প্ৰকৃতিৰ অনুপম অৱদান ফল। আমাৰ শৰীৰৰ বাবে ফল অত্যন্ত উপকাৰী। যিটো ঋতুত যি ফল উৎপন্ন হয়, সেই ঋতুৰে তাক ব্যৱহাৰ কৰিব লাগে। অৰ্থাত্ বতৰৰ ফল বতৰতে খোৱা উচিত। মানুহৰ আৱশ্যকতা অনুসৰি প্ৰকৃতিয়ে ফলমূল উৎপন্ন কৰে। ফলমূল স্বাস্থ্য, স্থান, কাল, ঋতু আৰু নিজৰ প্ৰকৃতি অনুসৰি গ্ৰহণ কৰিব লাগে। কাৰণ ফলমূল গ্ৰহণ নকৰাটো যিমান ক্ষতিকাৰক নহয়, সিমান ক্ষতিকাৰক ইয়াক প্ৰয়োজনতকৈ বেছি গ্ৰহণ কৰাটো। সেইবাবে সদায় নিজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিহে ফল খাব লাগে। ইয়াৰ ফলত আমাৰ শৰীৰটোৰ উপকাৰ হোৱাৰ লগতে সোনকালে হজম হৈ দেহৰ শক্তি বঢ়ায়। ফলেই হ’ল ভিটামিনৰ মূল উৎস। যিবিলাক ফলত ভিটামিন এ আৰু চি থাকে, সেইবোৰ ফল আমি নিয়মিতভাৱে খাব লাগে। শাক-পাচলি যিহেতু আমি ৰান্ধি বা সিজাই খাওঁ, তাৰ পৰা সেইবাবে আমি সম্পূৰ্ণৰূপে ভিটামিন আহৰণ কৰিব নোৱাৰোঁ। কিন্তু কেঁচা ফলমূলৰ পৰা আমাৰ শৰীৰে যিবোৰ ভিটামিন প্ৰত্যক্ষভাৱে পায়, সেয়া এশ শতাংশই পৰিশুদ্ধ। আমি খোৱা ফলবোৰত যদিও প্ৰ’টিনৰ পৰিমাণ কম থাকে, তথাপি ইয়াত থকা কাৰ্ব’হাইড্ৰেটে আমাৰ শৰীৰলৈ পৰিপুষ্টি যোগানত বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰে। এনেবোৰ ফলত আঁহজাতীয় দ্ৰব্য় থাকে, যি কোষ্ঠকাঠিন্য আঁতৰ কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। নেমু টেঙা, মৌচুমী, কলাজামু, আনাৰস, আম আদি গৰমৰ দিনত পৰ্যাপ্ত পৰিমাণে পোৱা ফলবোৰ দেখাত যেনে সহজ আৰু আটিল, তেনে ফলবোৰ আৰু তাৰ ৰসেৰে আমাৰ শৰীৰকো আটিল কৰি তুলিব পাৰি। ফল খোৱাৰ আগতে ভালদৰে ধুই ল’ব লাগে। ফল তাজা বা সতেজ হোৱা উচিত। দাগ লগা বা প্ৰয়োজনতকৈ অধিক পকা ফল খাব নালাগে। ফল কোমল হৈ যোৱা বা বেছিকৈ পকি যোৱা মানে ইয়াৰ ভিটামিনো নষ্ট হৈ যোৱা আৰু ফলত বেক্টেৰিয়াৰ সৃষ্টি হোৱা। ফলৰ ৰস উলিয়াই লগে লগে খাব লাগে। ফলৰ ৰস উলিয়াই বহুসময় থৈ দিলে উপকাৰী গুণ হ্ৰাস পায়। একে ধৰণৰ ফলৰ ৰস মিহলাইও খাব পাৰি। যেনে- কমলা আৰু মৌচুমী ৰস।
ফল প্ৰকৃতিয়ে যেনেদৰে দিছে, তেনেদৰেই খাব লাগে। জ্বলা, মচলা, নিমখ আদি সানিলে ইয়াৰ উপকাৰিতা হ্ৰাস পায়। কল আৰু আপেলৰ বাকলিৰ তলত পুষ্টিকৰ দ্ৰব্য থাকে। সেইবাবে আপেলৰ বাকলি নুগুচোৱাকৈ খালে ভাল। ফল বা ফলৰ ৰস আন আহাৰ খোৱাৰ দুই-তিনি ঘণ্টাৰ আগতেই খাব লাগে। ফল আন খাদ্যৰ তুলনাত সোনকালে হজম হয়।
ভালদৰে নপকা ফল কেতিয়াও খাব নালাগে। ইয়াৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। সপ্তাহত এদিন বা দুদিন কেৱল ফলাহাৰ গ্ৰহণে শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে। বেলজাতীয় বাকলি টান ফলবোৰ দুই-তিনি দিনলৈ সুৰক্ষিত কৰি ৰাখিব পাৰি। ফলৰ সহায়ত আন আহাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। কাৰণ ফল ৰসযুক্ত হোৱাৰ বাবে ই সহজতে হজম হৈ যায় আৰু সোনকালে ভোক লগায়। প্ৰয়োজনতকৈ অধিক ফলৰ ৰসে শৰীৰৰ ৰাসায়নিক প্ৰক্ৰিয়াত বাধা জন্মায়। ৰোগ আৰু শৰীৰৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি কেনে ধৰণৰ কি ফল কি পৰিমাণে খোৱা উচিত, সেই বিষয়ে খাদ্য বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। তেনেহ’লে আহক, অসহ্যকৰ গৰমৰ দিনকেইটাত বতৰৰ ফল খাওঁ আৰু শৰীৰ শীতল কৰি তোলোঁ।
লেখক: দিব্যজ্যোতি ভূঞা, নিয়মীয়া বাৰ্তা।
শেহতীয়া উন্নীতকৰণ: : 3/19/2020
বতৰ ভিত্তিক শস্য বীমা আঁচনি
বতৰৰ ঔষধ ফল
বতৰৰ ফল আৰু মানৱ শৰীৰৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা
অন্তৰীক্ষৰ বতৰ