অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগম

ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইন, ১৯৯২ অনুসৰি ভাৰতৰ সংখ্যালঘুসকল হ’ল মুছলমান, খ্ৰীষ্ট্ৰিয়ান, বৌদ্ধধৰ্মী, শিখ আৰু পাৰ্চীসকল। ২০০১ চনৰ জনগণনা অনুসৰি মুঠ জনসংখ্যাৰ শতকৰা ১৮.৪ শতাংশ লোক এই সম্প্ৰদায়ৰ আৰু সমগ্ৰ দেশতে ইয়াৰ জনসংখ্যা ১৮.৯৪ কোটি।

Capture1.PNG

Capture2.PNG

২০০১ চনৰ জনগণনা অনুসৰি সম্প্ৰদায় ভিত্তিক সংখ্যালঘুৰ জনসংখ্যা তলৰ তালিকাত উল্লেখ কৰা হ’ল:

ক্ৰমিক

নং

সম্প্ৰদায়

জনসংখ্যা

সংখ্যালঘু জনসংখ্যাৰ বয়স (শতাংশ)

মুছলমান

১৩,৮১,৮৮,২৪০

৭২.৯১৯ শতাংশ

খ্ৰীষ্টান

০২,৪০,৮০,০১৬

১২.৭০ শতাংশ

শিখ

০১,৯২,১৫,৭৩০

১০.১৪০ শতাংশ

বৌদ্ধ

৭৯,৫৫,২০৭

০৪.১৯৮ শতাংশ

পাৰ্চী

৬৯,৬০১

০০.০৩ শতাংশ

১৯৮৩ চনত ডঃ গোপাল সিঙে চৰকাৰক দাখিল কৰা সংখ্যালঘুৰ অধ্যয়নৰ প্ৰতিবেদনত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে সংখ্যালঘুসকলৰ মাজত অতি দৰিদ্ৰ লোকৰ সংখ্যাই অধিক।

স্বাধীনতাৰ পিছৰ পৰাই ভাৰত চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন আঁচনি আৰু কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। বেংকসমূহক ৰাষ্ট্ৰীয়কৃত কৰাতো এই দিশত এটা পদক্ষেপ। প্ৰকৃত পক্ষে কৃষিকাৰ্য্য, পৰম্পৰাগত ব্যৱসায় আৰু শিল্প কাৰ্য্যৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহক ঋণৰ মূল উৎস হিচাপে গুৰুত্ব প্ৰদান কৰা হৈছে। ডঃ গোপাল সিঙৰ প্ৰতিবেদনত এই কথাটো উল্লেখ আছে যে সংখ্যালঘুসকলে ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা তেওঁলোকৰ প্ৰয়োজন অনুসৰি ঋণৰ অংশ লাভ কৰিবলৈও সক্ষম নহয়। এনে পৰিস্থিতিৰ বাবেই ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ অতিৰিক্ত অৰ্থ সাহাৰ্য্য প্ৰদানৰ অভিকৰণৰ ধাৰণা গঢ় লৈ উঠে। এই নিগম ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অন্তৰ্গত ১৯৯৪ৰ ৩০ ছেপ্টেম্বৰ তাৰিখে কোম্পেনীসমূহৰ আইন ১৯৫৬ ৰ ধাৰা ২৫ ৰ অধীনত গঠন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হ’ল সংখ্যালঘুসকলৰ দৰিদ্ৰ শ্ৰেণীটোক অৰ্থনৈতিক উন্নয়ন প্ৰবৰ্ধন কৰা।

সংখ্যালঘুসকলৰ সৈতে বিষয়সমূহত বিশেষভাৱে মনোযোগ দিবলৈ ভাৰত চৰকাৰে “সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়” নামৰ এটা নতুন মন্ত্ৰালয় ২০০৫ চনত গঠন কৰে আৰু নিগমে এই মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা অনুসৰি লক্ষ্যত উপনীত হ’বলৈ কাম-কাজ কৰে।

ঋণৰ আঁচনিসমূহ

টাৰ্ম ঋণ আঁচনি

(এই আঁচনিখন ব্যক্তিগত হিতাধিকাৰীৰ বাবে আৰু এছচিএ ৰ জৰিয়তে কাৰ্য্যকৰী কৰা হয়।)

এই টাৰ্ম ঋণ আঁচনিৰ অধীনত সৰ্বোচ্চ ৫ লাখ টকালৈ প্ৰকল্পৰ খৰছ প্ৰদান কৰা হয়। নিগমে প্ৰকল্পৰ মুঠ খৰছৰ ৮৫ শতাংশ বা সৰ্বোচ্চ ৪,২৫,০০০ টকা ঋণ হিচাপে আগবঢ়ায়। বাকী ১৫ শতাংশ প্ৰকল্পৰ খৰছ এছচিএ আৰু হিতাধিকাৰীৰ পৰা বহণ কৰিব লাগে। হিতাধিকাৰীয়ে অতি কমেও প্ৰকল্পৰ মুঠ খৰছৰ ৫ শতাংশ অৰিহণা যোগাব লাগিব। পৰিশোধ কৰি থকা ঋণৰ ধন বাদ দি বাকী থকা ধনৰ ওপৰত হিতাধিকাৰীয়ে বাৰ্ষিক শতকৰা ৬ শতাংশ সুত প্ৰদান কৰিব লাগিব।

ব্যৱসায়িকভাৱে সক্ষম আৰু প্ৰযুক্তিগতভাৱে সম্ভৱ যিকোনো তলত উল্লেখ কৰা ক্ষেত্ৰৰ প্ৰকল্পৰ বাবে টাৰ্ম ঋণ আঁচনিৰ অধীনত সাহাৰ্য্য উপলব্ধ।

কৃষি আৰু সম্পৰ্কীত ক্ষেত্ৰ

প্ৰযুক্তিগত ব্যৱসায়

ক্ষুদ্ৰ ব্যৱসায়

শিল্প কৰ্ম আৰু পৰম্পৰাগত জীৱিকা

পৰিবহণ আৰু সেৱা খণ্ড

এই খণ্ডসমূহৰ স্ব-নিয়োগৰ প্ৰকল্প এক গোট কৰি তালিকাভুক্ত কৰা হৈছে আৰু ইয়াক আঁচনিসমূহৰ বৰ্ণনাৰ তালিকা নাম দিয়া হৈছে।

সীমিত ধনৰ ঋণ আঁচনি

(এই আঁচনিখন ব্যক্তিগত হিতাধিকাৰীৰ বাবে আৰু এছচিএ ৰ জৰিয়তে কাৰ্য্যকৰী কৰা হয়।)

বেংকৰ জৰিয়তে হিতাধিকাৰীলৈ সীমিত ধনৰ অৰ্থ সাহাৰ্য্য প্ৰদান কৰা হয়। সাধাৰণতে প্ৰকল্প ব্যয়ৰ ৬০ শতাংশ ৰাজহুৱা খণ্ডৰ বেংকে আগবঢ়ায় আৰু ৪০ শতাংশ হিতাধিকাৰীয়ে নিজাকৈ বহন কৰিব লাগে। এই ঋণ আঁচনিৰ অধীনত বেংকে বিচৰা সীমিত ধন নিগমে হিতাধিকাৰীলৈ ঋণ হিচাপে আগবঢ়ায়। এই ক্ষেত্ৰত প্ৰতিটো প্ৰকল্পৰ ২৫ শতাংশ বা সৰ্বোচ্চ ১.২৫ লাখ টকা আগবঢ়োৱা হয়। বাকী ধনখিনি এছচিএ আৰু হিতাধিকাৰীয়ে আগবঢ়াব লাগে। পৰিশোধ কৰি থকা ঋণৰ ধন বাদ দি বাকী থকা ধনৰ ওপৰত হিতাধিকাৰীয়ে বাৰ্ষিক শতকৰা ৩ শতাংশ সুত প্ৰদান কৰিব লাগিব।

শৈক্ষিক ঋণ আঁচনি

(এই আঁচনিখন ব্যক্তিগত হিতাধিকাৰীৰ বাবে আৰু এছচিএ ৰ জৰিয়তে কাৰ্য্যকৰী কৰা হয়।)

সংখ্যালঘু সম্প্ৰদায়ৰ দূৰ্বল শ্ৰেণীৰ লোকসকলক কৰ্ম ভিত্তিক শিক্ষাৰ সুবিধা প্ৰদানৰ লক্ষ্য আগত ৰাখি এই শিক্ষা ঋণৰ ব্যৱস্থা কৰিছে। এই ঋণৰ অধীনত সৰ্বোচ্চ ২.৫ লাখ টকা অৰ্থাৎ ৫ বছৰীয়া পেশাগত আৰু প্ৰযুক্তিগত পাঠ্যক্ৰমৰ বাবে প্ৰতিবছৰে ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। এই পুঁজিৰ বাবে এছচিএ ১ শতাংশ সুতত ধন পাব আৰু হিতাধিকাৰীয়ে ইয়াৰ বাবে ৩ শতাংশ সুত প্ৰদান কৰিব লাগিব। পাঠ্যক্ৰম সমাপ্ত হোৱাৰ পিছৰ সৰ্বাধিক ৫ বছৰৰ ভিতৰত এই ঋণ পৰিশোধ কৰিব লাগিব।

ক্ষুদ্ৰ বিত্তীয় সাহাৰ্য্য আঁচনি

(এই আঁচনিখন আত্মনিৰ্ভৰ গোটসমূহৰ সদস্যসকলৰ বাবে আৰু ইয়াত বেচৰকাৰী সংগঠন আৰু এছচিএ ৰ জৰিয়তে ৰূপায়ন কৰা হয়)

নিগমে ১৯৯৮ ত এই ক্ষুদ্ৰ বিত্তীয় সাহাৰ্য্য আঁচনিখন বাংলাদেশৰ গ্ৰামীন বেংক আৰু ভাৰতৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনত থকা ৰাষ্ট্ৰীয় মহিলা কোচৰ আৰ্হিত আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে অতি দৰিদ্ৰ লোকলৈ আত্মনিৰ্ভৰ গোটৰ জৰিয়তে বেচৰকাৰী সংগঠনে প্ৰমাণিকৃত কৰা লোকলৈ ক্ষুদ্ৰ ঋণ আগবঢ়োৱা হয়। এইটো এটা অনানুষ্ঠানিক ঋণ আঁচনি আৰু ই হিতাধিকাৰীক তৎক্ষণাত ঘৰতে বহি ঋণৰ সুযোগ পোৱাত সহায় কৰে। হিতাধিকাৰীসকলে প্ৰথমে সংগঠিত হৈ আত্মনিৰ্ভৰ গোট গঠন কৰাতো এই ঋণৰ পূৰ্ব নিৰূপক। ইয়াৰ জৰিয়তে কমকৈ হ’লেও আত্মনিৰ্ভৰ গোটত সঞ্চয়ৰ অভ্যাস গঢ় লৈ উঠাত সহায় কৰে। প্ৰতি হিতাধিকাৰীক এই আঁচনিৰ অধীনত সৰ্বাধিক ২৫ হাজাৰ টকা দিব পৰা যায়। সংশ্লিষ্ট বেচৰকাৰী সংগঠনটোলৈ বাৰ্ষিক ১ শতাংশ সুতত পুঁজি আগবঢ়োৱা হয় আৰু এই ধন বাৰ্ষিক ৫ শতাংশ সুতত আত্মনিৰ্ভৰ গোটসমূহক প্ৰদান কৰা হয়। সৰ্বোচ্চ ৩৬ মাহৰ ভিতৰত ঋণ পৰিশোধ কৰিব লাগিব।

আত্মনিৰ্ভৰ গোটক প্ৰবৰ্ধন কৰিবলৈ সুতবিহীন ঋণ

(এই আঁচনিখন বেচৰকাৰী সংগঠনৰ জৰিয়তে নিগমে প্ৰত্যক্ষভাৱে ৰূপায়ন কৰে।)

আত্মনিৰ্ভৰ গোটসমূহক প্ৰবৰ্ধন কৰিবলৈ বেচৰকাৰী সংগঠনসমূহক সুতবিহীন অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হয়। প্ৰায় ১০০০ সদস্যৰ ৫০ টা আত্মনিৰ্ভৰ গোট প্ৰবৰ্ধন কৰিবলৈ সৰ্বোচ্চ ২.১৫ লাখ টকা উপলব্ধ কৰা হয়। এই ঋণ এবছৰৰ পিছত পৰিশোধ কৰিব লাগিব আৰু ইয়াক আত্মনিৰ্ভৰ গোটলৈ আগবঢ়োৱা অগ্ৰীম ঋণৰ লগত ২৫ শতাংশ সুতত অনুদান প্ৰদান কৰা হ’ব আৰু ৫ শতাংশ তেওঁলোকৰ নিজা সঞ্চয় বৃদ্ধি কৰিব লাগিব (আগৰ বছৰতকৈ কমেও ১০ শতাংশ অধিক সঞ্চয় বৃদ্ধি হ’ব লাগিব)।

মহিলা সমৃদ্ধি যোজনা

(এই আঁচনিখন বেচৰকাৰী সংগঠন আৰু এছচিএ ৰ জৰিয়তে ৰূপায়ন কৰা হ’ব)

মহিলা সমৃদ্ধি যোজনা অধীনত প্ৰায় ২০ গৰাকী মহিলা যিকোনো শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ সময়ছোৱাত মহিলাসকলক লৈ আত্মনিৰ্ভৰ গোট গঠন কৰা হয় আৰু প্ৰশিক্ষণৰ পিছত আত্মনিৰ্ভৰ গোট গঠন কৰা সদস্যসকললৈ ক্ষুদ্ৰ ঋণ আগবঢ়োৱা হয়। প্ৰশিক্ষণৰ সৰ্বোচ্চ সময়কাল ছমাহ আৰু প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীৰ বাবে প্ৰতিমাহত সৰ্বোচ্চ প্ৰশিক্ষণৰ খৰছ ৫০০ টকা। প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণৰ সময়ছোৱাৰ প্ৰতিমাহে ২৫০ টকাকৈ ভাট্টা প্ৰদান কৰা হ’ব। প্ৰশিক্ষণৰ খৰছ আৰু নিগমে অনুদান হিচাপে আগবঢ়াব। প্ৰশিক্ষণৰ পিছত চাহিদাৰ ভিত্তিত (সৰ্বোচ্চ ২৫ হাজাৰ টকা) আত্মনিৰ্ভৰ গোট গঠন কৰা প্ৰতিজন সদস্যলৈ ৪ শতাংশ সুতত ঋণ আগবঢ়োৱা হ’ব।

সংখ্যালঘু গোট উন্নয়ন কাৰ্য্যসূচী

ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ২০০১ চনৰ জনগণনাৰ ওপৰত ভিত্তি কৰি দেশৰ ৩৩৮ খন চহৰ বাচি উলিয়াইছে য’ত সংখ্যালঘুৰ পৰিমাণ অধিক আৰু আৰ্থ-সামাজিক নিৰ্ণায়কসমূহ ৰাষ্ট্ৰীয় গড়তকৈ অতি নিম্নগামী। এই ৩৩৮ খন চহৰ ২৪ খন ৰাজ্যত সিঁচৰিত হৈ আছে।

১) এছচিএ ৰ সীমিত আন্তঃগাঁঠনি আৰু মানৱ শক্তিৰে এক বৃহৎ সংখ্যক লক্ষ্যকৃত গোটৰ কাষ চপাৰ বাবে নিগমে এই নগৰত ঘণীভূত সংখ্যালঘু গোটসমূহক অহৰ্নিষে উন্নয়নৰ ব্যৱস্থা আগবঢ়াবলৈ গুৰুত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সংখ্যালঘু গোটসমূহৰ যোগেৰে আগবাঢ়িলে হিতাধিকাৰীৰ কাষ চপাৰ ক্ষেত্ৰত সুবিধা হ’ব বুলি ভবা হৈছে।

২) ২০০৮-০৯ বৰ্ষত ৪০ টা এনে গোট চিনাক্ত কৰি নিগমে অহৰ্নিষে কাম-কাজ কৰি যায়। এই গোটসমূহৰ ৰাজ্যিক ভিত্তিক তালিকাত সংলগ্ন পত্ৰ ১ ত গাঁঠি দিয়া হৈছে। ২০০৯-১০ বৰ্ষৰ ভিতৰত ৩৩৮ খন চহৰৰ পৰা ৩৮ টা গোট চিনাক্ত কৰা হয়। ইয়াৰ তালিকা সংলগ্ন পত্ৰ ৩ ত গাঁঠি দিয়া হৈছে।

৩) এই কাৰ্য্যসূচী সংশ্লিষ্ট এছচিএ আয়োজন কৰিব আৰু ইয়াত আয়োগে প্ৰয়োজনীয় সহায় প্ৰদান কৰিব। প্ৰতিটো গোটৰ বাবে সময়সীমা ৩ বছৰ। প্ৰতিটো সংশ্লিষ্ট এছচিএ নিজৰ এলেকাৰ গোটসমূহত ২০০৯-১০ বৰ্ষত তলত দিয়া কাম-কাজসমূহ আয়োজন কৰিব বুলি আশা কৰা হৈছে।

১)     সচেতনতা শিবিৰ                             -       ১ টা

২)     টাৰ্ম ঋণ                                       -       ৪০.০০ লাখ টকা

৩)     ক্ষুদ্ৰ বিত্তীয় সাহাৰ্য্য                                -       ২০.০০ লাখ টকা

৪)     কাৰিকৰী প্ৰশিক্ষণ                             -       ১ টা

৫)     ইডিপি প্ৰশিক্ষণ                                       -       ১ টা

৬)     মহিলা সমৃদ্ধি যোজনা                         -       ১ টা

৭)     কম্পিউটাৰৰ ব্যৱহাৰিক পাঠ্যক্ৰম            -       ১ টা

নিগমৰ আন আন আঁচনি যেনে- সীমিত ধনৰ ঋণ আৰু ক্ষুদ্ৰ ঋণ বেচৰকাৰী সংগঠনৰ যোগেৰে আগবঢ়োৱা সমূহৰ নমনীয়তাও এছচিএ লৈ আগবঢ়োৱা হৈছে।

৪) সংশ্লিষ্ট সংখ্যালঘু গোটবিলাকলৈ উপলব্ধ সাধাৰণ আঁচনিসমূহৰ অতিৰিক্তকৈ এই কাৰ্য্যসূচী চলাব পৰা যাব। চৰকাৰী নিশ্চয়তাৰ ভিত্তিত এছচিএ লৈ সাধাৰণ কাৰ্য্যসূচীসমূহৰ উপৰিও স্বতন্ত্ৰকৈ এই কাৰ্য্যসূচীৰ বাবে পুঁজি নিৰ্ধাৰণ কৰি দিয়া হ’ব।

৫) ওপৰত উল্লেখিত কাম-কাজসমূহ কেনেদৰে ৰূপায়ণ কৰিব লাগিব তাৰ থুলমূল বিৱৰণ সংলগ্ন পত্ৰ ২ ত উল্লেখ কৰা হৈছে।

প্ৰবৰ্ধন আঁচনিসমূহ

১) কাৰিকৰী প্ৰশিক্ষণ

(এই আঁচনিখন ব্যক্তিগত হিতাধিকাৰীৰ বাবে কেৱল এছচিএ ৰ জৰিয়তে ৰূপায়িত কৰা হয়) সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক স্ব-নিয়োজন বা দৈনিক হাজিৰাৰ যোগ্য কৰি তুলিবলৈ দক্ষতা আৰু জ্ঞানৰ কাৰিকৰী প্ৰশিক্ষণ আঁচনি নিগমে আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত এছচিএ প্ৰয়োজনীয়তাৰ ভিত্তিত নিজৰ ৰাজ্যত স্থানীয় নাম থকা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহায়ত কাৰিকৰী প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন কৰিব। এনে কাৰ্য্যসূচীসমূহ সাধাৰণতে ৬ মাহৰ হ’ব। প্ৰশিক্ষণৰ মুঠ খৰছৰ ৮৫ শতাংশ ধন নিগমে অনুদান হিচাপে আগবঢ়াব আৰু বাকী থকা ১৫ শতাংশ এছচিএ যোগান ধৰিব লাগিব। নিৰ্দিষ্ট প্ৰপত্ৰত এছচিএ আয়োগলৈ সন্মতি আৰু বিত্তীয় অনুমোদনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগিব।

২) শিল্পৰ লগত জড়িতসকললৈ বিপণীৰ সাহাৰ্য্য

(এই আঁচনিখন শিল্পৰ লগত জড়িত ব্যক্তিসকল আৰু আত্মনিৰ্ভৰ গোটবিলাকৰ বাবে। আঁচনিখন এছচিএ আৰু বেচৰকাৰী সংগঠনৰ জৰিয়তে ৰূপায়ন কৰা হ’ব)।

শিল্পৰ লগত জড়িত ব্যক্তিসকলৰ শিল্প কৰ্মসমূহ বজাৰলৈ উপযুক্ত দামত উলিয়াই নিয়াৰ লক্ষ্য আগত ৰাখি নিগমে এছচিএ আৰু বেচৰকাৰী সংগঠনসমূহৰ পৰা নিৰ্বাচিত স্থানত প্ৰদৰ্শনী অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ বিচাৰিছে। এই প্ৰদৰ্শনীত হস্ত নিৰ্মিত বস্ত্ৰ/হস্ত নিৰ্মিত বিভিন্ন শিল্প আদি প্ৰদৰ্শন আৰু বিক্ৰী কৰা হ’ব। এই প্ৰদৰ্শনীখনে ক্ৰেতা-বিক্ৰেতাৰ মঞ্চ হিচাপেও ভূমিকা ল’ব। ইয়াৰ ফলত দেখিয় ব্যৱহাৰৰ লগতে ৰপ্তানিৰ বাবেও সুবিধা হ’ব। প্ৰস্তাৱৰ অনুমোদনৰ পিছত আয়োগে অনুদান প্ৰদান কৰিব।

৩) আৰ্হি উন্নয়ন/দক্ষতা বৃদ্ধিৰ বাবে সাহাৰ্য্য

(এই আঁচনিখন আত্মনিৰ্ভৰ গোটৰ সদস্যসকলৰ বাবে আৰু ইয়াক বেচৰকাৰী অনুষ্ঠান আৰু এছচিএ ৰ জৰিয়তে ৰূপায়ন কৰা হয়)

দ্ৰুত পৰিৱৰ্তনশীল এই পৃথিৱীত ব্যক্তিৰ অভিব্যক্তি, ৰুচি আদিসমূহ দ্ৰুতভাৱে সলনি হ’বলৈ ধৰিছে। সেইবাবেই শিল্পিসকলে প্ৰস্তুত কৰা হস্ত নিৰ্মিত বস্ত্ৰ আৰু আন সামগ্ৰীসমূহৰ আৰ্হি আৰু কলা খৰছৰ ভিত্তিত নতুন হোৱাৰ প্ৰয়োজনীয়তা আছে। শিল্পীসকলক তেওঁলোকৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ নতুন আৰ্হি আৰু দক্ষতাৰ প্ৰশিক্ষণৰ প্ৰয়োজন হ’ব। এনে প্ৰশিক্ষণ কাৰ্য্যসূচীৰ বাবে নিগমে বেচৰকাৰী সংগঠন আৰু এছচিএ ৰ পৰা সংখ্যালঘু সম্প্ৰদায়ৰ শিল্পীসকলৰ বাবে প্ৰস্তাৱ বিচাৰিছে। প্ৰস্তাৱৰ গুণগত যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি নিগমে এনে কাৰ্য্যসূচী আয়োজন কৰিবলৈ অনুদান আগবঢ়াব।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate