অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অতুলনীয় প্ৰোটিনযুক্ত ঢেঁকীয়া শাক খাওক

অতুলনীয় প্ৰোটিনযুক্ত ঢেঁকীয়া শাক খাওক

আমাৰ বেছি সংখ্যক লোকৰে ধাৰণা এটা আছে যে ঢেঁকীয়া শাকত বিশেষ খাদ্যগুণ বুলিবলৈ একো নাই। ঢেঁকীয়া শাক উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ লোকৰ মাজত এবিধ জনপ্ৰিয় শাক। ইয়াত খাদ্যগুণ বুলিবলৈ কিবা থাকক বা নাথাকক, ইয়াত থকা এক বিশেষ সোৱাদ আৰু মৃদু গোন্ধে খোৱাৰ ৰুচি বঢ়ায়। ই অন্য শাকতকৈ সহজলভ্য আৰু প্ৰাকৃতিক ভাৱে সকলো অব্যৱহৃত সামান্য ওখ ঠাইত গজে। অন্য শাক-পাতৰ খেতি যথেষ্ট যত্ন কৰিব লগীয়া হ’লেও ঢেঁকীয়াত যত্ন কৰিব লগীয়া একো নাথাকে। চ’ত মাহৰ প্ৰথম বৰষুণ কেইজাক পোৱাৰ পিছৰে পৰা ঢেঁকীয়াৰ কোমল ঠোৰ (কুঁহি পাত) ওলাবলৈ আৰম্ভ কৰে আৰু গোটেই বাৰিষা কাল ছোৱাত ইয়াৰ গছত একেৰাহে ঠোৰ ওলাই থাকে। কেৱল উত্তৰ-পূৰ্বাঞ্চলতে নহয়, হিমালয়ৰ পাদদেশৰ উত্তৰ ভাৰতৰ আটাইকেইখন ৰাজ্যতে ঢেঁকীয়াৰ কোমল ঠোৰ শাকৰুপে মানুহে খায়। উত্তৰাখণ্ডৰ (পূৰ্বৰ উত্তৰাঞ্চল) মচৌৰী, হৰিদ্বাৰ, হৃষিইকেশ, ডেৰাডুন আদি ঠাইত ঢীঁকীয়া শাক অন্যান্য পাচলিৰ লগতে বিক্ৰী কৰা দেখিছো। অৱশ্যে তাৰ ঢেঁকীয়াবোৰ আকাৰত আমাৰ অঞ্চলৰ ঢেঁকীয়াতকৈ প্ৰায় তিনি-চাৰিগুণ ডাঙৰ আৰু বেছি কোমল।

সি যি কি নহওক শেহতীয়াকৈ আমাৰ এই চিৰ পৰিচিত আদৰৰ ঢেঁকীয়া শাকত যে যথেষ্ট পৰিমাণে প্ৰ’টিন আছে সেই কথা প্ৰমাণিত হৈছে। আমাৰ গাঁৱৰ এলাগী ঢেকীয়াত থকা প্ৰ’টিনৰ পৰিমাণ বোলে আমি খোৱা মাংসতকৈ কোনোগুণে কম নহয়, বৰং অলপ বেছিহে।

হাবি জংঘল, বাৰীৰ ঢাপ বআন্যান্য একো খেতি কৰিব নোৱাৰা অসাৰুৱা পতিত মাটিত অপতৃণ ৰুপে গজি থকা ঢেকীঁয়াৰ এই হেন গুণ থকা বুলি ইয়াৰ আগলৈকে কোনেও ভাবিবই পৰা নাছিল। জানিব পৰামতে অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ-প্ৰযুক্তি (বায়’টেকন’ল’জি) বিভাগৰ অধ্যাপক এ. কে. সন্দিকৈৰ নেতৃত্বত এদল গৱেষকে ঢেঁকীয়া শাকৰ খাদ্যগুণ সম্পৰ্কে বিস্তৃত গৱেষণা কৰি এই তথ্য প্ৰকাশ কৰি কৈছে যে ঢেঁকীয়াৰ কুমলীয়া পাতত ৩৩.২৭ শতাংশ প্ৰ’টিন থাকে। সাধাৰণভাৱে সকলোৱে জনা, বেছি প্ৰ’টিন যুক্ত খাদ্য চয়াবিনত থকা প্ৰ’টিনৰ মাত্ৰা হ’ল ৪৩.২ শতাংশ। খাদ্যগুণৰ ফালৰ পৰা দেখাত সাধাৰণ যেন লগা আৰু তুলনামূলকভাৱে সস্তীয়া ঢেঁকীয়াৰ স্থান কিন্ত চয়াবিনৰ তেনেই পিছতে। গৱেষণাটিৰ নেতৃত্ব দিয়া জৈৱ-প্ৰযুক্তি বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্য্যপক শ্ৰী সন্দিকৈয়ে কয় যে সাধাৰণতে গ্ৰামঞ্চলৰ দুখীয়া লোকে বেছিকৈ ব্যৱহাৰ কৰা ঢেঁকীয়া চহৰাঞ্চলৰ সম্ভ্ৰান্ত লোকে কিনি খাবলৈ সংকোচ কৰে যদিও এতিয়া ঢেঁকীয়াৰ এই উচ্চ খাদ্যগুণ দেখি তেওঁলোকে নিশ্চয় আচৰিত হ’ব। ‘কচু-ঢেঁকীয়া খাইনো শৰীৰৰ কি বল শক্তি পাব’ বুলি গাঁৱৰ সৰ্বসাধাৰণ লোকে অসন্তষ্টি প্ৰকাশ কৰাৰ কোনো কাৰণ নাই। ঢেঁকীয়া এবিধ প্ৰথম শ্ৰেণীৰ পুষ্টি দায়ক শাক ৰুপে পৰিগণিত হৈছে।

ঢেঁকীয়াৰ ওপৰত চলোৱা এইলানি গৱেষণা ১৯৯৭ চনৰ পৰাইগুৱাহাটী বিশ্ববিদ্যালয়ত চলোৱা হৈছিল- আলমেৰাত থকা জি বি পণ্ট ইনষ্টিটিউট অব্‌ হিমালয়ান এনভিৰণমেণ্ট নামৰ প্ৰতিষ্ঠানটোৰ আৰ্থ-সাহাৰ্য্যত। এই গৱেষণাৰ ফলাফল ৰিছ’ৰ্চেছ’ নামৰ আলোচনী খনৰ ২০০৩ চনৰ তৃতীয় সংখ্যাত (ভলিউম-১৬) মুখ্য প্ৰবন্ধ ৰুপে প্ৰকাশ পাইছে বুলি জানিব পৰা গৈছে। গৱেষণা পত্ৰ খনত প্ৰকাশ পোৱা মতে ঢেঁকীয়াত ৫.৬ শতাংশ কাৰ্বোহাইড্ৰেট, ৩.৮ শতাংশ স্নেহ পদাৰ্থ (চৰ্বি), ৭.৮ শতাংশ প্ৰাকৃতিক আঁহ আৰু ১৩.১৫ শতাংশ খনিজ তত্ত্ব থাকে।

গৱেষকৰ দলটোৱে নাগালেণ্ডৰ এটা প্ৰজাতি, অসম্ৰ জলভূমিত হোৱা এজাতি ঢেঁকীয়াসহ মুঠ পাঁচটা প্ৰজাতিৰ ঢেঁকীয়াৰ গুণাগুণ সম্পৰ্কে অধ্যয়ণ কৰিছিল। কিন্ত আটাইবোৰ প্ৰজাতিৰ ভিতৰত আমাৰ থলুৱা প্ৰজাতিৰ ঢেঁকীয়াৰে পুষ্টিগুণ সবাতোকৈ বেছি বুলি প্ৰমাণ পোৱা গ’ল। খাদ্য দ্ৰব্যত ভিটামিনসহ অন্য সূক্ষ্ম পুষ্টি উপাদান বিলাকৰ মুঠ পৰিমাণৰ সমষ্টিকহে খাদ্য মূল্য ৰুপে ধৰা হয় ইয়াত থকা প্ৰ’টিন মূল্যৰ ওপৰত ভিত্তি কৰিহে ঢেঁকীয়াক উৎকৃষ্ট বুলি কোৱা হৈছে।

আমি খোৱা মুৰ্গীৰ মাংসত প্ৰ’টিন থাকে ২৫.৯ শতাংশ, গাহৰিৰ মাংসত থাকে ১৮.৭ শতাংশ। তেনেদৰে খেতিত হোৱা পালেং শাকত প্ৰ’টিনৰ পৰিমাণ হ’ল ২৫.৩ শতাংশ আৰু বন্ধা কবিত থাকে ১২.২ শতাংশ। কিন্ত এই আটাই বিলাক খাদ্য দ্ৰব্যতকৈ ঢেঁকীয়াৰ প্ৰ’টিন মূল্য ভালে খিনি বেছি। ঢেঁকীয়াত যিহেতু পাচন যোগ্য শ্বেতসাৰৰ (কৰ্বোহাইড্ৰেট) পৰিমাণো যথেষ্ট কম, সেয়ে মধুমেহ ৰোগীৰ বাবেও এই বিধ শাক উপকাৰী বুলি অধ্যাপক সন্দিকৈয়ে উল্লেখ কৰে।

অসমত এপ্ৰিল মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈকে ঢেঁকীয়া শাক প্ৰচুৰ পৰিমাণে পোৱা যায়। এজোপা গছৰ পৰা প্ৰতি তিনি-চাৰি দিনৰ মূৰে মূৰে নতুন কোমল ঠুৰি ছিঙিব পৰা হয়। ঢেঁকীয়াৰ বিক্ৰী মূল্য অন্য পাচলিৰ তুলনাত কম যদিও আমাৰ অজানিতেই ইয়াৰ পৰা বেছি খাদ্য মূল্য আমি পই আহিছো।

অধ্যাপক সন্দিকৈৰ তত্ত্বাৱধানত কেইবা খনো কলেজৰ প্ৰবক্তাই চলোৱা গৱেণ্ণাত অসমৰ ৫০ বিধ বনৰীয়া আৰু খেতিত হোৱা থলুৱা শাকৰ খাদ্যমূল্য সম্পৰ্কে অধ্যয়ন কৰিছিল। এই অধ্যয়নত পোৱা তথ্যমতে প্ৰায় সকলো থলুৱা শাকতে পাচনযোগ্য লাভ কৰা তথ্য অনুসৰি অসমৰ চিনাকি খুতুৰা শাকত ২৯.৪৫ শতাংশ, পূৰ্ণনৱা বা পণৌনৌৱাত ১৯.৯৬ শতাংশ, মাটিকাদুৰিত ১৮.১৮ শতাংশ, মধুসোলেঙত ২১.৮৩ শতাংশ আৰু কলমৌত ১৮.৩৮ শতাংশ প্ৰ’টিন থাকে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate