অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অনুসূচিত জাতিৰ (এছচি)কল্যাণ

অনুসুচিত জাতিৰ কল্যাণ – বিভাগ বিলাকৰ বিষয়ে

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় (Ministry of Social Justice & Empowerment) হল অনুসুচিত জাতিৰ সা-সুবিধাসমূহ নিৰিক্ষণ কৰাৰ বাবে ন’ডেল সংস্থা। অনুসুচিত জাতিৰ উন্নয়নৰ দায়ীত্ব সকলোবোৰ কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসকলৰ যদিও সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে কিছুমান বিশেষ দিশত তেওঁলোকৰ প্ৰচেষ্টাত বিশেষভাবে তৈয়াৰী আঁচনিৰ জৰিয়তে উদগনী যোগায়। ই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ে অনুসুচিত জাতিৰ স্বাৰ্থ সংৰক্ষণ আৰু উদগনী দিবলৈ কৰা প্ৰচেষ্টা সমূহৰ তত্বৱধানো লয়।

অনুসুচিত জাতি উন্নয়ন ব্যুউৰুৰ অধীনত মন্ত্ৰালয়ে অনুসুচিত জাতি চাৱ প্নেন ৰূপায়ন কৰে। এই অনুসুচিত জাতি চাৱ প্নেন হল আন সকলোবোৰ সাধাৰণ বিভাগে অনুসুচিত জাতি উন্নয়নৰ বাবে নিৰ্ধাৰিত কৰা আৰ্থিক আৰু বাহ্যিক সা-সুবিধাসমূহ তেওঁলোকে পোৱাটো নিশ্চিত কৰাৰ এটা ছত্ৰ কৌশল। এই কৌশলৰ অধীনত, ৰাজ্য /স্বায়ত্বশাসিত অঞ্চল সমূহে তেওঁলোকৰ বাৰ্ষিক পৰিকল্পনাত যথাযথ সম্পদ নিৰ্ধাৰিত কৰি অনুসুচিত জাতিৰ বাবে স্পেচিয়েল ক’ম্প’নেন্ট প্লেন যুগুত আৰু ৰূপায়ন কৰিব লাগে। বৰ্ত্তমান যথেষ্ট সংখ্যক অনুসুচিত জাতিৰ জনসংখ্যা থকা 27 খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অনুসুচিতজাতি চাৱ প্লেন ৰূপায়ন কৰি আছে।

অনুসুচিত জাতিৰ উন্নয়নৰ বাবে আন এটা নীতি হল স্পেচিয়েল কম্প’নেন্টলৈ কেন্দ্ৰীয় সাহাস্য। ইয়াৰ অধীনত কিছুমান মাপকাঠিৰ ভিত্তিত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল সমূহৰ অনুসুচিত জাতি চাৱ প্লেনলৈ সম্পূৰ্ণ সাহাস্য প্ৰদান কৰা হয়। এই মাপকাঠি সমূহ হল ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল সমূহৰ অনুসুচিত জাতিৰ জনসংখ্যা, ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত অনুসুচিত জাতিৰ তুলনামূলক পিছপৰা অৱস্থা, ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল সমূহত তেওঁলোকক দৰিদ্ৰ সীমা ৰেখা পাৰ হোৱাত সহায় কৰা বাৰ্ষিক অৰ্থনৈতিক পৰিকল্পনাত সামৰি লোৱা অনুসুচিত জাতিৰ পৰিয়ালৰ শতাংশ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল সমূহত অনুসুচিত জাতিৰ জনসংখ্যাৰ অনুপাতত দিয়া স্পেচিয়েল কম্পনেন্ট প্লেনৰ অংশ।

মন্ত্ৰালয়ৰ অধীনত দৰিদ্ৰসীমা ৰেখাৰ দুগুন তলত থকা অনুসুচিত জাতিৰ ব্যাক্তিসকলক কোনো উত্পাদনমূখী কাম কৰিবলৈ তেওঁলোকক ঋণ দিবৰ বাবে নেচনেল চ্যিডুল কাষ্টচ ফাইনেন্স ডেবেলপ’মেন্ট ক’ৰ্পৰেচন (এন.এছ.এফ.ডি.চি)স্থাপন কৰা হয়।

মন্ত্ৰালয়ৰ অধীনত চাফাই কৰ্মচাৰী, জমাদাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলে তেওঁলোকৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে ৰাজ্যিক ৰূপায়নকাৰী সংস্থাৰ জৰিয়তে উপাৰ্জনমূখী কাম কৰিবলৈ আন এটা নিগম অৰ্থাত্ নেচনেল চাফাই কৰ্মচাৰী ফাইনেন্স এণ্ড ডেভেল’পমেন্ট কৰ্পৰেচ’নে ঋণৰ সুবিধা দান কৰে।

মন্ত্ৰালয়ে অনুসুচিত জাতিৰ অসামৰিক অধিকাৰ সুৰক্ষাৰ বাবে দুটা আইন প্ৰণয়ন কৰে-

প্ৰটেকচন অৱ চিভিল ৰাইটচ এক্ট,1955

দি চিড’ল কাষ্ট এণ্ড দ্য চিডল ট্ৰাইবচ (প্ৰিভেনচন অৱ এট্ৰ’চিটিচ এক্ট, 1989).

মন্ত্ৰালয়ে অনুসুচিত জাতি উন্নয়নৰ বাবে তলত দিয়া জৰুৰী বিষয় সমূহৰ ওপৰত কাম কৰেঃ

20 দফীয়া আঁচনিত 11(A) ৰ তত্বাৱধান লোৱা – অনুসুচিত জাতিৰ বাবে ন্যায়।

অনুসুচিত জাতি আৰু জনজাতিৰ বাবে ব্যক্তিগত খণ্ডকে ধৰি আন সাকাৰাত্মক কাৰ্য্য কৰা।

 

অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া কোচিং,ছাত্ৰাবাসৰ সুবিধা, ছাত্ৰ জলপানী (scholarship)ৰ ব্যৱস্থা প্ৰদান কৰা হয়।ইয়াৰ উপৰিও অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে অনুসূচিত জাতিৰ যুৱক যুৱতীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।

 

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate