অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আখৰোট

আখৰোট

শুকান ফলৰ ভিতৰত বাদাম, কাজুবাদাম আৰু আখৰোটৰ কথাই ক’ব পাৰি। এই তিনিওবিধ বাদামৰ পুষ্টি দ্ৰব্যগুণ প্ৰায় একে যদিও কিছু কিছু ক্ষেত্ৰত ভিন্‌ ভিন্‌ দেখা যায়। আখৰোটৰ ৰাসায়নিক বিশ্লেষণ ১০০ গ্ৰাম হিচাপত এনেধৰণৰ-

কেলৰি শক্তি- ৬৮৫

কাৰ্ব’হাইড্ৰেট- ১১ শতাংশ

প্ৰ’টিন- ১৬ শতাংশ

চৰ্বি- ৬৫ শতাংশ

আঁহযুক্ত পদাৰ্থ- ৩ শতাংশ

ছডিয়াম- ২ শতাংশ

পটাছিয়াম- ৫ শতাংশ

শুকান ফলৰ ভিতৰত আখৰোটতেই কেলৰি শক্তি অধিক। কাৰণ আখৰোটত অধিক পৰিমাণে চৰ্বি থাকে। গৱেষকৰ মতে বাদাম আৰু কাজু বাদামৰ দৰে আখৰোটো এবিধ পুষ্টিবৰ্ধক আৰু ৰোগ প্ৰতিৰোধী ফল। ইয়াৰ বিভিন্ন গুণসমূহ এনেধৰণৰ-

  • আখৰোটে দেহৰ ৰক্তহীনতা আৰু যৌন দুৰ্বলতা নাশ কৰে।
  • দেহক যথেষ্ট শক্তি প্ৰদান কৰে।
  • দৃষ্টি ক্ষমতা ঠিকে ৰাখিবলৈ আখৰোট অতি প্ৰয়োজনীয় ফল। সেয়ে নিতৌ আখৰোট খাব লাগে।
  • স্নায়ৱিক ৰোগীৰ গাত আখৰোটৰ তেল মালিচ কৰিলে স্নায়ুকোষবোৰ সবল আৰু কৰ্মঠ হৈ পৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে।
  • আখৰোট তেল কলেষ্টেৰলমুক্ত। গতিকে নিৰ্ভয়ে আখৰোট তেল ব্যৱহাৰ কৰিব পাৰি।
  • ছাইনাছ ৰোগত আক্ৰান্ত ৰোগীয়ে নাকত বিষ অনুভৱ কৰিলে আখৰোটৰ বাকলি গুচাই পানীত তিয়াই থৈ পটাত বটি পেষ্ট বনাই নাকৰ ওচৰত ৰাখিব লাগে। কিছু সময়ৰ পাছত নাকৰ বিষ কমিবলৈ ধৰে বুলি আয়ুৰ্বেদ বিজ্ঞানে কয়।
  • মূৰৰ বিষ হ’লে এলোপেথিক দৰৱৰ পৰিৱৰ্তে আখৰোটৰ তেল মূৰত মালিচ কৰিব লাগে। সিদিনা ঘৰৰ বাহিৰলৈ যাব নালাগে। সন্ধিয়া পৰত লাহে লাহে মূৰৰ বিষৰ পৰা উপশম পায় বুলি গৱেষকে কয়।
  • আখৰোট দন্তমঞ্জন হিচাপেও ব্যৱহাৰ কৰিব পাৰি। তাৰ বাবে আখৰোট কঠিন বাকলিসহ খুন্দি গুড়া কৰি পাউডাৰ তৈয়াৰ কৰি ল’ব লাগে। গৱেষকৰ মতে এনে পাউডাৰেৰে দাঁত মাজিলে দাঁতৰ উজ্জ্বলতা বাঢ়ে আৰু দাঁতৰ আলু মজবুত হয়।
  • পগলা কুকুৰে কামুৰিলে লগে লগে আখৰোটৰ লগত পিঁয়াজ খুন্দি নিমখ মিহলাই পেষ্ট বনাই কোমল কাপোৰেৰে কামোৰা অংশত বান্ধি থ’লে বিষৰ পৰা উপশম পায়। কিন্তু ৰেবিজ ৰোগৰ পৰা হাত সাৰিবলৈ আপুনি চিকিৎসকৰ ওচৰলৈ যাবই লাগিব।

আখৰোটৰ আদি বাসস্থান সম্পৰ্কে জনা নাযায়। সাধাৰণতে সমতল ভূমিৰ পৰা পাহাৰীয়া অঞ্চলৰ প্ৰায় ২০০ ফুট উচ্চতাতহে আখৰোটৰ গছৰ খেতি কৰিব পাৰি। আমাৰ দেশৰ পাহাৰীয়া অঞ্চল বিশেষকৈ কেৰেলা ৰাজ্যত আখৰোটৰ গছ দেখিবলৈ পোৱা যায়। গছবোৰ বৰ ওখ। ফলৰ বাকলি বৰ টান আৰু বাকলি ভাঙিবলৈ দুটা সমজোখৰ অংশ দেখা যায় আৰু দেখিবলৈ ঠিক আমাৰ মগজুৰ দৰে।

লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate