অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসংগঠিত/অনানুষ্ঠানিক

অসংগঠিত/অনানুষ্ঠানিক

ভাৰতৰ অসংগঠিত খণ্ড

ৰাষ্ট্ৰীয় নমুনা জৰীপ সংস্থাই ২০০৪-২০০৫ চনত চলোৱা জৰীপ মতে, দেশৰ সংগঠিত আৰু অসংগঠিত খণ্ডতমুঠ চাকৰী কৰা মানুহৰ সংখ্যা ৪৫.৯ কোটি বুলি উল্লেখ কৰিছে, তাৰ ভিতৰত ২.৬ কোটি সংগঠিত খণ্ডত আৰু অৱশিষ্ট ৪৩.৩ কোটি কর্মচাৰী অসংগঠিত খণ্ডত কাম কৰে। এই অৱশিষ্ট অসংগঠিত খণ্ডত কাম কৰা ৪৩.৩ কোটি কর্মচাৰীৰ ভিতৰত ২৬.৮ কোটি কর্মচাৰী কৃষি ক্ষেত্রত কাম কৰে, আৰু প্রায় ২.৬ কোটি আৱাস আদি বনোৱাৰ কামত আৰু বাকী থকা লোকসকল উৎপাদিত পণ্য আৰু পৰিসেৱা খণ্ডত কাম কৰে।

অসংগঠিত খণ্ডৰ কর্মচাৰীসকলৰ প্রতি সামাজিক সুৰক্ষা আৰু যত্ন ল'বলৈ, দুটা বিশেষ পৰিকল্পনা যেনে: বিধানিক ব্যৱস্থা আৰু কল্যাণ পৰিকল্পনাৰ বাস্তবায়ন আৰু প্রকল্প অনুসৰণ কৰা হৈছে। এই বিধানিক ব্যৱস্থাৰ অন্তৰ্গত নূন্যতম মজুৰী আইন, ১৯৪৮, দি ৱার্কমেনচ্‌ কমপেনচন এক্ট, ১৯২৩, মেটাৰনিটি বেনিফিট এক্ট, ১৯৬১, দি বণ্ডেড লেবাৰ চিষ্টেম (এব'লিচন) এক্ট, ১৯৭৬, দি কনট্রাক্ট লেবাৰ (ৰেগুলেচন এণ্ড এব'লিচন) এক্ট, ১৯৭০, দি ইন্টাৰ-স্টেট মাইগ্রেন্ট এণ্ড ৱার্কমেন (ৰেগুলেচন অফ এমপ্লয়মেন্ট এণ্ড কনডিচ্‌ অফ্‌ চার্ভিচ) এক্ট, ১০৭৯, দি বিল্ডিং এণ্ড আদাৰ কনচট্রাকচন ৱার্কাৰচ (ৰেগুলেচন অফ এমপ্লয়মেন্ট এণ্ড কনডিচন অফ্‌ চার্ভিচ) এক্ট, ১৯৯৬ ইত্যাদি।

শ্রম আৰু নিয়োগ মন্ত্রালয়ে অসংগঠিত খণ্ডৰ কর্মচাৰীসকল, ইয়াৰ লগত সম্পর্কিত অন্যান্যসকল, বয়ন শিল্পৰ লগত যুক্ত কর্মীসকল, তন্ত্র কর্মী, মাছ ধৰা পুৰুষ আৰু তিৰোতাসকল, তাঁত টেপাৰ, চামৰা শিল্পৰ কর্মীসকল, আবাদ কর্মীসকল, বিড়ি শিল্পৰ লগত যুক্ত কর্মচাৰীসকল আন অর্গেনাইজড ৱার্কাৰচ ছচিয়েল চিকিউৰিটি এক্ট, ২০০৮ ৰ অধীনত সকলো কর্মচাৰীৰ বাবে কল্যাণ আৰু মঙ্গল সুৰক্ষিত কৰিছে। এই আইনে ৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা পৰিষদ সংবিধান, যিটো সামাজিক নিৰাপত্তাৰ পৰিকল্পনাসমূহ যেনে: জীৱন আৰু অক্ষমতা বিষয়ক, স্বাস্থ্য আৰু মাতৃত্বকালীন সুবিধাবোৰ, বৃদ্ধ বয়সৰ সুনিৰাপত্তা প্রদান কৰাৰ লগেত চৰকাৰে অসংগঠিত খণ্ডৰ কর্মচাৰীসকলৰ বাবে কাম কৰাৰ অনুমোদন কৰিছে। সেই মতেই, মন্ত্রীমণ্ডলীয়ে এখন ৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা পৰিষদ এটা সংবিধান বনাইছে।

অসংগঠিত খণ্ডৰ পৰা সংগঠিত খণ্ডলৈ আনিবলৈ লগতে সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ বাবে প্ৰশিক্ষন, বিভিন্ন বীমা যোজনা যেনে প্ৰধানমন্ত্ৰীৰ জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বীমা যোজনা,অটল পেঞ্ছন যোজনা আদিৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় কৌশল বিকাশ যোজনা , মুদ্ৰা যোজনা, ৰাষ্ট্ৰীয় নগৰীয়া আৰু গ্ৰাম্য জীৱীকা মিচন,অটল ইনভেচন মিচন, স্কীল ইণ্ডিয়া ইত্যাদি আচনিৰ জৰীয়তে স্বাৱলম্বীতা আৰু অৰ্থনৈতিক বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate