীৰে হাত দুখন ভালদৰে ধুব লাগে।
৩) প্ৰতিদিনে চাবোনেৰে মুখখন ধুলে চকুৰ সংক্ৰমণৰ পৰা আতৰি থাকিব পৰা যায়। বিশ্বৰ কিছুমান ঠাইত চকুৰ সংক্ৰমণ হৈ ট্ৰাক’মা হয় যি পাছলৈ অন্ধত্বৰ কাৰণ হৈ পৰে।
৪) কেৱল নিৰাপদ উৎস বা পৰিশোধিত পানীহে ব্যৱহাৰ কৰিব লাগে। পানী পৰিষ্কাৰকৈ ৰাখিবলৈ পানী থোৱা পাত্ৰত ঢাকনী দি ৰাখিব লাগে।
৫)কেঁচা আৰু আগতে ৰন্ধা খাদ্য, বিপদজনক। কেঁচা খাদ্য ভালদৰে ধুব বা ৰান্ধিব লাগে। ৰন্ধা খাদ্য লগে লগেই খাব লাগে। নতুবা পুনৰ গৰম কৰি খাব লাগে।
৬) খাদ্য, বাচন-বৰ্তন আৰু খাদ্য প্ৰস্তুত কৰা মজিয়া পৰিষ্কাৰ কৰি ৰাখিব লাগে। ঢাকনী থকা পাত্ৰত খাদ্য বস্তু থব লাগে।
৭) ঘৰৰ সকলো বৰ্জিত সামগ্ৰী নিৰাপদে বৰ্জন কৰিলে ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।
সহায়ক তথ্যঃডায়েৰীয়া
মূল বাৰ্তা-১
বিভিন্ন ৰোগ, বিশেষকৈ ডায়েৰীয়াৰ বিজানু মানুহৰ শৌচৰ পৰা আহে। যদি এই বিজানু পানী, খাদ্যবস্তু, হাত, বাচন-বৰ্তন বা পাছলী কটা ঠাই আদিলৈ আহে তেন্তে খাদ্য পৰিৱেশন বা খাদ্য খোৱাৰ যোগেৰে আমাৰ পেটলৈ যায় আৰু অসুস্থ কৰি তোলে। এই বিজানু বিয়পাটো প্ৰতিৰোধ কৰাৰ একমাত্ৰ গুৰুত্বপূৰ্ণ কাৰ্য্যটো হ’ল- মানুহ আৰু পশু উভয়ৰে শৌচ নিৰাপদে বৰ্জন কৰা। মানুহৰ শৌচ শৌচাগাৰত পেলাব লাগে। শৌচাগাৰটো নিয়মীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে। পশুৰ মল ঘৰ, ৰাষ্টা আৰু শিশুৱে খেলা ঠাইৰ পৰা আতঁৰত পেলাব লাগে।
যদিহে শৌচাগাৰৰ সুবিধা নাথাকে, তেন্তে সকলোৱে ঘৰ, ৰাষ্টা আৰু শিশুসকলে খেলা ঠাইৰ পৰা দূৰৈত মলত্যাগ কৰিব লাগে। শৌচসমূহ লগে লগেই পুতি পেলাব লাগে।
কেঁচুৱাসহ সকলোৰে শৌচত বিজানু থাকে বাবে ই অতি বিপদজনক। যদি শিশুৱে শৌচাগাৰত শৌচ কৰিব নোৱাৰে তেন্তে শৌচ কৰাৰ লগে লগেই পৰিষ্কাৰ কৰিব লাগে আৰু শৌচবোৰ শৌচাগাৰত পেলাব বা পুতি পেলাব লাগে।
শৌচাগাৰ ঘনাই পৰিষ্কাৰ কৰি থাকিব লাগে। শৌচাগাৰ সদাই ধাকি থব লাগে আৰু পৰ্য্যপ্ত পানী ঢালিব লাগে।
কম খৰছী ৰাজহুৱা শৌচাগাৰ সজাৰ ক্ষেত্ৰত আৰু আৰ্হিৰ বাবে স্থানীয় চৰকাৰ আৰু বেচৰকাৰী সংগঠনসমূহে সহায় আগবঢ়াব পাৰে।
মূল বাৰ্তা-২
চাবোন বা ছাই ঘঁহি পৰিষ্কাৰ পানীৰে হাত ধুলে বিজানুমুক্ত হব পাৰি। কেৱল পানীৰে হাত ঘঁহি ধুলে লাভ নহয়-দুয়োখন হাতত চাবোন বা ছাই ভালদৰে ঘঁহি পানীৰে ধুব লাগে। ইয়াৰ ফলত বিজানু আৰু লেতেৰা দ্ৰব্যসমূহ খাদ্য বা মুখৰ ভিতৰলৈ যোৱাটো বন্ধ হয়। ভালদৰে হাত ধুলে পেলুৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যায়। শৌচাগাৰৰ কাষতে সুবিধাজনক ঠাইত চাবোন বা ছাই আৰু পানী সহজে পোৱাকৈ ৰাখিব লাগে।
শৌচ কৰাৰ পাছত, শিশুটিৰ তলছোৱা পৰিষ্কাৰ কৰাৰ পাছত হাত দুখন ভালদৰে পৰিষ্কাৰকৈ ধুৱাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ কথা। কেচা খাদ্য সামগ্ৰী আৰু পশু আদি স্পৰ্শ কৰাৰ পাছতো ভালদৰে হাত ধুৱাটো গুৰুত্বপূৰ্ণ।
শিশুসকলে ঘনাই হাত মুখলৈ নিয়ে, সেয়েহে সিহতৰ হাত দুখন ঘনাই ধুৱাই দিব লাগে, বিশেষকৈ খেলা-ধূলা কৰা, পশু আদিৰ লগত খেলাৰ পাছত।
শৰীৰৰ পোষণসমূহ ধ্বংস কৰা পেলুৰ দ্বাৰা শিশুসকল সহজে সংক্ৰমিত হয়। পেলু আৰু ইয়াৰ কণী মানুহ আৰু পশুৰ মলমূত্ৰত পোৱা যায়। এইবোৰ ওপৰিভাগ পানী, মাটি আৰু আধা সিজা মাংসতো থাকে। শিশুসকলক শৌচাগাৰৰ কাষলৈ যাব লগা হ’লে জোতা পিন্ধি যাব লাগে যাতে ভৰিৰ ছালৰ মাজেৰে পেলু শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰাত বাধা দিব পৰা যায়।
মূল বাৰ্তা-৩
অপৰিষ্কাৰ মুখৰ প্ৰতি মাখি আদি আকৰ্ষিত হয়৷ এইবোৰে এজনৰ পৰা আন এজনলৈ বিজাণু বিয়পায়। চকুজুৰি পৰিষ্কাৰ আৰু স্বাস্থ্যৱান কৰি নাৰাখিলে চকুজুৰি বিষাব পাৰে বা সংক্ৰমিত হব পাৰে আৰু দৃষ্টিশক্তি কমি যাব পাৰে অন্ধত্বও হবগৈ পাৰে।
যদি চকুজুৰি স্বাস্থ্যৱান হৈ থাকে তেন্তে বগা অংশ পৰিষ্কাৰ হৈ থাকে, আৰ্দ্ৰ হৈ থাকে আৰু উজ্জ্বল হয়। দৃষ্টিশক্তি তীক্ষ্ণ হয়। যদিহে চকুজুৰি অত্যন্ত শুকান বা ৰঙা আৰু খছখচাই থাকে, চকুৰে যদি বেছিকৈ ফেচকুৰি ওলায়, দৃষ্টিত অসুবিধা হয়, তেন্তে যিমান সোনকালে সম্ভৱ হয়- প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে।
মূল বাৰ্তা-৪
যদিহে সকলো পৰিয়ালে পৰ্য্যাপ্ত পৰিমাণৰ বিশুদ্ধ পানীৰ যোগান পায় আৰু পানী কেনেকৈ বিজাণুমুক্ত কৰি ৰাখিব লাগে সেই সম্পৰ্কে জ্ঞাত হয় তেন্তে বহুবোৰ ৰোগৰ পৰাই হাত সাৰি থাকিব পৰা যায়।
যদি বিশুদ্ধ পানী উপলব্ধ নহয় তেন্তে উতলাই বা পৰিশোধিত কৰি বিশুদ্ধ কৰি লব লাগে।
উপযুক্তভাৱে নিৰ্মাণ কৰা আৰু প্ৰতিপালন কৰা নলীৰে যোগান ধৰা পানী, নলীনাদ, সংৰক্ষিত কুঁৱা, জাঁন-জুৰি আদিৰ পানীও পৰিষ্কাৰ হব পাৰে।
পুখুৰী, নদী, ঢাকনী নথকা পানীৰ চৌবাচ্চা আদিৰ পানী অসুৰক্ষিত। এইবোৰ পানী উতলাই নিৰাপদ কৰি লব পৰা যায়। ঢাকনি থকা পাত্ৰত পানী পৰিষ্কাৰকৈ ৰাখিব পাৰি। তলত দিয়া ধৰণে পৰিয়াল আৰু ৰাইজে পানীৰ যোগান সংৰক্ষণ কৰিব পাৰে:
প্ৰতিটো পৰিয়ালে ঘৰতে পানী পৰিষ্কাৰকৈ ৰাখিব পাৰে:
যদিহে পানীৰ বিশুদ্ধতা সম্পৰ্কে কোনো ধৰণৰ নিশ্চয়তা পোৱা নাযায় তেন্তে স্থানীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব লাগে।
মূল বাৰ্তা-৫
খাদ্যবস্তু ভালদৰে সিঁজালে বিজাণুবোৰ মৰি যায়। বিশেষকৈ মাংস আৰু কুঁকুৰাৰ মাংস অতি ভালদৰে সিজাব লাগে। গৰম খাদ্যত বিজাণুবোৰ দ্ৰুতভাৱে বৃদ্ধি পায়। যিমান সম্ভৱ হয় ৰন্ধাৰ পিছতেই খাদ্য গ্ৰহণ কৰিব লাগে যাতে তাত বিজাণু জমা হোৱাৰ সুযোগ নাপায়।
মূল বাৰ্তা-৬
খাদ্যত থকা বিজাণুবোৰ পেটলৈ যাব পাৰে আৰু অসুস্থ কৰি তোলে৷ বিজাণুৰ পৰা খাদ্য সুৰক্ষিত কৰিবলৈ:
মূল বাৰ্তা-৭
মাখি, পইতাচোৰা, নিগনি, চিকা আদিৰ যোগেৰে বিজাণু বিয়পিব পাৰে। ইহঁতে পেলনীয়া খাদ্য সামগ্ৰী, পাছলিৰ বাকলি আদি খাদ্য হিচাপে খায়।
যদি ৰাজহুৱা বৰ্জিত সামগ্ৰী পেলোৱা বা সংগ্ৰহ কৰাৰ ব্যৱস্থা নাই তেন্তে প্ৰতি পৰিয়ালে নিজাকৈ বৰ্জিত সামগ্ৰী পেলোৱা গাত এটা কৰি ল’ব লাগে বা প্ৰতিদিনৰ বৰ্জিত সামগ্ৰী পুতি পেলাব লাগে বা পুৰি পেলাব লাগে। ঘৰৰ ভিতৰ আৰু চৌপাশ, কাষৰীয়া অঞ্চল মল-মূত্ৰ, পেলনীয়া আৰু বৰ্জিত পানী আদিৰ পৰা মুক্ত কৰি ৰাখিব পাৰিলে বহুবোৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। ঘৰুৱা বৰ্জিত পানীভাগ নিৰাপদভাৱে পেলাব লাগে। এনে পানীভাগ গাত খান্দি বা পাছলি বাগিছা আদিলৈ বোৱাই নিয়াৰ ব্যৱস্থা কৰিব পাৰি।
কীটনাশক আৰু অপতৃণনাশক ধৰণৰ ৰাসায়নিক পদাৰ্থসমূহ অতি কম পৰিমাণেও পানী, খাদ্য, হাত, ভৰি আদিৰ সংস্পৰ্শলৈ আহিলে বিপদজনক হ’ব পাৰে। এনে ৰসায়ন ব্যৱহাৰ কৰা কাপোৰ-কানি বা সামগ্ৰী ঘৰৰ পানী উৎসৰ কাষত ধুব নালাগে।
ঘৰৰ চৌপাশে এনে কীটনাশক ৰসায়ন আদি ব্যৱহাৰ কৰিব নালাগে। পানীৰ উৎসৰ পৰাও এইসমূহ আঁতৰাই ৰাখিব লাগে। এনে ৰাসায়নিক পদাৰ্থবোৰ পানী জমা থোৱা পাত্ৰ, খাদ্যৰ ওচৰত থব নালাগে। খাদ্য আৰু পানী এনে কীটনাশক আৰু ৰাসায়নিক সাৰৰ পাত্ৰত থব নালাগে।
উৎস: ইউনিছেফ
শেহতীয়া উন্নীতকৰণ: : 3/15/2020
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...