অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আৰ্থিকভাৱে স্বাৱলম্বিতাৰ নিদৰ্শন তামুলপুৰৰ বাবুৰাম

আৰ্থিকভাৱে স্বাৱলম্বিতাৰ নিদৰ্শন তামুলপুৰৰ বাবুৰাম

 

সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যখনত একাংশ নিবনুৱা যুৱক-যুৱতী কৃষিকাৰ্যৰে স্বাৱলম্বী হোৱাৰ উপৰি নিজকে অঞ্চলটোত এক আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাই আছে।এইসকলৰ ভিতৰত অন্যতম বাগসা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত সাপকাটা গাঁৱৰ বাবুৰাম বড়ো।প্ৰয়াত চাগেৰিয়া বড়োৰ একচল্লিশ বছৰীয়া সন্তান বাবুৰামে নৱম শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছিল যদিও পৰিয়ালটোৰ আৰ্থিক দৈন্যৰ বাবে তেওঁৰ শিক্ষা লাভৰ আশা সিমানতে নিৰ্বাপিত হয়।পঢ়া-শুনা বাদ দি জীৱনৰ সোণালী ভৱিষ্যতৰ ৰঙীন আশাবোৰ বাস্তৱায়িত কৰাৰ বাবে তেওঁ বাছি ল’লে অন্য পথ।পৰিয়ালৰ লগতে আত্মীয়-স্বজনৰ বাবে বোজা নহৈ স্বাৱলম্বী হোৱাৰ মানসেৰে তেওঁ কৃষিকাৰ্যত মনোনিৱেশ কৰা আৰম্ভ কৰিলে।অফুৰন্ত সাহস আৰু গভীৰ আত্মবিশ্বাসেৰে তেওঁ আৰম্ভ কৰিলে তামোলৰ খেতি।তামোলৰ সমান্তৰালভাৱে তেওঁ আৰম্ভ কৰিলে পাণ,কমলা টেঙাৰ খেতি।আজিৰ পৰা ২০ বছৰ আগেয়ে আৰম্ভ কৰা পাণ-তামোল আৰু কমলা টেঙাই বাবুৰামৰ জীৱনলৈ আনিছে আৰ্থিক সচ্ছলতা।সম্প্ৰতি তেওঁৰ বাগান ১০০ ডাল তামোল গছ,৩২ হাজাৰ তমোলৰ পুলি আৰু ২০-৩০ হাজাৰ পাণ আৰু ১০ ডাল জালুকৰ গছেৰে ভৰি আছে।বাবুৰামে এই প্ৰতিবেদকক জনোৱা মতে।তামোল গছৰ পৰা প্ৰায় ১ লাখ টকা লাভ কৰি আহিছে।ইয়াৰ উপৰি বাবুৰামে ঘৰৰ ওচৰতে ৫ বিঘা মাটি লীজত লৈ আৰম্ভ কৰিছে কলখেতি।য’ৰ পৰা সম্প্ৰতি তেওঁৰ উপাৰ্জন হয় বছৰি প্ৰায় ৮০ হাজাৰ টকা।কৰ্মসংস্কৃতিৱান,উদ্যমী,কৰ্মঠ বাবুৰামে তামোল-পাণ,কমলা,জালুক,সৰিয়হ আদিৰ খেতি কৰাৰ উপৰি মৌ আৰু গাহৰি পালন কৰিও আৰ্থিকভাৱে লাভাম্বিত হৈছে।নিজৰ ঘৰতে তেওঁ ১৫ টা মৌ বাহত মৌ পালন কৰি বছৰত ৫ মাহ মৌ উৎপাদন কৰিছে।মৌৰ বাহসমুহ সৰিয়হৰ খেতিলৈ নি তেওঁ অঞ্চলটোত কৃষক ৰাইজক দেখুৱাইছে এক অভিনল কৌশল।জানিব পৰা মতে,তেওঁ বছৰি প্ৰায় ডেৰ কুইণ্টল মৌ উৎপাদন কৰি প্ৰতি কিলোগ্ৰামত ৫০০ টকা দৰত বিক্ৰী কৰিছে আৰু এনেদৰে তেওঁ উপাৰ্জন কৰিছে প্ৰায় ৭৫ হাজাৰ টকা।মৌ পালনৰ উপৰি বছৰত তেওঁ ২৫-৩০ টা মৌ বাহ বনাই আছে আৰু প্ৰতিটো মৌ বাহ ১৫ শ টকাকৈ বিক্ৰী কৰি তেওঁ লাভ কৰিছে প্ৰায় ৪০ হাজাৰ টকা।বাবুৰামৰ আন এটা উল্লেখনীয় দিশ হ’ল মৎস্য পালন।তেওঁ ৬ বিঘা মাটিত ৩টা পুখুৰী খান্দি তাৰ পৰাও এক সন্তোষজনক ধন লাভ কৰিবলৈ সমৰ্থ হৈছে।বাবুৰামৰ কৃষিকাৰ্যত সহায় কৰিছে তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ আনন্দ ৰামচিয়াৰী,পত্নী জ্যেষ্ঠ ভ্ৰাতৃ আনন্দ ৰামচিয়াৰী,পত্নী মিনু বড়ো আৰু পৰিয়ালৰ আন আন সদস্যই।ইপিনে,তামুলপুৰ মহকুমা কৃষি বিষয়া।মৃগেন স্বৰ্গীয়াৰী আৰু কৃষি উন্নয়ন বিষয়া ধীৰেন্দ্ৰ নাথৰ পৰামৰ্শ অনুসৰি জ্যেষ্ঠ কৃষি পৰিদৰ্শক খগেন দাস,কৃষি সম্প্ৰসাৰণ সহায়ক ধীৰেন্দ্ৰ নাথ দাস,পংকজ ব্ৰ্হ্ম আৰু লক্ষেশ্বৰ বড়োৱে এইগৰাকী কৰ্মসংস্কৃতিৱান ব্যক্তিৰ কৃষিকাৰ্য পৰিদৰ্শন কৰি ইয়াতকৈও অধিক পদ্ধতিগতভাৱে কৃষিকাৰ্য  সমাপন কৰাৰ দিহা-পৰামৰ্শ আগবঢ়াইছে।তামোল-পাণ,কল,সৰিয়হ আদিৰ সমান্তৰালভাৱে মৎস্য পালন,গাহৰি পালন,মৌ পালনৰ উপৰি বিভিন্ন ৰকমৰ কৃষিকাৰ্যৰে বাবুৰামে অঞ্চলবাসীৰ বাবে স্বাভাৱিকতে হৈ পৰিছে আদৰ্শস্বৰুপ।

লেখক:ৰজনী বৰ্মন (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate