অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা

এই আচঁনিৰ উদ্দেশ্যে-

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ উদ্দেশ্যে হ’ল সাধাৰণভাৱে দেশৰ বিভিন্ন অঞ্চলৰ স্বাস্থ্য সুৰক্ষাৰ সুবিধা সমুহৰ ক্ষেত্ৰত থকা অসমতা নিৰ্মুল কৰা আৰু বিশেষভাৱে অনুন্নত ৰাজ্য সমুহত স্বাস্থ্য সুৰক্ষাৰ সুবিধা আৰু স্বাস্থ্য শিক্ষাৰ মানদণ্ড উন্নত কৰা| এই আঁচনি ২০০৬ চনৰ মাৰ্চ মাহত অনুমোদিত হয়|

এই আচঁনিৰ কাৰ্য্যকৰীকৰণ-

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ প্ৰথমৰ পৰ্যায়টোত দুটা অংশ আছে:- এইমচ্‌ৰ সমমান বিশিষ্ট ছটা প্ৰতিষ্ঠান স্থাপন কৰা আৰু বৰ্তমান চলি থকা ১৩ খন চৰকাৰী চিকিৎসা বিদ্যা প্ৰতিষ্ঠানৰ উন্নিত কৰণ কৰা| বিহাৰ, চত্তিছগড়, মধ্যপ্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰাঞ্চল এই ছয়খন ৰাজ্যত এইমচ্‌ৰ সমমান বিশিষ্ট চিকিৎসা বিদ্যা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে আৰু তাৰ বাবে প্ৰতিখন প্ৰতিষ্ঠানৰ বাবদ ৮৪০ কোটিকৈ টকা নিৰ্ধাৰণ কৰা হৈছে| এই ৰাজ্য কেইখন বহুকেইটা আৰ্থ-সামাজিক নিৰ্ধাৰক যনে- মানৱ বিকাশ সূচী, সাক্ষৰতাৰ হাৰ, দৰিদ্ৰ সীমাৰেখাৰ জনসংখ্যা, বাৰ্ষিক জনমুৰী আয়, স্বাস্থ্য সুৰক্ষা নীতি আদিৰ ওপৰত ভিত্তি কৰি বাচি উলিওৱা হৈছে| প্ৰতিখন প্ৰতিষ্ঠানতে স্বাস্থ্য সুৰক্ষাৰ বাবে ৪২ বিশেষ/ অতি বিশেষ শাখাৰে সম্বলিত ৯৬০ খন বিচনা যুক্ত হস্পিতালৰ ব্যৱস্থা হ’ব ( তাৰে ৫০০ খন বিচনা চিকিৎসা মহাবিদ্যালয় হস্পিতাল; ৩০০ খন বিশেষ/ অতি বিশেষ শাখা, ১০০ খন বিচনা আই.চি.ইউ/ দুৰ্ঘটনা জনীত জৰুৰী অৱস্থা, ৩০ খন পুনৰ সংস্থাপন আৰু ৩০ খন আয়ুসৰ বাবে)| প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত ১০০ ইউ জি ইনটেকত বেলেগ বেলেগ বিভাগত MCI নিৰ্ধাৰিত প’ষ্ট গ্ৰেজুৱেট/ডক্ট’ৰেট ক’ৰ্চ আৰু নাৰ্ছিং কাউন্সিল নিৰ্ধাৰিত নাৰ্চিং মহাবিদ্যালয় থাকিব|

ইয়াৰ লগতে বৰ্তমান চলি থকা ১৩ খন চিকিৎসা প্ৰতিষ্ঠান ১০ খন ৰাজ্যলৈ সম্প্ৰসাৰিত আৰু উন্নিত হ’ব| যাৰ বাবে প্ৰতিখন প্ৰতিষ্ঠানৰ বাবদ ১২০ কোটি টকা (১০০ কোটি কেন্দ্ৰ চৰকাৰ আৰু ২০ কোটি ৰাজ্য চৰকাৰৰ পৰা) নিৰ্ধাৰন কৰা হৈছে| এই প্ৰতিষ্ঠান সমুহ হৈছে:-

১) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, জম্মু, জম্মু-কাশ্মীৰ

২) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, শ্ৰীনগৰ, জম্মু-কাশ্মীৰ

৩) কলকাতা মেডিকেল কলেজ, কলকাতা, পশ্চিমবংগ

৪) সঞ্জয় গান্ধী প’ষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব্‌ মেডিকেল চায়েন্সেজ, লক্ষ্ণৌ, উত্তৰ প্ৰদেশ|

৫) ইনষ্টিটিউট অব্‌ মেডিকেল চায়েন্স, BHU, বাৰাণসী, উত্তৰ প্ৰদেশ|

৬) নিজাম ইনষ্টিটিউট অব্‌ মেডিকেল চায়েন্সেজ, হায়দৰাবাদ, তেলেংগানা

৭) শ্ৰী ভেনকাটেশ্বৰা ইনষ্টিটিউট অব্‌ মেডিকেল চায়েন্সেজ, তিৰুপতি, অন্ধ্ৰ প্ৰদেশ

৮) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, চেলিম, তামিল নাডু

৯) বি জে মেডিকেল কলেজ, আহমেদাবাদ, গুজৰাট

১০) বাংগালোৰ মেডিকেল কলেজ, বাংগালুৰু, কৰ্ণাটক

১১) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, কেৰেলা

১২) ৰাজেন্দ্ৰ ইনষ্টিটিউট অব্‌ মেডিকেল চাইন্সেছ (আৰ.আই.এম.এছ) ৰাঁচি

১৩) গ্ৰাউণ্ট মেডিকেল কলেজ এণ্ড জে. জে. গ্ৰুপ অব্‌ হস্পিটেলছ্‌, মুম্বাই, মহাৰাষ্ট্ৰ|

দ্বিতীয় পৰ্যায়-

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ দ্বিতীয় পৰ্যায়ত চৰকাৰে পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশত দুখন এইমচ্‌ৰ বাবে অনুমোদন জনাইছে আৰু লগতে ৩৯ ত উল্লেখ কৰা ছয়খন চিকিৎসা প্ৰতিষ্ঠানৰ উন্নিত কৰণৰ অনুমোদন জনাইছে|

১) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, অমৃতসৰ, পঞ্জাৱ

২) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, টন্দা, হিমাচল প্ৰদেশ

৩) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, মদুৰাই, তামিল নাডু

৪) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, নাগপুৰ, মহাৰাষ্ট্ৰ

৫) জৱাহৰলাল নেহৰু মেডিকেল কলেজ অব্‌ আলিগঢ় মুছলিম ইউনিভাৰ্চিটি, আলিগঢ়

৬) পি টি. বি.ডি শৰ্মা পোষ্টগ্ৰেজুৱেট ইনষ্টিটিউট অব্‌ মেডিকেল চাইন্সেছ, ৰোহটক

তৃতীয় পৰ্যায়-

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ তৃতীয় পৰ্যায়ত তলত উল্লেখিত চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠান সমুহৰ উন্নিত কৰণৰ প্ৰস্তাৱ আগবঢ়াইছে|

১) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, ঝান্সি, উত্তৰ প্ৰদেশ

২) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, ৰেৱা, মধ্য প্ৰদেশ

৩) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, গোৰখপুৰ, উত্তৰ প্ৰদেশ

৪) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, ধৰবাংগা, বিহাৰ

৫) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, কোজহিকোড, কেৰেলা

৬) বিজয়নগৰ ইনষ্টিটিউট অব্‌ মেডিকেল চাইন্সেছ, বেলাৰী, কৰ্ণাটক

৭) গৰ্ভোৰমেণ্ট মেডিকেল কলেজ, মোজাফৰপুৰ, বিহাৰ

এই প্ৰকল্পৰ বাবে প্ৰতিখন প্ৰতিষ্ঠানৰ বাবদ ১৫০ কোটিকৈ টকা নিৰ্ধাৰণ কৰা হৈছে, যিটো কেন্দ্ৰীয় চৰকাৰে ১২৫ কোটি আৰু ৰাজ্য চৰকাৰে ২৫ কোটি টকাকৈ বহন কৰিব|

 

 

উৎস: http://pmssy-mohfw.nic.in/

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate