অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আইনী সুৰক্ষা আৰু সাংবিধানিক সুৰক্ষাৰে নাৰী সুৰক্ষিত নে?

আইনী সুৰক্ষা আৰু সাংবিধানিক সুৰক্ষাৰে নাৰী সুৰক্ষিত নে?

আইনী সুৰক্ষা আৰু সাংবিধানিক সুৰক্ষাৰে নাৰী সুৰক্ষিত হয় নে?

এগৰাকী নাৰীৰ বাবে ভাৰতবৰ্ষৰ আইনী সুৰক্ষা আৰু সাংবিধানিক সুৰক্ষাই প্ৰকৃত সুৰক্ষা দিব পৰা নাই কিয়? নাৰীৰ সবলীকৰণৰ নামত, নাৰীৰ সুৰক্ষা, নাৰীৰ নিৰাপত্তাৰ নামত সমগ্ৰ দেশতে ঢাক ঢোল বজাই থকাৰ সময়চোৱাতো প্ৰতিদিনে নিৰ্য্যাতনৰ ঘটনা যি হাৰত বাঢ়ি আহিছে, প্ৰতিদিনে ঘটি থাকে নাৰী নিৰ্য্যাতনৰ লজ্জাজনক ঘটনাবোৰ। নাৰীৰ সুৰক্ষাৰ নামত, অধিকাৰৰ নামত বহু আইন প্ৰনয়ণ কৰা হৈছে, কিন্তু প্ৰশ্ন হয় এই সাংবিধানিক অধিকাৰ সমূহ, আইন সমুহৰ পৰা নাৰী কিয় সুৰক্ষিত নহয়?

১৯৫০ চনত ভাৰতীয় সংবিধানে বিভিন্ন অনুচ্ছেদ আৰু মৌলিক অধিকাৰ সমূহৰ দ্বাৰা সকলো নাগৰিককে মৰ্য্যদাপূৰ্ণভাবে জীয়াই থকাৰ অধিকাৰ দিছিল। তদুপৰি পুৰুষ মহিলা উভয়ে বৈষম্যহীন ভাবে নিজৰ অধিকাৰ সমূহ উপভোগ কৰিব পাৰিব।

১৯৫০ চনত ভাৰতীয় সগ্বিধানে বিভিন্ন অনুচ্ছেদ আৰু মৌলিক অধিকাৰ সমূহৰ দ্বাৰা সকলো নাগৰিককে মৰ্য্যদাপূৰ্ণভাৱে জীয়াই থকাৰ অধিকাৰ দিছিল। তদুপৰি পুৰুষ মহিলা উভয়ে বৈষম্যহীন ভাবে নিজৰ নিজৰ অধিকাৰ সমূহ উপভোগ কৰিব পাৰিব। পুৰুষ আৰু মহিলাৰ মাজত বৈষম্য দুৰ কৰিবলৈ মহিলাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি আৰু আইন প্ৰনয়ন কৰা হৈছিল। ১৯৯৩ চনত অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰৰ আন্তৰাষ্ট্ৰীয় চুক্তি() আৰু মহিলাৰ বিৰুদ্ধে সকলো বৈষম্যমূলক আচৰণ বিলুপ্তি কৰিবৰ বাবে যিখন চুক্তি কৰিছিল চমুকৈ() “চিড” শীৰ্ষক দুখন চুক্তিত অনুমোদন জনোৱাৰ পিচত ভাৰত আন্তৰাষ্ট্ৰীয় ভাবে মহিলাৰ সমস্যাসমূহ সমাধানৰ বাবে দায়বদ্ধ হৈ পৰিল। এই চুক্তি খনেই একমাত্ৰ মানৱ অধিকাৰ চুক্তি, যি মহিলাৰ, মানৱ অধিকাৰৰ ওপৰত আলোক পাত কৰিছিল। ৰাষ্ট্ৰই পাৰিবাৰিক নিৰ্য্যাতন, যৌন নিৰ্য্যাতন, আদিৰ বাবে প্ৰতিৰোধ মূল, শাস্তিমূলক আৰু প্ৰতিকাৰ ব্যৱস্থাৰ প্ৰতিবেদন দিয়াৰ বাবে এই চুক্তিৰ জৰিয়তে দায়বদ্ধ হ’ব লাগিব। এই চুক্তিখনত ৩০ টা অনুচ্ছেদ আছিল। সেইবোৰ ক্ৰমে- মহিলাৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ, দুৰীকৰণৰ প্ৰয়োজনীয় ব্যৱস্থা, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক ক্ষেত্ৰত পুৰুষৰ সৈতে সমানে মৌলিক স্বাধীনতা নিশ্চিত কৰা, লিংগ ভিত্তিক সামাজিক আৰু সাংস্কৃতিক ভাবে যি হীনমন্যতা বা উচ্চসিকা মনোভাব পোষন কৰা হয় তাক হ্ৰাস কৰা, আন্তৰ্জাতিক ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ, আইনৰ দৃষ্টিত পুৰুষ মহিলাৰ সমতা স্থাপনত গুৰুত্ব দিয়া, শিক্ষাৰ ক্ষেত্ৰত সহশিক্ষা,সম জলপানি,সমশিক্ষা অনুদান,খেলা ধূলাত সম সুযোগ প্ৰদান,গ্ৰামীন মহিলাৰ উন্নতীকৰণ,মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৈষম্যমুলক মনোভাৱৰ বিৰুদ্ধাচৰনকে ধৰি ৩০ টা অনুচ্চেদত এই চুক্তিখন সন্নিবিষ্ট আছে।যদিহে এই চুক্তিখন কাৰ্য্যক্ষেত্ৰত সফল ৰুপায়ন প্ৰতিফলিত হলহেতেন,তেনেহলে মহিলাৰ সম অধিকাৰ,সমমৰ্য্যদাৰ প্ৰ্দানত কোনো বাধা নাথাকিলহেঁতেন।

আইনীৰক্ষক-১৯৮৩ চনলৈকে মহিলাৰ ওপৰত নিজৰ ঘৰত হোৱা অত্যাচৰ প্ৰ্তিৰোধকাৰী কোনো আইনীব্যৱস্থা নাছিল।১৯৮৮ চনত ৩০৪(খ)নামৰ এক আইন সংযোজন কৰা হৈছিল।এই ধাৰা অনুসৰি বিয়া হোৱাৰ সাতবছৰৰ ভিতৰত এগৰাকী মহিলাৰ স্বামীৰ ঘৰত মৃত্যু হোৱা অস্বাভাবিক আৰু ফৌজদাৰী অপৰাধ ৰুপে গন্য কৰা হৈছিল।১৯৮০ চনৰ পৰা দেশত মহিলাৰ ন্যায় নিশ্চিত কৰিবৰ বাবে বিভিন্ন মহিলা সংগঠনৰ আন্দোলন চলি আছিল।সেই আন্দোলনৰ ফলত ২০০৫ চনত “পাৰিবাৰিক নিৰ্যাতনৰ পৰা মহিলাৰ সুৰক্ষা”আইনখন গৃহিত হৈছিল।এই আইনখনৰ প্ৰ্ধান উদ্দেশ্য আছিল এগৰাকীমহিলাৰ আৰু প্ৰ্তিকাৰ পোৱাৰ অধিকাৰ,নিশ্চিত কৰা।ভাৰতবৰ্ষৰ আইনৰ ইতিহাসত পোন প্ৰথম্বাৰৰ বাবে উক্ত আইনখনে এগৰাকী মহিলাক ঘৰ এখনত বাস কৰাৰ সম্পুৰ্ন অধিকাৰ স্বীকৃতি দিলে।

অৰ্থনৈতিক ভাবে পিচপৰা দুৰ্ব্বল তথা অক্ষম লোকে যাতে চৰকাৰৰ ফালৰ পৰা আইনী সেৱা পাব পাৰে তাৰ বাবে১৯৮৭ চনত প্ৰ্নয়ন কৰা হৈছিল আইনী সেৱা অধিকাৰ আইন।এই আইনখনৰ জৰিয়তে বিনামূলীয়াকৈ মহিলাসকলে নিজৰ আইনী অধিকাৰ সাবস্ত্য কৰিব পাৰিব।

যদিও মহিলাৰ বাবে ভাৰতবৰ্ষত কেইবাখনো আইন আছে,কিন্তু পাৰিবাৰিক নিৰ্যআতনৰ বিষয়টোৱে এতিয়াও সম্পুৰ্ণৰুপে ৰাজনৈতিক গুৰুত্ব লাভ কৰিব পৰা নাই।২০০৮ চনত ভাৰত চৰকাৰে দাখিল কৰা তথ্যৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ সামাজিক,আৰ্থিক,সাংস্কৃতিক অধিকাৰৰ সমিতিখনে মন্তব্য কৰিছিল যে ২০০৫ চনত পাৰিবাৰিক নিৰ্যাতনৰ পৰা মহিলাৰ সুৰক্ষাৰ আইনখন বলবৎ হোৱাৰ পিচতো বৃহৎ সংখ্যক মহিলা নিৰ্যাতনৰ বলি হব লগা হৈ আছে।ইয়াৰ মূলতে হৈছে মহিলা সকলৰ মাজত আইনী সজাগতা বৃদ্ধি পোৱা নাই। ফলত আইনেও মহিলা সকলৰ সুৰক্ষা দিয়াত ফলৱৰ্তী হোৱা নাই।

সাংবিধানিক সুৰক্ষা

ভাৰতত বসবাস কৰা সকলো নাগৰিকৰ সমান অধিকাৰ,সমান মৰ্যদা আৰু আইংত সুৰক্ষা আৰু সাংবিধানিক অধিকাৰ আছে।

দুৰ্ব্বল শ্ৰেনী হিচাপে নাৰীসকল শোষিত বা নিৰ্যাতিত হয়।এনে শোষন নিৰ্য্যাতনৰ বিৰুদ্ধে সাংবিধানিক সুৰক্ষা দিয়াৰ ব্যৱস্থা আছে।

জাতি ধৰ্ম বৰ্ন লিংগকে ধৰি পুৰুষ মহিলা কোনো যাতে বৈষম্যৰ বলি হৈ কোনো কৰ্ম সংস্থাপন সুবিধাৰ পৰা বঞ্চিত হয় তেনেহলে সাংবিধানিক সুৰক্ষা পোৱাৰ ব্যৱস্থা আছে। একেধৰনৰ কামৰ বিনিময়ত পুৰুষ আৰু মহিলাই সমাহাৰত পাৰিশ্ৰমিক লাভ কৰাতো বাধ্যতামূলক।

পুৰুষৰ দৰে মহিলাও বৰ্হিজগতত কৰ্মক্ষেত্ৰতত কাম কৰি জীৱন নিৰ্বাহঅৰ বাবে সমানে সা-সুবিধা পাব পাৰে।

শিক্ষাৰ অধিকাৰ পুৰুষ মহিলা সকলোৰে সমান।

দেশৰ সকলো নগৰিকে সমানভাবে ন্যায় পাব লাগে।

ভাৰতৰ সাংবিধানে বিভিন্ন অনুচ্চেদত নাৰীৰ বাবে আৰু বহু সুৰক্ষা প্ৰ্দান কৰিছে।কিন্তু পিতৃতান্ত্ৰিক সমাজব্যৱস্থাত তাক সুচাৰুৰুপে পালন কৰাত বাধা আহি পৰে।২০২৫(vision document)মহিলা আৰু শিশুৰ বাবে অসম চৰকাৰে যদিও বহুতো আঁচনি লৈছে বহুক্ষেত্ৰত উন্নয়ন হৈছে,যদিও লিংগভিত্তিক সবলিকৰন ভাৰতৰ গঢ়হাৰৰ তুলনাত যথেষ্ট নগন্য।লিংগবৈষম্য থকা সমাজত মহিলাৰ ওপৰত নিৰ্যাতন হোৱাৰ সম্ভাবনা বেছি।

উৎস-ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate