অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এনিমিয়াযুক্ত অসমৰ বাবে মিশ্বন তেজস্বী :

এনিমিয়াযুক্ত অসমৰ বাবে মিশ্বন তেজস্বী :

 

এনিমিয়া বুলি ক’বলৈ গ’লে সাধাৰণ অৰ্থত ৰক্তহীনতা বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ’ল তেজত হিম’গ্লবিন(তেজৰ অৰ্থ হ’ল হিম’গ্লবিন আৰু হিম’গ্লবিনৰ অৰ্থ হ’ল আইৰন)ৰ পৰিমাণ কমি যোৱা। ইয়াৰ উপৰি খাদ্যত আইৰণ আৰু ফলিক এচিডযুক্ত উপাদান কম হ’লে, আন আন ৰোগ উদাহৰণস্বৰূপে- মেলেৰিয়া, হাকোটা পেলুৰ সংক্ৰমণ আদিত ভুগিলেও এনিমিয়া হ’ব পাৰে। বেছিভাগ শিশু আৰু গৰ্ভৱতী মহিলাই এনিমিয়াত আক্ৰান্ত হ’ব পাৰে। কিশোৰীসকলো কম-বেছি পৰিমানে(মাহেকীয়া ৰক্তস্ৰাৱ) এই ৰোগত আক্ৰান্ত হ’ব পাৰে। গৰ্ভৱতী অৱাস্থাত মহিলা এগৰাকী এনিমিয়াত আক্ৰান্ত হ’লে কম ওজনৰ শিশু, অপৈণত শিশুৰ প্ৰসৱ তথা মহিলাগৰাকীৰ শিশু অৱস্থাত এনিমিয়াত আক্ৰান্ত হ’লে শিশুটি ভাগৰুৱা হয়, চকুৰ পতা বগা হয়, ভোক কম, মূৰৰ বিষ, অমনোযোগী, জিভাৰ ছাল শেতা পৰা, শ্বাস-প্ৰশ্বাস ঘন হোৱা, ভৰিত সিৰামূৰি ধৰা, সঘনে বেমাৰত আক্ৰান্ত হোৱা, পঢ়া-শুনাত মন নবহা আদি উপসৰ্গই দেখা দিয়ে। শিশুসকলৰ লগতে মাতৃসকলৰ স্বাস্থ্যৰ ওপৰতে ভৱিষ্যতৰ সমৃদ্ধি বহু পৰিমাণে নিৰ্ভৰশীল। শিশু অৱস্থাৰ পৰাই এটা শিশুক উপযুক্ত স্বাস্থ্যৰ যতন ল’লেহে শিশুটিৰ ভৱিষ্যৎ উজ্জ্বল হ’ব। গৰ্ভৱতী মহিলাসকলৰ যতন লোৱাটো অতীব প্ৰয়োজন। এনিমিয়ামুক্ত অসমৰ উদ্দেশ্য আগত ৰাখিয়েই ৰাজ্য চৰকাৰে ২০১৫-১৬ বিত্তীয় বৰ্ষৰ পৰা এনিমিয়া নিৰ্মূলকৰণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ‘মিশ্বন তেজস্বী’ শীৰ্ষক এই অভিযানৰ জৰিয়তে সম্পূৰ্ণ এমাহ ধৰি ৬-৫৯ মাহৰ বয়সৰ শিশুৰ বাবে আই এফ এ চিৰাপ(সপ্তাহত দুবাৰকৈ) সেৱন আৰু গৰ্ভৱতী মহিলাৰ বাবে আই এফ এ টেবলেট সেৱনৰ ব্যৱস্থা কৰি অহা হৈছে। বিগত বছৰৰ দৰে এইবছৰো জানুৱাৰী মাহত সমগ্ৰ অসমত এই ‘মিশ্বন তেজস্বী’ অভিযান পালন কৰা হৈছে। এই বৰ্ষৰ জানুৱাৰী মাহত প্ৰতিটো খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ১০খনকৈ বিদ্যালয়ত ৫-১০ বছৰ বয়সৰ শিশুসকলক সামৰি আই এফ এ টেবলেট খুওৱাৰ বাবে ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। এনিমিয়াৰ পৰা পৰিত্ৰাণৰ সহজ উপায় আই এফ এ চিৰাপ আৰু টেবলেট। গৰ্ভৱতী মহিলাসকলৰ বাবে হিম’গ্লবিন পৰীক্ষা আৰু আই এফ এ টেবলেট প্ৰদানৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ‘মিশ্বন তেজস্বী’ অভিযানৰ বাবে তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধিৰ বাবে ৰাজ্যৰ উপ-স্বাস্থ্যকেন্দ্ৰসমূহত এক সৰ্বাত্মক গণসংযোগ কাৰ্যসূচী বিশেষ গাঁও স্বাস্থ্য আৰু পুষ্টি দিৱস হিচাপে পালন কৰা হৈছে। উক্ত ‘মিশ্ৰন তেজস্বী’ শীৰ্ষক অভিযানৰ বিসয়ে বিতংভাৱে জানিবলৈ আপোনাৰ ওচৰৰ স্বাস্থ্যকেন্দ্ৰ/আশা/এ এন এম/এম পি ডব্লিউৰ সৈতে যোগাযোগ কৰক। স্বাস্থ্য বিভাগৰ ট’ল ফ্ৰী নম্বৰ ১০৪ ডায়েল কৰিও সবিশেষ জানিব পাৰিব।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate