অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সামাজিক সুৰক্ষা

খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষা খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষাৰ প্ৰশ্নটো ৰাষ্ট্ৰীয় মিড-ডে মিল কাৰ্য্যসূচী, আইচিডিএছ, কিশোৰী শক্তি যোজনা, কিশোৰীৰ বাবে পৰিপুষ্টি আৰু প্ৰধানমন্ত্ৰী গ্ৰামোদয় যোজনাৰ দৰে আঁচনিসমূহৰ মাজেৰে দাঙি ধৰা হৈছে। ৰাষ্ট্ৰীয় মিড-ডে মিল কাৰ্য্যসূচী প্ৰায় সাৰ্বজনীন হৈ পৰিছে আৰু আইচিডিএছ ৰ সাৰ্বজনীনকৰণো ঢাপে ঢাপে আগবাঢ়িছে। চৰকাৰে পৰিপুষ্টি আৰু ১১-১৮ বছৰ বয়সৰ ছোৱালীৰ স্বাস্থ্যৰ মান উন্নত কৰাৰ বাবে কিশোৰী শক্তি যোজনাকো সাৰ্বজনীন কৰিছে।

খাদ্যৰ অধিকাৰ

 

খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষা

খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষাৰ প্ৰশ্নটো ৰাষ্ট্ৰীয় মিড-ডে মিল কাৰ্য্যসূচী, আইচিডিএছ, কিশোৰী শক্তি যোজনা, কিশোৰীৰ বাবে পৰিপুষ্টি আৰু প্ৰধানমন্ত্ৰী গ্ৰামোদয় যোজনাৰ দৰে আঁচনিসমূহৰ মাজেৰে দাঙি ধৰা হৈছে। ৰাষ্ট্ৰীয় মিড-ডে মিল কাৰ্য্যসূচী প্ৰায় সাৰ্বজনীন হৈ পৰিছে আৰু আইচিডিএছ ৰ সাৰ্বজনীনকৰণো ঢাপে ঢাপে আগবাঢ়িছে। চৰকাৰে পৰিপুষ্টি আৰু ১১-১৮ বছৰ বয়সৰ ছোৱালীৰ স্বাস্থ্যৰ মান উন্নত কৰাৰ বাবে কিশোৰী শক্তি যোজনাকো সাৰ্বজনীন কৰিছে।

চৰকাৰে ৪৮৮২ কোটি টকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন আৰম্ভ কৰিছে। ২০০৮-০৯ চনত চৰকাৰে ২২৫ লাখ টন ঘেঁহু সংগ্ৰহ কৰে, যিটো হৈছে সৰ্বকালৰ নতুন অভিলেখ। চৰকাৰে ২৬৫ লাখ টন চাউল সংগ্ৰহ কৰে, যিটো চাউল সংগ্ৰহৰ উচ্চ মাত্ৰা। চৰকাৰে যোৱা ৪ বছৰত ঘেঁহুৰ নূন্যতম সমৰ্থন মূল্য (MSP) ২০০৪-০৫ বৰ্ষৰ ভিত্তিত ৫৬ শতাংশ বৃদ্ধি কৰিছে। ২০০৮-০৯ বৰ্ষত ই প্ৰতি কুইণ্টল ১০০০ টকা হৈছিলগৈ। ধানৰ নূন্যতম সমৰ্থন মূল্য ২০০৪-০৫ বৰ্ষৰ ৫৬০ টকাৰ পৰা ২০০৮-০৯ বৰ্ষত প্ৰতি কুইণ্টলত ৮৫০ টকালৈ বৃদ্ধি কৰে। পৰ্য্যাপ্ত ঘেহু জমা ৰখা আৰু ঘেঁহুৰ সুস্থিৰ মূল্যৰ মাজেৰে খাদ্য নিৰাপত্তা নিশ্চিত কৰাৰ বাবে চৰকাৰে ২০০৭-০৮ বছৰত ১৭.৬৯ লাখ টন ঘেঁহু আমদানি কৰে।

ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন

খাদ্যৰ অধিকাৰ অভিযানৰ (আৰু ভাৰতৰ শ্ৰমিক আন্দোলনৰ) এটা অন্যতম দীৰ্ঘস্থায়ী দাবী হৈছে “ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন”। এই দাবীটো ২০০৫ চনৰ মাজ ভাগত ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন (NREGA 2005) প্ৰণয়নৰ মাজেৰে আংশিকভাৱে পূৰণ হয়। এই আইনৰ অধীনত কাম কৰিবলৈ বিচৰা যিকোনো প্ৰাপ্তবয়স্ক লোকে ১৫ দিনৰ ভিতৰত স্থানীয় কামত নিৰ্দ্ধাৰিত নূন্যতম মজুৰিত কাম পাব; অৱশ্যে এটা পৰিয়ালৰ লোকে বছৰত ১০০ দিনৰ কামহে পাব।

ৰাজহুৱা বিতৰণ ব্যৱস্থা

খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ৰাজহুৱা বিতৰণ ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতত সুলভ মূল্যৰ ৪ লাখ দোকানে বছৰি ১৫,০০০ কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী ১৬ কোটি পৰিয়াললৈ বিতৰণ কৰে। ভাৰতৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাটো হৈছে বিশ্বৰ বৃহত্তম নেটৱৰ্ক।

খাদ্য ভৰাল

খাদ্য ভৰাল আঁচনি সংশোধনৰ মাজেৰে ইয়াক অধিক বিস্তৄত কৰি তোলা হয়, যাতে প্ৰাকৃতিক দুৰ্যোগ আৰু অভাৱৰ সময়ত সুৰক্ষা প্ৰদান নিশ্চিত কৰিব পাৰি। প্ৰথম অৱস্থাৰ এই আঁচনিয়ে মাথো অনুসূচীত জনজাতি আৰু জনজাতি এলেকাৰ অনুসূচীত জাতিৰ আগ্ৰহী লোকসকলকহে সাঁমৰি লৈছিল। সম্প্ৰতি এই আঁচনিয়ে খৰাং পীড়িত, মৰুভূমি অঞ্চল আৰু খাদ্যৰ নাটনি হোৱা দূৰ্গম পাহাৰীয়া অঞ্চলৰ আগ্ৰহী সকলো দাৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক সাঁমৰি লৈছে। বিগত চাৰি বছৰত খাদ্য ভৰালৰ সংখ্যা ৪৮৫৮ টাৰ পৰা ১৮১২৯ টালৈ বৃদ্ধি কৰা হৈছে।

অন্ত্যোদয়া অন্ন যোজনা

অন্ত্যোদয়া অন্ন যোজনা আঁচনিখন অতিৰিক্ত ১ কোটি পৰিয়াললৈ সম্প্ৰসাৰণ ঘটোৱা হৈছে- অন্তৰ্ভূক্তি বৃদ্ধিৰ হাৰ ৬৭ শতাংশ। ৰাষ্ট্ৰীয় নমুনা জৰীপৰ এক তথ্যই দেখুৱাইছে যে ভাৰতৰ ৫ শতাংশ লোকে খালি পেটে বিছনালৈ যায়। এই লোকসকলক “ভোকাতুৰ” বুলিব পাৰি। ৰাজহুৱা বিতৰণ ব্যৱস্থাক সম্মুখলৈ আনি আৰু এই দৰিদ্ৰতম লোকসকলৰ ১ কোটি লোকৰ লক্ষ্য আগত ৰাখি ২০০০ চনৰ ডিচেম্বৰ মাহত “অন্ত্যোদয়া অন্ন যোজনা” আঁচনিখন আৰম্ভ কৰা হৈছিল। আঁচনিখনে ৰাজ্যসমূহত ৰাজহুৱা বিতৰণ ব্যৱস্থাই সাঁমৰি লোৱা বিপিএল পৰিয়ালৰ সবাতোকৈ দৰিদ্ৰ এক কোটি লোকক চিনাক্তকৰণৰ ওপৰত আৰু তেওঁলোকক অত্যাধিক ৰাজসাহাৰ্য্যৰ ২ টকা দৰত প্ৰতিকিলো আটা আৰু কিলোত ৩ টকা দৰত চাউল যোগান ধৰাৰ ওপৰত জোৰ দিয়ে। ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিতৰণ খৰছ, এজেণ্ট আৰু বিক্ৰী দোকানৰ লাভাংশ আৰু পৰিবহন খৰছ বহন কৰিব। এনেদৰে আঁচনিখনৰ অধীনত খাদ্যত দিয়া ৰাজসাহাৰ্য্য গ্ৰাহকৰ হাতত প্ৰদান কৰা হৈছে।

গ্ৰাম্য আৱাস আঁচনি



আৱাস হৈছে মানুহৰ জীয়াই থকাৰ বুনিয়াদী প্ৰয়োজন। গ্ৰামীন দৰিদ্ৰৰ ক্ষেত্ৰত এই আঁচনিয়ে বেছি গুৰুত্ব লাভ কৰে, কিয়নো ই আশ্ৰয়হীনতা দূৰ কৰি মৰ্য্যাদাপূৰ্ণ জীৱনৰ ভেটি প্ৰতিষ্ঠা কৰে আৰু সুস্পষ্ট আৰু সুৰক্ষিত পৰিচয় প্ৰদান কৰে। আৱাসৰ নাটনিৰ বিষয়টো তুলি ধৰাটো এনেদৰে ভাৰতত দৰিদ্ৰতা নিৰ্মূলকৰণৰ গুৰুত্বপূৰ্ণ ৰননীতি।

ইন্দিৰা আৱাস যোজনা

  • ২০০১ চনৰ জৰীপ মতে ভাৰতত ১৪৮ লাখ পৰিয়ালৰ ঘৰ নাই। ভাৰত নিৰ্মাণ কৰ্মসূচীয়ে এই প্ৰয়োজনীয়তাৰ ওপৰত যথাযোগ্য অগ্ৰাধিকাৰ দিছে।
  • ২০০৫-০৬ বৰ্ষৰ পৰা আৰম্ভ কৰি চাৰি বছৰ সময়ৰ ভিতৰত ৬০ লাখ ঘৰ নিৰ্মান কৰা।
  • গ্ৰামীন বিকাশ মন্ত্ৰালয়ে ইন্দিৰা আৱাস যোজনাৰ মাজেৰে গ্ৰাম্য আৱাস কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
  • ই কেন্দ্ৰীয় পৃষ্ঠপোষকতাত লোৱা আঁচনি। ইয়াৰ খৰছ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৭৫:২৫ অনুপাতত বহন কৰে।
  • বিত্তীয় আবণ্টনৰ মাপকাঁঠি নিম্নোক্ত ধৰণৰ:
  • ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল
    • গৃহহীন বেছি হোৱা ৰাজ্যসমূহৰ ওপৰত জোৰ দিয়া।
    • ৰাজ্যিক স্তৰৰ আবণ্টনৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ পৰামৰ্শক্ৰমে গৃহ থকা ক্ষেত্ৰত-৭৫ শতাংশ আৰু দাৰিদ্ৰ অনুপাতৰ ক্ষেত্ৰত ২৫ শতাংশ গুৰুত্ব আৰোপ কৰা।
  • জিলা স্তৰৰ আবণ্টন
    • গৃহ কম থকা ক্ষেত্ৰত-৭৫ শতাংশ আৰু জনসংখ্যাৰ অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ অনুপাতৰ ক্ষেত্ৰত ২৫ শতাংশ গুৰুত্ব প্ৰদান।
    • প্ৰতিটো ঘৰৰ বাবে ভৈয়াম অঞ্চলৰ বাবে ২৫,০০০ টকা আৰু পাহাৰীয়া অঞ্চলৰ ২৭,০০০ টকা সাহাৰ্য্য দিয়া। দুটা কিস্তিত DRDA ৰ পৰা পুঁজি মুকলি কৰি দিয়া হয়।
    • এই আঁচনি খনৰ বিশেষ লক্ষ্য হৈছে গ্ৰামাঞ্চলত বিপিএল লোকসকলক ঘৰ দিয়া।
    • আঁচনিখন ৰূপায়নৰ বাবে কমেও ৬০ শতাংশ হিতাধিকাৰী অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ লোক হ’ব লাগে।
    • এই গ্ৰাণ্টৰ লগতে থাকে অনাময় পায়খানা আৰু ধোৱাবিহীন চৌকা।
    • আঁচনিমতে ঘৰৰ আবণ্টনৰ ক্ষেত্ৰত পৰিয়ালৰ মহিলা সদস্যাই অগ্ৰাধিকাৰ লাভ কৰে।
    • শাৰীৰিকভাৱে আৰু মানসিকভাৱে অক্ষম লোক, প্ৰাক্তন কৰ্মচাৰী, বিধবা আৰু মুক্ত হৈ অহা বন্ধা শ্ৰমিকৰ বাবে আঁচনিখনে সংৰক্ষণৰ সুযোগ প্ৰদান কৰিছে।

নিয়োগ

 

ভাৰতবৰ্ষত নিয়োগ সৃষ্টি

দৰিদ্ৰ বিৰোধী ৰননীতিৰ দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু নিয়োগ সৃষ্টিৰ বিস্তৄত কাৰ্য্যসূচী আছে। ইয়াৰে বহুবোৰ কেইবাবছৰ ধৰি ৰূপায়ন কৰি থকা হৈছে, যি অধিক নিয়োগ সৃষ্টি, উত্পাদনশীল সম্পদ সৃষ্টি, কাৰিকৰী আৰু ঔদ্যোগিক দক্ষতা সৃষ্টি, আৰু দৰিদ্ৰ লোকৰ উপাৰ্জন বৃদ্ধিত যথেষ্ট সহায়ক হৈছে। এই আঁচনিৰ অধীনত দাৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে মজুৰি ভিত্তিত সংস্থাপন আৰু আত্ম-সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। ১৯৯৮-৯৯ চনৰ পৰা নিম্নোক্ত দুই বিস্তৄত শিতানৰ অধীনত দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু নিয়োগ সৃষ্টিৰ কাৰ্য্যসূচী লোৱা হৈছে-

  • আত্ম-সংস্থাপন আঁচনি।
  • মজুৰি ভিত্তিত সংস্থাপন আঁচনি।

ভাল ফল পোৱাৰ বাবে পুঁজি আৰু সাংগঠনিক ব্যৱস্থা উন্নত কৰা হৈছে। এই আঁচনিসমূহৰ প্ৰাথমিক উদ্দেশ্য হৈছে দৰিদ্ৰতা নিৰ্মূলকৰণ কিন্তু সাধাৰণতে ই স্থায়ী নিয়োগ সৃষ্টিত সহায়ক হৈ উঠা নাই।

ভাৰতত অসংগঠিত খণ্ডৰ শ্ৰমিক

“অসংগঠিত খণ্ডৰ শ্ৰমিক” মানে প্ৰত্যক্ষভাৱে বা কোনো এজেঞ্চি বা ঠিকাদাৰৰ জৰিয়তে মজুৰি বা উপাৰ্জনৰ বাবে কাম কৰা শ্ৰমিকসকলক বুজোৱা হয়। তেওঁলোকে নিজাববীয়াকৈ কাম কৰে বা তেওঁলোক স্ব-নিয়োজিওত হয়। তেওঁলোকে নিজৰ ঘৰ, পথাৰ আৰু যিকোনো ৰাজহুৱা ঠাইত কাম কৰে। এওঁলোকে অৱশ্যে ESIC আইন আৰু P.F আইন; LIC, ব্যক্তিগত বীমা কোম্পানীৰ ব্যক্তিগত বীমা আৰু পেঞ্চন আঁচনি বা কৰ্তৃপক্ষই সময়ে সময়ে নিৰ্দ্ধাৰণ কৰা সুবিধা নাপায়।

নিয়োগ সৃষ্টি-চৰকাৰী পদক্ষেপ

  • ৰাষ্ট্ৰীয় গ্ৰামীন নিয়োগ নিশ্চয়তা আইন (এনৰেগা)- প্ৰণয়ন কৰি গ্ৰামীন দৰিদ্ৰ জনধাৰণক ১০০ দিনৰ কামৰ নিশ্চয়তা প্ৰদান কৰিছে। এনে ধৰণৰ সামাজিক নিৰাপত্তাৰ পদক্ষেপ বিশ্বৰ কোনো দেশে লোৱা নাই। আইনখনে প্ৰথমতে দেশৰ ২০০ জিলা সাঁমৰি লৈছিল, এতিয়া ক্ৰমান্বয়ে ইয়াক ৬১৪ খন গ্ৰামীন জিলালৈ ২০০৮ চনৰ এপ্ৰ্ৰিল মাহৰ পৰা সম্প্ৰসাৰণ ঘটোৱা হৈছে।
  • খাদী আৰু গ্ৰামোদ্যোগ আয়োগ গঠন কৰা হৈছে ক্ষুদ্ৰ আৰু গ্ৰামোদ্যোগৰ জৰিয়তে অধিক সংস্থাপন সৃষ্টিৰ নিশ্চয়তা প্ৰদানৰ বাবে।
  • অসংগঠিত খণ্ডৰ প্ৰতিষ্ঠান সম্পৰ্কীয় ৰাষ্ট্ৰীয় আয়োগ (NCEUS) প্ৰতিষ্ঠা কৰা হয় এক পৰামৰ্শদাতা কমিটি হিচাবে। এই আয়োগে প্ৰতিষ্ঠানসমূহৰ উত্পাদন বৃদ্ধিৰ ওপৰত নজৰ ৰাখিব, যি নিৰ্দিষ্টভাৱে গাওঁ অঞ্চলত বৃহত্‍ নিয়োগ সৃষ্টি কৰিব পাৰে। ইউপিএ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে, বৰ্তমানৰ বিশ্বায়নৰ যুগত অসংগঠিত খণ্ডৰ প্ৰতিযোগিতা বঢ়োৱাৰ বাবে উপযুক্ত পদক্ষেপ লোৱাৰ অৰ্থে অসংগঠিত খণ্ডৰ প্ৰতিষ্ঠানৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰিব আৰু এই খণ্ডটোক ঋণ, কেঁচামাল, আন্তঃগাথঁনি, প্ৰযুক্তিৰ উন্নয়ন আৰু বজাৰ ব্যৱস্থাৰ লগত সংলগ্ন কৰিব। অসংগঠিত খণ্ডৰ কৌশলৰ উন্নয়নৰ প্ৰশ্নত সুবিধাজনক হস্তক্ষেপ চলোৱা সম্পৰ্কত আয়োগ চিন্তা-চৰ্চা কৰি আছে।
  • কপাহৰ প্ৰযুক্তি উন্নীতকৰণ পুজি আঁচনি আৰু প্ৰযুক্তি মিছনৰ জৰিয়তে কৰ ৰেহাইকে ধৰি গুৰুত্বপূৰ্ণ পেকেজ আগবঢ়োৱা হৈছে। বৃদ্ধি আৰু দেশৰ ভিতৰত সৰ্বোত্তম মূল্য আইনৰ অৰ্থে শুল্ক গাথঁনি যুক্তিসিদ্ধ কৰি তোলা হৈছে। কপাহৰ প্ৰযুক্তি উন্নীতকৰণ পুজি আঁচনি আৰু প্ৰযুক্তি মিছনৰ দৰে আঁচনিৰ সুযোগ আৰু ইয়াত ব্যয় বৃদ্ধি কৰা হৈছে যাতে এই উদ্যোগক আধুনিকীকৰণ ঘটাব পাৰি আৰু প্ৰতিযোগিতামূলক দামত উন্নত কেঁচা সামগ্ৰীৰ যোগান নিশ্চিত কৰিব পাৰি। ১০ শতাংশ অতিৰিক্ত ঋণ সম্পৰ্কীয় পুজি ৰাজসাহাৰ্য্য ব্যৱস্থা আৰম্ভ কৰাৰ ফলত প্ৰযুক্তি উন্নীতকৰণ পুঁজি আঁচনিৰ যোগেদি বিনিয়োগ বাঢ়ি গৈছে। ২০০৩-০৪ চনত আছিল ১৩০০ কোটি টকা আৰু ২০০৬-০৭ চনত ই ২০,০০০ কোটিলৈ বৃদ্ধি হয়। আন্তঃগাথঁনি শক্তিশালী কৰাৰ বাবে সংহত বস্ত্ৰ পাৰ্ক আঁচনি বলবত্‍ কৰা হৈছে। টেক্সটাইল টেকন’লজি মিছন একাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ পৰা ৰূপায়ন কৰা হ’ব।
  • ৰাষ্ট্ৰীয় মৰাপাট পৰিষদ: কেঁচা মৰাপাটৰ নূন্যতম সমৰ্থন মূল্য ক্ৰমান্বয়ে ২০০৪-০৫ চনত প্ৰতি কুইণ্টলত ৮৯০ টকাৰ পৰা ২০০৮-০৯ চনত ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। পৰ্যাপ্ত চাহিদা নিশ্চিত কৰাৰ বাবে চেনী আৰু খাদ্য শস্যৰ বাধ্যতামূলক পেকেজিঙৰ স্তৰ বৃদ্ধি কৰা হৈছে। মৰাপাটৰ চাহিদা বৃদ্ধি কৰা আৰু মৰাপাট খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে পোন প্ৰথমবাৰৰ বাবে সামগ্ৰিক ৰাষ্ট্ৰীয় মৰাপাট নীতি ঘোষণা কৰা হৈছে। ভাৰতীয় মৰাপাট নীতি নিগমৰ সংস্কাৰ সাধনৰ কাম হাতত লোৱা হৈছে। মৰাপাট খণ্ডৰ সামগ্ৰিক বিজ্ঞানৰ অৰ্থে মৰাপাট প্ৰযুক্তি মিছন চলোৱা হৈছে। ৰাষ্ট্ৰীয় মৰাপাট পৰিষদ গঠনৰ ফলত মৰাপাট খণ্ডৰ বিভিন্ন সংগঠনসমূহৰ কাৰ্য্যকলাপ বঢ়াই তোলা দেখা গৈছে।

পেঞ্চন, পৰিয়াল আৰু মাতৃত্বকালীন সুবিধা



ৰাষ্ট্ৰীয় পৰিয়াল সাহাৰ্য্য আঁচনি ১৯৯৫ চনৰ ১ আগষ্টত আৰম্ভ কৰা হয়। সংবিধানৰ ৪১ আৰু ৪২ নং আৰ্টিকলৰ মূল নীতি পূৰণৰ ক্ষেত্ৰত ই এক গুৰত্বপূৰ্ণ পদক্ষেপ।

বৃদ্ধ অৱস্থাত দৰিদ্ৰ গৃহস্থক, প্ৰধান উপাৰ্জনকাৰীৰ মৃত্যুত আৰু মাতৃত্বকালীন অৱস্থাত সাহাৰ্য্য আগবঢ়াবলৈ এই ৰাষ্ট্ৰীয় নীতি আৰম্ভ কৰা হয়। এই আঁচনিয়ে তিনিটা দিশ সাঁমৰি লৈছে:

  • ৰাষ্ট্ৰীয় বৃদ্ধাৱস্থাৰ পেঞ্চন আঁচনি।
  • ৰাষ্ট্ৰীয় পৰিয়াল সাহাৰ্য্য আঁচনি।
  • ৰাষ্ট্ৰীয় মাতৃত্বকালীন সাহাৰ্য্য আঁচনি।

ভাৰতৰ সংবিধান

দফা ৪১- কাম, শিক্ষা আৰু কিছুমান ক্ষেত্ৰত জন-সাহাৰ্য্যৰ অধিকাৰ নিজৰ আৰ্থিক ক্ষমতা আৰু উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰি কামৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আৰু নিবনুৱা, বৃদ্ধ, অসুস্থতা আৰু অক্ষম বা আন অযোগ্যসকলৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে সাহাৰ্য্য আগবঢ়াব।

দফা ৪২- কামৰ ন্যায় সংগত আৰু মানবীয় পৰিস্থিতি আৰু মাতৃত্বকালীন সাহাৰ্য্যৰ ব্যৱস্থা।

ৰাজ্য চৰকাৰে ন্যায়সংগত আৰু মানবীয় কৰ্মক্ষেত্ৰত সৃষ্টি কৰিব তথা মাতৃত্বকালীন সাহাৰ্য্য উপলভ্য কৰিব।

ৰাষ্ট্ৰীয় বৃদ্ধাৱস্থাৰ পেঞ্চন আঁচনি

এই আঁচনিৰ অধীনত তলত উল্লেখ কৰা চৰ্তসাপেক্ষে কেন্দ্ৰীয় সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা আছে-

  • আবেদনকাৰীৰ বয়স (পুৰুষ বা মহিলা)৬৫ বছৰতকৈ বেছি হব লাগিব।
  • আবেদনকাৰী নিঠৰুৱা হব লাগিব, যাৰ কোনো নিয়মীয়া ঊপাৰ্জনৰ পথ নাই, পৰিয়ালৰ সদস্য বা আন কোনো উত্সৰপৰা আৰ্থিক সাহাৰ্য্য নাপায়।
  • কেন্দ্ৰীয় সাহাৰ্য্য হিচাপে প্ৰতিমাহে ৭৫ টকাকৈ বৃদ্ধাৱস্থাৰ পেঞ্চন দিয়া হয়।

ৰাষ্ট্ৰীয় পৰিয়াল সাহাৰ্য্য আঁচনি

এই আঁচনিৰ অধীনত পৰিয়ালক সহায় কৰিবলৈ এককালীন অৰ্থ সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা আছে। এই পৰিয়ালসমূহ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু মূল উপাৰ্জনকাৰীৰ মৃত্যু হব লাগিব।

এই আঁচনিৰ অধীনত তলৰ চৰ্ত সাপেক্ষে সাহাৰ্য্য প্ৰদান কৰা হয়-

  • পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী, পুৰুষ বা মহিলাই নহওঁক কিয়- সেই পৰিয়ালটোৰ সদস্য হব লাগিব আৰু তেওঁৰ উপাৰ্জনেৰেই গোটেই পৰিয়ালটোৰ খৰছৰ সিংহ ভাগ বহন কৰে।
  • মূল উপাৰ্জনকাৰীৰ বয়স ১৮ বছৰৰ বেছি আৰু ৬৫ বছৰৰ কম হব লাগিব।
  • পৰিয়ালটো যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় আৰু মূল উপাৰ্জনকাৰীৰ মৃত্যু হয়।
  • সাহাৰ্য্যৰ পৰিমাণ ১০,০০০ টকা। প্ৰধান উপাৰ্জনকাৰীৰ মৃত্যু স্বাভাৱিক আৰু দূৰ্ঘটনাজনিতও হব পাৰে।
  • স্থানীয় ভাৱে অনুসন্ধান কৰি প্ৰমাণিত হোৱাৰ পাছত উক্ত পৰিয়ালৰ সদস্যক সাহাৰ্য্য ৰাশি প্ৰদান কৰা হয়।

ৰাষ্ট্ৰীয় মাতৃত্ব সাহাৰ্য্য আঁচনি

দৰিদ্ৰ সীমাৰেখাৰ তলৰ গৰ্ভৱতী মহিলাক চৰ্ত সাপেক্ষে থুল-মুল অৰ্থসাহাৰ্য্য প্ৰদান কৰা হয়।

  • ১৯ বছৰ বা তাৰ বেছি বয়সৰ গৰ্ভৱতী মহিলা আৰু প্ৰথম দুটি জীৱিত শিশু প্ৰসৱলৈ এই আঁচনি সীমিত।
  • পৰিয়ালটো কেন্দ্ৰীয় চৰকাৰৰ মতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হব লাগিব।
  • সাহাৰ্য্যৰ পৰিমাণ ৫০০ টকা।
  • প্ৰসৱৰ ১২-৮ সপ্তাহৰ পূৰ্বে এই সাহাৰ্য্য প্ৰদান কৰা হ’ব।
  • সময়মতে সাহাৰ্য্য প্ৰদান নিশ্চিত কৰা হব। যদি কিবা কাৰণে পলম হয়-তেন্তে শিশু জন্মৰ পাছত হ’লেও এই সাহাৰ্য্য দিয়া হব।

উদ্দেশ্য

  • ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত বৰ্তমানে বা ভৱিষ্যতে দি থকা সাহাৰ্য্যৰ উপৰিও ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য্য আঁচনিৰ অধীনত ১০০ শতাংশ কেন্দ্ৰীয় সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰি ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মানদণ্ড নিশ্চিত কৰিব বিচৰা হৈছে।
  • দেশৰ সকলো প্ৰান্তৰ হিতাধীকাৰি লোকসকলৰ মাজত সকলো বাধা নেওঁচি সমভাৱে ১০০ শতাংশ কেন্দ্ৰীয় সাহাৰ্য্য প্ৰদান অভিপ্ৰায়।
  • ৰাজ্য চৰকাৰবোৰৰ নিজস্ব পৰিয়াল সাহাৰ্য্যৰ যি পৰিকল্পনা আছে, সেইবোৰত এই আঁচনিয়ে প্ৰভাৱ নেপেলায়। ৰাজ্যই নিজাকৈ নিজৰ পৰিকল্পনা মতে কাম কৰি যাব পাৰে।
  • এই আঁচনি, দৰিদ্ৰতা দূৰীকৰণৰ কৰ্মসূচী আৰু মৌলিক প্ৰয়োজনৰ লগত সংগতি ৰাখি ৰূপায়ন কৰিব বিচৰা হৈছে, যেনে, মাতৃত্বৰ সাহাৰ্য্য ৰাশিৰ ধন মাতৃ আৰু শিশুৰ যত্নৰ অনুষ্ঠানত দিয়া হয়।

আঁচনি কাৰ্য্যকৰীকৰণ

  • এই আঁচনিবোৰ পঞ্চায়ত আৰু নগৰ পালিকাৰ সহায়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ দ্বাৰা ৰূপায়ন কৰা হয়।
  • এই আঁচনি, নিৰ্দেশনাত থকাৰ দৰে প্ৰত্যেক ৰাজ্যতে ৰূপায়নৰ বাবে একোটা নোডেল বিভাগ নিৰ্বাচিত কৰা হৈছে।
  • নোডেল বিভাগৰ সচিবে উক্ত ৰাজ্যত এই আঁচনিৰ নোডেল সচিব হিচাবে কাম কৰিব।
  • সকলো জিলাতে এই আঁচনিৰ জিলা কাৰ্য্যালয় আছে।
  • সকলো ৰাজ্যৰ জিলাবোৰৰ উপায়ুক্তক সভাপতি হিচাপে লৈ জিলা পৰ্য্যায়ৰ ৰূপায়ণ সমিতি গঠন কৰিছে।
  • জিলা উপায়ুক্ত বা যাক নোডেল বিষয়াৰ দায়িত্ব দিয়া হৈছে, তেওঁ আবেদন পত্ৰ গ্ৰহণ আৰু নিয়ম অনুসৰি প্ৰকৃত হিতাধিকাৰীক সাহাৰ্য্য প্ৰদানৰ ক্ষেত্ৰত দায়বদ্ধ।
  • সাহাৰ্য্য প্ৰদান কৰ্তৃপক্ষই অৰ্থ সাহাৰ্য্যৰ লগতে নিৰ্দেশনাৱলী মতে আন প্ৰকাৰৰ সুবিধাও প্ৰদান কৰিব পাৰে।
  • আশা কৰা হৈছে যে, গাওঁ পঞ্চায়ত আৰু পৌৰ সভাই প্ৰকৃত হিতাধিকাৰীসকলক চিনাক্ত কৰি দিয়াত সক্ৰিয় দায়িত্ব লব।
  • ৰাজ্য চৰকাৰে এই আঁচনিৰ বিষয়ে গাওঁ পঞ্চায়ত, স্থানীয় সমিতি আদিক জ্ঞাত কৰিব; যাতে প্ৰকৃত হিতাধিকাৰীসকলক চিনাক্ত কৰিব পাৰে।
  • হিতাধিকাৰীসকলক সাহাৰ্য্য বিতৰণ আনুষ্ঠানিক, ৰাজহুৱা সভা; যেনে, গাওঁ পঞ্চায়ত, নগৰ সমিতি, আদি পৰ্য্যায়ত বিতৰণ কৰিব পাৰি।

এই আঁচনিৰ সাহাৰ্য্য প্ৰদানৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ দায়িত্ব পঞ্চায়ত আৰু পৌৰ সভাৰ। প্ৰয়োজনত তেওঁলোকে স্বেচ্ছাসেৱী সংঘৰ সহায় লব পাৰে।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate