মৃত্যু হোৱা শিশুৰ আধা সংখ্যকৰ মৃত্যুৰ কাৰণ হ’ল পুষ্টিহীনতা, ই শৰীৰটো দুৰ্বল কৰি তোলে, ৰোগৰ সৈতে যুদ্ধ কৰাৰ ক্ষমতা নোহোৱা হয়, অপৰ্য্যাপ্ত খাদ্য, বাৰে বাৰে অসুস্থ হৈ পৰা আৰু সঠিক যত্ন নোলোৱাৰ বাবে শিশুসকল ৰোগ আৰু অপুষ্টিত ভুগিব পাৰে। গৰ্ভৱতী অৱস্থাত বা সন্তান জন্ম হোৱাৰ দুবছৰৰ ভিতৰত যদি সঠিক আহাৰ আৰু যত্ন লোৱা নহয় তেন্তে শিশুৰ শাৰিৰীক আৰু মানসিক বিকাশত ক্ষতি হ’ব পাৰে। পিছলৈ শিশুটি ডাঙৰ হৈ গ’লেও ইয়াক শুধৰোৱা সম্ভৱ নহয় আৰু সমগ্ৰ জীৱন এই ক্ষতি থাকি যায়।
মূলবাৰ্তাসমূহ
১) সকলো শিশুৰ সঠিকভাৱে বৃদ্ধি আৰু ওজন বঢ়াৰ দৰকাৰ। জন্মৰ পৰা দুবছৰলৈকে প্ৰতি মাহে ওজন জুখিব লাগে।
২) শিশুৰ বাবে ছমাহ পৰ্য্যন্ত স্তনদুগ্ধই প্ৰধান আৰু একমাত্ৰ খাদ্য। ছমাহৰ পিছত স্তনদুগ্ধৰ উপৰিও অন্য খাদ্য খুৱাব লাগে।
৩) ছমাহৰ পৰা দুবছৰলৈকে স্তনদুগ্ধৰ উপৰিও ৫ বাৰ আন আহাৰ খুৱাব লাগে।
৪) ৰোগ প্ৰতিৰোধ আৰু দৃষ্টিশক্তি ঠিকে ৰখাৰ বাবে শিশুক খাদ্যপ্ৰান ‘ক’ ৰ প্ৰয়োজন হয়। এই খাদ্যপ্ৰান ‘ক’ ফল-মূল, শাক-পাছলি, কণী, তেল, গাখীৰৰ পৰা প্ৰস্তুত সামগ্ৰী আৰু স্তনদুগ্ধত পোৱা যায়।
৫) শিশুৰ শাৰিৰীক আৰু মানসিক সক্ষমতাৰ বাবে লৌহযুক্ত খাদ্যৰ প্ৰয়োজন হয়। মাছ, মাংস, যকৃত, কণী আৰু লৌহ সংযোজিত খাদ্য আৰু লৌহ পৰিপূৰক বড়ি লৌহ সমৃদ্ধ হয়।
৬) শিশুৰ শিক্ষণ অসক্ষমতা আৰু বিকাশৰ লেহেম গতি প্ৰতিৰোধ কৰিবলৈ আয়ডিনযুক্ত নিমখ অপৰিহাৰ্য্য।
৭) ৰুগীয়া অৱস্থাতো শিশুক নিয়মীয়াকৈ আহাৰ খুৱাই থাকিব লাগে। ৰোগৰ পৰা উঠাৰ পাছত কমেও এসপ্তাহলৈ শিশুটিক উপৰঞ্চি এসাঁজ আহাৰ প্ৰতিদিনে খুৱাব লাগে।
সহায়ক তথ্য:পৰিপুষ্টি আৰু বৃদ্ধি
মূল বাৰ্তা-১
সকলো শিশুৰ সঠিকভাৱে বৃদ্ধি আৰু ওজন বঢ়াৰ দৰকাৰ। জন্মৰ পৰা দুবছৰলৈকে প্ৰতি মাহে ওজন জুখিব লাগে।
কেৱলমাত্ৰ স্তনদুগ্ধই ৬ মাহ বয়সলৈকে শিশু এটিক খুৱাই থাকিলে এই সময়ছোৱাত শিশুটিৰ ওজন ভালদৰে বৃদ্ধি পায়। স্তনপানে শিশুটিক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে ভাল শাৰিৰীক আৰু মানসিক বৃদ্ধি আৰু বিকাশ সুনিশ্চিত কৰে। স্তনদুগ্ধ পান কৰা শিশুৱে স্তনপান নকৰা শিশুতকৈ সহজে শিকে। এটি শিশুৰ ওজন যদি দুমাহৰ ভিতৰত বৃদ্ধি নাপায় তেন্তে শিশুটিক ঘনাই খাদ্য আৰু অধিক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। এনে শিশু সহজে ৰোগাক্ৰান্ত হয় আৰু অধিক যত্নৰ প্ৰয়োজন হয়। অভিভাৱক আৰু স্বাস্থ্যকৰ্মীয়ে শীঘ্ৰে ইয়াৰ কাৰণ নিৰ্ণয় কৰিব লাগে।
সকলো শিশুৰে বিকাশৰ লেখচিত্ৰ থাকিব লাগে। শিশুটিৰ প্ৰতিবাৰ ওজন লওঁতে এই বৃদ্ধিৰ লেখ চিত্ৰত বিন্দুৰে ওজন চিহ্নিত কৰিব লাগে আৰু পিছৰ ওজনৰ বিন্দুৰ লগতে ৰেখাৰ সংযোগ কৰিব লাগে। এই ৰেখাচিত্ৰখনে শিশুটিৰ বৃদ্ধি কেনেকৈ হৈছে-সেয়া স্পষ্টকৈ দেখুৱাই দিব। যদি এই ৰেখাডাল ওপৰৰ ফালে গতি কৰিছে তেন্তে শিশুটিৰ বিকাশ ভালদৰে হৈছে। যদি ৰেখাডাল সমান্তৰালভাৱে গৈছে বা তললৈ নামিছে তেন্তে সেয়া চিন্তাৰ কাৰণ।
যদি এটা শিশুৰ নিয়মীয়াকৈ ওজন বৃদ্ধি হোৱা নাই বা বিকাশ হোৱা নাই তেন্তে কিছুমান প্ৰশ্ন বিশ্লেষণ কৰিব লাগে:
মূল বাৰ্তা-২
প্ৰাৰম্ভিক মাহকেইটাত, যিখিনি সময়ত কেঁচুৱাটিৰ বেছিকৈ বিপদৰ সম্ভাৱনা থাকে সেই সময়ত কেৱল স্তনপান কৰালে শিশুটিৰ পেটচলা আৰু আন সাধাৰণ সংক্ৰমণবোৰৰ পৰা সুৰক্ষা প্ৰদান কৰিব পৰা যায়। শিশুৰ ৬ মাহ বয়সৰ পৰা আন খাদ্য আৰু পানীয়ৰ প্ৰয়োজন হয়। শিশুটিৰ দ্বিতীয় বছৰতো স্তনপান অব্যাহত ৰাখিব লাগে। ছয় মাহ বয়সৰ ভিতৰত যদি কোনোবাটো শিশুৰ ওজন বৃদ্ধি হোৱাটো পৰিলক্ষিত নহয় তেন্তে তেওঁক অতি ঘনাই স্তনপান কৰোৱাব লাগে।
মূল বাৰ্তা-৩
বৃদ্ধি আৰু স্বাস্থ্যৱান হ’বলৈ শিশুক মাছ-মাংস, মাহ, শস্যবীজ, কণী, ফল-মূল আৰু পাছলিৰ লগতে মাকৰ গাখীৰৰ দৰে বিভিন্ন পুষ্টিকৰ আহাৰৰ প্ৰয়োজন হয়।
শিশুৰ পাকস্থলী ডাঙৰৰ দৰে নহয় বাবে এবাৰতে অধিক পৰিমাণৰ আহাৰ খাব নোৱাৰে। কিন্তু শিশুক শাৰিৰীক বৃদ্ধি আৰু শক্তিৰ বাবে যথেষ্ট আহাৰৰ প্ৰয়োজন হয়। সেইবাবেই শিশুক সঘনাই আহাৰ খুওৱাতো অতি গুৰুত্বপূৰ্ণ কথা। এনে কৰিলে শিশুৱে বৃদ্ধিৰ বাবে প্ৰয়োজনীয় শক্তি আৰু বৃদ্ধিৰ উপাদান লাভ কৰিবলৈ সক্ষম হয়।
পাচলি, মাংস, মাছ, কণী আদি শিশুক খাদ্যৰ লগত পিটিকি খুৱাব লাগে। বিশেষভাৱে ৰঙা প্লামৰ তেলো কিছু পৰিমাণে এনে পিটিকাত মিলাব পৰা যায়। এনে তেল খাদ্যপ্ৰান ‘ক’ সমৃদ্ধ।
যদিহে শিশুক সাধাৰণ কাঁহীত খাদ্য দিয়া হয় তেন্তে শিশুটিয়ে যথেষ্ট পৰিমাণৰ খাদ্য নাপাবও পাৰে। সেইহে শিশুৰ বাবে পৃথক কাঁহী বা ডাঙৰ বাতিত খাদ্য দিব লাগে যাতে শিশুটিয়ে প্ৰয়োজন অনুসৰি খাদ্য খাব পাৰে আৰু এনে কৰিলে অভিভাৱক বা যত্ন লওঁতাইয়ো শিশুটিয়ে কিমান পৰিমাণৰ আহাৰ খাইছে লক্ষ্য ৰাখিব পাৰে।
শিশুক খাদ্য গ্ৰহণ কৰাত উৎসাহৰ প্ৰয়োজন হয় আৰু বহু শিশুক খাদ্য খোৱা আৰু কাঁহী-বাতি ধৰা মেলাত সহায়ৰ প্ৰয়োজন হয়। অসামৰ্থ শিশুক খাদ্য গ্ৰহণ আৰু পানী খাওঁতে অতিৰিক্ত সহায়ৰ প্ৰয়োজন হয়।
মূল বাৰ্তা-৪
শিশুৰ ৬ মাহ বয়সলৈকে শিশুটিক প্ৰয়োজন হোৱা সকলো খাদ্যপ্ৰান ‘ক’, মাকে গ্ৰহণ কৰা খাদ্য আৰু পৰিপূৰকৰ যোগেৰে স্তনদুগ্ধৰে শিশুৱে পায়। ছমাহতকৈও ডাঙৰ শিশুৱে বিভিন্ন খাদ্য আৰু খাদ্যপ্ৰান ‘ক’ ৰ পৰিপূৰক যোগে পায়।
যকৃৎ, কণী, গাখীৰৰ সামগ্ৰী, চৰ্বী থকা মাছৰ যকৃতৰ তেল, পকা আম আৰু অমিতা, হালধীয়া মিঠা আলু, গাঢ় সেউজীয়া পাতৰ পাচলি আৰু গাজৰৰ যোগেৰে খাদ্যপ্ৰান ‘ক’ পাব পৰা যায়।
পৰ্য্যাপ্ত পৰিমাণৰ খাদ্যপ্ৰান ‘ক’ শিশুৱে নাপালে কুকুৰীকণা হোৱাৰ আশংকা থাকে। যদি শিশুৱে সন্ধিয়া আৰু ৰাতি দেখা পোৱাত সমস্যা হয় তেন্তে তেনে শিশুক সম্ভৱত অধিক পৰিমাণৰ খাদ্যপ্ৰান ‘ক’ ৰ প্ৰয়োজনীয়তা থকাটো বুজায়। এনে শিশুক স্বাস্থ্যকৰ্মীৰ দ্বাৰা খাদ্যপ্ৰান ‘ক’ ৰ বড়ি খুৱাব লাগে।
কিছুমান দেশত খাদ্যপ্ৰান ‘ক’ বিভিন্ন খোৱা তেল আৰু আন খাদ্যত মিহলাই দিয়া হয়। খাদ্যপ্ৰান ‘ক’ বড়ি আৰু পনীয়া ধৰণেও পোৱা যায়। কিছুমান দেশত ৬ মাহ আৰু ৫ বছৰ বয়সৰ শিশুসকলৰ মাজত এবাৰ বা দুবাৰকৈ খাদ্যপ্ৰান ‘ক’ বড়ি বিতৰণ কৰা হয়।
হাঁগনি আৰু মিজিলছ হ’লে শিশুৰ শৰীৰৰ পৰা খাদ্যপ্ৰান ‘ক’ কমি যায়। কেঁচুৱাক ঘনাই স্তনপান কৰোৱাই খাদ্যপ্ৰান ‘ক’ ৰ যোগান ধৰিব লাগে আৰু ৬ মাহতকৈ ডাঙৰ শিশুক বেছিকৈ ফল-মূল আৰু পাছলি, কণী, যকৃত আৰু গাখীৰৰ সামগ্ৰী আদি খাবলৈ দি খাদ্যপ্ৰান ‘ক’ ৰ যোগান ধৰিব লাগে। ১৪ দিনতকৈ অধিক দিন ধৰি হাঁগনি হোৱা আৰু মিজিলছ হোৱা শিশুক স্বাস্থ্যকৰ্মীৰ পৰা খাদ্যপ্ৰান ‘ক’ বড়ি সংগ্ৰহ কৰি খুৱাব লাগে।
মূলবাৰ্তা-৫
ৰক্তশূণ্যতা
লৌহৰ অভাৱ
লৌহৰ অভাৱে শিশুৰ শাৰিৰীক আৰু মানসিক বিকাশত বাধা দিব পাৰে। জিভা, হাতৰ তলুৱা আৰু ওঁঠৰ ভিতৰ ভাগ বিবৰ্ণ হৈ পৰা, সহজে ভাগৰ লগা আৰু উশাহৰ গতি ধীৰ হোৱা ৰক্তশূণ্যতাৰ লক্ষণবোৰৰ ভিতৰত পৰে। ৰক্তশূণ্যতা পৃথিৱীৰ পুষ্টিগত বিসংগতিসমূহৰ ভিতৰত প্ৰধান।
গৰ্ভাৱস্থাত ৰক্তহীনতা হ’লে ৰক্তক্ষৰণ হ’ব পাৰে আৰু প্ৰসৱৰ পাছত সংক্ৰমণ হ’বগৈ পাৰে। বহুসময়ত ৰক্তহীনতা মাতৃৰ মৃত্যুৰ কাৰণ হোৱা দেখা যায়। ৰক্তশূণ্যতা থকা মাতৃৰ শিশুৰো এনে হোৱা দেখা যায়। শিশুৰ ওজন কম হ’ব পাৰে সেইহে লৌহ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলে বা লৌহ বড়ি গ্ৰহণ কৰি মাক আৰু শিশুক সুৰক্ষিত কৰিব পৰা যায়।
যকৃত, মাংস, কণী আৰু দাইল আদিত যথেষ্ট পৰিমাণৰ লৌহ পোৱা যায়। লৌহ সংযোজিত খাদ্যই ৰক্তহীনতা প্ৰতিৰোধত সহায় কৰে। মেলেৰীয়া আৰু হাকুটা পেলুৱেও ৰক্তহীনতা ভয়াৱহ কৰি তুলিব পাৰে।
শিশুসকলক শৌচাগাৰৰ কাষত খেলিবলৈ দিব নালাগে। পেলুৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ শিশুসকলৰ হাত ঘনাই ধুৱাই থাকিব লাগে আৰু জোতা পৰিধান কৰোৱাব লাগে।
মূলবাৰ্তা-৬
শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে অতি কম পৰিমাণৰ আয়ডিনৰ প্ৰয়োজন হয়। প্ৰয়োজনীয় পৰিমাণৰ আয়ডিন নাপালে বা মাতৃগৰাকী গৰ্ভৱতী অৱস্থাত আয়ডিনৰ অভাৱত ভুগিলে শিশুটি মানসিক, শ্ৰৱণশক্তি, বা বাক শক্তিৰ সমস্যাসহ জন্ম লভিব পাৰে। কিছুমানৰ শাৰিৰীক আৰু মানসিক বিকাশ লেহেমীয়াও হ’ব পাৰে।
খাদ্যত আয়ডিন কম থকাৰ এটা লক্ষণ হ’ল গৰল ৰোগ। গৰল ৰোগ থকা গৰ্ভৱতী মহিলাৰ গৰ্ভপাত, মৃত সন্তান প্ৰসৱ বা মগজুৰ ক্ষতি হোৱা শিশু প্ৰসৱ কৰাৰ আশংকা অধিক।
সাধাৰণ লোনতকৈ আয়ডিনযুক্ত লোন শিশু আৰু গৰ্ভৱতী মাতৃৰ খাদ্যত প্ৰদান কৰি শৰীৰক প্ৰয়োজন হোৱা পৰ্য্যপ্ত পৰিমাণৰ আয়ডিন যোগান ধৰিব পৰা যায়। যদিহে আয়ডিনযুক্ত লোন উপলব্ধ নহয়, তেন্তে শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে আয়ডিনৰ পৰিপূৰক বড়ি স্বাস্থ্যকৰ্মীৰ পৰা সংগ্ৰহ কৰিব লাগে।
মূলবাৰ্তা-৭
এটি শিশুৰ যেতিয়া বিশেষকৈ পেটচলা বা মিজিলছ ৰোগ হয় তেতিয়া ভোক কমি যায় আৰু শৰীৰে গ্ৰহণ কৰা খাদ্য কমকৈ ব্যৱহাৰ কৰে। যদি বছৰত কেইবাবাৰো এনে ৰোগ হয়, তেন্তে শিশুটিৰ বৃদ্ধি কম পৰিমাণে হয় বা স্তব্ধ হৈ পৰে।
ৰুগীয়া শিশুক আহাৰ খাবলৈ উৎসাহিত কৰিব লাগে। ৰুগীয়া শিশুটিৰ ভোক কমি যোৱাৰ বাবে এনে কৰাটো অলপ কঠিন হ’বও পাৰে। এনে ক্ষেত্ৰত শিশুটিয়ে ভাল পোৱা খাদ্য ঘনাই খুৱাবলৈ চেষ্টা কৰিব লাগে। যিমানবাৰ সম্ভৱ হয় প্ৰতিবাৰ কম পৰিমানে ঘনাই আহাৰ খুৱাব লাগে৷ উপৰঞ্চিকৈ স্তনপান কৰোৱাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ।
ৰুগীয়া শিশুক যিমান ঘনাই সম্ভৱ হয় পানী খাবলৈ দিয়াটো অত্যাৱশ্যকীয়। পেটচলা শিশুৰ বাবে জলশূণ্যতা হোৱাটো এটা সংকটময় সমস্যা। পৰ্য্যাপ্ত পৰিমাণৰ জুলীয়া আহাৰে জলশূণ্যতা প্ৰতিৰোধত সহায় কৰে।
যদিহে কেইবা দিনলৈ ৰোগ আৰু আভোক অব্যাহত থাকে তেন্তে শিশুটিক স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে। ৰোগত পৰাৰ আগতে শিশুটিৰ ওজন যিমান আছিল ৰোগৰ পাছত তাতকৈ ওজন বৃদ্ধি নোহোৱালৈকে শিশুটিক আৰোগ্য হোৱা বুলি ভাবিব নোৱাৰি।
উৎস: ইউনিছেফ
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
অসম মাধ্যমিক শিক্ষা পৰিষদ
অভিভাৱকৰ শাসন আৰু শিক্ষা-ব্যৱস্থাৰ মেৰপাকত আমাৰ ...
আচল বনাম অচল শিক্ষা : সামাজিক প্ৰতিফলন আৰু কিছু অন...
অসমত গাৰ্হস্থ্য বিজ্ঞান শিক্ষা