যিকোনো এটা জনগোষ্ঠীয়ে জাতি হিচাপে খ্যাতি লভিবলৈ যিবিলাক উপাদানৰ প্ৰয়োজন হয়, সেইবোৰৰ ভিতৰত গৃহভূমি বিষয়টো এটা অতি প্ৰয়োজনীয় বিষয় । প্ৰাকঐতিহাসিক যুগতে গঢ় লৈ উঠা বৃহত্তৰ অসমীয়া জাতিটোৰ ক্ষেত্ৰতো এই কথাষাৰ প্ৰযোজ্য ।এই অসমীয়া জাতিটোৰ ‘অসমীয়া’ নামাকৰণ আহোম সকলৰ আগমনৰ পাছত হলেও ইয়াৰ জীৱনকাল কিন্তু গৱেষকসকলৰ মতে প্ৰায় চাৰি হাজাৰ বছৰ পুৰণি বুলি অনুমান কৰা হয় । এই সুদীৰ্ঘ কালছোৱাৰ ভিতৰত জাতিটোৰ নাম দুবাৰহে মাত্ৰ পৰিৱৰ্ত্তন হোৱা দেখা গৈছে । কামৰূপ, প্ৰাগজ্যোতিষপুৰ আৰু অৱশেষত অসম । ইয়াৰে কামৰূপ নামটোৰ প্ৰচলন আছিল প্ৰাক ঐতিহাসিক যুগতে । ৰামায়ণ, মহাভাৰতত কামৰূপৰ কথা স্পষ্টভাৱে উল্লেখিত আছে । পৰৱৰ্ত্তীকালত প্ৰাগজ্যোতিষপুৰ নামৰ উদ্ভৱ হল, যদিও এই নামে মূলত বৰ্তমানৰ গুৱাহাটীক হে প্ৰতিনিধিত্ব কৰিছিল । কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত ইয়াৰ পৰিসৰ বিশাল আছিল বুলি কিন্তু জানিবলৈ পোৱা যায় । মুঠৰ ওপৰত আজিৰ অসমীয়া জাতিৰ পূৰ্বপুৰুষসকলৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাই গৃহভূমি হিচাপে চিহ্নিত আছিল । বৰ্তমাৰ নগালেণ্ড, মিজোৰাম, মেঘালয়, পাৰ্বত্য জিলা দুখন আৰু বৰাক উপত্যকাক সামৰি যি বৰ অসমৰ মানচিত্ৰ অংকিত হৈছিল, সেয়া আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদী সকলৰহে সৃষ্টি । প্ৰকৃততে অসমীয়া জাতি পূৰ্বপুৰুষৰ আহোম ৰাজ্য, কোচ ৰাজ্য, কছাৰী ৰাজ্যতে সীমিত আছিল । প্ৰাচীন অসমৰ কোনো ৰজাই উল্লেখিত পাৰ্বত্য ৰাজ্যকেইখনক নিজ এলেকাৰ অন্তৰ্ভুক্ত কৰাৰ তথ্য ইতিহাসত বিচাৰি পোৱা নাযায় । ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ নিজ সুবিধাৰ কাৰনে সাময়িকভাৱে এখন বৰ অসমৰ সৃষ্টি কৰা হৈছিল । আৰু তেতিয়া ৰাজধানী চহৰ হিচাপে আছিল শ্বিলং । কিন্তু একাদিকক্ৰমে অংগচ্ছেদ কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদী সকলে শ্বিলং’কও অসমৰ পৰা বিচিন্ন কৰি দিয়াত অসমীয়া সকলৰ আৱেগত সেই সময়ত এক দুখদায়ক ব্যথা আছিল ।লাহে লাহে পূৰ্বৰ নগাপহাৰ, মিজোপাহাৰ, খাচীপহাৰ, আৰু গাৰোপাহাৰ, জিলাকেইখন অসমৰ অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে আবেগিক ভাৱে অসমৰ অংগ হৈ থকা পূৰ্বৰ কমতাপুৰ আৰু বৰ্তমানৰ কোচবিহাৰ বিচিন্ন কৰা হল অসমৰ পৰা । অসমীয়া জাতীয়ত্বৰ বাবে এয়া প্ৰথম বৃহ্ত্তম আঘাত ৰুপে বিবেচিত । যাৰ ফলত মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱৰ স্থান, তথা কৰ্মক্ষেত্ৰ স্ব -গৃহভূমিৰ পৰা বাহিৰ হৈ গল । এয়া অসমৰ তথা অসমীয়াৰ আবেগত আঘাত লগা গৃহভূমি সংকোচনৰ প্ৰথম আৰম্ভনি । দিন বাগৰাৰ লগে লগে চুবুৰীয়া ৰাজ্যৰ ব্যাপক বেদখল আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবেও অসমৰ ভূমি সমস্যা বাঢ়ি গৈ থাকিল । ইয়াৰ উপৰিও ভাৰতীয় সংবিধানে নিৰ্ধাৰন কৰি দিয়া মতে বৰ্তমানৰ অসমৰ মুঠ মাটিকালিৰ ৭৮ হাজাৰ বৰ্গ কিলমিটাৰৰ কিছু অধিক যদিও বাস্তৱ সময়ত ই বহু গুণে হ্ৰাস পোৱা দেখা গৈছে । নাগালেণ্ড, অৰুনাচল, মিজোৰাম, মেঘালয় আদি ৰাজ্যই সন্মিলিত ভাৱে অসমৰ যিমান মাটি হস্তগত কৰি গৈছে তাৰ পৰিমান প্ৰায় ৫ হাজাৰ বৰ্গ কিলমিটাৰতকৈ কম নহব বুলি এক সমিক্ষামতে জানিব পৰা যায় ।আৰু এই আগ্ৰাসন আজি পৰ্যন্ত আব্যাহত । এনেকৈ সুদূৰ ভবিষআতলৈ অসমৰ মাটিকালি অধিক হ্ৰাস পোৱাটো নিশ্চিত । এই ক্ষেত্ৰত অসম চৰকাৰেও কোনো দৃঢ় কাৰ্য হাতত লোৱা এই পৰ্যন্ত দেখা যোৱা নাই । অৰুনাচল প্ৰদেশ, মেঘালয়ৰ সৈতে অসমৰ সীমা বিবাদ নাগালেণ্ডৰ তুলনাত প্ৰকট হৈ উঠা নাই যদিও যিকোনো সময়তে ইয়াৰ পৰিস্থতি বিষ্ফোৰণ মূখী হৈ উঠিবও পাৰে অনাগত দিনত । অসমৰ ৰক্ষনাত্মক ভূমিকাৰ কাৰনেই সীমান্তৱৰ্ত্তী অসমৰ নাগৰিক সকলৰ দুখ – দুৰ্দশা দিনে দিনে বাঢ়ি গৈ আছে । বছৰি প্ৰায় শ শ অসমীয়া পৰিয়াল নিজ ভেটি মাটিৰ পৰাও উচ্ছেদিত হব লগা হৈ আছে । এইবোৰ ৰ বাবেই অসমৰ তথা অসমীয়া জাতিটোৰ গৃহভূমিৰ পৰিসৰ কমি গৈ আছে । ভৌগলিক দিশৰ পৰাও যেনে ভুইক’প, ভূমিস্খলন, বানপানী আদিৰ বাবেও অতীতৰে পৰা আমাৰ গৃহভূমি সংকুচিত হৈ আহিছে । বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলিৰ মাটিকালি বিগত ৫ টা দশকত হ্ৰাস হৈ প্ৰায় দুই তৃতীয়াংস পাইছে । এই পৰিস্থিতিক স্থায়ীভাৱে বাধা আৰোপ কৰিব নোৱাৰাৰ বাবেও ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি ক্ৰমশ হ্ৰাস হৈ যাব লৈছে । ইয়াৰ উপৰি বছৰি কিমান ভূমি ব্ৰহ্মপুত্ৰত জাহ যায় সেয়াও লক্ষণীয় । অসমীয়া শব্দটোৱে অতীজৰে পৰা কিছুসংখ্যক অজনজাতীয় লোকক লৈ প্ৰতিনিধিত্ব কৰি অহা আমি দেখিছো । সংবিধান গৃহিত হোৱা সময়ত ভাৰতীয় সংবিধানে কিন্তু এই জনজাতি আৰু অজনজাতিৰ মাজৰ অসমীয়াৰ আবেগেৰে বান্ধ খাই থকা বৃহত্তৰ অসমীয়া জাতিটোক আভ্যন্তৰীন ভাৱে দুটা স্পষ্ট শ্ৰেনীলৈ ঠেলি পঠিয়ালে । এটা শ্ৰেনীক নিজৰ নিজৰ মাটিৰ ওপৰত সাংবিধানিক ভাৱে অধিকাৰ আৰু আনটো শ্ৰেনীক ইয়াৰ পৰা সমূলি বঞ্ছিত । অসমৰ অসংৰক্ষিত এলেকা সমূহত ভূমি ক্ৰয় কৰাৰ ক্ষেত্ৰত বৈদেশিক লোক এজন আৰু ৰাজ্যৰ অজনজাতীয় অসমীয়া এজনৰ মাজত একো এটা প্ৰভেদ সংবিধানে নাৰাখিলে । ইয়াৰ বিপৰীতে আকৌ জনজাতীয় লোক সকলৰ বাবে আছুতীয়াকৈ ৰখা ঠাই বোৰৰ অন্তৰ্ভূক্ত ভূমি ৰাজ্যখনৰ খিলঞ্জীয়া লোক হলেও কোনো এজন ব্যক্তিয়ে ক্ৰয় কৰাত আইনী বাধা আৰোপ কৰা হল । সকলোতকৈ ডাঙৰ বিপদটো হল তেতিয়া যেতিয়া বড়ো টৰিটৰিয়েলৰ অন্তৰ্ভুক্ত কাউন্সিল গঠন হল । এসময়ৰ বড়ো উগ্ৰপন্থী সকলে হিংসাৰ ছত্ৰছায়াত অনেক অজনজাতীয় এলেকাক বড়ো টেৰিটৰিয়েলৰ অন্তৰ্ভুক্ত কৰাৰ ফলত সেই এলেকাৰ খিলঞ্ঝীয়া অবড়ো লোকসকলে যদিহে মাটি ভেটি এৰিব লগা বা বেচিব লগা হয় তেন্তে একমাত্ৰ বড়ো লোক সকলক হে বেচিব পাৰিব এনেকুৱা ধৰনৰ আইনী প্ৰক্ৰিয়া ৰখা হল । গতিকে একধৰনে এই খিলঞ্জীয়া লোক সকল বড়ো টেৰিটৰিয়েল এলেকা সমূহত তলতীয়া হৈ পৰিল । আজি তথা সুদূৰ ভবিষ্যতেও সেই এলেকা সমূহৰ পৰা ছলে বলে কৌশলে অনাবড়োসকলক বিতাৰিত কৰা প্ৰক্ৰিয়া চলি আছে তথা চলি থাকিব । ফলত গৈ হবনো কি, বিশুদ্ব্ধ বড়োলেণ্ড এখন হলেই যেনিবা, অসমীয়া সকলৰ গৃহভূমিৰ সংকোচন ব্যাপক হাৰত বাঢ়িব । যিহেতু বৰ্তমানৰ অসমত অন্য দুটা সমস্যাই গা কৰিয়ে আছে – এটা বহিঃ প্ৰৱজন আনটো জনমুৰি আয় ।গতিকে অজনজাতীয় অসমীয়া খিনিৰ বাবে অসমত এক সময়ত খোজ দিবলৈও ভূমি নাইকীয়া হোৱাটো যেন স্পষ্ট হৈ গৈ আছে । অতি দুৰ্ভাগ্যৰ কথা যে আজি চুতীয়া, কোচ-ৰাজবংশী, তাই-আহোম, মটক-মৰাণ আদি বৃহৎ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে ভাৰতীয় সংবিধানত ভূমি সুৰক্ষাৰ কোনো ব্যৱস্থা নাই । বৰ্তমান অসমত এতিয়া জনজাতীয় স্বিকৃতি পোৱাসকলে সাংবিধানিক সুবিধাবোৰ উপভোগ কৰা দেখি নিজ নিজ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিভিন্ন থলুৱা সম্প্ৰদায়ৰ মাজত জনজাতীকৰনৰ দাবী প্ৰবল হৈ উঠিছে, যাৰ সুযোগ লৈছে একচাম বহি:প্ৰৱনজনকাৰীয়েও । গতিকে এনেদৰে অসমখনক জনজাতিৰে ভাগ কৰি গলে অসমৰ ভূখণ্ড বহিৰাগতৰ হাতলৈও গুছি যোৱাটো একধৰনে নিশ্চিত প্ৰায় । আজি চাৰি হাজাৰ বছৰ আগৰ পৰা চলি অহা বৃহত্তৰ অসমীয়া জাতিটোৰ অস্তিত্ব ম্লান হৈ পৰিব । শেষত এমুঠিমান অজনজাতীয় অসমীয়া শেষ হিচাপে ৰৈ যাব । এসময়ৰ ইহুদী সকলৰ দৰে এই ৰৈ যোৱা অসমীয়া সকলৰ অস্তিত্ব হেৰাই দেশৰ ইমূৰে সিমূৰে কৰবাত পৰি ৰব । অসমৰ ভূমিক লৈ এয়া যে উমি উমি জ্বলি থকা যুদ্ব্ধ যি নেকি অবাধে আগবাঢ়ি গৈ আছে যাৰ পৃষ্ঠপোষক হিচাপে মই ভাৰতীয় সংবিধানক মূলত ৰাখিব খোজো । একালৰ আৱেগৰ দলেৰে বান্ধ খাই থকা ভিন্ন জনগোষ্ঠী, জনজাতি – অজনজাতিৰ সমষ্টি বৃহত্তৰ অসমীয়া জাতিটো সংবিধানৰ দৃষ্টিত সংজ্ঞাবিহিন হৈ এদিন নাইকীয়া হৈ যোৱাৰ পথত । ইয়াৰ বাবে কিন্তু সংবিধানৰ লগতে চৰকাৰ তথা জনজাতি, অজনজাতিৰ সকলো আমি অসমীয়াই সম্পূৰ্ন ৰুপে দায়ী । অনাগত ভৱিষ্যতত এই অসমখন চিন্ন বিচ্ছন্ন হৈ পৰাটো লাহে লাহে নিশ্চিত হৈ গৈ আছে আৰু ইয়াক ৰোধ কৰিবলৈ হলে সেই আগৰ দৰে বৃহত্তৰ অসমীয়া জাতিটোৰ যি আৱেগৰ বান্ধোন আছিল তাক আকৌ বান্ধিবলৈ চেষটা কৰিব লাগিব, নহলে বৃহত্তৰ অসমীয়া জাতিটোৱে অপমৃত্যুক সাৱতি লব ।
জ্যোতি জিয়াম কলিতা
শেহতীয়া উন্নীতকৰণ: : 3/24/2020
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অ-সম অসম
অমৰাৰো আছে ভাল গুণ
অসম নামৰ ব্যুৎপত্তি