ৰাজ্যৰ মীনখণ্ডত যিকেইজন উচ্চশিক্ষিত মুষ্টিমেয় যুৱকে মৰ্য্যাদাসহকাৰে মীনপালনক ব্ৰত হিচাপে লৈ সামাজিক প্ৰতিষ্ঠাৰ লগতে জীৱন আৰু জীৱিকাৰ প্ৰশস্ত কৰিছে, তাৰ ভিতৰত বজালী মহকুমাৰ সদৰ পাঠশালাৰ সমীপৱৰ্তী পূব বৰলা গাঁৱৰ গণেশ ৰয় অন্যতম। চল্লিশোৰ্ধ্ব লোকজনে উদ্ভাৱনী চিন্তা, নিষ্ঠা, সততা, একাগ্ৰতা আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰ সমাহাৰেৰে মীনপালন কৰি দাঙি ধৰিছে অনুকৰণীয় আদৰ্শ। সৰুৰে পৰা অফুৰন্ত মেধা আৰু প্ৰজ্ঞাৰ নিদৰ্শন দাঙি ধৰা ডেকাজনে ১৯৯৩ চনতে মীনপালনৰ জৰিয়তে স্বনিয়োজনৰ সিদ্ধান্তৰে আৰম্ভ কৰে এক অবিৰত জয়যাত্ৰা। বন্ধু-বান্ধৱ, ইষ্ট-কুটুম্ব আৰু পৰিয়ালৰ সকলোৱে বিছাৰিছিল উচ্চ শিক্ষাৰে শিক্ষিত যুৱকজনে মীনপালনৰ দৰে হাতে-কামে কৰিবলগীয়া কামত নধৰি চৰকাৰী চাকৰি-বাকৰিৰে নগৰ-চহৰত সুখ-স্বাচ্ছন্দ্যৰে জীৱন-যাপন কৰক। ল’ৰাজন পিচে নাচোৰবান্দা। মীনপালন কৰিবই। সাতে-সোতৰই মিলি পিতাকৰ দিনৰ পৰিত্যক্ত তথা অৱহেলিত দুবিঘা জলকালিৰ পুখুৰীটোতে আৰম্ভ দিয়ে মীনপালন। প্ৰাৰম্ভিক অৱস্থাত কোনো বিশেষ কাৰিকৰী কথা-বতৰা বা বিজ্ঞানসন্মত দৃষ্টিভংগী নাছিল যদিও প্ৰথম বছৰতে ৰয়ে দেখিলে আশাতীত লাভৰ মুখ। যিটো আছিল যুৱকজনৰ বাবে তেনেই অপ্ৰত্যাশিত। দুগুণ উদ্যমেৰে লাগি গ’ল মীনপালনত। প্ৰতিবছৰে লাভৰ ধন বিনিয়োগেৰে ন ন ভূমি ক্ৰয় কৰি চলাই গ’ল পাম সম্প্ৰসাৰণৰ কাম। ২০০০ চনলৈ পামখন সমৃদ্ধ হ’ল ২৮ বিঘা জলকালিৰে। উল্লেখ্যযোগ্য যে অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞান আৰু উদ্ভাৱনী চিন্তাৰ উন্মেষেৰে ৰয়ে মীনপালনলৈ আনিছে যথেষ্ট নতুনত্ব। উক্ত অঞ্চলটোৰ পুখুৰীসমূহত বাৰমাহে পানী নথকা সমস্যাটো জোৰা মাৰিবলৈ ভূভাগৰ তলেৰে আগম নলীৰ সহায়ত পাৰ্শ্বৱৰ্তী জানৰ পৰা পানী আনি নিৰ্দিষ্ট গভীৰতা অক্ষুন্ন ৰাখি পুখুৰীত মীনপালন কৰাৰ কৌশল সঁচাকৈয়ে শলাগিবলগীয়া। মন কৰিবলগীয়া যে অতি উৰ্বৰ এই জলৰাশি মাছৰ প্ৰাকৃতিক খাদ্যৰো অফুৰন্ত ভাণ্ডাৰ। সেয়েহে এনে পানীত মীনপালন কৰিলে মাছৰ বাবে তুলনামূলকভাৱে কম খাদ্য আৰু কম জৈৱিক-অজৈৱিক সাৰ প্ৰয়োগ কৰিলেও হয়। ফলত পৌণিক খৰচ যথেষ্ট কমি যায় আৰু লাভৰ অংকটোও সমানুপাতিকভাৱে বাঢ়ি যায়। তদুপৰি পুখুৰীৰ পাৰৰ উদ্যান শস্যৰ খেতি কৰিলে এই পানী প্ৰয়োগ কৰিও যথেষ্ট লাভৱান হ’ব পাৰি। ৰয়ে সমন্বিতভাৱে মীনপালনৰ লগতে উদ্যান শস্যৰ খেতি কৰি ফলপ্ৰসূভাৱে মীনপামখনৰ সকলোখিনি ভূমি ব্যৱহাৰ কৰিছে। পুখুৰীৰ পাৰ, ঢাল ক’তো মাটি এনেয়ে পেলাই থোৱা নাই ৰয়ে। উদ্যান শস্যৰ পৰা অৰ্থাৎ মুখ্যত: জিকা, ভোল, কল আদিৰ জৰিয়তে বছৰটোত উপাৰ্জন হয় প্ৰায় ৩ লাখ টকা। ৰয়ৰ পত্নী আৰু মাতৃকে আদি কৰি সকলোৱে হৃদয়ৰ তাগিদাৰে মীনপামখনৰ লগত জড়িত।
লিখক: ধ্ৰৱজ্যোতি শৰ্মা, অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 3/18/2020
মৈৰাবাৰীৰ এগৰাকী প্ৰগতিশীল মীনপালকৰ কথাৰে
বৰপেটা জিলাৰ বৰসাহানৰ প্ৰগতিশীল কৃষক গৌৰী ডেকা
পোনা মেলাৰ আগেয়ে মীনপালকৰ জানিবলগীয়া
বৰমা কলবাৰীৰ প্ৰগতিশীল মীনপালক সঞ্জয় ডেকা বড়ো