অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জনজাতি কল্যাণ

ট্রাইবেল কোপাৰেটিভ মাৰ্কেটিং ডেভেলপমেন্ট ফেডাৰেচন অফ্‌ ইণ্ডিয়া লিমিটেড (টিআৰআইএফইডি)

ট্রাইবেল কোঅপাৰেটিভ মার্কেটং ডেভেলপমেন্ট ফেডাৰেচন অফ্‌ ইণ্ডিয়া লিমিটেডে (টিআৰআইএফইডি) ০৬-০৮-১৯৮৭ তাৰিখত কাম আৰম্ভ কৰে আৰু মাল্টি স্টেট কো অপাৰেটিভ ছ'চাইটিজ এক্ট ১৯৮৪ ৰ (বর্তমানে মাল্টি স্টেট কো অপাৰেটিভ ছ'চাইটিজ এক্ট, ২০০২) পঞ্জীকৰণ কৰা হয়। ভাৰত চৰকাৰৰ কল্যাণ মন্ত্রালয়ৰ প্রশাসনিক নিয়ন্ত্রণৰ অধীনত ১৯৮৮ চনত (বর্তমানে ভাৰত চৰকাৰৰ উপজাতি কল্যাণ মন্ত্রালয়) এই বিভাগটোৱে কাম কৰা আৰম্ভ কৰে।

টিআৰআইএফইডি-ৰ প্রধান উদ্দেশ্যটো হ'ল একাধিক ৰাজ্যত ইয়াৰ সদস্য সকলৰ সামাজিক আৰু অর্থনৈতিক উন্নয়ন, পেছাদাৰ জগতৰ বিষয় বিলাকৰ পৰিচালনা, স্বনির্ভৰ আৰু পাৰস্পৰিক সহযোগিতাৰ মাধ্যমে গণতান্ত্রিক আৰু স্ব-শাসিত পদ্ধতিত উপজাতীয় পণ্যৰ কিনা-বেচাৰ উন্নয়নত প্রতিশ্রুতি দিয়া।

টিআৰআইএফইডি-ৰ প্রধান কাম-কাজবিলাক পঞ্চম পৰিকল্পনাৰ ৰ'ড মেপ মতে (২০০৭-০৮ ৰ পৰা ২০১১-১২ লৈকে) টিআৰআইএফইডি-ক চাৰিটা প্রধান কর্মকাণ্ডত অর্ন্তভুক্ত কৰা হৈছে:

১) খুচুৰা ব্যৱসায়ৰ উন্নয়ন

২) ক্ষুদ্র বন বিপণন উন্নয়ন উৎপাদন

৩) দক্ষতা উন্নয়ন আৰু অনুসূচিত জাতিৰ শিল্পীসকলৰ আৰু এমএফপি সকলৰ ধাৰণ ক্ষমতা তৈয়াৰ কৰা।

৪)আৰএণ্ডডি উন্নয়ন/আইপিআৰ কর্মকাণ্ড

ৰাজ্য স্তৰৰ হস্তশিল্প উন্নয়ন প্রতিষ্ঠানৰ সহযোগিতাত বর্তমানে ৪০খন দোকানৰ ২৬খন নিজস্ব আৰু ১৪খন চালান ভিত্তিক দোকানৰ জৰিয়তে টিআৰআইএফইডি-ৰ উপজাতি সামগ্রী ৰ বেপাৰ কৰি আছে। উপজাতি শিল্প সামগ্রী বিলাকৰ অগ্রগতি সাধনৰ বাবে টিআৰআইএফইডি বিভিন্ন ধৰনৰ প্ৰদৰ্শনীত ভাগ লৈছে। উপজাতি সকলৰ আন এটা বিষয় হ'ল শিল্প মেলা।

উপজাতিসকলৰ পুষ্টিসাধন আৰু আয়ৰ লগতে তেওঁলোকৰ লাগতিয়াল খাদ্য, ফলমূল, দৰৱ পাতি, বাসস্থান, আমোদ প্রমোদ, সাংস্কৃতিক কর্মকাণ্ড আদি সকলোখিনি হাবি বা বনৰ পৰাই আহৰণ কৰে।

"ক্ষুদ্র বন তৈয়াৰ" লগতে হাবিত উপজা কাঠ-বিহীন সকলো ধৰণৰ গছ-গছনি, যেনে: বাহ, ব্রাছ, কাঠ, গছৰ গুড়ি, বেত, তচৰ, ৰেচমগুটি, মধু, গালা, তেন্দু নাইবা কেন্দু পাত, দৰৱ আৰু ভেষজ গছ-গছনি, শিপা, মূল আৰু কন্দ আৰু এই জাতীয় সামগ্রী সকলো বিলাকেই থাকে। টিআৰআইএফইডি-এ এমএফপি সকলৰ দক্ষতাৰ অধিক উন্নতি ঘটায়।

ক) অনুসূচিত শিল্পীসকলৰ দক্ষতাৰ উন্নয়ন আৰু ক্ষমতা গঠন:

টিআৰআইএফইডি-এ তিনি ধৰণৰ প্রশিক্ষণ দিয়েঃ

১) প্ৰাথমিক পৰ্য্যায়ৰ প্ৰশিক্ষণ (পিএলটি)

২) পি এল টি-কাম-ডিজাইন ৱর্কশ্বপ ট্রেনিং লগতে আছে ৰিইনফ'র্চমেন্ট ট্রেনিং (পি এল্টি-ডিডব্লুটি-আৰটি)

৩)ডিজাইন ৱর্কশ্বপ ট্রেনিং (ডিডব্লুটি)

টিআৰআইএফইডি-এ এনএচচি বীজ ভৱন, আইএআৰআই চৌহদ, পুচা কমপ্লেক্স, নতুন দিল্লী- ১১০০১২ ত এটা গুণমান নিয়ন্ত্রণ গৱেষণা আৰু উন্নয়ন কেন্দ্র স্থাপন কৰিছে। ইয়াৰ আৰএণ্ডডি কেন্দ্রটো আধুনিক/উন্নত মানৰ যন্ত্রপাতিৰ দ্বাৰা সজ্জিত হৈ আছে যাতে আভ্যন্তৰীণ নমুনাৰ পৰীক্ষা কৰিব পাৰি যেনে: মচলা, এমএফপি যেনে মধু, তেতেলী, শুকান ফল, ভেষজ পণ্য, প্রক্রিয়াজাত মাংস আৰু মাছৰ পণ্য, প্রক্রিয়াজাত।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate