অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সহায়

তলত উল্লেখ কৰা বিষয়বোৰে ৱেব ছাইটটো কাৰ্য্যকৰীভাৱে ব্যৱহাৰ কৰাত আপোনাক সহায় কৰিব।

পৰ্টেলৰ শাখাসমূহ

এই ৱেবছাইটোৱে আপোনাক ৬ টা বিষয়ৰ তথ্য আগবঢ়াব। এই কেইটা হ’ল- কৃষি, স্বাস্থ্য, শিক্ষা, ই-প্ৰশাসন, সমাজ কল্যাণ আৰু শক্তি। প্ৰতিটো বিষয়ৰ অধীনত আগবঢ়াব বিচৰা তথ্য সমূহৰ চমু বিৱৰণ তলত আগবঢ়োৱা হ’ল।

বিভাগসমূহ

কৃষি

এই বিভাগত কৃষিজ ঋণ, নীতি আৰু আঁচনি, উৎপাদন প্ৰযুক্তি, অসমৰ খেতিসমূহ, খেতিৰ বিভিন্ন ৰোগ, পশুপালন আৰু মাছপালন, শস্য উৎপাদন, বতৰ আৰু বজাৰৰ তথ্যসমূহ,  উত্তম অভ্যাস, বিভিন্ন কৃষি নিৰ্দেশিকা, পামভিত্তিক উদ্যোগ আৰু কৃষিভিত্তিক প্ৰতিষ্ঠানসমূৰ তথ্যভাণ্ডাৰ ইত্যাদি  বিষয়সমূহ বহলভাৱে আলোচনা কৰা হৈছে।

স্বাস্থ্য

এই শিতানত মহিলাৰ স্বাস্থ্য,  শিশুৰ স্বাস্থ্য,  ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান,  আয়ুস, পৰিপুষ্টি,  বিভিন্ন ৰোগ,  অনাময় আৰু স্বাস্থ্যবিধি,  মানসিক স্বাস্থ্য,  প্ৰাকৃতিক চিকিৎসা, ইত্যাদি বিষয়সমূহ বহলভাৱে আলোচনা কৰা হৈছে।

শিক্ষা

এই শিতানত শিশুৰ অধিকাৰ,  শিক্ষা সম্পৰ্কীয় নীতি/আঁচনিসমূহ,  শিশুসকলৰ জগত,  শিশুসকলৰ ক্ষেত্ৰ,  শিক্ষকসকলৰ ক্ষেত্ৰ,   শিক্ষাৰ উৎকৃষ্ট অনুশীলন,  পেশাগত পথ প্ৰদৰ্শক,  তথ্য প্ৰযুক্তিৰ সাক্ষৰতা,  সমলৰ যোগসূত্ৰসমূহ, ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

ই-প্ৰশাসন

এই শিতানত শক্তিৰ বুনিয়াদসমূহ,  শক্তিৰ প্ৰযুক্তি,  উৎকৃষ্ট অভ্যাস,  মহিলা আৰু শক্তি,  নৱীকৃত শক্তি,  গ্ৰাম্য উদ্ভাৱনসমূহ,  পৰিৱেশ,  নাগৰিকৰ বাবে থকা অনলাইন সেৱাসমূহ,  মোবাইল প্ৰশাসন,   তথ্য জনাৰ অধিকাৰ আইন,  ইত্যাদি বিষয়সমূহৰ বিষয়ে  আলোচনা কৰা হৈছে।

সমাজ কল্যাণ

এই শিতানত মহিলা আৰু শিশু উন্নয়ন,  অনুসূচীত জাতি আৰু জনজাতিৰ কল্যাণ,  অসংগঠিত/অনানুষ্ঠানিক,  বিত্তীয় অন্তৰ্ভুক্তি,  বিত্তীয় সাক্ষৰতাৰ পাঠ্যক্ৰম,  সংখ্যালঘু কল্যাণ, অক্ষমসকলৰ কল্যাণ,  বয়োজ্যেষ্ঠসকলৰ কল্যাণ,  গ্ৰাম্য দৰিদ্ৰতা উপশম কৰা,  নগৰৰ দৰিদ্ৰতা উপশম কৰা, বেচৰকাৰী স্বেচ্ছাসেৱী খণ্ড,  সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে যুঁজ,  দুৰ্বল গোটসমূহ,  আইনী সাহাৰ্য্য,  দুৰ্যোগ ব্যৱস্থাপনা, ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

শক্তি

এই শিতানত শক্তিৰ প্ৰযুক্তি, উত্তম অভ্যাস, আঁচনি আৰু নীতি, শক্তি স্ংৰক্ষণ, শক্তিৰ কাৰ্য্যদক্ষতা বৃদ্ধি আৰু পুণৰ নৱীকৃত শক্তিৰ উৎসসমূহৰ বিষয়ে তথ্য আগবঢ়োৱা হৈছে।

অনলাইন সেৱাসমূহ

বেপাৰ

এই অনলাইন ক্ৰেতা-বিক্ৰেতাৰ মঞ্চৰ জৰিয়তে আপোনাৰ সামগ্ৰী আৰু সেৱাৰ বাবে এখন ভাল বজাৰ লাভ কৰাৰ সুযোগ আগবঢ়ায়। কৃষি, পশুধন, হস্তশিল্প, যন্ত্ৰপাতি, বৈদ্যুতিন সামগ্ৰী আদি সামগ্ৰীৰ লগত জড়িত যিকোনো তথ্য ইয়াত আপুনি প্ৰদান কৰিব পাৰে। বিভিন্ন ভাড়াৰ পৰিমাণ আৰু পৰামৰ্শ সেৱাও ইয়াত পাব।

বজাৰৰ তৎকালীন তথ্য

এই অনলাইন মঞ্চ যোগে বিশেষ বিষয়ত বিশেষজ্ঞ সমাধান প্ৰদান কৰা হয়। ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ প্ৰশ্নসমূহ নিজা ভাষাত প্ৰদান কৰিব পাৰে আৰু বিশেষজ্ঞই ই-মেইল যোগে পৰামৰ্শ প্ৰদান কৰিব।

স্মাৰক

এই ৱেব আধাৰিত সেৱাই ইয়াৰ পঞ্জীকৃত সদস্যসকলক তেওঁলোকৰ গুৰুত্বপূৰ্ণ বিত্তীয় গতিবিধিসমূহ এছএমএছ বা ই-মেইল যোগে আগতীয়াকৈ মনত পেলাই দিয়ে যাতে বিত্তীয় কামকাজসমূহ উত্তমভাৱে কৰাত সহায়ক হয়।

গ্ৰাম্য উদ্যমীৰ ক্ষেত্ৰ

সমগ্ৰ ভাৰতবৰ্ষত থকা উমৈহতীয়া সেৱা কেন্দ্ৰৰ গ্ৰাম্য উদ্যমী সকলৰ ব্যৱহাৰযোগ্য সমলৰ ই এক মঞ্চ। ই লগতে গ্ৰাম্য উদ্যমীসকলৰ অভিজ্ঞতা বিনিময় কৰাৰ সুযোগো প্ৰদান কৰে।

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

এই অনলাইন মঞ্চ যোগে বিশেষ বিষয়ত বিশেষজ্ঞ সমাধান প্ৰদান কৰা হয়। ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ প্ৰশ্নসমূহ নিজা ভাষাত প্ৰদান কৰিব পাৰে আৰু বিশেষজ্ঞই ই-মেইল যোগে পৰামৰ্শ প্ৰদান কৰিব।

শিক্ষণ সমলসমূহ

শিশুৰ বাবে ডিজিটেল শিক্ষণ সমলসমূহ

বিভিন্ন প্ৰতিষ্ঠানে শিশুৰ বাবে প্ৰস্তুত কৰা বিজ্ঞান, গণিত, ভাষা আদি বিষয়ক ডিজিটেল শিক্ষণ সমলসমূহ আগবঢ়োৱা হৈছে।

শিশুসমৰকক্ষক

শিশুসমৰকক্ষক হৈছে ইউনিছেফৰ বহুভাষীক ভিন্ন মাধ্যমৰ উপস্থাপন য’ত গৰ্ভৱতী মহিলাৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য, স্তনপান, জন্ম, বিদ্যালয়লৈ যোৱাৰ পূৰ্বে ল’বলগা যত্ন ইত্যাদি বিষয়সমুহৰ তথ্যসমূহ উল্লেখ আছে।

অৰুণোদয় কেন্দ্ৰৰ পৰিচালকৰ বাবে তথ্য প্ৰযুক্তিৰ প্ৰাৰ্থমিক জ্ঞান

এই শিতানত অৰুণোদয় কেন্দ্ৰৰ পৰিচালকৰ বাবে কম্পিউটাৰৰ প্ৰাৰ্থমিক জ্ঞান, ইন্টাৰনেট আৰু ইমেইল, কিবোৰ্ড চৰ্টকাটচ, ব্যৱহাৰিক ৱেবচাইট নিৰ্দেশিকা আৰু অসমীয়া ভাষাৰ কম্পিউটাৰ চফটৱেৰ ইত্যাদি বিষয়সমূহৰ উল্লেখ আছে।

কম্পিউটাৰ হাৰ্ডৱেৰৰ সাধাৰণ মেৰামতি

এই শিতানত কম্পিউটাৰ হাৰ্ডৱেৰৰ সাধাৰণ মেৰামতিৰ তথ্য আৰু ব্যৱহাৰযোগ্য কিটিপসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

বহুমাধ্যমৰ সামগ্ৰী

পৰিপুষ্টি আৰু স্বাস্থ্য

নেচনেল ইঞ্চটিটিউড অব নিউট্ৰিচন  আৰু ইণ্ডিয়ান কাউনচিল অব মেডিকেল ৰিচাৰ্জ নামৰ এই দুটা প্ৰতিস্থানৰ সহযোগত পৰিপুষ্টি আৰু স্বাস্থ্য সম্পৰ্কীয় এই চিডিখন প্ৰস্তুত কৰা হৈছে। এই চিডিখনত চাৰিটা বিষয় সন্নিবিষ্ট কৰা হৈছে-আপোনাৰ প্ৰয়োজনীয় খাদ্যবস্তুৰ বিষয়ে, পৰিপুষ্টি আৰু তাৰ উৎসসমূৰ বিষয়ে, খাদ্য আৰু বিভিন্ন ৰোগ আৰু খাদ্য সুৰক্ষা। এই চিডিখনৰ যোগেৰে স্বাস্থ্য কৰ্মী, ছাত্ৰ, গৃহিণীকে ধৰি সকলো লোকে এটা সুস্বাস্থ্যৰ বাবে কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰা উচিত ইত্যাদি কথাবোৰ জানিব পাৰিব।

বনৌষধী, ৰ্ং দিয়া আৰু গোন্ধযুক্ত সামগ্ৰীৰ উৎপাদন

এই শিতানত ৫৪ টা গুৰুত্বপূৰ্ণ ব্যৱসায়ীক বনৌষধি, ৰ্ং দিয়া আৰু গোন্ধযুক্ত সামগ্ৰী নেচনেল মেডিচিনেল প্লেনচ বৰ্ডে অগ্ৰাধিকাৰ দিছে। এই সামগ্ৰীসমূহৰ উৎপাদন সম্পৰ্কীয় তথ্য, স্থানীয় ভাষাত সামগ্ৰী আৰু বজাৰৰ তথ্য ইত্যাদি হিন্দী, তেলেগু, তামিল আৰু ইংৰাজী ভাষাত উপলব্ধ হ’ব।

সন্ধানৰ সুবিধাসমূহ ব্যৱহাৰ

সন্ধানৰ এই সুবিধাই ব্যৱহাৰকাৰীসকলক অতি সোনকালে কোনো এটা লিখনি বিচাৰি উলিওৱাত সহায় কৰে। এই সুবিধা পৰ্টেলৰ প্ৰ্তিটো পৃষ্ঠাতে উপলব্ধ।

ব্যৱহাৰকাৰীসকলে এই পৰ্টেলত তলত দিয়া ধৰণে সন্ধান কৰিব পাৰে-

  • নিৰ্দিষ্ট শব্দ বা আখৰ।
  • দুটা শব্দৰ মাজত ব্যৱধান।
  • দুটা শব্দৰ মাজত আৰু, বা আদি শব্দৰ ব্যৱহাৰ।

সক্ৰিয় সন্ধান

সন্ধান বাকচত আপুনি সন্ধান কৰিব বিচৰা শব্দটোৰ এটা বা দুটা আখৰ লিখি দিয়াৰ লগে লগে সেই শব্দৰ লগত জড়িত শব্দবোৰ অতি সোনকালে দৃশ্যমান হ’ব।

পৰ্টেলৰ ব্যৱহাৰ

এই পৰ্টেলত স্বেচ্ছাসেৱীসকলে তেওঁলোকৰ নিজা অঞ্চলৰ্ তথ্যকে ধৰি পৰ্টেলৰ বিষয়ৰ লগত স্ংলগ্ন লিখনি প্ৰদান কৰিব পাৰে। এই পৰ্টেল চাৰি ধৰণৰ

ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব পাৰে।

  • সাধাৰাণ ব্যৱহাকাৰী
  • পঞ্জীয়নভূক্ত সদস্য
  • লিখনি প্ৰদানকাৰী
  • লিখনি পৰ্য্যালোচক

সকলো ব্যৱহাৰকাৰীৰ বাবে প্ৰকাৰ অনুসৰি নিজা নিজা কিছুমান সুবিধা আছে।

সাধাৰণ ব্যৱহাৰকাৰী

এজন সাধাৰণ ব্যৱহাৰকাৰীয়ে তলত উল্লেখ কৰা সুবিধাসমূহ লাভ কৰিব -

  • লিখনি বিচাৰিব পাৰিব।
  • লিখনি সন্ধান কৰিব পাৰিব।
  • লিখনিসমূহ ইমেইল আৰু সামাজিক মঞ্চত বিনিময় কৰিব পাৰিব।
  • পৃষ্ঠাৰ মান নিৰ্ধাৰণ
    • পৃষ্ঠাৰ শেষলৈ যাওক।
    • তৰাৰ চিহ্নৰ ওপৰত টিপি পৃষ্ঠাৰ মান প্ৰদান কৰক।
  • পৃষ্ঠাত পৰামৰ্শ আৰু মতামত প্ৰদান
    • পৃষ্ঠাৰ শেষলৈ যাওক।
    • পৰ্টেলৰ যিকোনো লিখনিত পৰামৰ্শ প্ৰদান কৰাৰ লগতে আপোনাৰ নাম প্ৰদান কৰক।
    • দাখিল কৰক।
  • মতামতৰ ভোট
    • গৃহপৃষ্ঠাৰ ‘মতামতৰ ভোট’ত টিপক।
    • নিজৰ পছন্দ অনুসৰি ‘ভোট’ প্ৰদান কৰক।
    • পূৰ্বৰ ভোটসমূহ চাবলৈ ‘পূৰ্ববৰ্তী মতামত’ত টিপক।
  • বাৰ্তালোচনীৰ গ্ৰাহকভূক্তি
    • বাৰ্তালোচনীৰ গ্ৰাহকভূক্তিৰ বাবে গৃহপৃষ্ঠাৰ ‘বাৰ্তালোচনীৰ গ্ৰাহকভূক্তি’ত টিপক।
    • আপোনাৰ ইমেইল-ঠিকনা আৰু সঁহাৰি দাখিল কৰক।
    • আপোনাৰ নাম, ইমেইল-ঠিকনা আৰু সঁহাৰি দাখিল কৰক।
    • দাখিলত টিপক।
  • আএচএচফিড সমূহৰ গ্ৰাহকভূক্তি
    • পৃষ্ঠাৰ শেষলৈ যাওক।
    • চিহ্নটোত টিপক।
    • তৎকালে নতুন সামগ্ৰীবোৰ চাবলৈ যিকোনো বিষয়ত গ্ৰাহকভূক্তি হওঁক।
  • কেনেদৰে সদস্য আৰু লিখনি প্ৰদানকাৰী হিচাপে পঞ্জীয়ন কৰিব পাৰিব-
    • পঞ্জীয়ন কৰিবৰ বাবে সোঁ-ফালে থকা পঞ্জীয়নত টিপক।
    • সদস্য আৰু লিখনি প্ৰদানকাৰী হিচাপে পঞ্জীয়ন কৰিবলৈ ‘সদস্য’ আৰু ‘লিখনি প্ৰদানকাৰী’ত টিপক।
    • তথ্যসমূহ ভৰাওক।
    • পঞ্জীয়নত টিপক।

পঞ্জীকৃত সদস্য

এজন পঞ্জীকৃত সদস্যই এজন সাধাৰণ সদস্যতকৈ বেছি সুবিধা লাভ কৰিব পাৰে। আপুনি পঞ্জীকৃত সদস্য হিচাপে তলৰ সুবিধাসমূহ লাভ কৰিব -

  • আপোনাৰ প্ৰ’ফাইল নৱীকৰণ
    • সোঁ-ফালে ওপৰত থকা ব্যৱহাৰকাৰীৰ নামৰ ওপৰত টিপক।
    • তলৰ তালিকাৰ পৰা প্ৰ’ফাইলটো টিপক।
    • আপোনাৰ প্ৰ’ফাইল দৃশ্যমান হোৱাৰ লগে লগে আপুনি বিচৰামতে প্ৰফাইল সলনি কৰিব পাৰিব।
  • ডাছবোৰ্ডখন আপোনাৰ সুবিধামতে সজাই লওক
    • সোঁ-ফালে ওপৰত থকা ব্যৱহাৰকাৰীৰ নামৰ ওপৰত টিপক।
    • তলৰ তালিকাৰ পৰা ডাছবোৰ্ড টিপক।
    • ৰ্ডাছবোৰ্ডৰ স্বাভাৱিক অৱস্থা দৃশ্যমান হ’ব।
    • ডাছবোৰ্ডখন আপোনাৰ সুবিধামতে সজাই লবলৈ সম্পাদনাত টিপক।
  • আপোনাৰ অৰিহণাসমূহ চাওক
    • সোঁ-ফালে ওপৰত থকা ব্যৱহাৰকাৰীৰ নামৰ ওপৰত টিপক।
    • তলৰ তালিকাৰ পৰা ‘মোৰ অৰিহণাসমূহ’ত টিপক।
    • আপোনাৰ সকলো অৰিহণা, যেনে-মতামত, পৰামৰ্শ, আলোচনাৰ মতামত ইত্যাদিবোৰ চাব পাৰিব।
  • আলোচনা মঞ্চৰ আলোচনাত আপোনাৰ মতামত প্ৰদান কৰিব পাৰিব
    • যিকোনো এটা বিষয়ৰ আলোচনা মঞ্চত টিপক।
    • আপোনাৰ পছন্দৰ যিকোনো এটা আলোচনা মঞ্চ নিৰ্বাচন কৰক।।
    • আলোচনাটো প্ৰত্যক্ষ কৰি আপুনি আলোচনাত ভাগ লবৰ বাবে আপোনাৰ মতামত দাখিল কৰক।

লিখনি প্ৰদানকাৰী

লিখনি প্ৰদানকাৰী হিচাপে আপুনি তলৰ সুবিধাসমূহ লাভ কৰিব।

  • ইয়াৰ উপৰিও আপুনি লিখনিৰ নতুন পৃষ্ঠা যোগ দিব পাৰিব-
    • আপুনি লিখনি প্ৰদানকাৰী হিচাপে অনুমোদন পোৱাৰ পিছত যিকোনো এটা বিষয়ত নতুন পৃষ্ঠা যোগ দিব পাৰে।
    • যদি আপুনি নতুন পৃষ্ঠা যোগ কৰিব বিচাৰে তেন্তে সেই তালিকা পৃষ্ঠাৰ ‘নতুন যোগ’ বিকল্পত টিপক।
    • পৃষ্ঠাটোৰ শিৰোনাম, সাৰাংশ আৰু মূল অংশ ভৰাওক।
    • শেষত কি সলনি কৰা হ’ল সন্নিবিষ্ট কৰক।
    • ‘স্ংৰক্ষণ’ কৰক।
  • লিখনি পৃষ্ঠাৰ সম্পাদনা
    • আপুনি লিখনি প্ৰদানকাৰী হিচাপে অনুমোদন পোৱাৰ পিছত যিকোনো বিষয় সম্পাদনা কৰিব পাৰে।
    • আপুনি পৃষ্ঠা সম্পাদনা কৰাৰ আগতে মন কৰিব যাতে সো-ফালে ‘সেউজীয়া পতী’ত  ‘সম্পাদনাৰ বাবে মুকলি’ আৰু ‘পৰ্য্যালোচনা চলি আছে’ এই বিকল্প দুটা থাকে অন্যথা আপুনি সম্পাদনা কৰিব নোৱাৰিব।
    • আপুনি ‘সম্পাদনা’ বিকল্পটোত টিপি সম্পাদনা কৰি  শেষত কি সলনি কৰা হ’ল সন্নিবিষ্ট কৰক।
    • ‘স্ংৰক্ষণ’ কৰক।

লিখনি পৰ্য্যালোচক

লিখনি পৰ্য্যালোচক হিচাপে আপুনি তলৰ সুবিধাসমূহ লাভ কৰিব পাৰে।

  • সদ্য সামগ্ৰীসমূহ চাব পৰিব।
    • সোঁ-ফালে ওপৰত থকা ব্যৱহাৰকাৰীৰ নামৰ ওপৰত টিপক।
    • তলৰ তালিকাৰ পৰা ‘সদ্য সামগ্ৰীসমূহ’ত টিপক।
    • পৰ্য্যালোচনাৰ হৈ থকা সকলো পৃষ্ঠাৰ তালিকা দৃশ্যমান হ’ব।
  • পৰ্য্যালোচনাৰ তালিকা চাব পাৰিব
    • সোঁ-ফালে ওপৰত থকা ব্যৱহাৰকাৰীৰ নামৰ ওপৰত টিপক।
    • তলৰ তালিকাৰ পৰা ‘পৰ্য্যালোচনাৰ তালিকা’ত টিপক।
    • পৰ্য্যালোচনাৰ হৈ থকা সকলো পৃষ্ঠাৰ তালিকা দৃশ্যমান হ’ব।
  • লিখনি পৃষ্ঠাসমূহৰ পৰ্য্যালোচনা আৰু সম্পাদনা
    • আপুনি লিখনি পৰ্য্যালোচক হিচাপে অনুমোদন পোৱাৰ পিছত যিকোনো  বিষয় পৰ্য্যালোচনা কৰিব পাৰে।
    • সলনিসমূহ পৰ্য্যালোচনা কৰক।
    • ‘পৰ্য্যালোচনাৰ তাৰিখ’ত টিপক।
    • ‘পৰ্য্যালোচনাৰ তাৰিখ’ ভৰাওক।
    • যদি পৰিৱৰ্তনসমূহ পৰ্য্যালোচনা কৰা হ’ল তেন্তে প্ৰকাশ কৰি স্ংৰক্ষণ কৰক।

শেহতীয়া উন্নীতকৰণ: : 7/27/2016



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate