এমাহ বয়সলৈ
এটি শিশু সক্ষম হ’ব লাগে-
- গাল বা মূৰত হাত বুলালে সেই দিশে মূৰ ঘুৰুৱা।
- দুয়োখন হাত মুখলৈ অনা।
- চিনাকী কণ্ঠ বা শব্দ শুনিলে সেইপিনে ঘুৰা।
- স্তন চুহা আৰু হাতেৰে ধৰা।
পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ উপদেশ
- শিশুটিক এনেভাৱে ধৰিব লাগে যাতে ছালৰ লগত ছালৰ সম্পৰ্ক হৈ থাকে আৰু জন্মৰ এঘন্টাৰ ভিতৰত স্তনপান কৰোৱা হয়।
- শিশুক থিয়কৈ ধৰাৰ সময়ত মূৰত সহায়ক দিয়ক৷
- ঘনাই শিশুক মালিছ কৰক আৰু আঁকোৱালি ধৰক।
- আপুনি ক্লান্ত বা অশান্তিত থাকিলেও সকলো সময়তে শিশুক আলসুৱাভাৱে ধৰক।
- ঘনাই শিশুক স্তনপান কৰোৱাক, কমেও চাৰি ঘন্টাৰ বিৰতিত।
- যিমানবাৰ সম্ভৱ হয় শিশুৰ লগত কথা পাতক, কিবা পঢ়ি শুনাওঁক বা গান গাওঁক।
- জন্মৰ ৬ সপ্তাহৰ পাছত শিশুটিক লৈ স্বাস্থ্যকৰ্মীৰ কাষলৈ যাওঁক।
এই বিপদজনক চিহ্নবোৰৰ প্ৰতি লক্ষ্য ৰখা উচিত-
- দুৰ্বলভাৱে স্তন চুহা বা চুহিবলৈ আপত্তি কৰা।
- উচ্চ মাত্ৰাৰ শব্দ বা উজ্জ্বল পোহৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা
- বহুসময় ধৰি কান্দি থকা।
- বমি আৰু শৌচ হোৱা, যাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যাব পাৰে।
৬ মাহ বয়সত
শিশুৱে কৰিবলৈ সক্ষম হ’ব
- ওপৰ মুৱাকৈ শুলে মূৰ আৰু বুকু ওপৰলৈ তোলা৷
- ওলমি থকা বস্তু ধৰিবলৈ চেষ্টা কৰা।
- বিভিন্ন বস্তু ধৰা আৰু জোকাৰা।
- দুয়োফালে বাগৰা।
- সহায়লৈ বহিব পৰা।
- হাত আৰু মুখেৰে সকলো বস্তু বুজিবলৈ চেষ্টা কৰা।
- শব্দ আৰু মুখৰ ভাৱ নকল কৰিবলৈ চেষ্টা কৰা।
- নিজৰ নাম শুনিলে বা চিনাকী মুখ দেখিলে প্ৰতিক্ৰিয়া দেখুৱা৷
পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ উপদেশ:
- শিশুটিক এখন পৰিষ্কাৰ নিৰাপদ সমতলত থওঁক যাতে মুকলিভাৱে লৰচৰ কৰিব পাৰে আৰু বস্তু বাহানি ধৰিব পাৰে।
- শিশুক এনেদৰে দাঙি ধৰক যাতে ওচৰে পাজৰে কি হৈ আছে দেখা পায়।
- ৰাতি বা দিনত যেতিয়াই খাব বিচাৰে স্তনপান অব্যাহত ৰাখক। ইয়াৰ লগতে আন খোৱা বস্তুও দিবলৈ আৰম্ভ কৰক (৬ ৰ পৰা ৯ মাহলৈ দিনে ২ বাৰ, ৮ ৰ পৰা ১২ মাহলৈ দিনে ৩ ৰ পৰা ৪ বাৰকৈ)।
- যিমান সম্ভৱ হয় শিশুটিৰ লগত কথা পাতক, কিবা পঢ়ক বা গান শুনাওক।
এই বিপদজনক চিহ্নবোৰলৈ লক্ষ্য ৰাখক:
- জড়তা বা অংগ লৰচৰ কৰাত অসুবিধা।
- অনবৰতে মূৰটো লৰাই থকা (এইটো কানৰ সংক্ৰমণৰ বাবেও হ’ব পাৰে, চিকিৎসা নকৰিলে কানেৰে নুশুনাও হ’বগৈ পাৰে)৷
- শব্দ, পৰিচিত মুখ বা স্তন দেখি কোনো প্ৰতিক্ৰিয়া নেদেখুৱা বা কম পৰিমাণে দেখুওৱা।
- স্তনপান বা আন খাদ্য খাব নিবিচৰা৷
১২ মাহ বয়সত
শিশুৱে কৰিবলৈ সক্ষম হ’ব:
- আনৰ সহায় অবিহনে বহিব পৰা।
- ওলোটা বাগৰ মৰা আৰু ঠিয় হোৱা৷
- কিহবাত ধৰি ভৰি আগবঢ়োৱা।
- শব্দ আৰু কথা নকল কৰিবলৈ চেষ্টা কৰা আৰু কিবা ক’লে বুজি পোৱা।
- খেলি আৰু হাত চাপৰি মাৰি ভাল পোৱা।
- কোনো শব্দ বা ভংগী বাৰে বাৰে কৰা।
- বুঁঢ়া আৰু তৰ্জনী আঙুলীৰে কিবা বস্তু দাঙি ধৰা।
- কাপ, চামুচ আদি নিজে ধৰা আৰু খাবলৈ চেষ্টা কৰা।
পিতৃ-মাতৃ আৰু যত্ন কৰোঁতালৈ উপদেশ:
- কিবা বস্তুৰ ফালে দেখুৱাই তাৰ নাম কওঁক, শিশুটিৰ লগত খেলক আৰু কথা পাতক।
- খোৱাৰ সময়ত সকলোৰে লগত মিলামিছা কৰি খাবলৈ উৎসাহিত কৰক।
- যদি শিশুটিৰ বিকাশৰ গতি লেহেমীয়া হয় বা কোনো অসামৰ্থতা দেখা যায় তেন্তে যিবোৰত সামৰ্থতা আছে সেইবোৰত বেছি গুৰুত্ব দিয়ক আৰু বেছিকৈ উদ্দীপনা আৰু অধিক মিলামিছা কৰক।
- শিশুটিক একে ভাজে অধিক সময় নাৰাখিব।
- দূৰ্ঘটনাৰ পৰা হাত সাৰি থাকিবলৈ শিশুৰ চাৰিওফাল যিমান সম্ভৱ নিৰাপদ কৰি ৰাখক।
- স্তনপান অব্যাহত ৰাখক আৰু লক্ষ্য ৰাখক যাতে শিশুটিয়ে পৰ্য্যাপ্ত খাদ্য গ্ৰহণ কৰে-বহুধৰণৰ ঘৰত প্ৰস্তুত কৰা খাদ্যও খুৱাব লাগে।
- শিশুক কাপ আৰু চামুচ দি নিজে খোৱাৰ পৰীক্ষা কৰিবলৈ দিয়ক।
- শিশুক সম্পূৰ্ণ প্ৰতিষেধক চিটা আৰু সকলোবোৰ সূক্ষ্মপোষণৰ বিকল্প প্ৰদান কৰাটো নিশ্চিত কৰক।
তলত দিয়া বিপদৰ চিহ্নবোৰলৈ লক্ষ্য ৰাখিব:
- আনন্দৰ শব্দৰ প্ৰতিক্ৰিয়া দেখুৱাই শিশুৱে শব্দ নকৰে।
- লৰচৰ কৰি থকা বস্তুৰ ফালে শিশুৱে লক্ষ্য নকৰে।
- শিশুটি অসহিষ্ণু আৰু যত্ন লওঁতাৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়।
- শিশুটিৰ ভোক নালাগে বা খোৱা বস্তু নাখায়।
দুবছৰ বয়সলৈকে
শিশুৱে যি কৰিবলৈ সক্ষম
- খোজ কঁঢ়া, ওখ ঠাইত উঠা আৰু দৌৰা।
- কোনো বস্তু বা ছবিৰ নাম ক’লে সেইটো দেখুৱাই দিয়া (যেনে, কাণ, নাক)।
- কেইবাটাও শব্দ একেলগে কোৱা (১৫ মাহ বয়সৰ পৰা)
- সাধাৰণ নিৰ্দেশ পালন কৰা।
- এডাল পেঞ্চিল বা ৰঙীণ পেঞ্চিল দিলে আকবাক কৰা।
- সাধাৰণ সাধু কথা বা গান গালে আনন্দ পোৱা৷
- আনৰ ভাৱ-ভংগী নকল কৰা।
- নিজে নিজে খাবলৈ আৰম্ভ কৰা৷
পিতৃ-মাতৃ বা যত্নকাৰীলৈ উপদেশ:
- শিশুৰ লগত পঢ়ক, গান গাওঁক বা খেলক।
- শিশুক বিপদজনক বস্তুৰ পৰা আঁতৰি থাকিবলৈ শিকাওঁক।
- শিশুৰ লগত স্বাভাৱিকভাৱে কথা পাতক-সৰু ল’ৰাৰ দৰে কথা নাপাতিব।
- স্তনপান অব্যাহত ৰাখক আৰু শিশুটিয়ে যাতে যথেষ্ট স্তনদুগ্ধ আৰু আন ঘৰুৱা খাদ্য পৰ্য্যাপ্ত পৰিমাণে খায় সেয়া নিশ্চিত কৰক।
- শিশুটিক খাবলৈ উৎসাহিত কৰক-হেঁচা প্ৰয়োগ নকৰিব।
- সাধাৰণ কিছুমান নিয়ম আৰু যুক্তিসংগত কিছু প্ৰত্যাশা জনাওঁক।
- শিশুটিয়ে কৰা কাম-কাজত প্ৰশংসা কৰক।
এনে বিপদজনক চিহ্নবোৰলৈ লক্ষ্য ৰাখিব:
- আনৰ প্ৰতি প্ৰতিক্ৰিয়াৰ অভাৱ।
- খোজকঢ়াৰ সময়ত ভাৰসাম্য ঠিকে ৰখাত অসুবিধা হোৱা (এজন প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ কাষলৈ যাওক)।
- আঘাট আৰু ব্যৱহাৰত বুজাব নোৱাৰাকৈ পৰিৱৰ্তন হোৱা (যদিহে শিশুটি আনৰ দ্বাৰা প্ৰতিপালিত হয়)
তিনিবছৰ বয়সত
শিশুৱে কৰিবলৈ সক্ষম
- সহজে খোজকঢ়া, দৌৰা, ওপৰলৈ বগোৱা, গুৰিওৱা আৰু জপিওঁৱা।
- সাধাৰণ বস্তুবোৰ চিনি পোৱা আৰু ছবি চিনি পোৱা, আঙুলীৰে দেখুৱাই দিয়া।
- দুটা বা তিনিটা শব্দৰে বাক্য ক’ব পৰা।
- নিজৰ নাম আৰু বয়স ক’বলৈ পৰা।
- ৰঙৰ নাম কোৱা।
- সংখ্যা বুজি পোৱা।
- খেলত মিছামিছি বস্তু ব্যৱহাৰ কৰা।
- মৰম প্ৰকাশ কৰা।
পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ পৰামৰ্শ:
- শিশুৰ সৈতে কিতাপ পঢ়ক, চাওঁক আৰু ছবিবোৰকলৈ সাধুকথা কওঁক।
- শিশুক সাধু কথা কওক আৰু পদ্য আৰু গান শিকাওঁক।
- শিশুটিক খাবলৈ পৃথক কাঁহী-বাতি, গিলাছ আদি দিয়ক।
- শিশুক খাবলৈ উৎসাহিত কৰক, শিশুটিক নিজৰ প্ৰয়োজন মতে আৰু সময় অনুসৰি খাবলৈ দিয়ক।
- শিশুক কাপোৰ পিন্ধা, হাত ধোৱা আৰু শৌচাগাৰ ব্যৱহাৰ কৰাত সহায় কৰক।
এনেবোৰ বিপদজনক চিহ্নলৈ লক্ষ্য ৰাখক
- খেল-ধেমালীত উৎসাহৰ অভাৱ।।
- বাৰে বাৰে বাগৰি পৰা।
- সৰু সৰু বস্তু ব্যৱহাৰত অসুবিধা হোৱা।
- সাধাৰণ কথা-বতৰা বুজি নোপোৱা।
- কেইবাটাও শব্দ ব্যৱহাৰ কৰি কথা কোৱাত অক্ষম।
- খাদ্যৰ প্ৰতি একেবাৰে আগ্ৰহ নথকা বা কম আগ্ৰহ থকা।
৫ বছৰ বয়সত
শিশুৱে কৰিবলৈ সক্ষম
- সু-সমন্বয়ভাৱে ঘূৰা পকা কৰিব পাৰে।
- বাক্য সজাই কব পাৰে আৰু বহুবোৰ কঠিন শব্দ ব্যৱহাৰ কৰিব পাৰে।
- বিপৰীত শব্দ বুজিব পাৰে (যেনে, শকত আৰু ক্ষীণ, ওখ আৰু চাপৰ আদি)
- আন শিশুৰ লগত খেলা।
- কাৰো সহায় নোলোৱাকৈ পোছাক পিন্ধা।
- সাধাৰণ প্ৰশ্নৰ উত্তৰ দিয়া।
- ৫ ৰ পৰা ১০ টা বস্তু লেখিব পৰা
- নিজৰ হাত ধুব পৰা
পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ উপদেশ
- শিশুটিৰ কথা মনোযোগেৰে শুনিব লাগে।
- শিশুটিৰ সৈতে ঘনাই বাৰ্তালাপ কৰক।
- যদি শিশুটিয়ে কথা কওঁতে লাগি ধৰে তেন্তে ধীৰে ধীৰে কথা ক’বলৈ কওঁক।
- সাধুকথা পঢ়ক আৰু কওঁক।
- শিশুটিক খেলিবলৈ আৰু কিবা বিচাৰিবলৈ উৎসাহিত কৰক।
এনে বিপদজনক চিহ্নলৈ লক্ষ্য ৰাখক।
- খেলত শিশুটিয়ে লোৱা ভূমিকা লক্ষ্য কৰক।
- যদি শিশুটিক ভয়াৰ্ত দেখা যায়, ক্ৰোধ দেখা যায়, বা হিংস্ৰ হোৱা দেখা যায় তেন্তে সেয়া আৱেগিক সমস্যা বা উৎপীড়নৰ বাবে হ’ব পাৰে।
উৎস: ইউনিছেফ